Breaking

বঢ়মপুৰত ক্ৰিকেট একাডেমীৰ আধাৰশিলা স্থাপন

0 102

অসম ক্ৰিকেট সন্থা আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ মাজত বুজাবুজি চুক্তি সম্পন্ন

দৈনন্দিন বাৰ্তাৰ সেৱা, বঢ়মপুৰ, ১৪ আগষ্ট : নগাঁও জিলাৰ বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ কাৰ্যালয়ৰ সমীপত তথা বাহিনীৰ ২৬ বিঘা মাটিত এখন ক্ৰিকেট একাডেমী স্থাপনৰ বাবে অসম ক্ৰিকেট সংস্থা আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।অসম ক্ৰিকেট সংস্থাৰ বিষয়ববীয়া আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ মাজত হোৱা হোৱা এই বুজাবুজি চুক্তিত স্বাক্ষৰ হোৱাৰ পিছতে মধ্য অসম তথা বঢ়মপুৰবাসীৰ বাবে এক ইতিবাচক খবৰ হিচাপে বিবেচিত হৈছে। উল্লেখ্য যে বঢ়মপুৰ সমষ্টিৰ লগতে কলিয়াবৰ আৰু চামগুৰি সমষ্টিত খেলৰ বহু প্ৰতিভা উপযুক্ত পৰিবেশৰ অভাৱত কলিতে মৰহি গৈছে।আজি বঢ়মপুৰ সমষ্টিৰ অধীনৰ বঢ়মপুৰ গাঁও পঞ্চায়তৰ আদৰ্শ গাঁৱত নিৰ্মাণ হ’বলগা ক্ৰিকেট একাডেমীয়ে নগাঁও জিলালৈ এক ইতিবাচক খবৰ কঢ়িয়াই আনিছে। এই ক্ৰিকেট একাডেমীৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে বঢ়মপুৰ অঞ্চলটোৰ এক ইতিহাস আছে ।এই ইতিহাসপ্ৰসিদ্ধ বঢ়মপুৰত স্থাপন হ’বলগা ক্ৰিকেট একাডেমীখনে অসম আৰক্ষীৰ জোৱানসকলক ক্ৰিকেট খেলৰ দিশত আগুৱাই লৈ যাব।ভাষণ প্ৰসংগত তেওঁ কয় ঐতিহ্যময়, সংস্কৃতিময়, মেটমৰা সম্ভাৰেৰে আবৃত্ত এই অঞ্চলটোত এটা অতি উৎকৃষ্ট অনুষ্ঠান হ’বলৈ গৈ আছে। এই অনুষ্ঠানটো স্থাপনত অসম পুলিচ জড়িত হ’বলৈ পাই আমি গৌৰৱবোধ কৰিছো বুলি উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আৰু কয় ক্ৰিকেট একাডেমী স্থাপন হ’বলগা নৱম অসম আৰক্ষী বাহিনীৰ এই মাটিখিনি পৰিত্যক্ত অৱস্থাত আছিল।এই মাটিখিনি বিভিন্ন সময়ত বহু লোকে দখল কৰাৰ চেষ্টা কৰিছিল আৰু বেনাৰ-পোষ্টাৰ লগাইছিল। এই মাটিখিনি ক্ৰিকেট একাডেমী স্থাপনৰ বাবে অসম ক্ৰিকেট সন্থাই দায়িত্ব লোৱাত অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰলৈ এক সুদূৰপ্ৰসাৰী বাৰ্তা কঢ়িয়াই আনিব। অকল ক্ৰিকেটৰ ক্ষেত্ৰতেই নহয় এই স্থানত প্ৰয়োজন সাপেক্ষে বিদ্যালয় আৰু চুইমিং পুল স্থাপন হ’ব। এই ক্ৰিকেট একাডেমীখন স্থাপন হ’লে আমাৰ ভিতৰুৱা অঞ্চলৰ ল’ৰা-ছোৱালী সৰ্বভাৰতীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হ’ব বুলি কৈ সঞ্চালক প্ৰধান গৰাকীয়ে স্বাধীনতাৰ অমৃত মহোৎসৱত সকলোৰে ঘৰত জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায়। আজিৰ এই আধাৰশিলা অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, সম্পাদক দেৱজিত লন শইকীয়া, আই জি পি নিতুল গগৈ, নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলে, বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ নায়ক বিবেকানন্দ দাস, নগাঁও জিলা ক্ৰীড়া সন্থাৰ অসীম ভাৱালকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থকাৰ লগতে অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া স্থানীয় ৰাইজ উপস্থিত থাকে।উল্লেখ যে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ বিশেষ তৎপৰতাত বঢ়মপুৰত স্থাপন হ’ব লগা এই ক্ৰিকেট একাডেমীৰ আধাৰশিলা স্থাপন অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া উপস্থিত থকা সভাত বিধায়ক জিতু গোস্বামী উপস্থিত থাকি এই ক্ৰিকেট একাডেমী বঢ়মপুৰত স্থাপন হোৱাৰ বাবে বঢ়মপুৰ সমষ্টিত ক্ৰীড়াৰ ক্ষেত্ৰত এই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্তব্য কৰাৰ লগতে এই ক্ষেত্ৰত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু অসম ক্ৰিকেট সন্থাই লোৱা তৎপৰতাক ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply