Home Blog Page 1147

কিছুমান বিশেষ খাদ্যই যৌন জীৱন অধিক সক্ৰিয় কৰি ৰাখিব পাৰে ! খাদ্যৰ জৰিয়তে অটুট ৰাখক আপোনাৰ পৌৰুষ সক্ষমতা…

কিছুমান বিশেষ খাদ্যই যৌন জীৱন অধিক সক্ৰিয় কৰি ৰাখিব পাৰে। অৰ্থাৎ কিছুমান বিশেষ আহাৰ খালে যৌনশক্তি বৃদ্ধি পায় আৰু বাৰ্ধক্যতো যৌন ক্ষমতা অটুট থাকে। অহৰহ মানসিক চাপ, বৃত্তিগত প্ৰতিযোগিতা, সীমাহীন ব্যস্ততা আদিয়ে ব্যক্তি এজনৰ যৌনজীৱনতো প্ৰভাৱ পেলায়। যৌন শক্তি বৃদ্ধি কৰি দাম্পত্য জীৱন অধিক আনন্দদায়ক কৰি তুলিব পৰা কেইবিধমান খাদ্যৰ বিষয়ে উল্লেখ কৰা হ’ল-

মৌ:

পাৰস্যত পুৰণি কালত বিবাহৰ পিছত এমাহলৈ দৰা-কইনাক সদায় মৌ খাবলৈ দিয়া নিয়ম আছিল। আৰু ইয়াৰ পৰাই আজিৰ ‘হনিমুন’ শব্দৰ প্ৰচলন হৈছে। মৌত ভিটামিন ‘বি’ প্ৰচুৰ পৰিমাণে থাকে। ‘বি’ ভিটামিনে টেষ্টোষ্টেৰণ প্ৰস্তুত কৰাত সহায় কৰে। মৌ খোৱাৰ ফলত দৈহিক শক্তি বৃদ্ধি পায়।

ব্ৰাজিল নাট(Brazil Nuts):

ইটালিৰ পাডুৱা বিশ্ববিদ্যালয়ৰ এক গৱেষণাত প্ৰকাশ পাইছে যে আহাৰত ছেলেনিয়ামৰ অভাৱ ঘটিলে পুৰুষসকলৰ যৌনক্ষমতা কমি যায়। ছেলেনিয়ামে বীৰ্য কোষবোৰ ধ্বংস হোৱাত বাধা দিয়ে আৰু শুক্ৰাণুৰ সাঁতুৰিব পৰা ক্ষমতা জাতীয় খাদ্যত প্ৰচুৰ পৰিমাণে ছেলেনিয়াম পোৱা যায়। সেয়ে দিনত তিনিটাকৈ ‘ব্ৰাজিল নাট’ খাই থাকিলে যৌনশক্তি বৃদ্ধি পায়।

মুগাবৰণীয়া চাউল:

ঢেঁকীত বনা মুগা বৰণীয়া চাউলত যথেষ্ট পৰিমাণে ‘বি’ ভিটামিন থাকে। ইয়াত মেগনেছিয়ামো প্ৰচুৰ পৰিমাণে থাকে। পেশীৰ গঠন শক্তিশালী কৰাৰ বাবে মেগনেছিয়াম অতিকৈ প্ৰয়োজন।

হট চকলেট:

হট চকলেটত থকা phenyl-ethylamine নামৰ উপাদানবিধে ড’পামাইন(dopamine) অধিক পৰিমাণে নিঃসৃত কৰে। ড’পামাইন নামৰ ৰাসায়নিক পদাৰ্থবিধে যৌনশক্তি বঢ়াই তোলে। ইয়াৰ লগতে গাখীৰত থকা কেলচিয়ামে স্নায়ুবোৰক অধিক সক্ৰিয় কৰি তোলে।

শামুক(Oysters):

শামুকত প্ৰচুৰ পৰিমাণে জিংক থাকে। জিংকে টেষ্টোষ্টেৰণ(Testosterone) উৎপাদনত সহায় কৰে। ইয়াৰ উপৰি শামুকত ডি-এছপাৰ্টিক এচিড(D-aspartic acid) আৰু NMDA(N-methyle-D-aspartate)থাকে। এই দুবিধ উপাদানে ছেক্স হৰমোন টেষ্টোষ্টেৰণ আৰু এষ্ট্ৰোজেন নিঃসৰণ হোৱাত সহায় কৰে।

তৰমুজ:

টেক্সাছৰ গৱেষকৰৰ দল এটিয়ে প্ৰমাণ পাইছে যৌন উত্তেজক টেবলেট এটাৰ সমানেই তৰমুজে কাম দিয়ে। উল্লেখ্য যে ভায়েগ্ৰা টেবলেটে Citrulline আৰু Arginine নামৰ উপাদান দুবিধৰ পৰিমাণ কমাই আনে। ইয়াৰ ফলত নাইট্ৰিক অক্সাইডৰ পৰিমাণ বৃদ্ধি পায় আৰু ই ৰক্তবাহী নলীৰে তেজ চলাচলত সহায় কৰে। তৰমুজ খালেও একেখিনি উপকাৰ পোৱা যায়।

মুৰ্গীৰ মাংস:

সুস্থ যৌনজীৱনৰ বাবে বীৰ্যৰ উৎপাদন বৃদ্ধি আৰু প্ৰজনন ক্ষমতা বৃদ্ধি তথা যৌন ইচ্ছা বঢ়াই তুলিবলৈ টেষ্টোষ্টেৰণৰ পৰিমাণ সঠিক পৰিমাণে থকা উচিত। টেষ্টোষ্টেৰণৰ উৎপাদন মূলতঃ নিৰ্ভৰ কৰে জিংক আৰু ‘বি’ ভিটামিনৰ ওপৰত। মুৰ্গীৰ মাংসত এই দুয়োবিধ উপাদান পোৱা যায়।

কল:

কলত থকা Bufotenine নামৰ উপাদানবিধে মানুহৰ ‘মুড’ ভালে ৰখাৰ লগতে আত্মবিশ্বাস আৰু যৌনশক্তি বঢ়ায়। ইয়াৰ উপৰি আটাইতকৈ বেছি উপকাৰ হয় ছালখনৰ।

পপকৰ্ণ:

বীৰ্যৰ গাঢ়তা, গুণাগুণ ঠিকে থাকিবলৈ হ’লে Arginine নামৰ উপাদানবিধৰ খুব প্ৰয়োজন। পপকৰ্ণত এই উপাদানবিধ পোৱা যায়। সেয়ে বীৰ্যৰ শক্তি বঢ়াবলৈ পপকৰ্ণ খোৱা উচিত।

জলকীয়া:

জলকীয়া খালে এণ্ডোৰফিন নামৰ উপাদানবিধ তিনিগুণ পৰিমানত নিৰ্গত হয়। এই উপাদানবিধে মনলৈ ‘ফিল গুড’ ধাৰণা আনি দিয়ে। জলকীয়া খালে স্নায়ুমাণ্ডলিক সক্ৰিয় কৰি তোলে।

ভাৰততো তীব্ৰ গতিত বৃদ্ধি কৰ’না ভাইৰাছৰ উপ-ভেৰিয়েন্ট JN.1 ৰ আক্ৰান্ত ৰােগী…

ভাৰততো আহি আছে Covid ৰ Amicron ভেৰিয়েন্টৰ উপ-ভেৰিয়েন্ট JN.1ৰ সৈতে জড়িত কেছ। দক্ষিণ ভাৰতত আক্ৰান্ত হৈছে দুজন লোক। যিহেতু এই ভিন্নতা অমাইক্ৰন পৰিয়ালৰ অন্তৰ্গত, গতিকে একে ৰেখাতে ই দ্ৰুতগতিত বিয়পি পৰাৰ আশংকা থাকে। অৱশ্যে বিশেষজ্ঞসকলে কয় যে বৰ্তমান দিল্লীত ইয়াৰ বিয়পি পৰাৰ সম্ভাৱনা কম। ইয়াৰ পিছতো সজাগ হৈ থকাৰ প্ৰয়োজন আছে, কাৰণ শীতকালত এই ভাইৰাছ দ্ৰুতগতিত বিয়পি পৰে আৰু প্ৰদূষণৰ লগতে সংক্ৰমণ হ’লে ই অধিক বিপদজনক হ’ব পাৰে। ছফদাৰজং হাস্পতালৰ কমিউনিটি মেডিচিনৰ HoD ডাঃ যুগল কিশোৰে কয় যে এইটো অমিক্ৰনৰ এটা উপ-ভেৰিয়েণ্ট, কিন্তু ইয়াৰ স্পাইকৰ পৰিৱৰ্তন হৈছে। এই ভাইৰাছে নিজকে জীয়াই ৰাখিবলৈ নিজৰ আদি ৰূপ সলনি কৰি থাকে। য’ত চোৱাচিতা ভাল হয়, তাত নতুন ভিন্নতা ধৰা পৰে। এই পৰিৱৰ্তন প্ৰথমবাৰৰ বাবে আমেৰিকাত দেখা গৈছিল ছেপ্টেম্বৰ মাহত। তাত থকা ২০ৰ পৰা ২৫% ৰোগী নতুন ভিন্নতাৰ। আমাৰ দেশ কেৰালাতো এই ভিন্নতা আমেৰিকাৰ পৰা আহিছে।

Covid বিশেষজ্ঞ চন্দ্ৰকান্ত লহৰিয়াই কয় যে এতিয়া যিবোৰ ৰোগী আহি আছে Covid ৰোগীৰ জিনম ছিকুৱেন্সিং অব্যাহত ৰাখিব লাগিব। এই বিষয়টো একেটা খণ্ডতে পোহৰলৈ আহিছে। যিহেতু এই সময়ত চীনত সংক্ৰমণ বিয়পি পৰা যেন লাগে আৰু ইয়াত শীতকাল, গতিকে ইয়াতো চকু ৰখাটো গুৰুত্বপূৰ্ণ। যি নহওক, Covid, ভেকচিন আৰু প্ৰাকৃতিক সুৰক্ষা উপলব্ধ হোৱাৰ দুবছৰতকৈও অধিক সময় পাৰ হৈ গ’ল। বৰ্তমান কেৱল ক্লিনিকেল লক্ষণসমূহৰ প্ৰতিহে গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ।

‘কভিড প্ৰতিৰোধৰ বাবে সাৱধানতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ’।
ডাক্তৰ জুগালে কয় যে এতিয়া কাৰোবাৰ কাহ আৰু চৰ্দি হ’লে তেওঁৰ Covid টেষ্ট কৰা নহয়। নিউমোনিয়াত ভৰ্তি হ’লে ডাক্তৰে পৰীক্ষা কৰি দিয়ে। Covid টেষ্ট কৰিলেহে সংক্ৰমণ নিশ্চিত হয়। জিনম ক্ৰমবিন্যাসৰ জৰিয়তে নতুন ভিন্নতা ধৰা পেলোৱা হয়। বিষয়টো হ’ল এই ক্ৰমবিন্যাস সমগ্ৰ ভাৰততে কৰা নহয়। এতিয়া যেতিয়া নতুন ভেৰিয়েন্টটো চিনাক্ত কৰা হৈছে, তেতিয়া প্ৰথমে দেখা যাব যে ইয়াৰ ফলত কিমান সংক্ৰমণ হয়। যিহেতু ই অমাইক্ৰন পৰিয়ালৰ অন্তৰ্গত, গতিকে ই দ্ৰুতগতিত বিয়পিব পাৰে, কিন্তু অমাইক্ৰন বিপদজনক নাছিল, গতিকে আশাকৰোঁ ই মাৰাত্মক নহ’ব। যিহেতু ইয়াৰ স্পাইকৰ পৰিৱৰ্তন হৈছে, গতিকে ৰোগীৰ লক্ষণসমূহ জানিব পৰালৈকে আৰু তীব্ৰতা জনালৈকে ইয়াক তীক্ষ্ণভাৱে নিৰীক্ষণ কৰাটো প্ৰয়োজন। Covid উপযুক্ত আচৰণ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে ভাল হ’ব।

আমগুৰিত মাৰণাস্ত্ৰ সহ চাৰি যুৱকক আটক আমগুৰি আৰক্ষীৰ…

আমগুৰিত মাৰণাস্ত্ৰ সহ চাৰি যুৱকক আটক আমগুৰি আৰক্ষীৰ : তিনিটা মাৰণাস্ত্ৰ ১২ জাঁই সজীৱ গুলী জব্দ।

আমগুৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তিনিটাকৈ মাৰণাস্ত্ৰ আৰু ১২ জাঁই সজীৱ গুলী সহ আটক কৰিছে চাৰি যুৱকক ॥ আমগুৰি আৰক্ষীয়ে থানাৰ সন্মুখতে AS 05 R 2703 পালচাৰ বাইক আৰু AS 05 Q 9093 স্কুটিত অহা চাৰিজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ॥

আটকাধীন যুৱক দুজনৰ পৰা দুটা ৯ এম এম পিষ্টল আৰু এটা হস্তনিৰ্মিত পিষ্টল, ৯ এম এম পিষ্টলৰ ২ জাঁই সজীৱ গুলী, ১০ জাঁই হস্তনিৰ্মিত পিষ্টলৰ গুলীৰ লগতে চাৰিটাকৈ মোবাইল ফোন জব্দ কৰিছে আমগুৰি আৰক্ষীয়ে ॥

যুৱক কেইজন মৰিয়ণিৰ পৰা জাঁজী দিশে গৈ থকা অৱস্থাতে আৰক্ষীৰ জালত পৰে ॥

আটকাধীন চাৰি যুৱক ক্ৰমে, জন বসুমতাৰী, যতীন বড়ো, গোপী হাজোৱাৰী আৰু শিৱ হেমব্ৰম বুলি জানিব পৰা গৈছে ॥চাৰিও যুৱকৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাটত ॥

মেৰাপানীৰ চিচুপানীৰ পৰা অনা মাৰণাস্ত্ৰ কেইটা কোনো অজ্ঞাত লোকক যোগান ধৰিবলৈ যুৱককেইজন আহিছিল বুলি জানিবলৈ দিয়ে আমগুৰি আৰক্ষীয়ে ॥শিৱসাগৰ উচ্চপদস্থ আৰক্ষী বিষয়া আমগুৰি থানাত উপস্থিত হৈ তদন্ত অব্যাহত কৰে ॥

ৰাজ্যত হস্তী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি ! কলিয়াবৰৰ তেতুলগুৰিত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু…

কলিয়াবৰৰ তেতুলগুৰিত অঘটন।

বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু। নিহত লোকজন সঞ্জয় ৰাজোৱাৰ।

নিশা ঘৰলৈ ওভতাৰ পথতে সঞ্জয়ক আক্ৰমণ কৰে বন্যহস্তীয়ে।

বঙাইগাঁও জিলাৰ তালগুৰিস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা…

বঙাইগাঁও জিলাৰ তালগুৰিস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা।

ট্ৰাক আৰু চাৰিচকীয়া ইণ্ডিকো বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।

দূৰ্ঘটনাত থিতাতে নিহত দুজন, সংকটজনক অৱস্থা এজনৰ।

দূৰ্ঘটনাগ্ৰস্ত ইণ্ডিকো বাহনখনৰ নম্বৰ AS 01 BM 2066 আৰু ট্ৰাকখনৰ নম্বৰ ক্ৰমে UP 21 BN 8064

শালমাৰাৰ পৰা ধুবুৰী অভিমূখে আহি থকা অৱস্থাত ইণ্ডিগো বাহনখন পতিত হয় এই দূৰ্ঘটনাত।

দূৰ্ঘটনা সংঘটিত কৰি ট্ৰাক চালক আৰু হেণ্ডিমেনৰ পলায়ন।

এতিয়ালৈ মৃত ব্যক্তি দুজনৰ লগতে আহত ব্যক্তিজনৰ পৰিচয় ওলোৱা নাই।

ঘটনাস্থলীত বইটামাৰী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

বঙাইগাঁৱৰ কোকিলাত গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত আব্দুল বাতেনৰ ঘৰত থকা গাঞ্জা খেতি কাটি তহলিং কৰে আৰক্ষীয়ে…

বঙাইগাঁৱৰ কোকিলাত গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত। অভিযানত আব্দুল বাতেনৰ ঘৰত থকা গাঞ্জা খেতি কাটি তহলিং কৰে আৰক্ষীয়ে ।

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলা নয়াপাৰাৰ বাতেন আলী নামৰ লোকজনে নিজ গৃহতে নিষিদ্ধ গাঞ্জা খেতি কৰিছিল যদিওঁ আজি আৰক্ষীয়ে অভিযান চলায় গাঞ্জা সমুহ কাটি তহলিং কৰে।

কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জনমনি মচৰাংগে চলোৱা অভিযানত বাতেন আলীৰ গৃহৰ চোতালত ৰুই থোৱা নিষিদ্ধ গছসমূহ কাটি তহলিং কৰে।

আৰক্ষীয়ে কাটি তহলিং কৰা গাঞ্জাসমুহৰ ওজন ২৪ কেজি হয়। ঘটনা সংক্ৰান্তত বাতেন আলীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

আজি মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষত পুনৰ হাজিৰ হ’ব লাগিব নিলম্বিত ACS বিষয়া সুকন্যা বৰা…

আজি মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষত পুনৰ হাজিৰ হ’ব লাগিব সুকন্যা বৰা। পুৱা ১০ বজাত উপস্থিত হ’ব লাগিব নিলম্বিত ACS বিষয়াগৰাকী।

সুকন্যা বৰাই লিখিতৰূপত জমা দিব লাগিব বহু প্ৰশ্নৰ উত্তৰ। সোমবাৰে লিখিত ৰূপত দি পঠিওৱা হৈছিল বহু প্ৰশ্নভৰ্তি এখন পত্ৰ।

সকলো প্ৰশ্নৰ যথাযথ উত্তৰ লিখিত ৰূপত বিচাৰিছে নিৰীক্ষণ কোষে। মুখামুখি জেৰাৰ সময়ত প্ৰশ্নসমূহৰ উত্তৰ দিয়া নাছিল সুকন্যা বৰাই।

নিশা চানমাৰি উৰণসেতুত দুৰ্ঘটনা ! দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাহনখনৰ চালক…

নিশা চানমাৰি উৰণসেতুত দুৰ্ঘটনা। ডিভাইডাৰত খুন্দা তীব্ৰবেগী বাহনৰ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বাহনখনৰ চালক। সম্প্ৰতি চালকজনক GMCHত ভৰ্তি।

সুৰাপান কৰি গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

শিলচৰ মেডিকেল কলেজৰ সন্মুখত মৃতদেহ উদ্ধাৰ…

শিলচৰ মেডিকেল কলেজৰ সন্মুখত যুৱকৰ মৃতদেহ উদ্ধাৰ। মৃত যুৱকজন গুৱাহাটী ভাস্কৰ নগৰৰ কাৰ্তিক ৰায়।

ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।

মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মেডিকেল কলেজলৈ প্ৰেৰণ।

নজিৰবিহীন ! লোকসভা-ৰাজ্যসভাৰ পৰা ১৪১ গৰাকী বিৰোধী সাংসদক নিলম্বিত

লোকসভা-ৰাজ্যসভাত অব্যাহত আছে সংসদ নিলম্বনৰ ঘটনা। সোমবাৰৰ পিছত মঙলবাৰেও সংসদৰ পৰা বিৰোধী সাংসদ নিলম্বনৰ ধাৰা অব্যাহত থাকিল। মঙলবাৰে লোকসভাৰ ৫০ জন বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বিত কৰা হৈছে। নিলম্বিত সাংসদসকলে পৰৱৰ্তী দিনবোৰৰ বাবে শীতকালীন অধিৱেশনত উপস্থিত থাকিব নোৱাৰিব। চলিত অধিৱেশনত সৰ্বসৰ্বাধিক ১৪১ গৰাকী বিৰোধী দলৰ সাংসদক নিলম্বিত কৰা হৈছে। ভাৰতৰ সংসদীয় ইতিহাসত এনে ঘটা তেনেই বিৰল।

কংগ্ৰেছ নেতা তথা সাংসদ মনীষ তিৱাৰীয়ে কয়, “দেশখন এখন আৰক্ষী শাসিত দেশলৈ গতি কৰিছে।’’ উল্লেখ্য সাংসদ সুপ্ৰিয়া চুলে , মনিশ তিৱাৰী , শশী থাৰুৰ , মহম্মদ ফাইজল, কাৰ্তি চিদাম্বৰম , সুদীপ বন্দোপাধ্যায় , দিম্পল যাদৱ , দানিশ আলি , মালা ৰয় , ৰাজীৱ ৰঞ্জন সিং , সন্তোষ কুমাৰ , প্ৰতিভা সিং , মহম্মদ ছাদিক , জগবীৰ সিং গিল , মহাবলী সিং , এম কে বিষ্ণু প্ৰসাদ , ফাৰুক আব্দুল্লা , গুৰজিত সিং , ফজলুৰ ৰহমান , ৰৱনীত সিং বিট্টু , কে সুধাকৰণ আৰু সুশীল কুমাৰ ৰিংকুক মঙলবাৰে নিলম্বন কৰা হৈছে।

সংসদত গেছ আক্ৰমণৰ পিছতে বিৰোধীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা সদনত বিবৃতি দাবী কৰি আহিছে৷ কিন্তু চৰকাৰে এই দাবী মানি নোলোৱাত আজিও উত্তপ্ত হৈ পৰে সদন৷ সদনত বিশৃঙ্খল পৰিস্থিতৰ সৃষ্টি কৰাৰ অভিযোগত শীতকালীন অধিৱেশনৰ বাকী সময়ৰ বাবে কালি মুঠ ৩৩ গৰাকী বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বিত কৰা হৈছিল৷ শেহতীয়াকৈ সংসদৰ নিৰাপত্তা উলংঘন আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিবৃতিৰ দাবীত বিৰোধী সদস্যসকলৰ নিৰন্তৰ প্ৰতিবাদৰ পিছত পুনৰ ৩৩ জন সাংসদক নিলম্বিত কৰিছিল৷

নিলম্বিত সাংসদসকলৰ ভিতৰত আছিল কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী, ডিএমকেৰ সাংসদ টি আৰ বালু আৰু দয়ানিধি মৰাণ, আৰু টিএমচিৰ সৌগত ৰয়, কংগ্ৰেছৰ গৌৰৱ গগৈ, আব্দুল খালেক আদি৷ নিলম্বন সন্দৰ্ভত বক্তব্য ৰাখি লোকসভাৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়, “মোৰ লগতে আন বহু নেতাক নিলম্বন কৰা হৈছে৷ আমি আগতে নিলম্বিত কৰা আমাৰ সাংসদসকলক পুনৰ ঘূৰাই আনিবলৈ আৰু গৃহমন্ত্ৰীয়ে সদনলৈ আহি সংসদৰ নিৰাপত্তা উলংঘনৰ বিষয়ত বিবৃতি দিবলৈ কেইবাদিনো ধৰি দাবী কৰি আহিছো।” তেওঁ লগতে কয়, “আজি চৰকাৰে অত্যাচাৰৰ চৰমসীমাত উপনীত হৈছে।”

নিলম্বিতসকলৰ মাজৰে ৩১ জনক শীতকালীন অধিৱেশনৰ বাকী সময়ৰ বাবে নিলম্বিত কৰা হৈছিল, তিনিজনক বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদনৰ বাবে নিলম্বিত কৰা হৈছে। কে জয়কুমাৰ, বিজয় বসন্ত আৰু আব্দুল খালেকে শ্ল’গান দিবলৈ অধ্যক্ষৰ মঞ্চত উঠিছিল। এই সাংসদসকলক নিলম্বন কৰাৰ প্ৰস্তাৱটো সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সদনত উপস্থাপন কৰিছিল। পিছত সেই প্ৰস্তাৱ ধ্বনি ভোটৰ দ্বাৰা গ্ৰহণ কৰা হয়। সংসদৰ নিৰাপত্তা উলংঘনক লৈ বিৰোধী সাংসদসকলৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত লোক সভা কালি দিনটোৰ বাবে স্থগিত ৰখা হৈছিল।

লক্ষণীয়ভাৱে, সংসদৰ নিৰাপত্তা উলংঘনৰ এদিন পিছত ১৪ ডিচেম্বৰত লোকসভাৰ ১৩ জন সাংসদ আৰু ৰাজ্যসভাৰ এজন সাংসদক সংসদত “উচ্ছৃংখল আচৰণ”ৰ বাবে নিলম্বিত কৰা হৈছিল৷ লোকসভাৰ পৰা নিলম্বিত হোৱা সংসদসদস্যসকলৰ ভিতৰত মণিকাম ঠাকুৰ, কানিমোঝি, পি আৰ নটৰাজন, ভি কে শ্ৰীকন্দন, বেনি বাহানন, কে সুব্ৰমন্যম, এছ ভেঙ্কটেচন আৰু মহম্মদ জাৱেদ অন্যতম৷ তৃণমূল কংগ্ৰেছৰ ডেৰেক অ’ব্ৰাইন হৈছে ৰাজ্যসভাৰ পৰা নিলম্বিত একমাত্ৰ সাংসদ৷ ৰাজ্যসভাৰ এজন সাংসদকে ধৰি এতিয়ালৈকে মুঠ ৪৭ জন বিৰোধী সাংসদক শীতকালীন অধিৱেশনৰ বাকী দিন কেইটাৰ বাবে সদনৰ পৰা নিলম্বিত কৰা হৈছিল।এতিয়া সেই সংখ্যা ১৪১ হ’লগৈ।