ডিৰাক সীমান্ত : বিগত কেইদিনমান পূৰ্বে নেৰানেপেৰাকৈ দিয়া বৰষুণৰ বাঢ়নী পানীত অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ ১২৬ নং শদিয়া বিধানসভা সমষ্টিৰ কাকপথাৰ উন্নয়ন খণ্ডৰ অৰ্থাৎ ডিৰাক গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰডিৰাক আৰু ন চোমণি গাঁও সংযোগী পথৰ ডিৰাক নদীৰ ওপৰত থকা দলংখন উটুৱাই লৈ যায়। কেইবাদিনো যোগাযোগ বিচ্ছিন্ন হৈ থকাত গাঁওবাসীয়ে উপায়ন্তৰ হৈ শ্ৰমদানেৰে দলংখন পুনৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈ যোৱা ৩ জুলাইত দলংখন নিৰ্মাণ কৰি থাকোতে নদীত পৰি কৰুণ মৃত্যুক সাৱটি ল’ব লগা হৈছিল জগত কোঁৱৰ (৪৫) নামৰ ব্যক্তিজন । মৃত্যু সময়ত তেখেতে পত্নীসহ পাঁচগৰাকী কন্যা সন্তানক এৰি থৈ যায় । যোৱা ৫ জুলাইত ব্যক্তিজনৰ ঘৰত ১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ বিধায়ক বলীন চেতিয়াই উপস্থিত হৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চাৰি লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান আৰু কেন্দ্ৰীয় চৰকাৰলৈ সাহায্যৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰা মৰ্মে আজি ডুমডুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তিনিচুকীয়া জিলা অতিৰিক্ত উপায়ুক্ত পলাশ আহোম আৰু নীলুৰাম শৰ্মা দেৱৰ লগতে বিধায়ক প্ৰতিনিধি সীমান্ত মৰাণ, যুৱ মৰ্চা ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য সুৰজিত মৰাণ, ডিৰাক গাওঁ পঞ্চায়তৰ সভাপতি ৰাণা হাজৰিকাৰ উপস্থিতিত বিধায়ক বলিন চেতিয়াই জগত কোঁৱৰৰ পত্নী মন্দিৰা কোৱঁৰক ৪,০০০০০ টকা চেক প্ৰদান কৰে৷ বিধায়ক গৰাকীৰ অতি ক্ষীপ্ৰতাৰে গ্ৰহণ কৰা এনে কাৰ্য্যক পৰিয়ালৰ লগতে গাঁওবাসীয়ে শলাগ লৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- দেৰগাঁৱত বন্ধ ঘৰৰ ভিতৰত বৃদ্ধাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ
- পূৰ্বৰ অভিলেখ ভংগ কৰি ৮১.০১ শতাংশ ভোটদান মাজুলীত
- ভোটা অধিকাৰ সাব্যস্ত সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ
- লখিমপুৰত শান্তিপূৰ্ণ ভাৱে ভোটগ্ৰহণ সম্পন্ন…
- বোকাখাত বিধানসভা সমষ্টিত শান্তিপূৰ্ণভাৱে সম্পন্ন ২০২৪ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ! ৭৪.২০% ভোটগ্ৰহণ সম্পন্ন…
- মাৰ্ঘেৰিটাত শান্তিপূৰ্ণ ভাৱে ভোটদান সম্পন্ন ! মাৰ্ঘেৰিটাত ৫ বজালৈ ভোটদান হাৰ ৭৩.০৮ %…
- চতিয়াৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ ভাটিডুবি এলেকাত ঢেকীয়াপতীয়া বাঘিনীৰ মৃতদেহ উদ্ধাৰ…
- ২৬ এপ্ৰিলৰ পিছত হেলমেট পৰিধান নকৰা বাইক চালক আৰু আৰোহীৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱাৰ নিৰ্দেশ জিলা আয়ুক্তৰ…
- বিকাশ বৰুৱাৰ অভিশাপ গল্পটি : পুৱা ঘৰৰ পৰা অফিচলৈ বুলি ওলাওতেই মায়ে পিছপিনৰ পৰা মাত লগালে…
- ধুপধৰাৰ আমবাৰীত শ্ৰী শ্ৰী দুধকোঁৱৰ দেৱালয়ত বাৰ্ষিক পূজাৰ সামৰণি…