বৃন্দাবনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ। গুৰু আসন প্ৰতিষ্ঠা কৰি বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ নামকীৰ্ত্তনৰে শুভাৰম্ভ হব অনুষ্ঠান। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক ভকত বৈষ্ণৱ, শিল্পী, কলা কুশলী, গৱেষক পণ্ডিতে অংশ গ্ৰহণ কৰিব।উত্তৰপ্ৰদেশৰ মথুৰা জিলাৰ বৃন্দাবনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম কৃষ্টি সংস্কৃতি পৰিবেশিত হব। বৃন্দাবনত মুখৰিত হব নামকীৰ্ত্তন, গায়ন বায়ন আৰু সত্ৰীয়া নৃত্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী উৎসৱ উপলক্ষে অহা ১৫ আৰু ১৬ অক্টোবৰত শ্ৰীকৃষ্ণ ধাম বৃন্দাবনত দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে “সূত্ৰধাৰ” শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। দেশৰ ভিন্ন প্ৰান্তৰ সাধু, সন্ত, মহন্ত, পণ্ডিত সকলৰ সমাগমেৰে অনুষ্ঠিত হবলগিয়া এই “সূত্ৰধাৰ” শীৰ্ষক কাৰ্যসূচীত নামকীৰ্ত্তন, খোল প্রসঙ্গ, বৰগীত, সত্রীয়া নৃত্য, দিহানাম, অংকীয়া ভাওনা আদি বিভিন্ন গুৰুজনাৰ অনুপম সাংস্কৃতিক কাৰ্যক্ৰমণিকা পৰিবেশিত হব। ১৫ অক্টোবৰৰ পুৱা গুৰু আসন প্ৰতিষ্ঠা কৰি বটদ্ৰৱা থানৰ ভকত বৈষ্ণবে নামকীৰ্ত্তন কৰিব, পাছত বটদ্ৰৱাৰ মৌলিক শিল্প ৰামধেমালি আৰু গোসাঁনী প্ৰবেশৰ নাচ পৰিবেশন কৰিব বটদ্ৰৱাৰ উদীয়মান শিল্পী সকলে।
উক্ত গুৰুজনাৰ জন্মজয়ন্তী উৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী সমূহত অংশ গ্ৰহণৰ বাবে আজি নিশা ভকত বৈষ্ণৱ, গায়ন-বায়ন আৰু সত্ৰীয়া নৃত্য শিল্পী সকল বৃন্দাবনলৈ ৰাওনা হয়। গুৰুজনাৰ কৰ্ম, চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপনৰ নিমিত্তে কৰা প্ৰয়াসৰ বাবে অনুষ্ঠিত হবলগিয়া “সূত্ৰধাৰ” শীৰ্ষক এই সাংস্কৃতিক অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে বটদ্ৰৱাৰ সাংবাদিক, শিল্পী দিব্যজ্যোতি বৰুৱাৰ ব্যৱস্থাপনাত নামকীৰ্ত্তনৰ বাবে যোগেন নামলগোৱা, বাবুল গায়ন, কেশৱ বৰা, হংস বৰা, লক্ষ্য জ্যোতি বৰুৱা, নন্দেশ্বৰ হাজৰিকা, ৰঞ্জিত দেউৰীকে আদি কৰি ১০ গৰাকী ভকত, অম্লান জ্যোতি দেৱ গোস্বামী, উজ্বল জ্যোতি দেৱ গোস্বামী, কুণ্ডল কুমাৰ বৰাৰ সৈতে ১০ জন গায়ন-বায়ন আৰু বৰদোৱা শৈলীৰ সত্ৰীয়া নৃত্য(গোঁসানী প্ৰবেশৰ নাচ)ৰ বাবে তৃতীষা ভৰালী আৰু অৰ্পনা কলিতা সহ সাংস্কৃতিক দলটিয়ে আজি নিশা যাত্ৰা আৰম্ভ কৰে। উল্লেখ্য যে, বটদ্ৰৱাৰ উপৰিও বৰপেটা, শিৱসাগৰ, গুৱাহাটী, দৰং, যোৰহাট, ডিব্ৰুগড়, কামৰূপ, লক্ষিমপুৰৰ ভকত বৈষ্ণৱ, শিল্পী, কলা কুশলী, গৱেষক পণ্ডিতৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত হবলগিয়া সূত্ৰধাৰৰ কাৰ্যসূচীত গুৰুজনাৰ সত্ৰীয়া সংস্কৃতিৰ উপৰিও ওজাপালি, হোলিগীত, হোলি নৃত্য, ভোৰতাল নৃত্য, হুচৰি কীৰ্তন আৰু দুটা দিনত দুখন আলোচনাচক্ৰ অনুষ্ঠিত হ’ব।

