অসমৰ তিনি লেখক- সাহিত্যিকলৈ সাহিত্য অকাদেমিৰ অনুবাদ বঁটা । Sahitya Akademi Award

দৈনন্দিন বাৰ্তাৰ অনলাইন ফিচাৰ, ৮ মাৰ্চ, ২০২৫ঃ Sahitya Akademi Award । অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে তিনিগৰাকীকৈ লেখক -সাহিত্যিকে। সাহিত্যিকৰ অনুবাদেৰে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিলে অসমকৰ তিনিগৰাকীকৈ লেখক-সাহিত্যিকে।শেহতীয়াকৈ ঘোষণা কৰা হয় ২০২৪ বৰ্ষৰ সাহিত্য অকাদেমিৰ অনুবাদ বঁটা।

দেশৰ ২১টা ভাষাত এই বঁটা আগবঢ়োৱা হৈছে। ঘোষণা কৰা অনুসৰি অসমীয়া ভাষাত সাহিত্য অকাদেমিৰ অনুবাদ বঁটা লাভ কৰিছে সাহিত্যিক তথা অনুবাদক অঞ্জন শৰ্মাই।উল্লেখ্য কনকলাল বৰুৱাৰ মূল ইংৰাজী গ্ৰন্থ ‘Early History of Kamrupa’ৰ অসমীয়া ভাষাত অনূদিত গ্ৰন্থ ‘’ৰ বাবে এই বঁটা লাভ কৰিছে অঞ্জন শৰ্মাই।একেদৰেবাংলা ভাষাত সাহিত্য অকাদেমিৰ অনুবাদ বঁটা লাভ কৰিছে বাসুদেৱ দাসে। হোমেন বৰগোহাঞিৰ জনপ্ৰিয় উপন্যাস ‘সাউদৰ পুতেকে নাও মেলি যায়’ৰ বাংলা অনুবাদ ‘সওদাগরের পুত্র নৌকা বেয়ে যায়’ৰ বাবে দাসে এই বঁটা লাভ কৰিছে।


একেদৰে, বড়ো ভাষাত সাহিত্যিক উত্তৰা বিছুমুথিয়াৰীয়ে লাভ কৰিছে সাহিত্য অকাদেমিৰ অনুবাদ বঁটা। অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস ‘কাঞ্চন’ৰ বড়ো ভাষালৈ অনূদিত গ্ৰন্থখনৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে।অসমৰ তিনিগৰাকীকৈ লেখক-সাহিত্যিকে এনেদৰে সাহিত্য অকাদেমিৰ অনুবাদ বঁটা লাভ কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী। উল্লেখ্য বডো ভাষালৈ অনুৰাধা শৰ্মা পূজাৰীৰ অসমীয়া উপন্যাস কাঞ্চনৰ ব্যতিক্ৰমী অনুবাদৰ বাবে প্ৰখ্যাত বড়ো ভাষাৰ সাহিত্যিক তথা শিক্ষাবিদ উত্তৰা বিছুমুথিয়াৰীক অনুবাদৰ বাবে সন্মানীয় সাহিত্য অকাডেমী বঁটা (২০২৪–২০২৫)ৰে সন্মানিত কৰা হৈছে।দেবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ উত্তৰা বিছুমুথিয়াৰীয়ে বীৰেন্দ্ৰ লাল বৰগয়াৰী আৰু দবাশ্ৰী বৰগয়াৰীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল। তেখেতে কোকৰাঝাৰ বালিকা এইচ এছ স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে আৰু পিছলৈ কোকৰাঝাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰে।১৯৮১ চনত কোকৰাঝাৰৰ প্ৰাক্তন সংসদ সদস্য ছানছুমা খুংগুৰ বিছুমুথিয়াৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৮৩ চনত ছালাকাটি বি.টি.পি.এছ. হাইস্কুলত যোগদান কৰে আৰু পিছলৈ ১৯৯২ চনত দেবৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোগদান কৰে আৰু অৱসৰ পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰে। ৰাইখৱাছা ফিছা (২০০৬), হাওৱাছি (২০০৮), এন্থোব (২০১৩), এংগ্ৰুমৱণ্ডা (২০০৯), আৰু গ্ৰীটিংছ কাৰ্ড (২০২০)কে ধৰি কেইবাখনো গ্ৰন্থৰ লেখক তথা অনুবাদক তেওঁ। তেওঁ বড়ো লেখিকা সন্থাৰ সম্পাদক, বড়ো মহিলা লেখিকা সন্থাৰ অধ্যক্ষ, তিতাগুৰি প্ৰাথমিক বডো সাহিত্য সভা ন্যাসৰ ট্ৰাষ্টী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০১৮ চনৰ পৰা ২০২০ চনলৈ কেন্দ্ৰীয় বড়ো সাহিত্য সভাৰ শিশু সাহিত্য শাখাৰ নেতৃত্ব দিছিল।

Related Articles