বাংগালোৰত ‘অনীহা’ই বুটলিলে সোণৰ পদক

‘অনীহা’ এনে এখন চুটি ছবি যিখন ছবিয়ে পৰিৱেশ দিৱসত মুক্তি পোৱা ক্ষণৰ পৰাই পুৰস্কাৰ লাভ কৰি আহিছে। যোৱা ৭ আৰু ৮ নৱেম্বৰত বাংগালোৰত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম হাউছ ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত যোৰহাটৰ এন্ জে প্ৰডাকচনৰ বেনাৰত নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত এই চুটি ছবি অনীহাই এইবাৰ সামাজিক সচেতনতা ছবি শিতানত শ্ৰেষ্ঠ ছবিৰূপে নিৰ্বাচিত হৈছে। প্ৰতিযোগিতাখনত অনীহাই মুঠ নটা শিতানত মনোনয়ন লাভ কৰিছিল। অনীহাৰ হৈ প্ৰযোজক নয়ন জ্যোতি শৰ্মা আৰু জুৰি শৰ্মাই বাংগালোৰৰ চৌদিয়া মেম’ৰিয়েল হলত অনুষ্ঠিত ৰেড কাৰ্পেটৰ বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বৰ্ণ পদক গ্ৰহণ কৰে। উক্ত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত দক্ষিণাত্যৰ ছবি জগতৰ কেইবাজনো জনপ্ৰিয় ছবি  নিৰ্মাতা , প্ৰযোজক, পৰিচালক, চিনেমেটোগ্ৰাফাৰ উপস্থিত আছিল। যোৰহাটৰ স্প্ৰীংড’ল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ পূৰৱ শৰ্মা আৰু উদীয়মান যুৱ প্ৰতিভা মৃগাংক মাইনা  যুটীয়া কাহিনী আৰু পৰিচালনাৰে অনীহা চুটি ছবিখন নিৰ্মাণ হৈছিল। ছবিখনৰ চিনেমেটোগ্ৰাফী আৰু দ্ৰণ পৰিচালনা পূৰৱৰ আৰু সম্পাদনা মৃগাংকৰ। সংগীত মুম্বাইৰ সপোন শইকীয়াৰ। সহযোগী পায়েল শৰ্মা। সাম্প্ৰতিক কালৰ পৰিৱেশ সম্পৰ্কীয় এক বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মিত চুটি ছবিখনৰ অভিনয়ত আছে মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মা। অনীহাই ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে।

Related Articles