আমাৰ শৰীৰৰ বাবে অমৃৎস্বৰূপ এই মৌৰ উপকাৰীতাসমূহ হৈছে –
১)বিভিন্ন এন্টিঅক্সিডেন্ট থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু জ্বৰ, কাহ আদি বিভিন্ন সমস্যা প্ৰতিৰোধ কৰে।
২)কাহ,
*টনচিলাইটিছ,
*ফেৰিঞ্জাইটিছ,
*ব্ৰংকাইটিছ,
*হাপানী (asthma) আদিত মৌ উপকাৰী।
এই ৰোগসমূহ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা ভিন ভিন ঔষধিৰ লগত মৌ দিয়া হয়। যেনে তুলসী পাতৰ ৰস, আদাৰ ৰস, শেৱালি পাতৰ ৰস আদিৰ লগত মৌ মিহলাই ৰোগীক খাবলৈ দিয়া হয়।
মৌ দিয়াৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু ই ঔষধিৰ গুণাগুণো বৃদ্ধি কৰে। শিশুৰ কফজনীত সমস্যাত মৌ খুৱালে সুফল পোৱা যায়। সেয়েহে কফৰ বহু আয়ুৰ্বেদিক ঔষধ, লজেঞ্চ আদিত মৌ থাকে।
২)কৌষ্ঠকাঠিন্য সমস্যাতো মৌ উপকাৰী।
৩)মৌৱে তেজ পৰিষ্কাৰ কৰে, ৰক্তহীনতা দূৰ কৰে।
৪)শিশুসকলৰ স্বাস্থ্য ৰক্ষাত মৌ উপকাৰী। ই শিশুৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বহু ৰোগৰ পৰা ৰক্ষা কৰে। যিসকল শিশুৰ ভোক কম লাগে তেওঁলোকক মৌ খুৱাব লাগে।
সমাগত ২২ জানুৱাৰীঃ মুকলি হ’ব ৰাম মন্দিৰ, দেশৰ ৫ লাখ মন্দিৰত সম্পন্ন হ’ব পূজা
বিশ্ব হিন্দু পৰিষদৰ সংবাদ মেল সমাগত সেই বিশেষ দিনটো। ২২ জানুৱাৰীত ৰাম মন্দিৰ স্থাপন হোৱাৰ সময়ত দেশৰ ৫ লাখ মন্দিৰত পূজা অৰ্চনা হ’ব।ভাৰতৰ বাহিৰৰ প্ৰায় ৩০ খন দেশত বিশ্ব হিন্দু পৰিষদৰ সদস্য ভৰ্তি হৈছে।দিনৰ ভাগত যেতিয়া ৰাম মন্দিৰ স্থাপন হ’ব সেই সময়চোৱাত ডাঙৰ স্ক্ৰীন লগাই ভক্তসকলক দেখুৱা হ’ব।
সেই দিনাই দেশৰ প্ৰতি গৰাকী হিন্দু মানুহৰ ঘৰত চাকি-বন্তি জ্বলোৱা হ’ব।সমগ্ৰ বিশ্বজুৰি এইটো সুবিশাল আয়োজন।অসমৰ প্ৰতি ঘৰ লোকৰ ঘৰত ১ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ প্ৰতিজন হিন্দু পৰিষদৰ সদস্য সমূহ যাব।
২২ জানুৱাৰীৰ দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ সাহিত্য, সংস্কৃতি, ক্ৰীড়াৰ সৈতে জড়িত লোক সকল উপস্থিত থাকিব।এই মন্দিৰ দেশৰ বাবে স্বাভিমানৰ কাৰণ।ভাৰতৰ অৰ্থ ব্যৱস্থাত এই ৰাম মন্দিৰ হ’ব উল্লেখযোগ্য উৎস।২২ তাৰিখৰ পাছত সমগ্ৰ দেশৰ ভক্তসকলক ৰাম মন্দিৰলৈ আহিবলৈ অনুৰোধ জনোৱা হৈছে।সমাগত ২২ জানুৱাৰীত ৰাম মন্দিৰৰ অভিষেক! দেশৰ ৫ লাখ মন্দিৰত হ’ব পূজা অৰ্চনা