No menu items!

ধুবুৰীৰ মাজেৰচৰ পয়েস্তি চলাকুৰা নূৰীয়া এম,ই,মাদ্ৰাছাত কৃত্ৰিম বানত ছাত্র ছাত্ৰীৰ মাজত হাহাকাৰ

ধুবুৰী জিলাৰ মাজেৰচৰ পয়েস্তি চলাকুৰা নূৰীয়া এম,ই,মাদ্ৰাছাত কেবাদিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বানপানী হৈ ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি এই সমস্যা আজিৰ নহয়, আলপ বৰষুণ দিলেই মাদ্ৰাছাখনৰ খেল পথাৰ কৃত্ৰিম বানত বুৰ যায়। বিগত কেইবাবছৰ ধৰি পয়েস্তি চলাকুৰা নূৰীয়া এম,ই,মাদ্ৰাছাখনৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক সকলে চৰম অসুবিধাৰ সন্মুখীন হৈ পাঠদান কৰিবলগীয়া হৈছে। কণ কণ ছাত্ৰ ছাত্ৰী সকলে পানীৰ মাজত খোজকাঢ়ি আহিবলগা হৈছে। উক্ত মাদ্ৰাছাখনত অধিক ছাত্র ছাত্ৰী হোৱাৰ ফলত পাঠদানত চৰম অসুবিধাৰ সন্মুখীন হৈছে বুলি উক্ত মাদ্ৰাছাখনৰ প্ৰধান শিক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

অতি সোনকালে পয়েস্তি চলাকুৰা নূৰীয়া এম,ই,মাদ্ৰাছাখনৰ খেল পথাৰত মাটি পেলেৱা আৰু অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণ কৰি দিয়াৰ বাবে চৰকাৰ তথা ধুবুৰী জিলা উপায়ুক্তক বিনম্ৰ আহব্বান জনাইছে প্ৰধান শিক্ষক গৰাকীয়ে।

Related Articles