Home Blog Page 1563

ৰঙিয়া আৰক্ষীৰ জালত পৰিল আই পি এল জুৱাৰী…

আৰক্ষীৰ জালত আই পি এল জুৱাৰী ।

জুৱা খেলি ৰঙিয়া আৰক্ষীৰ জালত পৰিল নিৰাজ জৈন নামৰ এজন যুৱক।

লগতে জুৱা খেলত ব্যৱহাৰ হোৱা দুটা মোবাইল ফোন জব্দ

বন্ধাকবি আৰু আমাৰ স্বাস্থ্যৰ মাজৰ সম্পৰ্ক জানক…

বন্ধাকবি আৰু আমাৰ স্বাস্থ্য –

বন্ধাকবিৰ সাংঘাতিকভাৱে চাফা আৰু জাৰণ (roducing) গুণৰ বাবে বিখ্যাত। ইয়াত বহু পৰিমাণে ছালফাৰ, ক্ল’ৰিন আৰু আয়’ডিন থাকে। ছালফাৰ আৰু ক্ল’ৰিন লগ লাগি পাকস্থলী আৰু অন্ত্ৰৰ মিউকাছ আৱৰণখন চাফা কৰি ৰাখে। অৱশ্যে কেঁচা বন্ধাকবি অথবা ইয়াৰ ৰ’ল নিমখ নিমিহলাকৈ খালেহে এই গুণ ৰক্ষা পৰে। অতিমাত্ৰা বন্ধাকবি বা ইয়াৰ ৰস খাদ্যত বেছি মাত্ৰা হ’ব নালাগে। খুব বেছি খালে থাইৰয়ড হৰম’নৰ বিসংগতি ঘটাই গলগণ্ড (goitre) ৰোগ কৰিব পাৰে।

শৌচ কচা হ’লে: বন্ধাকবিৰ হজম নোহোৱা অংশই অন্ত্ৰৰ ভিতৰ অংশ উদ্বেলিত কৰি পেট চাফা কৰাত সহায় কৰে। পেট চাফা কৰাত কেঁচা বন্ধাকবি এসাঁজ খালে খুব সহায় কৰে। কোনো বিৰুপ ফল নোহোৱাকৈ ই ততালিকে কাম কৰে। অৱশ্যে ইয়াত কম পৰিমাণে নিমখ, জালুক গুড়ি আৰু নেমু ৰস দিব পাৰি।

পেটৰ ভিতৰত ঘা লাগিলে: ডুঅ’ডেনামত ঘা লাগিলে বন্ধাকবিয়ে আশ্চৰ্যজনক ফল দেখুৱায়। বন্ধাকবিৰ ৰসৰ এই সুফলৰ কথা ষ্টানফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক গাৰ্নাৰ চেনিয়ে (এমডি) প্ৰায় পঞ্চাছ বছৰ আগতে প্ৰমাণ কৰিছে। তেওঁ বহুকেইজন পেটৰ ভিতৰত (ডুঅ’ডেনামত) ঘা লগা ৰোগীক বন্ধাকবিৰ ৰস সেৱন কৰাই আৰোগ্য কৰিছে।

ৰসত ভিটামিন-ইউ থকা বাবে এই কাম সম্ভৱ হৈছে। ৰান্ধিলে এইবিধ ভিটামিন নষ্ট হয়। প্ৰায় ৯০ ৰ পৰ ১৮০ গ্ৰাম সতেজ কৰিব ৰস দিনটোত আহাৰ খোৱাৰ মাজৰ সময়ত তিনিবাৰমান খাব লাগে। ইয়াক সোৱাদ কৰিবৰ বাবে চাটনি শাকৰ ৰস, আনাৰসৰ ৰস, বিলাহী ৰস অথবা অপল নেমুৰ্ ৰস মিহলাই ল’ব পাৰি।

উজনি অসমত ক্রমে বৃদ্ধি আম আদমি পাৰ্টীৰ জনপ্রিয়তা, বৃদ্ধি দলীয় শক্তি

২০২৪ ৰ পূৰ্বে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সংগঠন শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিছে আম আদমি পাৰ্টীয়ে।

এই উদ্দেশ্যেৰে আজি দলটোৰ ৰাজ্যিক উপ- সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত কমাৰপট্টী পঞ্চায়তত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত চাহ মজদুৰ সংঘৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ প্ৰায় দুই শতাধিক নেতা-কর্মীয়ে দলটোৰ আদৰ্শ আৰু উন্নয়নৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ আম আদমি পাৰ্টীত যোগদান কৰে।

সভাত উপস্থিত থাকি আপৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই বিজেপি দল আৰু চৰকাৰক চোকা সমালোচনা কৰি ‘আপ’ত যোগদান কৰি উন্নয়নৰ ৰাজনীতি অসমত প্ৰতিষ্ঠা কৰিবলৈ সকলোকে আহ্বান জনায়।

সভাত উপস্থিত থাকি ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে নতুনকৈ যোগদান কৰা সকলোকে দললৈ আদৰণি জনায় আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলটোৱে তিনিচুকীয়া জিলাৰ সকলো পঞ্চায়তত তেওঁলোকৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি সাংবাদকিৰ আগত মতপ্রকাশ কৰে৷

গাঁত খান্দি মাটিৰ তলত পুতিলে অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলৰ নষ্ট হোৱা মধ্যহ্ন ভোজনৰ ৮১ বস্তা চাউল

ঢেকীয়াজুলি শিক্ষাখণ্ডৰ অন্তৰ্গত পিৰাকটা গাওঁ পঞ্চায়ত এলেকাৰ লুলুকাই অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলত মঙলবাৰে গাঁত খান্দি পুতিলে নষ্ট হোৱা ৮১ বস্তা ছাত্ৰ ছাত্ৰীৰ মধ্যহ্ন ভোজনৰ চাউল৷ উল্লেখ্য যে ঢেকীয়াজুলি শিক্ষা খণ্ডৰ অন্তৰ্গত লুলুকাই অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলৰ প্ৰাধান শিক্ষক ৰাখাল চাকলাদাৰৰ দায়িত্বহীনতাৰ বাবে বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে নষ্ট হৈছিল ১২০ বস্তা ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউল৷

প্ৰধান শিক্ষকৰ মইমতালি আৰু দায়িত্বহীনতাৰ কাৰণে ৰাজকোষৰ ধন ব্যয় কৰি চৰকাৰে ছাত্ৰ ছাত্ৰীৰ মধ্যহ্ন ভোজনৰ বাবে যোগান ধৰা চাউল দণ্ডাদিশ তন্ময় বৰাৰ উপস্থিতিত আজি গাঁত খান্দি পুতিবলগীয়া হল অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলত৷ অতিকৈ পৰিতাপৰ বিষয় যে ছাত্ৰ ছাত্ৰীক মধ্যহ্ন ভোজনৰ পৰা বঞ্চিত কৰি অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলৰ প্ৰধান শিক্ষকগৰাকীয়ে বিদ্যালয়ৰ শ্ৰেণীকোঠাত মজুত কৰিছিল ১২০ বস্তা চাউল৷

পাচলৈ উক্ত বিষয়টো পোহৰলৈ অহাত বিদ্যালয়খনিত স্থানীয় ৰাইজ আৰু অভিবাবক সকলে সৃষ্টি কৰিছিল হুলস্থূলীয়া পৰিবেশৰ আনকি বিদ্যালয়ৰ প্ৰধান শিক্ষক সহিতে শিক্ষক শিক্ষয়িত্ৰী সকলক ৰাইজে আবদ্ধ কৰিছিল বিদ্যালয়ৰ চৌহদত৷তেনেস্থলত ঢেকীয়াজুলি আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই বৃহৎ আৰক্ষীৰ দল লগতলৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল৷

ইয়াৰ পাছতে শোণিতপুৰ জিলাৰ তদন্তকাৰী দল আহি উপস্থিত হৈছিল লুলুকাই অৰবিন্দ বিদ্যা নিকেতন হাইস্কুলত আৰু এই ক্ষেত্ৰত প্ৰধান শিক্ষকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও সদৰি কৰিছিল৷যদিও আজিলৈকে কোনো ব্যৱস্থা নহল ছাত্ৰ ছাত্ৰৰ পেটত আঘাত কৰা প্ৰধান শিক্ষক ৰাখাল চাকলাদাৰৰ বিৰুদ্ধে৷নষ্ট চাউলখিনিৰ বাবে বিদ্যালয়ৰ চৌহদত সৃষ্টি হৈছিল দুৰ্গন্ধময় পৰিবেশৰ ৷সেয়েহে আজি ঢেকীয়াজুলিৰ ৰাজহ চক্ৰ বিষয়া তন্ময় বৰাৰ উপস্থিতিত জেচিবিৰ জৰিয়তে গাঁত খান্দি পুতিলে ৮১ বস্তা ছাত্ৰ ছাত্ৰী মধ্যহ্ন ভোজনৰ চাউল৷চাউলখিনি ভাল হৈ থকা অৱস্থাত ৰাইজে চাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিবলৈ বাৰম্বাৰ আবেদন জনাইছিল যদিও প্ৰধান শিক্ষকগৰাকীয়ে নিজৰ অংকত ব্যস্ত থাকি বিতৰণ কৰা নাছিল চাউলখিনি৷

ফলত শ্ৰেণীকোঠাৰ ভিতৰতে নষ্ট হৈছিল মুঠ ১২০ বস্তুা চাউল৷আজি চক্ৰ বিষয়া তন্ময় বৰাৰ উপস্থিতিত ৮১ বস্তা চাউল গাঁতত পুতি দিয়া হয়৷ইয়াকেলৈ আজি ৰাইজ তথা অভিবাবক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷ এইক্ষেত্ৰত আজি সংবাদ মাধ্যমৰ আগত ঢেকীয়াজুলিৰ ৰাজহচক্ৰ বিষয়া তন্ময় বৰাই কয় শিক্ষক সকলৰ এনে দায়িত্বহীনতাৰ বাবে আজি ছাত্ৰ ছাত্ৰীৰ অহাৰ মাটিৰ তলত পুতিবলগীয়া হৈছে৷

এই ক্ষেত্ৰত নিচ্ছই বিভাগীয় ভাবে কঠোৰ ব্যৱস্থা গহণ কৰা হব৷আজি চাউলখিনি গাঁতত পুতাৰ সময়ত ঢেকীয়াজুলিৰ খণ্ড শিক্ষা বিষয়া আবুল খেল,সহকাৰী খণ্ড শিক্ষা বিষয়া দুলাল দাস,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি স্বপন হাজাৰী,সমাজকৰ্মী নমকৃষ্ণ মিত্ৰ,দ্বীপন মিত্ৰৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে৷ ইপিনে অভিবাবক আৰু ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক দাবী জনাইছে৷

উত্তৰ-পূব ভাৰতক আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথ সমূহৰ সৈতে সংযোগ কৰাৰ দিশত এক যুগান্তকাৰী প্ৰচেষ্টা; ভাৰত আৰু ম্যানমাৰে যুটীয়া ভাৱে চিট ৱেবন্দৰৰ শুভ উদ্বোধন কৰে

ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ম্যানমাৰৰ ৰখাইন ৰাজ্যত অৱস্থিত চিটৱে বন্দৰ পৰিদৰ্শন কৰে। ভাৰতৰ বাবে এই বন্দৰটো কৌশলগতভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই ঐতিহাসিক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ লগতে ম্যানমাৰ চৰকাৰৰ উপ-প্ৰধানমন্ত্ৰীয়ে বন্দৰত প্ৰথমখন ভাৰতীয় মালবাহী জাহাজে প্ৰৱেশ কৰাৰ লগে লগে যুটীয়াভাৱে চিটৱে বন্দৰৰ শুভ উদ্বোধন কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজিৰ দিনটো ভাৰত আৰু ম্যানমাৰ দুয়োখন ৰাষ্ট্ৰৰ বাবে এক ঐতিহাসিক দিন, যিহেতু চিটৱে বন্দৰত কাৰ্যকলাপ আৰম্ভ হোৱাৰ লগে লগে দুয়োখন দেশৰ পাৰস্পৰিক বিকাশ আৰু বাণিজ্যৰ ক্ষেত্ৰত সহযোগিতাই এক নতুন মাত্ৰা লাভ কৰিব। এই বন্দৰটোৱে ভাৰত আৰু ম্যানমাৰৰ মাজত, বিশেষকৈ উত্তৰ-পূব ভাৰত আৰু ম্যানমাৰৰ ৰখাইন ৰাজ্যৰ মাজত বাণিজ্যৰ বৃহৎ সুযোগ-সম্ভাৱনা উন্মুক্ত কৰিব। ই কলকাতা আৰু উত্তৰ-পূব ভাৰতৰ মাজত সুদূৰপ্ৰসাৰী অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাণিজ্যিক স্বাৰ্থৰ বাবে এক দক্ষ তথা দ্ৰুত পৰিবহণ পথ প্ৰশস্ত কৰিব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত উত্তৰ-পূব ভাৰতৰ সম্ভাৱনাক অধিক সক্ষম আৰু শক্তিশালী কৰাৰ বাবে আমি নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। চিটৱে বন্দৰৰ কাম-কাজ ত্বৰান্বিত হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত এক ন-দিগন্তৰ সূচনা হ’ব বুলি আমি দৃঢ় বিশ্বাসী। মই এই সুযোগতে ম্যানমাৰ চৰকাৰক তেওঁলোকৰ আন্তৰিক সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ। চিটৱে বন্দৰৰ আৰম্ভণিৰে উত্তৰ-পূব ভাৰত আৰু ম্যানমাৰৰ ঐতিহাসিক সম্পৰ্ক অধিক শক্তিশালী কৰাত আমি গুৰুত্ব আৰোপ কৰিছোঁ৷ সমান্তৰালভাৱে চিটৱে বন্দৰৰ দৰে উন্নয়নমূলক আৰু দূৰদৰ্শী পদক্ষেপৰ জৰিয়তে ম্যানমাৰৰ জনসাধাৰণৰ উন্নয়ন আৰু সমৃদ্ধিৰ দিশত ভাৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে৷ চিটৱে বন্দৰৰ জৰিয়তে দক্ষিণ-পূব এছিয়াৰ ক্ষেত্ৰত ভাৰতৰ দুৱাৰমুখ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্ব যথেষ্ট বৃদ্ধি হ’ব।”

সোণোৱালে লগতে কয়, “চিটৱে বন্দৰ হৈছে ভাৰতৰ এক্ট ইষ্ট নীতিৰ অধীনত ম্যানমাৰত ভাৰত চৰকাৰে নিৰ্মাণ কৰি থকা ৪৮৪ মিলিয়ন ডলাৰৰ কালাদান মাল্টিম’ডেল ট্ৰাঞ্জিট ট্ৰান্সপোৰ্ট প্ৰকল্পৰ (কেএমটিটিপি) অংশ। চিটৱে বন্দৰৰ কাৰ্যকৰীকৰণে ভাৰত-ম্যানমাৰৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু আঞ্চলিক বাণিজ্য বৃদ্ধি কৰাৰ লগতে ম্যানমাৰৰ ৰখাইন ৰাজ্যৰ স্থানীয় অৰ্থনীতিতো অৰিহণা যোগাব। বন্দৰৰদ্বাৰা প্ৰদান কৰা অধিক সংযোগৰ ফলত অঞ্চলটোত নিযুক্তিৰ সুযোগ আৰু বিকাশৰ সম্ভাৱনা বৃদ্ধি পাব। ভাৰতে অমৃতকালত প্ৰৱেশ কৰাৰ সময়ত মই নিশ্চিত যে- এই গুৰুত্বপূৰ্ণ বন্দৰটোৱে অনাগত দিনবোৰত দুয়োখন দেশৰ জনসাধাৰণৰ বাবে বিকাশ আৰু প্ৰগতিৰ সূচনাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।”

সৰ্বাধিক ২০,০০০ ডিডব্লিউটি ক্ষমতাৰ ছী-প’ৰ্টে চিটৱেক ম্যানমাৰৰ সামুদ্ৰিক প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিব। তদুপৰি, উত্তৰ-পূব ভাৰতলৈ কাৰ্গ’ৰ পৰিবহণ ব্যয় যথেষ্ট হ্ৰাস কৰিব, যাৰ ফলত অঞ্চলটোত অৰ্থনৈতিক বিকাশৰ অভূতপূৰ্ব পথ মুকলি হ’ব। কেএমটিটিপি-ত ৪টা দিশ অন্তৰ্ভুক্ত আছে – ভাৰতৰপৰা সামুদ্ৰিক জাহাজৰ জৰিয়তে চিটৱে বন্দৰলৈ, চিটৱেৰপৰা কালাদান নদী হৈ পালেটৱালৈ, পালেটৱাৰপৰা ভাৰত-ম্যানমাৰ সীমান্তলৈ পথেৰে আৰু সীমান্তৰপৰা পথেৰে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথলৈ যাত্ৰা। সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পাছত ই উত্তৰ-পূব ভাৰতক কাৰ্গ’ চলাচলৰ এক বিকল্প পথ প্ৰদান কৰিব। 

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গভীৰ সন্তুষ্টি ব্যক্ত কৰি কয়, “কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰ আৰু ম্যানমাৰৰ চিটৱে বন্দৰৰ মাজত কাৰ্গ’ চলাচল আৰম্ভ হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সাগৰীয় পথসমূহলৈ প্ৰৱেশাধিকাৰ শক্তিশালী কৰাৰ দিশত উত্তৰ-পূব ভাৰতে এক নতুন সুযোগ লাভ কৰিছে। আমি ভাৰত আৰু ম্যানমাৰৰ মাজত এক নতুন জলপথৰ আৰম্ভণি কৰিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ, যাৰ মূল উদ্দেশ্য হৈছে স্থলবেষ্টিত উত্তৰ-পূব ভাৰতৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথসমূহত বৈকল্পিক প্ৰৱেশাধিকাৰ নিশ্চিত কৰা। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ‘এক্ট ইষ্ট নীতি’ৰ সঠিক বাস্তৱায়িতকৰণৰ এয়া এক প্ৰকৃত প্ৰতিফলন।”

আজি বন্দৰত প্ৰৱেশ কৰা এমভি-আইটিটি লায়ন (ভি-২৭৩) জাহাজখনে ১,০০০ মেট্ৰিক টন চিমেণ্টযুক্ত মুঠ ২০,০০০ বেগ কঢ়িয়াই আনিছে।  

উত্তৰ-পূব ভাৰতৰ উপৰি, এই বন্দৰটোৱে দক্ষিণ-পূব এছিয়াৰ সৈতেও সংযোগৰ শক্তিশালী প্ৰাণকেন্দ্ৰ হিচাপে কাম কৰিব। ভাৰত আৰু ম্যানমাৰৰ বাহিৰেও বাংলাদেশ, ভূটান, আনকি নেপালৰ বাবেও ই বিশাল বাণিজ্যিক সম্ভাৱনা মুকলি কৰিব। 

কালাদান মাল্টিম’ডেল ট্ৰাঞ্জিট ট্ৰান্সপ’ৰ্ট প্ৰকল্পৰ (কেএমটিটিপি) অংশ হিচাপে ভাৰত চৰকাৰৰ অনুদান সহায়ৰ অধীনত চিটৱে বন্দৰটো নিৰ্মাণ কৰা হৈছে। ভাৰতৰ মিজোৰাম ৰাজ্যৰ সৈতে ম্যানমাৰৰ চিটৱে বন্দৰক সংযোগ কৰা কালাদান নদীৰ ওপৰত মাল্টিম’ডেল ট্ৰাঞ্জিট পৰিবহণ সুবিধা নিৰ্মাণ আৰু পৰিচালনাৰ বাবে এক ফ্ৰেমৱৰ্ক চুক্তিৰ অধীনত চিটৱে বন্দৰটো বিকশিত কৰা হৈছে। বন্দৰটোক এটা অভ্যন্তৰীণ জলপথৰ জৰিয়তে ম্যানমাৰৰ পালেটৱাৰ সৈতে আৰু এটা উপ-পথৰ জৰিয়তে পালেটৱাৰপৰা মিজোৰামৰ জোৰিনপুইলৈ সংযোগ কৰা হৈছে। সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পাছত কালাদান মাল্টিম’ডেল ট্ৰাঞ্জিট ট্ৰান্সপ’ৰ্ট প্ৰকল্পই (কেএমটিটিপি) ভাৰতৰ পূব উপকূলৰপৰা উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ চিটৱে বন্দৰৰ জৰিয়তে বৈকল্পিক সংযোগ প্ৰদান কৰিব।

তদুপৰি, কলকাতাৰপৰা চিটৱে বন্দৰলৈ কঢ়িয়াই নিবলগীয়া সা-সামগ্ৰী বাংলাদেশৰ টেকনাফ বন্দৰলৈও প্ৰেৰণ কৰিব পৰা যাব, যি চিটৱেৰপৰা মাত্ৰ ৬০ নটিকেল মাইল দূৰত্বত অৱস্থিত। টেকনাফ বন্দৰৰপৰা সামগ্ৰীবোৰ ৩০০ কিলোমিটাৰ দূৰত থকা ত্ৰিপুৰাৰ চাব্ৰুমলৈ পথ পৰিবহণ কৰিব পাৰি। চাব্ৰুমচ বাংলাদেশ আৰু ত্ৰিপুৰাৰ মাজত এক সংহত শুল্ক সীমান্ত আছে। পৰিবহণৰ সময় আৰু লজিষ্টিক ব্যয় যথেষ্ট হ্ৰাস কৰি চিটৱে বন্দৰ আৰু কালাদান প্ৰকল্পই ত্ৰিপুৰাকো যথেষ্ট লাভান্বিত কৰিব।

এই নতুন মাৰ্গটোৱে উত্তৰ-পূব ভাৰতৰ বাণিজ্যিক গতিক অধিক ত্বৰান্বিত কৰিব আৰু এতিয়াৰ শিলিগুৰি হৈ কলকাতালৈ যোৱা পথতকৈ অধিক সময়, ধন ৰাহি কৰিব। কলকাতাৰপৰা আইজললৈ সামগ্ৰী পৰিবহণৰ ব্যয় আৰু সময় এতিয়া ৫০%তকৈও অধিক হ্ৰাস পাব। ইয়াৰ যোগেদি সমগ্ৰ উত্তৰ-পূব ভাৰতেই লাভান্বিত হ’ব। একেদৰে, কলকাতাৰপৰা আগৰতলালৈকে সা-সামগ্ৰীবোৰৰ চলাচলৰ বাবে উক্ত ব্যৱস্থাৰ জৰিয়তে যথেষ্ট কম খৰচ আৰু সময় লাগিব। কলকাতাৰপৰা আগৰতলালৈ পথৰ দৈৰ্ঘ্য প্ৰায় ১৬০০ কিলোমিটাৰ আৰু পথেদি গ’লে ৪ দিন লাগে। কিন্তু এতিয়া চিটৱেৰপৰা চিটাগং হৈ চাব্ৰুমৰপৰা আগৰতলালৈ ২ দিনৰ ভিতৰতে এই যাত্ৰা সম্ভৱ হৈ উঠিব। ইয়াৰ ফলত পথত যান-বাহনো হ্ৰাস পাব পাৰিব আৰু সামুদ্ৰিক পৰিবহণৰ ব্যৱহাৰে জীৱাশ্ম ইন্ধন কাৰ্বনৰ নিৰ্গমন হ্ৰাস কৰাৰ লগতে পৰিবহণৰ পাৰিপাৰ্শ্বিক ব্যয় যথেষ্ট হ্ৰাস কৰিব। এই নতুন মাৰ্গৰ মুকলিকৰণে কেৱল আমাক অৰ্থনৈতিকভাৱেই নহয়, পৰিৱেশগতভাৱেও সহায় কৰিব।

ৰাভা হাচং স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত আমিনগাঁৱত ৰাভা জনজাতীয় ছয় সংগঠনৰ অনশন কাৰ্যসূচী

নিখিল ৰাভা ছাত্ৰ সন্থা,সদৌ ৰাভা কৃষ্টি সন্মিলন, নিখিল ৰাভা মহিলা পৰিষদ,ষষ্ঠ অনুসূচী দাবী সমিতি, নিখিল ৰাভা সাহিত্য পৰিষদ, আৰু নিখিল ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি কামৰূপ জিলা ৰাভা জনজাতীয় ছয় সংগঠনৰ যৌথ উদ্যোগত কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰাভা হাচং স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ লগতে ৰাভা হাচং স্বায়ত্ব পৰিষদৰ বাহিৰত থকা ৰাভা জনজাতীয় লোক সকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ দাবীত চাৰিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

অনশন কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰি নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক প্ৰদীপ ৰাভাই কয় ১৯৯৫ চনৰ ১০ মাৰ্চত ৰাভা হাচং স্বায়ত্ব পৰিষদ গঠন হোৱাৰ পৰা ৰাভা হাচং স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ লগতে ৰাভা হাচং স্বায়ত্ব পৰিষদৰ বাহিৰত থকা ৰাভা জনজাতীয় লোক সকলৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ বাবে দাবী জনাই আহিছে।

আমাৰ এই ন্যায্য দাবী চৰকাৰে মানি নললে আগন্তুক দিনত ৰাভা জনজাতীয় লোক সকল বহি নাথাকিব বুলি ছাত্ৰ নেতা প্ৰদীপ ৰাভাই অসম আৰু কেন্দ্ৰীয় চৰকাৰক সকিয়াই দিয়ে। ছাত্ৰ নেতা প্ৰদীপ ৰাভাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ক্ষোভ উজাৰি কয় এই গৰাকী মুখ্যমন্ত্ৰীয়ে ৰাভা জনজাতীয় লোক সকলৰ ভোট লাভৰ আশাত ২০২১ চনৰ ১০ মাৰ্চৰ দিনা দুধনৈৰ এখন জনসভাত ভাষণ দি বীৰদৰ্পে ৰাভা জনজাতীয় লোক সকলৰ সকলো সমস্যা সমাধান কৰা হ’ব যদিহে ৰাভা জনজাতীয় লোক সকলৰ ভোট বিজেপি দলক দিয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কথাত বিশ্বাস কৰিয়েই ৰাভা জনজাতীয় লোক সকলে বিজেপিৰ পক্ষত ভোটদান কৰিছিল। কিন্তু নিৰ্বাচন অনুষ্ঠিত হৈ শাসনৰ গাদীত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’ল। কিন্তু চৰকাৰে ৰাভা হাচং স্বায়ত্ব পৰিষদৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে ৰাভা জনজাতীয় লোক সকল।

আগন্তুক সাধাৰণ নিৰ্বাচনত সমাগত। নিৰ্বাচনৰ আগত যদিহে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ৰাভা হাচং স্বায়ত্ব পৰিষদৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰে আগন্তুক সাধাৰণ নিৰ্বাচনত ৰাভা জনজাতীয় লোক সকলৰ ভোট বিজেপিয়ে লাভ নকৰিব বুলি ছাত্ৰ নেতা প্ৰদীপ ৰাভাই লগতে চৰকাৰক সকিয়াই দিয়ে।

অনশন কাৰ্যসূচীত নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ মুখ্য সম্পাদক অশোক কুমাৰ ৰাভাৰ লগতে কামৰূপ জিলা ছয় জনজাতীয় সংগঠনৰ সভাপতি, সম্পাদক প্ৰমুখ্যে কেইবা শতাধিক ৰাভা জনজাতীয় লোকে অংশ গ্ৰহণ কৰে।

অসমৰ উদ্যোগিক প্ৰগতিৰ আন এক ঐতিহাসিক মুহূৰ্ত; অসম চৰকাৰ আৰু ৮ টা আগশাৰীৰ কোম্পানীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ…

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ দুবছৰীয়া কাৰ্যকালৰ বৰ্ষপুৰ্তি উপলক্ষে মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ উপস্থিতিত অসম চৰকাৰ আৰু ৮ টা আগশাৰীৰ কোম্পানীৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

এই চুক্তি অনুসৰি অসমত প্ৰায় ৮,২০০ কোটি টকা ব্যয়েৰে ৮টা বৃহৎ প্ৰকল্প নিৰ্মাণ কৰা হ’ব। এই প্ৰকল্পসমূহ ৰূপায়ণৰ ফলত প্ৰায় ৬,১০০ টা কৰ্মসংস্থাপন সৃষ্টি হ’ব।

তদুপৰি, আগন্তুক দিনত ৰাজ্য উদ্যোগ তথা বাণিজ্য ক্ষেত্ৰখনলৈ আৰু অধিক বিনিয়োগৰ আগমন হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী যোগেন মহন, মন্ত্ৰী ইউ জি ব্ৰক্ষ্ম, মন্ত্ৰী অজন্তা নেওগ,মন্ত্ৰী সঞ্জয় কিষাণ,মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে বিভিন্ন উচ্চপদস্থ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

আজি বুজাবুজি চুক্তি স্বাক্ষৰ কৰা কোম্পানীকেইটা হ’ল-

১)পেপচিকো ইণ্ডিয়া হোল্ডিং প্ৰাইভেট লিমিটেড
২)বৰুণ পানীয় লিমিটেড
৩)কেলকম চিমেণ্ট ইণ্ডিয়া লিমিটেড
৪)ষ্টাৰ চিমেণ্ট নৰ্থ ইষ্ট লিমিটেড
৫)চেঞ্চুৰী ফ্ল’ট গ্লাছ লিমিটেড
৬)তাজ চিমেণ্ট মেনুফেকচাৰিং প্ৰাইভেট লিমিটেড
৭)ষ্টাৰ চিমেণ্ট ইণ্ডিয়া লিমিটেড।
৮)DS Group (বৈদ্যুতিক বাহন)

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন বিদ্যার্থী সমাৰোহ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয় খনৰ অৰ্থনীতি বিভাগত বিভাগটোৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ এখন দিন জোৰা সমাৰোহ চলিত বৰ্ষৰ ২৫ জুন তাৰিখে আয়োজন কৰা হৈছে।

উক্ত সমাৰোহত উপস্থিত থাকিবলৈ সকলো প্রাক্তন ছাত্র ছাত্রীক বিভাগটোৰ প্ৰাক্তন বিদ্যাৰ্থী সন্থাই অনুৰোধ জনাইছে।

প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলে নিজৰ অধ্যয়ন কালচোৱাৰ স্মৃতি জড়িত ঘটনা বা ফটো সমাৰোহত প্ৰদৰ্শনৰ বাবে ই-মেইল যোগে পঠিয়াব পাৰিব। বিতং তথ্যৰ বাবে মুকলি কৰিছে ৱেবচাইট-

https://gauhati.ac.in/academic/arts/economics

https://alumni.gauhati.ac.in/events/8553

Email: alumniecogu@gmail.com

স্বৰ্ণ কন্যা হিমা দাসৰ জন্ম স্থান ধিঙত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত আন্তঃক্লাৱ কাৰাটে প্ৰতিযোগিতা। অংশগ্ৰহণ ৩৪০ গৰাকীকৈ প্ৰতিযোগীৰ…

গ্ৰাম্যাঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰত লুপ্ত হৈ থকা প্ৰতিভা সমূহক এখনি মঞ্চ দিবলৈ ২০২০ তে সংবাদদাতা দীপ জ্যোতি কাকতিৰ প্ৰচেষ্টাত আৰম্ভ কৰা “ধিং কাৰাটে ড’ একাডেমিয়ে” পোন প্ৰথম বাৰৰ বাবে ধিঙৰ সোনালী ক্ষেত্ৰত দুদিনীয়াকৈ আন্ত:ক্লাৱ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। প্ৰতিযোগিতা খনত অসমৰ বহু কেইখন জিলাৰ তিনিশ চল্লিশ গৰাকীকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ধিং কাৰাটে ড’ একাডেমিয়ে আয়োজন কৰা প্ৰতিযোগিতা খনত মুখ্য অতিথি হিছাপে থাকে অসম ৰাজ্যিক কাৰাটে সন্থাৰ সাধাৰন সম্পাদক আদৰ্শ চৌধাৰী । ধিঙৰ ৰাজহ চক্ৰ বিষয়া বিলিভিয়া চৌধাৰীয়ে উদ্বোধন কৰা প্ৰতিযোগিতা খনত অতিথি হিছাপে অংশগ্ৰহণ কৰে ভাৰতীয় হকী সন্থাৰ আৰু অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তপন দাসে ।

প্ৰতিযোগিতা খনত মৰিগাঁও কাৰাটে একাডেমিয়ে ১৩ টাকৈ সোনৰ পদক ১১ টা ৰূপৰ ১২ টাকৈ বঞ্জৰ পদকে শ্ৰেষ্ঠ দল হোৱাৰ লগতে বৰচলা কাৰাটে ক্লাৱে ১৩ টাকৈ সোনৰ পদক, ৭ টা ৰূপৰ, ১২ টাকৈ বঞ্জৰ পদকে দ্বিতীয় স্থান আৰু কাৰাটে একাডেমি ৰাইডঙীয়াই ১০ টাকৈ সোনৰ পদক ৮ টা ৰূপৰ, ৭ টাকৈ বঞ্জৰ পদকৰে তৃতীয় স্থান লাভ কৰে।

ধিঙৰ পৰা বাশ্বাৰ উল্লাহ মুজাদ্দাদীৰ প্ৰতিবেদন

১৩-১৪ মে’ত গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ ৩৯ সংখ্যক কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱঃ প্ৰখ্যাত শিল্পী লোকনাথ গোস্বামীলৈ অই আপ্পুন গণেশ পেগু বঁটা…

গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত ৩৯ সংখ্যক কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱটি ১৩ আৰু ১৪ মে’ত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৷ ধেমাজি জিলাৰ গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হ’ব লগা উক্ত ব’হাগী বিদায় উৎসৱ সফলভাৱে উদ্‌যাপন কৰিবলৈ  প্ৰবীণ চেতিয়াক সভাপতি, জয়ন্ত বৰগোঁহাইক কাৰ্যকৰী সভাপতি, ঋতুপৰ্ণ কোঁচক সম্পাদক, মৃদুল হাজৰিকা আৰু অনিৰ্বাণ শইকীয়াক যুটীয়া সম্পাদক হিচাপে এক শক্তিশালী উদ্‌যাপন সমিতি গঠন কৰা হৈছে ৷ উদ্‌যাপন সমিতি আৰু গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি দিগন্ত বৰুৱা আৰু সম্পাদক ৰাহুল দেউৰীয়ে জনোৱা মতে এইবাৰ কেন্দ্ৰীয় ব’হাগী বিদায় উৎৱসত বিশিষ্ট শিল্পী-সাহিত্যিক, অসম চৰকাৰৰ শিল্পী বঁটা আৰু যোৰহাট বকুল বন বঁটা প্ৰাপক অই আপ্পুন গণেশ পেগু বঁটা প্ৰদান কৰিব বিশিষ্ট শিল্পী, গীতিকাৰ-সুৰকাৰ, সাহিত্যিকবহু কালজয়ী গীতৰ স্ৰষ্টা  লোকনাথ গোস্বামীক প্ৰদান কৰিব ৷

উল্লেখ্য যে লোকনাথ গোস্বামীৰ জন্ম হৈছে ১৯৫০ চনৰ ২৮ অক্টোবৰত সত্ৰাধিকাৰ চন্দ্ৰকান্ত গোস্বামী আৰু পদ্মা দেবীৰ ঔৰষত ৷ মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিন্‌ ধাও, আমোমোল শেৱালীৰ গোন্ধ আদি চিৰসেউজ গীতৰ লগতে বহু সুখপাঠ্য গ্ৰন্থৰো স্ৰষ্টা লোকনাথ গোস্বামীক অই আপ্পুন গণেশ পেগু বঁটা প্ৰদান কৰাত গোগামুখবাসী উৎফুলিত হৈ পৰিছে ৷ প্ৰসিদ্ধ শিল্পী-সাহিত্যিক লোকনাথ গোস্বামীয়ে  দ বেছেৰীয়াত প্ৰাথমিক আৰু বেছেৰীয়া হাইস্কুলৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈছিল ৷ দৰং মহাবিদ্যালয়ত ৰসায়ন বিজ্ঞান বিভাগত অনাৰ্চসহ  স্নাতক ডিগ্ৰী লাভ কৰে ৷ কলেজীয়া শিক্ষা সাং কৰি প্ৰথমে তেজপুৰ একাডেমীত শিক্ষকতা জীৱন আৰম্ভ কৰে ৷

ইযাৰ  পাছত তেজপুৰৰ পৰা নামৰূপলৈ গৈ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত এচিষ্টেণ্ট কেমিষ্ট হিচাপে ১৯৭৬ চনত চাকৰিত যোগদান কৰে ৷ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ পৰা চন্দ্ৰপুৰ তাপ বিদ্যুৎকেন্দ্ৰ, বিজুলী ভৱনৰ  মুখ্য কাৰ্যালয়  পদোন্নতিসহ বদলি অৱশেষত পুনৰ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ পৰা সহকাৰী  মহাপ্ৰবন্ধক হিচাপে ২০১২ চনৰ জানুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰে ৷ তেওঁ শৈশৱৰ পৰা গীত-নত্য,  ভাওনা, নাটক আদিত জৰিত আছিল ৷ তেজপুৰৰ বাণ থিয়েটাৰটো তেওঁ অভিনয় কৰিছিল ৷ এই মহান শিল্পী-সাহিত্যিকগৰাকীক ব’হাগী বিদায় উৎসৱৰ দ্বিতীয় দিনা অই আপ্পুন বঁটা প্ৰদান কৰিব ৷ এই বঁটাত আছে নগদ ধন, ফুলাম গামোচা, সফুঁৰা. সম্বৰ্ধনা পত্ৰ, ফুলাম জাপি, ৰিঃবি গাছেং, মিবু গালুগ আদি ৷ গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই প্ৰতি বছৰে অই আপ্পুন গণেশ পেগুৰ সন্মানাৰ্থে এই বঁটা অসমৰ বিশিষ্ট শিল্পী সকলক প্ৰদান কৰি আহিছে ৷ 

ইপিনে গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱৰ কাৰ্যসূচী অনুযায়ী প্ৰথম দিনা পুৱা বিহু পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বিহুৱান, পিঠা-পনা বনোৱা, ৰচনা, চিত্ৰাংকন. ৰছী টনা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বিপৰীতে বিয়লি বিয়লি বিহু মঞ্চ উদ্বোধন, টকা বিহু, সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ দ্বিতীয় দিনা পুৱা আৰু দুপৰীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভৰালীয়ে ৷ অংশগ্ৰহণ কৰিব জনপ্ৰিয় অভানেত্ৰী ৰিম্পি  দাস আৰু অভিনেতা সুব্ৰত দেউৰীয়ে ৷ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰূপেশ্বৰ চেতিয়াই ৷ ইয়াৰ পাছত মুকলি বিহু প্ৰতিযোগিতা, আছুৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ বঁটা বিতৰণ কৰা হ’ব ৷ বিয়লি ব’হাগী বিদায় উৎসৱ উপলক্ষে প্ৰকাশিত ‘জেতুকা’ উন্মোচন কৰিব বিশিষ্ট লেখিকা নিবেদিতা বড়া সন্দিকৈয়ে ৷ সন্ধিয়া মুকলি সভা আৰু বঁটা বিতৰণি সভা অনুষ্ঠিত হ’ব ৷