জঙ্গলপাৰা জুনিয়ৰ কলেজলৈ ৪০ লাখ টকাৰ অনুদান বিধায়ক মজিবুৰ ৰহমানৰ

বিধায়ক নিৰ্বাচিত হোৱাৰ পিছৰে পৰা বিধায়ক মজিবুৰ ৰহমানে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । আজি দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত জঙ্গলপাৰা জুনিয়ৰ কলেজ (বৰ্তমান চিনিয়ৰ চেকেণ্ডেৰী স্কুল) – ত অনুষ্ঠিত এক সভাত কলেজ খনলৈ ৪০ লাখ টকাৰ অনুদান ঘোষণা কৰে । কলেজ খনৰ অধ্যক্ষ শ্বহিদুল ইছলামে বিধায়ক গৰাকীক কলেজ খনৰ অভাৱ সম্পৰ্কে অৱগত কৰি তাৰ সমাধানসূত্ৰ উলিয়াবলৈ বিধায়ক মজিবুৰক অনুৰোধ জনোৱাত আন্তঃগাঁথনি উন্নয়ন আৰু অতিৰিক্ত শ্ৰেণী কোঠা নিৰ্মাণৰ বাবে ১০ লাখ আৰু কলেজৰ চৌহদ নিৰ্মাণৰ বাবে ৩০ লাখ টকা ঘোষণা কৰি অতি শীঘ্ৰে কাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । সাংবাদিকৰে সৈতে বাৰ্তালাপত বিধায়কগৰাকীয়ে কয়- কলেজ খনৰ উন্নয়নৰ বাবে যথা সম্ভৱ প্ৰচেষ্টা হাতত লম । শিক্ষাৰ দিশত আমাৰ অনেক কাম কৰিব লগীয়া আছে । শিক্ষাৰ বাবেই আমি পিছুৱাই আছোঁ । উক্ত অনুষ্ঠানত কলেজ খনৰ প্ৰৱক্তা, পৰিচালনা সমিতিৰ সভাপতি নাজিৰ হুছেইন সৰকাৰ , উপ সভাপতি তথা খাৰুপেটীয়া মহাবিদ্যালয়ৰ  প্ৰৱক্তা আব্দুল ওৱাহিদ , কলেজ খনৰ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় বহু গণ্য মান্য লোক উপস্থিত থাকে ।

Related Articles