বঙাইগাঁৱত ড্ৰাগছসহ এজনক কৰায়ত্ত

 বঙাইগাঁও আৰক্ষীয়ে আজি এক গোপন সূত্ৰৰ পমখেদি ৰাখালডুবি অঞ্চলত অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক কৰায়ত্ত কৰে ৷ আৰক্ষীয়ে কৰায়ত্ত কৰা ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা ৩৪ গ্ৰাম হেৰ’ইনৰ লগতে এটা মোবাইল ফোন আৰু নগদ ২২ শ টকা জব্দ কৰে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন বঙাইগাঁও জিলাৰ হাপাচাৰাৰ ইনামূল হক বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত  বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালে জানিবলৈ দিয়া মতে আজি দিনৰ প্ৰায় দুইমান বজাত গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষীয়ে ৰাখালডুবি এলেকাত ড্ৰাগছৰ সৰবৰাহকাৰীৰ সন্ধানত অভিযান চলায় ৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীয়ে ৰাখালডুবিত ড্ৰাগছ বিক্ৰী কৰাৰ বাবে উপস্থিত হ’ব বুলি সম্ভেদ লাভ কৰাৰ পিছতে অঞ্চলটোত খাপপিটি থাকি চলোৱা অভিযানত  ড্ৰাগছসহ ইনামূল হকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷  আৰক্ষীয়ে পিছত ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক বঙাইগাঁও সদৰ থানালৈ আনি জেৰা অব্যাহত ৰাখিছে ৷ লগতে এই ড্ৰাগছৰ বেহাৰ লগত কোন কোন জড়িত আছে সেইসকলোৰ তথ্য উদঘাটনৰ বাবে উঠি পৰি লাগিছে ৷ উল্লেখ্য যে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালৰ নেতৃত্বত বঙাইগাঁও সদৰ থানাৰ নগৰ উপ পৰিদৰ্শক কুলেন্দ্ৰ হুজুৰী আৰু নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুকেশ ঘোষসহ আৰক্ষীৰ এটা দলে এই অভিযান চলাইছিল ৷ 

Related Articles