Breaking

লকডাউন ৫.০ আৰম্ভণিৰ আগৰ বাৰ্তা । ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে নতুন অভিলেখ গঢ়িলে দেশত । ২৪ ঘণ্টাত সংক্ৰমিত ৮৩৮০ ।

0 175

দৈনন্দিন বাৰ্তা নিজা প্ৰতিবেদনঃ

অহা সোমবাৰৰ পৰা লকডাউন ৫.০ আৰম্ভ হ’ব৷ কিন্তু এই লকডাউন আনলক ১ বুলি বিবেচিত হৈছে৷ এইবাৰ লকডাউন লাহে লাহে শিথিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে কেন্দ্ৰই৷ কিন্তু তাৰ আগদিনা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে নতুন অভিলেখ গঢ়িলে দেশত৷ দেওবাৰে পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া হিচাপ মতে যোৱা ২৪ ঘণ্টাত ক’ৰোনা সংক্ৰমিত হৈছে ৮৩৮০ জনলৈ৷ এদিনত ইমান সংখ্যক মানুহ আক্ৰান্ত হোৱাৰ ঘটনা এয়ে প্ৰথম৷ কেৱল এয়াই নহয়, ইয়াৰ আগতে দেশত ক’তোৱেই এদিনত ৮হাজাৰৰ অধিক লোক আক্ৰান্ত হোৱাৰ উদাহৰণ নাই৷ ইয়াকে লৈ দেশত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ১৮২১৪৩ জন হ’লগৈ৷ ইয়াৰ মাজতে  কেৱল মহাৰাষ্ট্ৰত আক্ৰান্ত ৬৫ হাজাৰৰ অধিক মানুহ আছে৷ উল্লেখ্য যে বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা প্ৰৱজিত শ্ৰমিক ঘৰলৈ ঘুৰি গৈছে৷ তেওঁলোকৰ প্ৰায়সকলক স্ক্ৰীনিং কৰা হৈছে৷ ফলত এই দিশত যিমান পৰীক্ষাৰ সংখ্যা বাঢ়িছে সিমানেই প্ৰৱজিত শ্ৰমিকৰ মাজত আক্ৰান্তৰ হাৰ বেছি হৈছে৷ এই কাৰণে প্ৰতিদিনে ৰেকৰ্ড সংখ্যক ক’ৰোনা সংক্ৰমিত ৰোগীৰ সন্ধান পোৱা গৈছে বুলি কয় পৰ্যৱেক্ষকসকলে৷ আনহাতে দেশত ক’ৰোনাত মৃত লোকৰ সংখ্যা পাঁচ হাজাৰ পাৰ হৈছে৷ যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ১৯৩জনৰ৷ সমগ্ৰ দেশত মৃতৰ সংখ্যা হ’ল ৫,১৬৪ জন৷ আক্ৰান্তৰ শীৰ্ষত আছে মহাৰাষ্ট্র৷ এইখন ৰাজ্যত ২১৯৭ জনৰ মৃত্যু হৈছে৷ ১,০০৭ জন লোকৰ মৃত্যুৰে দ্বিতীয় স্থানত আছে গুজৰাট৷ তাৰ পাছতে দিল্লীত ৪১৬, মধ্যপ্রদেশত ৩৪৩, পশ্চিম বংগত ৩০৯, উত্তৰ প্রদেশত ২০১, ৰাজস্থানত ১৯৩ আৰু তামিলনাডুত ১৬০ জনৰ মৃত্যু হৈছে৷ ইয়াৰ মাজতে কিছু আশাৰ সঞ্চাৰ হৈছে পৰিসংখ্যাত৷ স্বাস্থ্য মন্ত্ৰালয়ৰ মতে দেশত ৮৬ হাজাৰ ৯৮৪ জন লোক সুস্থ হৈ উঠিছে৷ দেশত সক্ৰিয় ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৮৯,৯৯৫ জন।

Leave A Reply