Home Blog Page 1146

পুনৰ দেশত ক’ভিড-১৯ৰ নতুন ভেৰিয়েণ্ট JN1ৰ আতংক ! দেশত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি ২৬৬৯লৈ…

দেশজুৰি পুনৰ বৃদ্ধি পাইছে ক’ভিড-১৯ সংক্ৰমণ — ক'ৰ কিমানজন আক্ৰান্ত, সবিশেষ চাওঁক । COVID
দেশজুৰি পুনৰ বৃদ্ধি পাইছে ক’ভিড-১৯ সংক্ৰমণ — ক'ৰ কিমানজন আক্ৰান্ত, সবিশেষ চাওঁক । COVID

পুনৰ দেশত ক’ভিড-১৯ৰ নতুন ভেৰিয়েণ্ট JN1ৰ আতংক। কেৰালাত বুধবাৰে ৩০০টাকৈ ক’ভিডৰ নতুন ঘটনা, মৃত্যু ৩জনৰ । দেশত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে ২৬৬৯লৈ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য।

‘কভিড প্ৰতিৰোধৰ বাবে সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ’।
ডাক্তৰ জুগালে কয় যে এতিয়া কাৰোবাৰ কাহ আৰু চৰ্দি হ’লে তেওঁৰ Covid টেষ্ট কৰা নহয়। নিউমোনিয়াত ভৰ্তি হ’লে ডাক্তৰে পৰীক্ষা কৰি দিয়ে। Covid টেষ্ট কৰিলেহে সংক্ৰমণ নিশ্চিত হয়। জিনম ক্ৰমবিন্যাসৰ জৰিয়তে নতুন ভিন্নতা ধৰা পেলোৱা হয়। বিষয়টো হ’ল এই ক্ৰমবিন্যাস সমগ্ৰ ভাৰততে কৰা নহয়।

এতিয়া যেতিয়া নতুন ভেৰিয়েন্টটো চিনাক্ত কৰা হৈছে, তেতিয়া প্ৰথমে দেখা যাব যে ইয়াৰ ফলত কিমান সংক্ৰমণ হয়। যিহেতু ই অমাইক্ৰন পৰিয়ালৰ অন্তৰ্গত, গতিকে ই দ্ৰুতগতিত বিয়পিব পাৰে, কিন্তু অমাইক্ৰন বিপদজনক নাছিল, গতিকে আশাকৰোঁ ই মাৰাত্মক নহ’ব। যিহেতু ইয়াৰ স্পাইকৰ পৰিৱৰ্তন হৈছে, গতিকে ৰোগীৰ লক্ষণসমূহ জানিব পৰালৈকে আৰু তীব্ৰতা জনালৈকে ইয়াক তীক্ষ্ণভাৱে নিৰীক্ষণ কৰাটো প্ৰয়োজন। Covid উপযুক্ত আচৰণ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে ভাল হ’ব।

যোৰহাটৰ সেনা শিবিৰত গ্ৰেনেড বিস্ফোৰণৰ তদন্ত অব্যাহত ! আলফা স্বাধীনৰে যোগসূত্ৰ ৰখাৰ সন্দেহত জুমন বৰা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ…

যোৰহাটৰ সেনা শিবিৰত গ্ৰেনেড বিস্ফোৰণৰ তদন্ত অব্যাহত। আলফা স্বাধীনৰে যোগসূত্ৰ ৰখাৰ সন্দেহত এজন যুৱকক গ্ৰেপ্তাৰ।

জুমন বৰা নামৰ এজন যুৱকক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ। কিছুদিন পূৰ্বে তিনিচুকীয়া আৰক্ষীয়েও গ্ৰেপ্তাৰ কৰিছিল জুমনক।

সামাজিক মাধ্যমত আৰক্ষীৰ বিৰুদ্ধে দিছিল কেইবাটাও পোষ্ট।

আমিনগাঁৱৰ আসাম টিউবৰ সমীপত ভয়াৱহ পথ দুৰ্ঘটনা ! দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী…

আমিনগাঁৱৰ আসাম টিউবৰ সমীপত ভয়াৱহ পথ দুৰ্ঘটনা । ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষ ।

দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী ৰাজা হৰি। নিহত ৰাজা হৰিৰ ঘৰ আমিনগাঁৱৰ ২৬ নং কলনীত।

আৰক্ষীয়ে আটক কৰিছে ট্ৰাকখনৰ চালক-হেণ্ডিমেনক।

গুৱাহাটী মহানগৰীৰ ৩৩ ব্লেক স্পটত নিষিদ্ধ হ’ব হৰ্ডিং…

গুৱাহাটী মহানগৰীৰ ৩৩ ব্লেক স্পটত নিষিদ্ধ হ’ব হৰ্ডিং। পথত ঘূৰি-ফুৰা গৰু-ছাগলীৰ গৰাকীয়ে ভৰিব লাগিব জৰিমনা।

দুৰ্ঘটনাপ্ৰৱণ এলেকাত নিৰ্মাণকাৰ্য চলোৱাত বাধা আৰোপ। ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰেৰে পথচাৰীৰ অহা-যোৱাত বাধা আৰোপ।

পথচাৰীৰ সুৰক্ষা অবিহনে বাট-পথত চলাব নোৱাৰিব নিৰ্মাণকাৰ্য। পথ দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত এই সিদ্ধান্ত।

নতুন দিল্লীত বিশেষ ডাক টিকট মুকলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুধবাৰে নতুন দিল্লীত অখিল ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ প্ৰথম বৰ্ষপূৰণ উপলক্ষে ভাৰতীয় প’ষ্টৰ পৰা বিশেষ ডাক টিকট মুকলি কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় আয়ুষ ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাইৰ উপৰি জ্যেষ্ঠ বিষয়াসকল।

দেৰগাঁৱৰ জৰাগুৰিত আঠ কেজি ওজনৰ শগুণ উদ্ধাৰ

গোলাঘাট জিলাৰ জৰাগুৰি গাঁৱত বুধবাৰে এটা শগুণ চৰাই উদ্ধাৰ কৰা হয়।


অসুস্থতাৰ বাবে বাঁহৰ আগৰ পৰা পৰি যোৱা অৱস্থাত উদ্ধাৰ কৰে ৰইজে। জৰাগুৰি গাঁৱৰ ধৰমেশ্বৰ বৰা নামৰ লোকজনৰ বাৰিৰ বাঁহ গছৰ পৰা পৰি যোৱা অৱস্থাত উদ্ধাৰ কৰা হয় এই বিৰল চৰাইটো।

অসুস্থ চৰাইটো ৰাইজে নিজা ববিয়াকৈ প্ৰাথমিক চিকিৎসাৰ দ্বাৰা সুস্থ কৰি তুলি দেৰগাঁও খণ্ড বন বিভাগৰ লোকক গতাই দিয়ে।

-দিব্য জ্যোতি কাকতি, ৰঙামাটি

Government of Meghalaya announces Dearness Allowance Hike for 55,000 employees

The Government of Meghalaya has taken a progressive step to enhance the dearness allowance for its employees, demonstrating its commitment to the well-being of the workforce comprising of 55,000 Government Employees. The decision followed an early release of salary for the Month of December 2023. The Government increased the Dearness Allowance from its existing rate of 36% to the newly fixed rate at 39%.

This move is a testament to the government’s dedication to addressing the economic concerns of its employees and ensuring their financial stability in the face of rising living costs. The decision to raise the Dearness Allowance aligns with the government’s ongoing efforts to enhance the overall quality of life for the hardworking individuals contributing to the state’s development.

Taking to his social media handles, the Hon’ble Chief Minister, Shri Conrad K Sangma announced the early release of the Salary and increase in the Dearness Allowance Hike, saying, “Merry Christmas to our team of 55,000 Government Employees! We are pleased to announce that December salaries are being released early. Further DA hike of 3% has been approved.”

The enhanced Dearness Allowance will directly benefit a vast number of government employees, providing them with additional financial support to cope with the challenges posed by inflation and the increasing cost of living. The Meghalaya government recognizes the invaluable contributions of its workforce and is committed to fostering a positive and supportive environment.

The decision reflects the government’s proactive approach to employee welfare and its responsiveness to the dynamic economic landscape. By taking this step, the Meghalaya government aims to boost the morale and financial well-being of its employees, reinforcing their role as crucial contributors to the state’s progress.

ড০ প্ৰণৱ জ্যোতি ডেকাৰ ‘শ্ৰেষ্ঠ গল্প’ই আজুৰি আনিলে ‘সাহিত্য অকাডেমী’ সন্মান…

অৱশেষত ড০ প্ৰণৱ জ্যোতি ডেকাৰ ‘শ্ৰেষ্ঠ গল্প’ই আজুৰি আনিলে বহু প্ৰত্যাশিক সাহিত্য অকাডেমী (অসমীয়া ভাষাৰ) সন্মান।

অসমীয়া প্ৰতিদিন ডিজিটেলে সেই সম্ভাৱণা আৰু আশংকা আগতীয়াকৈ পুৱাৰ ভাগতেই প্ৰকাশ কৰিছিল। সেই সম্ভাৱনাই সত্য প্ৰমাণিত কৰি বিশিষ্ট গৱেষক,

সাহিত্যিকগৰাকীক এই সন্মানৰ বাবে নিৰ্বাচিত কৰা প্ৰক্ৰিয়াত নতুন দিল্লীত অনুষ্ঠিত হোৱা অকাডেমীৰ বৈঠকত শেষ ছীল মোহৰ মৰা হ’ল দুপৰীয়া ১২.৪৫ বজাত।

গেলা-পচা কাঠসমূহত গজা যিকোনো কাঠফুলা বিষাক্ত…

গেলা-পচা কাঠসমূহত গজা যিকোনো কাঠফুলা বিষাক্ত

  • যিবিলাক কাঠফুলাৰ গা-গছ সহজে ভাগি নাযায়, সেইবিলাক বিষাক্ত বুলি নিশ্চিন্ত হ’ব লাগে।
  • খাব পৰা কাঠফুলাসমূহ সাধাৰণতে ৰ’দঘাই ঠাইত নাইবা মুকলি ঠাইত নগজে। যদিহে মুকলি বা ৰ’দ ঘাই ঠাইত গজা দেখা যায়, তেন্তে নিঃসন্দেহে তাক বিষাক্ত কাঠফুলা বুলি গণ্য কৰিব পাৰি।
  • উৎকট গোন্ধযুক্ত নাইবা তীক্ষ্ণ সোৱাদযুক্ত যিকোনো কাঠফুলাই বিষাক্ত।
  • যিবোৰ কাঠফুলাৰ গা-গছত আঙুঠি সদৃশ নাইবা কাপসদৃশ চিহ্ন থাকে সেইবোৰ বিষাক্ত কাঠফুলা বুলি জানিব লাগে।
  • যিবোৰ কাঠফুলাৰ পাতল ৰং থাকে নাইবা গুলপীয়া যিকোনো চিহ্ন থাকে সেইবোৰো অধিক বিষাক্ত।

প্রায়ে দেখা যায় যে বিভিন্ন জনগোষ্ঠীয় লোক বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকসকলে বিষাক্ত কাঠফুলা ভক্ষণ কৰি মৃত্যু মুখত পৰে। তেওঁলোকে মাথোঁ লক্ষ্য কৰে যে সহজে কাঠফুলাবোৰ ভাগিছে নে নতুবা কিবা উৎকট গোন্ধ আছে নেকি? কিন্তু এই দুটা লক্ষণ নাথাকিলেও কাঠফুলাজোপা যে বিষাক্ত হ’ব পাৰে তেওঁলোকে এই কথা বুজিব নোৱাৰে। গতিকে সমাজত এটা বিজ্ঞানসন্মত মানসিকতাৰ নিশ্চয়কৈ প্রয়োজন আছে যাতে পুষ্টিৰ বিকল্প হিচাপে আমাৰ জনসাধাৰণে কাঠফুলাৰ নিচিনা এটা প্রকৃতিৰ দান গ্রহণ কৰিব পাৰে।

মিছা ভয় ভাব আঁতৰাই সজ্ঞানেৰে এই মহৌষধ যাতে গ্রহণ কৰিব পাৰে। এই কথাত মন দিব লাগিব সকলোৱে। আমি মনত ৰখা উচিত যে এই খেতিৰ বাবে কোনো ডাঙৰ খেতি পথাৰৰো প্রয়োজন নাই। নাই প্রয়োজন শকত পুঁজিৰো। ন্যূনতম ১০০ টকা খৰচ কৰিলেও ৫০০ টকা মান লাভ পাব পাৰি। গতিকে এনে অমূল্য খাদ্যবিধক দলিয়াই দিব পাৰি জানো ? আহক, আমি সকলোৱেই বিজ্ঞানসন্মতভাৱে কাঠফুলাক আদৰি এখন পুষ্টিকৰ সমাজ গঢ়াত আগভাগ লওঁ।

লেখক: ভৃগুপতি হাজৰিকা

ৰাজ্যৰ শিক্ষকলৈ কঠোৰ নিৰ্দেশনা শিক্ষা বিভাগৰ ! অনুমতি অবিহনে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব কোনো শিক্ষকে…

ৰাজ্যৰ শিক্ষকলৈ কঠোৰ নিৰ্দেশনা শিক্ষা বিভাগৰ।অনুমতি অবিহনে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব কোনো শিক্ষকে।

অনুমতি অবিহনে নামভৰ্তি কৰিব নোৱাৰিব বি এড কলেজত। বিধি ভংগ কৰিলেই বিভাগীয় শাস্তিৰ সন্মুখীন হ’ব সংশ্লিষ্ট শিক্ষক।

মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে জাৰি কৰিলে নিৰ্দেশনা।