Breaking

ৰঙিয়াত বিমলা দেৱীৰ গ্ৰন্থ “মহাভাৰতৰ পাতে পাতে” উন্মোচনী অনুষ্ঠান সম্পন্ন…

0 2,055

ভাৰতীয় সাহিত্য -সংস্কৃতিৰ ক্ষেত্ৰ খনত ধৰ্মগ্ৰন্থ মহাভাৰতৰ ভূমিকা অবৰ্ণনীয় ।পাচহাজাৰ বছৰ পূৰ্বে ৰচিত  ধৰ্মগ্ৰন্থ মহাভাৰতৰ  প্ৰাসংগিকতা যুগে যুগে বিৰাজমান। শনিবাৰে পিবি কনিহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী তথা লেখিকা  বিমলা দেৱী ৰচিত  “মহাভাৰতৰ পাতে পাতে” শীৰ্ষক গ্ৰন্থখনৰ উন্মোচন কৰি এনেদৰে কয় বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই। ভাষণ প্ৰসংগত বৈশ্যই মহাভাৰতৰ অন্তৰ্নিহিত বিষয়  বিজ্ঞান সন্মত দৃষ্টি ভংগীৰে ব্যাখ্যা কৰে । শিক্ষক সকলে ভাষণ দিব পাৰে লিখিব নোৱাৰে এনে এক ধাৰণাৰ  বিশিষ্টা শিক্ষয়িত্ৰী বিমলা দেৱীয়ে শিশুসকলৰ বাবে যুগুত কৰা “মহাভাৰতৰ পাতে পাতে” শীৰ্ষক গ্ৰন্থখনৰ জৰিয়তে বিপৰীত ছবি প্ৰতিফলিত কৰা বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে বৈশ্যই । আনহাতে গ্ৰন্থ উন্মোচনী সভাখনত অসমীয়া প্ৰতিদিন কাকতৰ সহকাৰী সম্পাদক তপন কলিতাই  অংশগ্ৰহণ কৰি অতি সম্প্ৰতি গ্ৰন্থ তথা কাকতকে ধৰি ছপাজগতখনলৈ ডিজিটেল মাধ্যমে সংকট নমাই অনা বুলি অভিহিত কৰে ।সাহিত্য জীয়াই ৰাখিবলৈ পঢ়ুৱৈৰ সৃষ্টি হব লাগিব বুলি উল্লেখ কৰি নৱপ্ৰজন্মক ডিজিটেল মাধ্যমৰ সমান্তৰালভাৱে ছপা মাধ্যমৰ প্ৰতিও আগ্ৰহী কৰি তোলাৰ বাবে ভাষণ প্ৰসংগত উল্লেখ কৰে ।

কভিড কালৰ পৰৱৰ্তী সময়ৰ পৰা দ্ৰুতগতিত ছপামাধ্যমৰ জনপ্ৰিয়তা অৱনমিত হোৱা বুলি উল্লেখ কৰি কলিতাই প্ৰসঙ্গক্ৰমে বিমলাদেৱীৰ প্ৰয়াসৰ শলাগ লয় ।নৱপ্ৰজন্মই মহাভাৰতৰ পাতে পাতে গ্ৰন্থখনে বিশেষ ভাবে আদৰি লব বুলিও আশা ব্যাক্ত কৰে কলিতাই ।প্ৰকাশকসঙ্গীত গ্ৰুপ অফ ক্ৰিয়েচনৰ উদ্যোগত ৰঙিয়া ৰাইজমেল কৃষক ছহিদ ভবন প্ৰেক্ষাগৃহত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ৰঙিয়া শংকৰদেৱ শিশু নিকেতনৰ প্ৰধানাচাৰ্য দিলিপ লহকৰে লেখিকা বিমলা দেৱীক শুভেচ্ছা জ্ঞাপন কৰি সকলকে গ্ৰন্থখন আকোৱালি লবলৈ আহ্বান জনায়। এক ব্যাতিক্ৰমী চিন্তা চৰ্চাৰে পঙ্কজ পল্লৱ শৰ্মা আৰু জয়ন্ত কুমাৰ শৰ্মাই পৰিচালনা কৰা অনুষ্ঠানটোত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ বৰ্মন, উপসভাপতি দ্বিপেন মেনা, ৰঙিয়াৰ জেষ্ঠ অধিবক্তা প্ৰতাপ শৰ্মা, বিনোদ ৰাজবংশী,নাট্যকৰ্মী গিৰিন দাসে ভাষন দিয়ে।

নলবাৰীৰ বিশিষ্টা কবি বিভা  দত্তই কবিতা পাঠ কৰে। ৰীতা পাছনি, ৰীনা দেৱী, পখিলা কলিতা আৰু বৰষা ভৰদ্বাষে পৰিৱেশন কৰা সঙ্গীতৰ অনুষ্ঠানে সমবেত কেবা শতাধিক সাহিত্য অনুৰাগীক আপ্লুত কৰে । সভাত বিশিষ্ট শিশু সাহিত্যিক ভুপেন চন্দ্ৰ দাস, অধিবক্তা অচ্যুত কলিতা, সংগঠক মনোৰঞ্জন শৰ্মা, শিল্পী অঞ্জু কলিতা, অক্ষয় শৰ্মা, সংবাদকৰ্মী  ভাস্কৰ কলিতা, হেমেন কলিতা, খাইৰুল ইছলাম প্ৰমুখ্যে ভালেসংখ্যক সাহিত্যানুৰাগিয়ে সভাত অংশ লয়। কৌস্তভ ভৰদ্বাজ আৰু বিমলা দেৱীয়ে  শাস্ত্ৰীয় সঙ্গীতৰে আৰম্ভ কৰা অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই  জেষ্ঠ অধিবক্তা তথা কবি মুনীন শৰ্মাই।

Leave A Reply