Home Blog Page 1145

২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ ! প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ৰাম মন্দিৰ…

২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ।

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব ৰাম মন্দিৰ। অনুষ্ঠানলৈ আমন্ত্ৰণ কংগ্ৰেছ নেতৃত্বক। আমন্ত্ৰণ জনোৱা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং,

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে,কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীক।

বলিউদৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰে অসমীয়া থলুৱা খাদ্যৰ জুতি ল’লে নগাঁৱৰ ৰিফ্ৰেছক’ ৰিজ’ৰ্টত…

বলিউদৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰে অসমীয়া থলুৱা খাদ্যৰ জুতি ল’লে নগাঁৱৰ ৰিফ্ৰেছক’ ৰিজ’ৰ্টত।

পৰিদৰ্শন কৰিলে চিনেমা হল। অতি সংগোপনে নগাঁৱত উপস্থিত হৈ নগাঁৱৰ পৰা কাজিৰঙালৈ গ’ল জনপ্ৰিয় অভিনেতা গৰাকী।

অসমৰ ৰাইজে এনিমেল ছবি চাই কেনেকুৱা পাইছে সেই বিষয়েও জানিব বিচাৰিলে অভিনেতা গৰাকীয়ে। অনিল কাপুৰক কাষত পাই আনন্দত আত্মহাৰা হৈ পৰিল ৰিজৰ্ট খনৰ কৰ্মচাৰী সকল

বিলাসীপাৰাত সামৰণি পৰিল সাংস্কৃতিক মহাসংগ্ৰাম প্ৰতিযোগিতা…

আজি বিলাসীপাৰাৰ পদ্মশ্ৰী প্ৰতিমা পাণ্ডে সোৱঁৰণী প্ৰেক্ষাগৃহত নৃত্য আৰু গীতৰ  মহাসংগ্ৰাম প্ৰতিযোগিতাত  মুখ্য অতিথি হিচাবে  অসম মাৰ্কেটিং বোৰ্ডৰ চেয়াৰমেন  অশোক কুমাৰ সিংহী উপস্থিত থাকি বিজয়ী প্ৰতিযোগী সকলৰ হাতত মানপত্ৰ আৰু বঁটা প্ৰদান কৰে।

যোৱা ৫ ডিচেম্বৰ তাৰিখৰ পৰা অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হৈ থকা বিলাসীপাৰা বিধান সভা পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠানটোত প্ৰায় ২২ খন গাওঁ পঞ্চায়ত আৰু ২ খন পৌৰসভা পৰ্যায়ত সংগীত প্ৰতিযোগিতাত অসংখ্য প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। প্ৰতিখন পঞ্চায়তৰ পৰা ৩জনকৈ প্ৰতিযোগী মুঠ ৭২ জন নিৰ্বাচিত  হৈছিল।যোৱা ১৭ আৰু ১৮ তাৰিখত বিলাসীপাৰা পূৱ বিধান সভা পৰ্যায়ৰ প্ৰতিযোগিতাত এই সকল

প্ৰতিযোগীয়ে নৃত্য আৰু গীত পৰিবেশন কৰিছিল। আজি সামৰণি অনুষ্ঠানত বিজয়ী প্ৰতিযোগী সকলক উৎসাহিত কৰি মানপত্ৰ আৰু বঁটা প্ৰদান কৰা হয়।

বিজয়ী প্ৰতিযোগী সকল পৰবৰ্তীকালত ধুবুৰী জিলা পৰ্য্যায়ত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব পাৰিব বুলি সংগীত মহাসংগ্ৰাম প্ৰতিযোগিতাৰ পৰিচালনা সমিতিৰ আহ্বায়ক কাজল দাসে জানিবলৈ দিয়ে।দাসে অনুষ্ঠানটিত সহযোগ কৰা বিচাৰক মণ্ডলী,বাদ্যযন্ত্ৰী শিল্পী সকললৈ ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে,সংগীত মহাসংগ্ৰাম প্ৰতিযোগিতাত জ্যোতি,বিষ্ণু,ভূপেন্দ্ৰ  ৰবীন্দ্ৰ সঙ্গীত আৰু জনগোষ্ঠীয় নৃত্য সন্নিৱিষ্ট কৰা হৈছিল।

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদক।

পুনৰ দেশত ক’ভিড-১৯ৰ নতুন ভেৰিয়েণ্ট JN1ৰ আতংক ! দেশত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি ২৬৬৯লৈ…

দেশজুৰি পুনৰ বৃদ্ধি পাইছে ক’ভিড-১৯ সংক্ৰমণ — ক'ৰ কিমানজন আক্ৰান্ত, সবিশেষ চাওঁক । COVID
দেশজুৰি পুনৰ বৃদ্ধি পাইছে ক’ভিড-১৯ সংক্ৰমণ — ক'ৰ কিমানজন আক্ৰান্ত, সবিশেষ চাওঁক । COVID

পুনৰ দেশত ক’ভিড-১৯ৰ নতুন ভেৰিয়েণ্ট JN1ৰ আতংক। কেৰালাত বুধবাৰে ৩০০টাকৈ ক’ভিডৰ নতুন ঘটনা, মৃত্যু ৩জনৰ । দেশত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ২৬৬৯লৈ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য।

‘কভিড প্ৰতিৰোধৰ বাবে সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ’।
ডাক্তৰ জুগালে কয় যে এতিয়া কাৰোবাৰ কাহ আৰু চৰ্দি হ’লে তেওঁৰ Covid টেষ্ট কৰা নহয়। নিউমোনিয়াত ভৰ্তি হ’লে ডাক্তৰে পৰীক্ষা কৰি দিয়ে। Covid টেষ্ট কৰিলেহে সংক্ৰমণ নিশ্চিত হয়। জিনম ক্ৰমবিন্যাসৰ জৰিয়তে নতুন ভিন্নতা ধৰা পেলোৱা হয়। বিষয়টো হ’ল এই ক্ৰমবিন্যাস সমগ্ৰ ভাৰততে কৰা নহয়।

এতিয়া যেতিয়া নতুন ভেৰিয়েন্টটো চিনাক্ত কৰা হৈছে, তেতিয়া প্ৰথমে দেখা যাব যে ইয়াৰ ফলত কিমান সংক্ৰমণ হয়। যিহেতু ই অমাইক্ৰন পৰিয়ালৰ অন্তৰ্গত, গতিকে ই দ্ৰুতগতিত বিয়পিব পাৰে, কিন্তু অমাইক্ৰন বিপদজনক নাছিল, গতিকে আশাকৰোঁ ই মাৰাত্মক নহ’ব। যিহেতু ইয়াৰ স্পাইকৰ পৰিৱৰ্তন হৈছে, গতিকে ৰোগীৰ লক্ষণসমূহ জানিব পৰালৈকে আৰু তীব্ৰতা জনালৈকে ইয়াক তীক্ষ্ণভাৱে নিৰীক্ষণ কৰাটো প্ৰয়োজন। Covid উপযুক্ত আচৰণ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে ভাল হ’ব।

যোৰহাটৰ সেনা শিবিৰত গ্ৰেনেড বিস্ফোৰণৰ তদন্ত অব্যাহত ! আলফা স্বাধীনৰে যোগসূত্ৰ ৰখাৰ সন্দেহত জুমন বৰা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ…

যোৰহাটৰ সেনা শিবিৰত গ্ৰেনেড বিস্ফোৰণৰ তদন্ত অব্যাহত। আলফা স্বাধীনৰে যোগসূত্ৰ ৰখাৰ সন্দেহত এজন যুৱকক গ্ৰেপ্তাৰ।

জুমন বৰা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ। কিছুদিন পূৰ্বে তিনিচুকীয়া আৰক্ষীয়েও গ্ৰেপ্তাৰ কৰিছিল জুমনক।

সামাজিক মাধ্যমত আৰক্ষীৰ বিৰুদ্ধে দিছিল কেইবাটাও পোষ্ট।

আমিনগাঁৱৰ আসাম টিউবৰ সমীপত ভয়াৱহ পথ দুৰ্ঘটনা ! দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী…

আমিনগাঁৱৰ আসাম টিউবৰ সমীপত ভয়াৱহ পথ দুৰ্ঘটনা । ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষ ।

দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী ৰাজা হৰি। নিহত ৰাজা হৰিৰ ঘৰ আমিনগাঁৱৰ ২৬ নং কলনীত।

আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালক-হেণ্ডিমেনক।

গুৱাহাটী মহানগৰীৰ ৩৩ ব্লেক স্পটত নিষিদ্ধ হ’ব হৰ্ডিং…

গুৱাহাটী মহানগৰীৰ ৩৩ ব্লেক স্পটত নিষিদ্ধ হ’ব হৰ্ডিং। পথত ঘূৰি-ফুৰা গৰু-ছাগলীৰ গৰাকীয়ে ভৰিব লাগিব জৰিমনা।

দুৰ্ঘটনাপ্ৰৱণ এলেকাত নিৰ্মাণকাৰ্য চলোৱাত বাধা আৰোপ। ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰেৰে পথচাৰীৰ অহা-যোৱাত বাধা আৰোপ।

পথচাৰীৰ সুৰক্ষা অবিহনে বাট-পথত চলাব নোৱাৰিব নিৰ্মাণকাৰ্য। পথ দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত এই সিদ্ধান্ত।

নতুন দিল্লীত বিশেষ ডাক টিকট মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষপূৰণ উপলক্ষে ভাৰতীয় প’ষ্টৰ পৰা বিশেষ ডাক টিকট মুকলি কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় আয়ুষ ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাইৰ উপৰি জ্যেষ্ঠ বিষয়াসকল।

দেৰগাঁৱৰ জৰাগুৰিত আঠ কেজি ওজনৰ শগুণ উদ্ধাৰ

গোলাঘাট জিলাৰ জৰাগুৰি গাঁৱত বুধবাৰে এটা শগুণ চৰাই উদ্ধাৰ কৰা হয়।


অসুস্থতাৰ বাবে বাঁহৰ আগৰ পৰা পৰি যোৱা অৱস্থাত উদ্ধাৰ কৰে ৰইজে। জৰাগুৰি গাঁৱৰ ধৰমেশ্বৰ বৰা নামৰ লোকজনৰ বাৰিৰ বাঁহ গছৰ পৰা পৰি যোৱা অৱস্থাত উদ্ধাৰ কৰা হয় এই বিৰল চৰাইটো।

অসুস্থ চৰাইটো ৰাইজে নিজা ববিয়াকৈ প্ৰাথমিক চিকিৎসাৰ দ্বাৰা সুস্থ কৰি তুলি দেৰগাঁও খণ্ড বন বিভাগৰ লোকক গতাই দিয়ে।

-দিব্য জ্যোতি কাকতি, ৰঙামাটি

Government of Meghalaya announces Dearness Allowance Hike for 55,000 employees

The Government of Meghalaya has taken a progressive step to enhance the dearness allowance for its employees, demonstrating its commitment to the well-being of the workforce comprising of 55,000 Government Employees. The decision followed an early release of salary for the Month of December 2023. The Government increased the Dearness Allowance from its existing rate of 36% to the newly fixed rate at 39%.

This move is a testament to the government’s dedication to addressing the economic concerns of its employees and ensuring their financial stability in the face of rising living costs. The decision to raise the Dearness Allowance aligns with the government’s ongoing efforts to enhance the overall quality of life for the hardworking individuals contributing to the state’s development.

Taking to his social media handles, the Hon’ble Chief Minister, Shri Conrad K Sangma announced the early release of the Salary and increase in the Dearness Allowance Hike, saying, “Merry Christmas to our team of 55,000 Government Employees! We are pleased to announce that December salaries are being released early. Further DA hike of 3% has been approved.”

The enhanced Dearness Allowance will directly benefit a vast number of government employees, providing them with additional financial support to cope with the challenges posed by inflation and the increasing cost of living. The Meghalaya government recognizes the invaluable contributions of its workforce and is committed to fostering a positive and supportive environment.

The decision reflects the government’s proactive approach to employee welfare and its responsiveness to the dynamic economic landscape. By taking this step, the Meghalaya government aims to boost the morale and financial well-being of its employees, reinforcing their role as crucial contributors to the state’s progress.