নগৰবেৰাত স্বাস্থ্য বিভাগৰ পয়ালগা ছবি

সদায় উন্নয়নৰ নামত ঢাক ঢোল বজোৱা ৰাজ্যৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ ফটা ঢোল বাজিছে কামৰূপৰ নগৰবেৰাত। স্বাস্থ্য বিভাগৰ অতিকে পয়ালগা ছবি উন্মোচিত হৈছে নগৰবেৰাত। এবছৰ-দুবছৰ নহয় সুদীৰ্ঘ ২৯ বছৰে নিৰ্মাণ সম্পূৰ্ণ হোৱা স্বত্বেও মুকলি নোহোৱাকৈ পৰি ৰ’ল নগৰবেৰা গ্ৰাম চিকিৎসালয় এখন। বিগত শতিকাৰ ইং ১৯৯২ চনতেই নিৰ্মাণ কৰা হৈছিল চিকিৎসালয় খন সম্পূৰ্ণ হৈ উঠিছিল যাৱতীয় চিকিৎসালয়ৰ গৃহ সমুহ পিছে আজিকোপতি আশ্চৰ্যকৰ ভাবে মুকলি নোহোৱাকৈ পৰি ৰ’ল গ্ৰাম চিকিৎসালয় খন। সম্প্ৰতি হাবি জংঘলেৰে আবৃত ভূত বঙলাত পৰিণত হৈছে চিকিৎসালয় গৃহ পানীত পৰিল বিভাগীয় কৌটি টকা। ক্ৰমে কামৰূপ, বৰপেটা আৰু গোৱালপাৰা এই তিনি জিলাৰ সংগমস্থান, মফচলীয় চহৰ নগৰবেৰাত ৰাইজৰ উন্নত স্বাস্থ্য সেৱা লক্ষেৰে স্থাপিত চিকিৎসালয় খন আজি যেন বিভাগীয় ডাম্পিং গ্ৰাউণ্ড এখনহে। ভাঙি গৈছে দুৱাৰ-খিৰিকি চূৰ্ণাকৃত হৈছে মজিয়া মূধচ পৰ্যন্ত উৰি গৈছে বতাহৰ কোবত, বাকী আছে মাথো কৌটিটকীয়া চিকিৎসালয়ৰ জঁকাটোহে। স্বাস্থ্য বিভাগলৈ ৰাইজৰ দাবী শীঘ্ৰে এই গ্ৰাম চিকিৎসালয় খন মেৰামতি যোগেদি জিলা চিকিৎসালয়লৈ ৰূপান্তৰ কৰি ৰাইজক স্বাস্থ্য সেৱাৰ সুবিধা কৰি দিয়াৰ। পিছে আমাৰ এই বাতৰি প্ৰকাশ পোৱাৰ পিছত তৎপৰ হবনে স্বাস্থ্য বিভাগ ? ৰাইজৰ দীৰ্ঘদিনীয়া এনে বিপৰ্যয়ৰ খৱৰ পাই আগলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই মেৰামতিৰ যোগেদি নগৰবেৰা গ্ৰাম চিকিৎসালয় খন জিলা চিকিৎসালয়লৈ ৰূপান্তৰ কৰাৰ দিহা কৰিবনে ?

Related Articles