Home Blog Page 1149

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত এজন গাড়ীচালকৰ আত্মহনন…

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ পদ্মপুখুৰী (বনপাৰা) গাঁৱৰ বাসিন্দা প্ৰয়াত শাৰিতুল্লা শ্বেখৰ পুত্ৰ চেকান আলী (৪২) কালি সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ পৰে। চেকানৰ সন্ধানত পৰিয়ালৰ লোকে ওৰে নিশা বিচাৰ খোচাৰ কৰাৰ পাছত আজি ৰাতিপুৱা গাঁৱৰে এখন জনশূন্য ঠাইত এখন গছত চেকানৰ দেহ ওলমি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। গোসাঁইগাঁও সদৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গছৰ ডালত চিপ লৈ থকা অৱস্থাত চেকান আলীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ লৈ প্ৰেৰণ কৰে।

ইপিনে মৃতকৰ পৰিয়ালে জনোৱা মতে তেওঁ কিছুদিন ধৰি হতাশাত ভুগি আছিল। প্ৰায় এমাহ পূৰ্বে নিজৰ ১২ চকীয়া মালবাহী ট্ৰাকত সামগ্ৰী বোজাই কৰি আহি থাকোতে গুৱাহাটীৰ আমিনগাঁৱত মটৰ পৰিবহণ বিভাগে গাড়ীখন ৰখাই সকলো নথি-পত্ৰ পৰীক্ষা কৰে আৰু কোনো কাৰন নোহোৱাকৈ ৪৮,০০০ টকা জৰিমনা বিহাৰ লগতে গাড়ীৰ সকলো নথি-পত্ৰ তথা চেকানৰ ড্ৰাইভিং লাইচেন্সও জব্দ কৰে। এই ঘটনাৰ পাছৰ পৰাই তেওঁ মানসিকভাৱে ভাগি পৰিছিল বুলি মৃতকৰ নিকটাত্মীয়ৰ ভাষ্য।

গাড়ী এখন চলাই পৰিয়ালক পোহ পাল দিয়া চেকান আলী এই বৃহৎ পৰিমানৰ জৰিমনাৰ ধন সংগ্ৰহ কৰিব নোৱাৰাত গাড়ী খন এখন তেলডিপোত দীৰ্ঘ দিনৰ পৰা ৰখাই থৈছিল। গাড়ীৰ সমূহ নথি-পত্ৰ জব্দ কৰাত গাড়ী চলোৱাৰ ক্ষেত্ৰত বাধা আহি পৰাত হতাশাত ভূগি অৱশেষত আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য হয় আৰু ইয়াৰ বাবে পৰিবহন বিভাগৰ আতিশয্যকে দায়ী কৰে ভুক্তভোগীৰ পৰিয়ালে। আত্মহত্যাৰ কাৰন অনুসন্ধান কৰি দৰিদ্ৰ পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ গাঁওখনৰ সচেতন ৰাইজে দাবী জনাইছে।

গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট

পুনৰ বহিঃৰাজ্যত সন্ধানহীন চিলাপথাৰৰ যুৱক : পৰিয়ালৰ মাজত হাঁহাকাৰ পৰিস্থিতি ! বিচাৰি উলিয়াবলৈ চৰকাৰলৈ কাতৰ আহ্বান…

অসমৰ পৰা কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ যোৱা যুৱক সন্ধানহীন হোৱাৰ খবৰ নতুন নহয় । বহিঃৰাজ্যত সঘনে সংঘটিত হ’ব ধৰিছে অসমৰ যুৱক সন্ধানহীন হোৱাৰ ঘটনা । বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ পুনৰ এজন চিলাপথাৰৰ যুৱক সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । এইজন চিলাপথাৰ সমবায় গাঁৱৰ যুৱক উত্তম ভঁৰালী । ২২ বছৰীয়া যুৱকজনে যোৱা ব’হাগ মাহত বিবাহপাশত আবদ্ধ হোৱাৰ পিছতে একে মাহতে কৰ্মসংস্থাপন বিচাৰি চিমেনচাপৰি মাছখোৱা গাঁৱৰ ৰঞ্জিত বৰা নামৰ যুৱকজনৰ লগত তামিলনাডুলৈ যায় ।

তামিলনাডুৰ কাঞ্চিপুৰম জিলাৰ কয়ম্বটোৰৰ ওচৰৰ ভেংগাডোৰ নামৰ ঠাইত ইউনিটেক নামৰ কোম্পানীৰ শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছিল উত্তম । যোৱা শনিবাৰে তেওঁৰ পেটৰ বিষ হোৱাত পুৱাই চিকিৎসালয়লৈ বুলি ওলাই যায় । তাৰ পিছৰেপৰা যুৱকজনৰ কোনো সন্ধান পোৱা নাই পৰিয়ালৰ লোকৰ লগতে তেওঁৰ লগত থকা লগৰীয়াসকলে ।

সেই সন্দৰ্ভত তেওঁৰ লগত সহবাস কৰা লগৰীয়া কেইজনে তামিলনাডুৰ শ্ৰীপেৰুমবাদুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও বৰ্তমানলৈকে কোনো সম্ভেদ উলিয়াব পৰা নাই । আনহাতে যুৱকজনৰ নিৰুদ্দেশৰ খবৰ পোৱাৰ লগে লগে তেওঁৰ পৰিয়ালৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । যুৱকজনক বিচাৰি উলিয়াবলৈ অসম চৰকাৰক কাতৰ আহ্বান জনাইছে নিৰুদ্দিষ্ট উত্তমৰ মাতৃ আৰু পত্নীয়ে । যদি কোনো লোকে উত্তমক দেখা পায় তেন্তে পৰিয়ালৰ 6901581866 নম্বৰৰ খবৰ দিবলৈ ৰাইজলৈ আহ্বান জনাইছে ।

চিলাপথাৰৰ পৰা বনমালী মহন্ত

শিলচৰৰ ৰংপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত যুৱক-যুৱতী…

ভয়ংকৰ পথ দুৰ্ঘটনাতপতিত যুৱক-যুৱতী। এই ঘটনা শিলচৰৰ ৰংপুৰৰ।ঘটনা অনুসৰি সোমবাৰে নিশা এটা ফাৰ্ম হাউচ ভাড়ালৈ লৈ সুৰাৰ পাৰ্টি কৰিছিল একাংশ যুৱক-যুৱতীয়ে।

পাৰ্টি কৰি সুৰাৰ নিচাত মাতাল হৈ তীব্ৰ গতিত গাড়ী চলোৱাৰা বাবে ভয়ংকৰ দুৰ্ঘটনা হোৱা বুলি জানিব পৰা গৈছে।

চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত ৰাজপথত বাগৰি পৰে মাৰুতি চুজুকি বাহনখন।

অমিতা পাতৰ ঔষধি গুণসমূহ জানিলে আচৰিত হ’ব…

অমিতা এবিধ সকলোৰে চিনাকি, সহজলভ্য ফলৰ গছ। এই গছৰ পাত ফল-ফুল, শিপা, গুটি। গছৰ আঠা(Latex) সকলোবোৰেই ঔষধি গুণযুক্ত। যিবোৰ প্ৰাচীন কালৰেপৰা পৃথিৱীৰ বিভিন্ন ঠাইত পৰম্পৰাগতভাৱে প্ৰাকৃতিক ঔষধি হিচাপে ব্যৱহৃত হৈ আহিছে। এই গছৰ বৈজ্ঞানিক নাম হৈছে ‘কাৰিকা পপয়া’(Carica Papaya) আৰু ই কাৰিকাচি(Caricaceae) গোত্ৰৰ। ইয়াৰ অনেক প্ৰজাতি আছে। অমিতা গছৰ পাতৰ ৰসৰ আশ্চৰ্যজনক যাদুকৰী ঔষধি গুণৰ বিষয়ে জানিলে বিষ্ময়াভিভূত হ’ব লাগে। ইয়াৰ পাতৰ ৰসে যে ডেংগু ৰোগ নিৰাময় কৰিব পাৰে, সেয়া দেখশ-বিদেশৰ বিভিন্ন বিজ্ঞানীয়ে কৰা পৰীক্ষাত বহুবাৰ প্ৰমাণিত হৈছে। ২০০৯ চনতে ডাঃ সুৰাছ ৰামানাথ, ডাঃ চৰিফ এম মনচুৰ, ডাঃ এছ কেথাৰছেন প্ৰভৃতি কেইগৰাকীমান মালয়ছিয়াৰ চিকিৎসা বিজ্ঞানীয়ে নিগনিৰ ওপৰত চলোৱা গৱেষণাত অমিতা গছৰ পাতৰ ৰসৰ এই চমৎকাৰী ঔসধি গুণটোৰ প্ৰমাণ পোৱা গৈছিল,

যিটো গৱেষণাৰ বিষয় আছিল- ‘Thrombocytic counts in mice after the administration of Papaya leaf suspension.’ ‘থ্ৰম্ব’চাইটোপেনিয়া’(Thrombocytopenia) মানে হ’ল- তেজৰ প্লেটলেটৰ পৰিমান অস্বাভাৱিকভাৱে কমি যোৱা এটা অৱস্থা, যিটো হ’লে দেহত তেজ খমলা বান্ধিব নোৱৰা অৱস্থা এটাৰ সৃষ্টি হয়। ফলত যিকোনো কাৰণতেই দেহৰপৰা ৰক্তক্ষৰিত হ’লে তাক বন্ধ কৰিব নোৱৰা হয়। সেয়ে ডেংগু ৰোগত আক্ৰান্ত হ’লে হাড়ৰ মজ্জাত উৎপন্ন হোৱা ৰক্তবিম্বাণু বা প্লেটলেট অভাৱনীয়ভাৱে কমি যায় আৰু ৰোগীৰ অৱস্থা ক্ৰমে শোচনীয় হৈ পৰিবলৈ ধৰে, কাৰণ ডেংগুৰ ভাইৰাছে দেহত প্লেটলেট বা ৰক্তবিম্বাণুৰ উৎপাদনত বাধাৰ সৃষ্টি কৰে বা দেহৰ প্লেটলেট সৃষ্টিৰ প্ৰক্ৰিয়াটোক ধ্বংস কৰি পেলায়। যাৰ ফলত ৰোগী মৃত্যুমুখত পৰিবলগীয়া হয়। এই মাৰাত্মক প্ৰকৃতিৰ ৰোগ ডেংগুৰ নিৰাময়ত বৰ আশাৰ বতৰা কঢ়িয়াই অনা সঞ্জীৱনী মহৌষধিস্বৰূপ ঔষধবিধ হ’ল- অমিতা গছৰ পাতৰ ৰস। ৰোগীক অমিতা পাতৰ ৰস(পৰিমিত ৰূপত) পান কৰালে দ্ৰুতগতিত তাৎক্ষণিকভাৱে ৰোগীৰ তেজত প্লেটলেট(ৰক্তবিম্বাণু)ৰ পৰিমাণ বাঢ়ি যায় আৰু ৰোগী ক্ৰমে আৰোগ্যৰ পথত অগ্ৰসৰ হয়।

অতীজৰেপৰা এছিয়া মহাদেশৰ বিভিন্ন দেশত(ভাৰত, পাকিস্তান, শ্ৰীলংকা, ইণ্ডোনেছিয়া, মালয়ছিয়া আদি ডেংগু আক্ৰান্ত দেশবোৰত) আমাৰ গছৰ পাত-শিপা গছৰ আঠা আদি পৰম্পৰাগত ঔষধি হিচাপে ব্যৱহাৰ হৈ অহাৰ কথা জনা যায়। বৰ্তমান চিকিৎসা বিজ্ঞানীসকলে কৰা গৱেষণা তথা অমিতা পাতৰ ৰসৰ ৰাসায়নিক বিশ্লেষণত অমিতা পাতৰ ৰসত Cyclophosphamide নামৰ এবিধ ৰাসায়নিক উপাদান থকাৰ কথা জনা গৈছে, যিবিধ উপাদানে ‘থ্ৰম্ব’চাইটোপেনিয়া’(Thrombocytopenia) বা তেজত ক্ৰমে কমি অহা ৰক্তবিম্বাণুৰ(Platelet) অৱস্থাক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰে। ‘থ্ৰম্ব’চাইটোপেনিয়া’ এবিধ তেজৰ ৰোগ, যি ৰোগত তেজৰ প্লেটলেট আৰু শ্বেতৰক্ত কণিকাবোৰ একেবাৰে কমি যায়। ‘চাইক্লোফচফামাইড(Cyclophosphamide) নামৰ এই পদাৰ্থবিধ ঔষধ হিচাপে বিভিন্ন কৰ্কট ৰোগৰ চিকিৎসাতো প্ৰয়োগ হয়, যিয়ে কৰ্কট কোষৰ বৃদ্ধিৰ গতি লেহেমীয়া কৰে বা বন্ধ কৰে।

অমিতা পাতৰ ৰস মাৰাত্মক ডেংগু ৰোগ নিৰাময়কাৰী মহৌষধি হিচাপে আজি দেশ-বিদেশৰ বিভিন্ন চিকিৎসা বিজ্ঞানীৰ পৰীক্ষাত প্ৰমাণিত হৈছে যদিও ইয়াৰ এই যাদুকৰী গুনটোৰ কথা বহুলভাৱে সৰ্বসাধাৰণৰ মজত প্ৰচাৰিত হোৱা নাই। অমিতাৰ পাতত পেপেইন(papain) আৰু ছাইম’পেপেইন(Cymopapain) নামৰ দুবিধ এনজাইম(enzyme) পোৱা যায়। এই দুয়োবিধ এনজাইমে আমাৰ দেহৰ পচন প্ৰক্ৰিয়াত বিশেষভাৱে সহায় কৰে। বিশেষকৈ প্ৰ’টিনজাতীয় পদাৰ্থৰ হজম প্ৰক্ৰিয়াত আমাৰ দেহত এই দুয়োবিধ এনজাইমৰ অতীব প্ৰয়োজন হয়। অমিতাৰ পাতত কেইবাবিধো ‘এলকালয়ড’(Alkaloid) জাতীয় যৌগ থাকে, যিবোৰ ‘এন্টিপ্লাজম’ডিয়াম’ গুণসম্পন্ন, অৰ্থাৎ এই এলকালয়ড যৌগবোৰে প্লাজমা’ডিয়াম গোষ্ঠীৰ মেলেৰিয়া জ্বৰ প্ৰতিৰোধ কৰিব পাৰে। তদুপৰি অমিতাৰ পাতত থকা বহুবিধ পদাৰ্থই এন্টিঅক্সিডেন্ট হিচাপে কাম কৰি কৰ্কট ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াব পাৰে। এইবোৰৰ উপৰি অমিতাৰ পাতত আমাৰ দেহৰ বাবে আৱশ্যক হোৱা কিছুমান ভিটামিন, যেনে- ভিটামিন এ, ভিটামিন চি, ভিটামিন ই আদি পোৱা যায় বুলি জানিব পৰা গৈছে। এই বিভিন্ন পদাৰ্থবোৰৰ বাহিৰেও অমিতাৰ পাতত আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় ন-বিধমান খনিজ দ্ৰব্য একত্ৰে পোৱা দেখা। সেইবোৰ হৈছে- কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম, ছডিয়াম, ক্ৰমিয়াম, জিংক, মেংগানিজ, লো, তাম আদি। বিভিন্ন যাদুকৰী গুণৰ বাবে অমিতাৰ পাত ব পাতৰ ৰস ডেংগু ৰোগীৰ বাবে আজি জীৱনৰ আশীৰ্বাদস্বৰূপ সঞ্জীৱনী ঔষধি হৈ পৰিছে। বজাৰত বৰ্তমানে অমিতাৰ পাতৰ ৰসৰপৰা প্ৰস্তুত কৰা ‘ছিৰাপ’ আৰু বড়ি(টেবলেট)ও উপলব্ধ হৈছে।

লেখক: ভুৱনেশ্বৰ ডেকা

মঙলবাৰে হনুমান পূজা কৰিলে জীৱনৰ কি কি সমস্য়া দূৰ হ’ব জানক…

হিন্দু পঞ্জিকা অনুসৰি প্ৰতিটো দিন এটা দেৱতাৰ বাবে উৎসৰ্গা কৰা হয়। একেদৰে মঙলবাৰে হনুমান পূজা কৰাৰ প্ৰথা আছে। এই দিনটোত বজৰংৱালি পূজা কৰিলে সুখ-সমৃদ্ধিৰ লগতে সকলো ধৰণৰ বিপদৰ পৰা পৰিত্ৰাণ পোৱা যায় বুলি বিশ্বাস কৰা হয়।

হনুমান পূজা আৰু মঙলবাৰৰ বিশেষ তাৎপৰ্য আছে। কোৱা হয় যে মঙলবাৰে হনুমান পূজা আৰু উপবাসে এই শক্তি, সাহস, সন্মান বৃদ্ধি কৰে। এই ৰোজাৰ সমান্তৰালকৈ সকলো ধৰণৰ অপশক্তিৰ ধ্বংস হয়। মঙলবাৰৰ পূজাৰ পদ্ধতি জানো আহক।

সূৰ্যাস্তৰ আগতে ভগৱান হনুমানক আৰতি কৰাৰ পিছত প্ৰসাদ লৈ উপবাস ভংগ কৰক।

স্কন্দপুৰাণৰ মতে মঙলবাৰে পৱনৰ পুত্ৰ হনুমানৰ জন্ম হয়। এই কাৰণেই এই দিনটোত ইহঁতক পূজা কৰিলে বিশেষ ফল পোৱা যায়। আনহাতে, জ্যোতিষ শাস্ত্ৰত মঙলবাৰৰ লগতো মংগল গ্ৰহৰ সম্পৰ্ক আছে বুলি কৈছে। এই কাৰণেই কুণ্ডলীত মংগল গ্ৰহক শক্তিশালী কৰিবলৈ হনুমান পূজা কৰা বুলি কোৱা হয়।

অৱশেষত ফটাশিল আমবাৰীৰ পৰা ট্ৰেংকুলাইজড কৰা হ’ল নাহৰফুটুকীটো…

অৱশেষত ট্ৰেংকুলাইজড কৰা হ’ল নাহৰফুটুকীটো ৷ ফটাশিল আমবাৰীৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পৰিসমাপ্তি ৷

বন বিভাগৰ দলে ট্ৰেংকুলাইজড কৰে নাহৰফুটুকীটোক ৷

নাহৰফুটুকীৰ আক্ৰমণত আহত হৈছিল বনকৰ্মী, চিকিৎসক আৰু এজন ব্যক্তি৷ জি এছ কলনীৰ এটা বাসগৃহত সোমাইছিল নাহৰফুটুকীটো৷

নিয়মিত মাছ আৰু ওমেগা-৩ চৰ্বিযুক্ত এচিড গ্ৰহণৰ বাবে মানসিক চাপ আৰু আত্মহননৰ প্ৰৱণতা দূৰ কৰে…

মাছ কিয় খাব লাগে –

১) মাছে মানুহৰ শৰীৰ গঠনত সহায় কৰে ।

২) মস্তিষ্কৰ বিকাশ আৰু চকুৰ ৰেটিনাৰ বাবে মহৌষধ ।

৩) স্নায়ুতন্ত্ৰ সবল কৰি মানুহৰ দৃষ্টিশক্তি বৃদ্ধি কৰিব পাৰে ।

৪) বিজ্ঞানীসকলে কয় যে মানুহৰ মগজুত থকা ছেৰিটমিন আৰু থন এড্ৰানালিন ৰাসায়নিক পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষমতা প্ৰদান কৰে একমাত্ৰ মাছ খোৱাৰ ফলত ।

৫) ই মানুহৰ ভাল টোপনি অহাত সহায় কৰে ।

৬) নিয়মিত মাছ আৰু ওমেগা-৩ চৰ্বিযুক্ত এচিড গ্ৰহণৰ বাবে মানসিক চাপ আৰু আত্মহননৰ প্ৰৱণতা দূৰ কৰে ।

৭) মাছৰ দেহত থকা এন-৩ জাতীয় পলি অন চেচুৰেটেড ফেটী এচিডে হৃদৰোগত বাধা দিব পাৰে ।

৮) ডঁৰিকনা, চন্দা, কাৱৈ, পুঠি, খলিহনা, শিঙৰা মাছ ভিটামিনৰ ভঁৰাল বুলি কোৱা হয় ।

৯) মাছৰ হাড় চোবাই খালে দৃষ্টিশক্তি বৃদ্ধি হয় ।

১০) পুঠিমাছ ঘিউত ভাজি খালে পুৰুষৰ বীৰ্য বাঢ়ে বুলি কোৱা হয় ।

এতিয়া আলোচনা কৰিবলৈ লৈছো কি কি মাছৰ কি কি ঔষধি গুণ আছে ।

ৰৌ মাছ –

মাছৰ সোৱাদ ৰৌ

আঞ্জাৰ সোৱাদ ঔ

ৰৌ মাছ স্বাস্থ্যৰ বাবে বৰ উপকাৰী । ই মানুহৰ দেহ-মন সুস্থ সবল কৰি ৰাখিব পাৰে । যথেষ্ট প্ৰটিন পোৱা যায় ৰৌ মাছত । ৰৌমাছে শুক্ৰ বৃদ্ধি কৰে । ৰৌ মাছ খালে মানুহৰ বাত বেমাৰ নাশ হয় । বিশেষকৈ কাহ, কফ, হাপানী, পিত্তনাশক এই ৰৌ মাছ ।

কাৱৈ মাছ –

কাৱৈ মাছ বৰ উপকাৰী । কাৱৈ মাছ আৰু পালেং শাক খাবলৈ বৰ সোৱাদ লগা হয় । পালেং শাক আৰু কাৱৈ মাছৰ আঞ্জা বায়ু দোষ আৰু পিত্ত ৰোগৰ মহৌষধ । কাৱৈ মাছ ধনিয়াৰে জোল কৰি খালে কাহ-কফ নিৰাময় হয় । কাৱৈ ৰুচিকাৰক । কাৱৈ মাছ জুইত সেকি বা পুৰি সৰিয়হ তেল আৰু কলাখাৰ দি কেঁচা জলকীয়াৰে পিটিকি খালে বৰ জুতি লগা হয় । এচিডিটী হ্ৰাস কৰে । ই হজম শক্তি বঢ়ায় ।

ভকুৱা মাছ :-

ভকুৱা মাছ খাবলৈ বৰ সোৱাদ । ই গুৰুপাকী ৰসযুক্ত আৰু উষ্ণবীৰ্য । ই ত্ৰিদোষনাশক আৰু শৰীৰৰ শক্তি বৃদ্ধি কৰে বুলি কোৱা হয় ।

ৰঙিয়াত দুই ঠগ প্ৰবঞ্চকক আটক ! আ অলংকাৰ পৰিষ্কাৰ কৰাৰ নামত লুটি আছিল সোণৰ আ-অলংকাৰ…

ৰঙিয়াত দুই ঠগ প্ৰবঞ্চকক আটক,আ অলংকাৰ পৰিষ্কাৰ কৰাৰ নামত লুটি আছিল সোণৰ আ-অলংকাৰ ।

ৰঙিয়া আৰক্ষীয়ে আটক কৰে দুজন ঠগ প্ৰবঞ্চকক । জানিব পৰা মতে যোৱা কিছুদিনৰ পৰা বৰপেটা নলবাৰী ৰঙিয়া আদি অঞ্চলত দুজন লোকে ঘৰৰ বাচন বৰ্তন তথা আ অলংকাৰ পৰিষ্কাৰ কৰাৰ চলেৰে ঘৰত সোমাই লুটি লৈ গৈছিল বহু সামগ্ৰী তথা সোণৰ আ অলংকাৰ ।

আজি ৰঙিয়া আৰক্ষীয়ে ৰঙিয়া 4নং ৱাৰ্ডৰ পৰা এই লোক দুজনক আটক কৰে ।লোক দুজনৰ নাম শম্ভূ শ্বাহ আৰু ধৰ্মেন্দৰ শ্বাহ বুলি জানিব পৰা গৈছে ।দুয়োজনৰে ঘৰ বিহাৰৰ কাতিহাৰ জিলাৰ । ৰঙিয়া আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত আটক কৰে এই দুজন প্ৰবঞ্চকক ।

মহিলা সকলক চল কৌশলেৰে প্ৰতাৰণা কৰি সোণৰ অলংকাৰ লুটি আনিছিল এই দুইজনে । তেওঁলোকৰ পৰা আৰক্ষীয়ে কিছু সামগ্ৰী ,যন্ত্ৰ পাতি আৰু লগত তেওঁলোকে ব্যৱহাৰ কৰা মটৰ চাইকেল খন জব্দ কৰে ।

গোলাঘাটৰ বৰপথাৰৰ ওপৰলাংঠা গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড…

গোলাঘাটৰ বৰপথাৰত লোমহৰ্ষক হত্যাকাণ্ড৷ ৪ বছৰীয়া সন্তানক ভৰিৰে গচকি গচকি হত্যা পিতৃৰ ৷

বৰপথাৰৰ ওপৰলাংঠা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷

হত্যা কৰি বাসগৃহৰ চৌহদত মৃতদেহ পোতাৰ চেষ্টা কৰিছিল প্ৰশান্ত হাওৱে৷

চীনত বিধ্বংসী ভূমিকম্প ! ভূমিকম্পত নিহত ১১১ জন, আহত ২৩০ জনৰো অধিক লোক…

মঙলবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি উত্তৰ-পশ্চিম চীনত ভূমিকম্পই অট্টালিকা ভাঙি পেলোৱাত কমেও ১১৬ জন লোকৰ মৃত্যু হয়। মাজনিশাৰ আশে-পাশে প্ৰচণ্ড, ভূমিকম্পৰ ফলত স্থানীয় বিষয়াসকলে জনোৱা মতে, গানছু প্ৰদেশত কমেও ১০৫ জন নিহত আৰু প্ৰায় ৪০০ লোক আহত হয়।

ৰাজ্যিক সম্প্ৰচাৰক চিচিটিভিৰ তথ্য অনুসৰি চুবুৰীয়া কিংহাই প্ৰদেশৰ হাইডং চহৰত আন ১১ জন লোক নিহত হোৱাৰ লগতে ১০০ জন আহত হয়।

ৰাজ্যিক সংবাদ সংস্থা ছিনহুয়াই জনোৱা মতে, ভূমিকম্পৰ ফলত দুৰ্ঘটনাগ্ৰস্ত আৰু অন্যান্য ক্ষতিসাধন হয়, যাৰ ফলত লোকসকলে নিৰাপত্তাৰ বাবে ৰাজপথলৈ দৌৰি যায়।

চৰকাৰী পিপলছ ডেইলী কাকতৰ সৈতে জড়িত ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰা ভিডিঅ’ত প্ৰায় ৩০ বছৰীয়া এগৰাকী মহিলাই কয় যে, “মই প্ৰায় মৃত্যুৰ ভয় খাইছিলো। চাওক মোৰ হাত-ভৰি কেনেকৈ কঁপিছে।”