Home Blog Page 1565

নাজিৰাৰ কলেজ তিনিআলিত নাজিৰা নগাআলিৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন…

আজি নাজিৰাৰ কলেজ তিনিআলিত সাংসদ তপন কুমাৰ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নাজিৰাৰ ঐতিহাসিক নগা আলিৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। বিগত কেইবাবছৰৰ পৰা নাজিৰা এই ঐতিহাসিক নগাআলি অতি বিধ্বস্ত হৈ আছিল। এই বিধ্বস্ত পথছোৱাই অহাযোৱা কৰোতে যমৰ যাতনা ভুগিব লগীয়া হৈছিল স্থানীয় ৰাইজ।

আজি এই বিধ্বস্ত নাজিৰা নগা আলিৰ পুনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে সাংসদ তপন কুমাৰ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।


নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

২০২৭ চনৰ ভিতৰত ভাৰতৰ সকলো চহৰতে ডিজেলৰ ৪ চকীয়া বাহন নিষিদ্ধ কৰা হ’ব…

২০২৭ চনৰ ভিতৰত ভাৰতৰ সকলো চহৰতে ডিজেল ৪ চকীয়া বাহন নিষিদ্ধ কৰা হ’ব! পেট্ৰলিয়াম মন্ত্ৰালয়ৰ শক্তি পৰিৱৰ্তন পৰামৰ্শদাতা সমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে, য’ত ২০২৭ চনৰ ভিতৰত লাখতকৈ অধিক জনসংখ্যা থকা সকলো চহৰতে ডিজেল চালিত ৪ চকীয়া বাহন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ আহ্বান জনোৱা হৈছে।প্ৰাক্তন পেট্ৰলিয়াম সচিব তৰুণ কাপুৰৰ নেতৃত্বত গঠিত পৰামৰ্শদাতা পেনেলে কয় যে পৃষ্ঠ পৰিবহণৰ সামগ্ৰিক দিশ ইভিৰ সপক্ষে হ’ব লাগিব। ইয়াত ৫ বছৰৰ পিছত ডিজেল চালিত ৪ চকীয়া বাহনৰ ওপৰত নিষেধাজ্ঞা বলবৎ কৰিব লাগিব বুলি পৰামৰ্শ দিয়া হৈছে আৰু চহৰ অঞ্চলত ডিজেল চালিত চিটি বাছ সংযোজন নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ পৰা চহৰৰ ডেলিভাৰী বাহনৰ বাবে সকলো নতুন পঞ্জীয়ন কেৱল বৈদ্যুতিক হ’ব লাগে যাতে অহা ১০ বছৰত সকলো লাখ লাখতকৈ অধিক চহৰতে ডেলিভাৰী বাহনৰ ৭৫% বৈদ্যুতিক হ’ব পাৰে।ভাৰতীয় ৰে’লৱেই দ্ৰুত গতিত নিজৰ ট্ৰেকত বিদ্যুৎ সংযোগ কৰি আছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰীয় মালবাহীত ৰে’লৱেৰ অংশ ১৫ বছৰত বৰ্তমানৰ ২৩%ৰ পৰা ৫০% লৈ বৃদ্ধি পাব লাগে। ভাৰতৰ চূড়ান্ত শক্তি ব্যৱহাৰত বিদ্যুতৰ অংশ ১৮%ৰ পৰা ৪০%লৈ বৃদ্ধি পাব বুলি পৰামৰ্শদাতা সমিতিৰ মতে। ২০৩০ চনৰ ভিতৰত ২৫% পৰিয়ালে ৰন্ধনৰ বাবে বিদ্যুৎ ব্যৱহাৰ কৰাৰ লক্ষ্য লোৱা উচিত।ইয়াত আৰু পৰামৰ্শ দিয়া হৈছিল যে ৰন্ধন গেছ (এল পি জি) সংকোচিত জৈৱ গেছ আৰু হাইড্ৰজেনৰ সৈতে মিহলি কৰা উচিত।

আজি মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ বেংগালুৰু আৰু মুম্বাই ইণ্ডিয়ানছৰ দল। পুনৰ মুম্বাইয়ে অৰ্জুন টেণ্ডুলকাৰক সুযোগ দিবনে?

আজি সন্ধিয়া ৭.৩০ বজাত মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ বেংগালুৰু আৰু মুম্বাই ইণ্ডিয়ানছৰ দল। এই খেলখন ৱানখেদে ষ্টেডিয়াম মুম্বাইত অনুষ্ঠিত হ’ব। আজি সন্ধিয়া ৭.৩০ বজাত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু মুম্বাই ইণ্ডিয়ানছৰ দলৰ মাজত মুখামুখি হ’ব। এই খেলখন মুম্বাইৰ ৱানখেদে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। মুম্বাই ইণ্ডিয়ানছে যোৱা তিনিখন খেলত অৰ্জুন টেণ্ডুলকাৰক স্থান দিয়া নাই। এই মেচবোৰত কেতিয়াবা অৰ্জুনৰ ঠাইত আৰ্ছাদ খানে সুযোগ পাইছিল আৰু কেতিয়াবা আকাশ মাধৱালক স্থান দিয়া হৈছিল। এই দুয়োগৰাকী বেগী বলাৰৰ প্ৰদৰ্শন আছিল গড় হিচাপ। এনে পৰিস্থিতিত আজিৰ খেলখনত মুম্বাই ইণ্ডিয়ানছে এই বলাৰসকলৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নে অৰ্জুন টেণ্ডুলকাৰে পুনৰ প্লেইং-১১ৰ অংশ হোৱাৰ সুযোগ পাব সেয়া চাবলৈ আগ্ৰহী হ’ব।

আজিৰ খেলখনত অৰ্জুন অৱতৰণ কৰাৰ সকলো সম্ভাৱনা আছে। কাৰণ বেগী বলাৰ আকাশ আৰু আৰ্শ্বদে পূৰ্বৰ মেচসমূহত বিশেষ আপ্লুত কৰা নাছিল। তেওঁ উইকেট পাইছিল যদিও তেওঁ বহুত ৰান অপচয় কৰিছিল, এনেদৰে মুম্বাইয়ে আজি পুনৰ অৰ্জুনক সুযোগ দিব পাৰে।

এম আই প্লেইং-১১ (প্ৰথম বেটিং): ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষাণ (উইকেট ৰক্ষক), কেমেৰন গ্ৰীণ, সূৰ্য্যকুমাৰ যাদৱ, তিলক ভাৰ্মা, টিম ডেভিদ, নাডাল ৱাধেৰা, পীয়ুষ চাওলা, জোফ্ৰা আৰ্চাৰ, আকাশ মাধৱাল, অৰ্জুন টেণ্ডুলকাৰ/ আৰ্ছাদ খনি।

এম আইৰ প্লেইং-১১ (বলিং প্ৰথম): ৰোহিত শৰ্মা (অধিনায়ক), ঈশান কিষাণ (উইকেটকীপাৰ), কেমেৰন গ্ৰীণ, তিলক ভাৰ্মা, টিম ডেভিদ, নাডাল ৱাধেৰা, পিযুষ চাওলা, জোফ্ৰা আৰ্চাৰ, আকাশ মাধৱাল, অৰ্জুন টেণ্ডুলকাৰ/আৰ্ষদ খান, কুমাৰ কাৰ্তিকেয়া।

আৰচিবিৰ প্লেইং-১১ (প্ৰথম বেটিং): বিৰাট কোহলী, ফাফ ডুপলেছিছ (অধিনায়ক), গ্লেন মেক্সৱেল, মহিপাল লমৰ’ৰ, দীনেশ কাৰ্তিক (উইকেটকীপাৰ), অনুজ ৰাৱট/শ্বাহবাজ আহমেদ, কেদাৰ জাধৱ, ৱানন্দু হাছাৰংগা, কৰ্ণ শৰ্মা/বিজয়কুমাৰ বৈশক, জোছ হাজলউড , মহম্মদ ছিৰাজ।

আৰচিবিৰ প্লেইং-১১ (প্ৰথম বলিং): বিৰাট কোহলী, ফাফ ডুপলেছিছ (অধিনায়ক), গ্লেন মেক্সৱেল, মহিপাল লমৰ’ৰ, দীনেশ কাৰ্তিক (উইকেটকীপাৰ), অনুজ ৰাৱট/ছাহবাজ আহমেদ, ৱানন্দু হাছাৰংগা, কৰ্ণ শৰ্মা/বিজয়কুমাৰ বৈশক, জোচে হেজলউড, মহম্মদ। ছিৰাজ, হৰ্শাল পেটেল।

উত্তৰ প্ৰদেশত কৰমুক্ত হ’ব ‘দ্য কেৰেলা ষ্ট’ৰী’। মহাৰাষ্ট্ৰ আৰু দিল্লীতো ছবিখনক কৰমুক্ত কৰাৰ দাবী উত্থাপন…

উত্তৰ প্ৰদেশত কৰমুক্ত হ’ব ‘দ্য কেৰেলা ষ্ট’ৰী’ চিনেমা খন। বুধবাৰে বিশেষ প্ৰদৰ্শনীত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজৰ মন্ত্ৰীসভাৰ সৈতে চিনেমাখন চাব পাৰিব। ‘দ্য কেৰেলা ষ্ট’ৰী’ ছবিখনক লৈ সমগ্ৰ দেশতে ৰাজনীতি চলি আছে। এতিয়া মধ্যপ্ৰদেশৰ পিছত এই ছবিখন ইউ পিতো কৰমুক্ত কৰা হ’ব। আনহাতে একাংশ ৰাজ্যত ইয়াক নিষিদ্ধ কৰাৰ বিপৰীতে একাংশই ইয়াক কৰমুক্ত কৰাৰ দাবী জনাইছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিজেই টুইট কৰি ছবিখনক কৰমুক্ত কৰাৰ কথা কৈছে। ইয়াৰ পূৰ্বে মধ্যপ্ৰদেশত ছবিখনক কৰমুক্ত কৰা হৈছিল। একে সময়তে ‘দ্য কেৰেলা ষ্ট’ৰী’ক পশ্চিমবংগত নিষিদ্ধ কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও টুইট কৰি কয় যে ৰাজ্যখনত ‘দ্য কেৰেলা ষ্ট’ৰী’ক কৰমুক্ত কৰা হ’ব। ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছৰে পৰা বিতৰ্কৰ মাজত সোমাই পৰিছিল ছবিখন। কিন্তু সকলো বিতৰ্কৰ মাজতে বহু ৰাজ্যই ইয়াক কৰমুক্ত কৰি তুলিছে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে শনিবাৰে (৬ মে’) দ্য কেৰালা ষ্ট’ৰী ছবিখনক ৰাজ্যখনত কৰমুক্ত কৰাৰ কথা ঘোষণা কৰিছিল। তামিলনাডুতো ছবিখন প্ৰদৰ্শন নকৰাৰ সিদ্ধান্ত লৈছে চিনেমা হলসমূহে।

মহাৰাষ্ট্ৰ আৰু দিল্লীতো ছবিখনক কৰমুক্ত কৰাৰ দাবী উত্থাপন হৈছে। মহাৰাষ্ট্ৰৰ নাছিকস্থিত হিন্দু সকাল সমাজে কয় যে The Kerala Story ৰ জৰিয়তে লাভ জেহাদৰ সমগ্ৰ প্ৰক্ৰিয়াটো মানুহৰ সন্মুখত আহিছে। আশা কৰা হৈছে যে মুখ্যমন্ত্ৰী একনাথ শিণ্ডে ছবিখনক কৰমুক্ত কৰি তুলিব। কেৰালা ৰাজ্যৰ পটভূমিৰ আধাৰত নিৰ্মিত এখন ছবি দ্য কেৰেলা ষ্ট’ৰী।

ৰাজ্যত ছবিখনক কৰমুক্ত কৰাৰ অৰ্থ কি?

ইয়াৰ উপৰিও উত্তৰ প্ৰদেশৰ দেওৰিয়াৰ বিধায়ক শলাভ মণি ত্ৰিপাঠীয়েও ছবিখন কৰমুক্ত বুলি টুইট কৰিছে। উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে এই সন্দৰ্ভত যদি কিবা প্ৰস্তাৱ আহে তেন্তে ৰাজ্য চৰকাৰে ছবিখনক কৰমুক্ত কৰি তুলিব বুলিও কৈছে। এখন ৰাজ্যত যেতিয়া এখন ছবিক কৰমুক্ত কৰা হয়, তেতিয়া তাৰ অৰ্থ হ’ল সেই ছবিখনৰ টিকট বিক্ৰীৰ ওপৰত সংশ্লিষ্ট ৰাজ্য চৰকাৰে জি এছ টিৰ অংশ গ্ৰহণ নকৰে।

জামুগুৰিহাটৰ দৰিদ্ৰ পৰিয়ালৰ বিজিতে লাভ কৰিলে বনবিভাগত নিযুক্তি ৷ মাতৃৰ চকুত আনন্দৰ চকুলো…

সদ্যঘোষিত চাকৰিৰ ফলাফলত জামুগুৰিহাটৰ মৰণাকুৰি গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ গৃহত আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে৷ পুত্ৰ বিজিত হাজৰিকাই বন বিভাগত এটি চাকৰি লাভ কৰাত মাতৃয়ে চকুলো টুকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জনালে ধন্যবাদ ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি দিয়াৰ বাবেই এইদৰে দৰিদ্ৰ পৰিয়ালৰ যুৱক যুৱতীসকলে চাকৰি পাবলৈ সক্ষম হৈছে বুলিও মনৰ ভাৱ প্ৰকাশ কৰিলে ফলাফলত উৰ্ত্তীৰ্ণ বিজিতে ৷ চৰকাৰখনৰ নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে গাঁওবাসীয়েও মুখ্যমন্ত্ৰীগৰাকীক জনালে ধন্যবাদ ৷


জামুগুৰিহাটৰ পৰা জোন বৰা প্ৰতিবেদন

মাজুলীৰ বিভিন্ন প্ৰান্তৰ বহু যুৱক-যুৱতীয়ে লাভ কৰিছে বন বিভাগ আৰু আবকাৰী বিভাগত চাকৰি…

সোমবাৰে ঘোষণা কৰা বন বিভাগ আৰু আবকাৰী বিভাগৰ বিভিন্ন পদত চাকৰি প্ৰত্যাশিত প্ৰাৰ্থীৰ নিযুক্তি ফলাফলত উজনি মাজুলী লুইত পৰীয়া আৰু ৰতনপুৰ গায়ন পঞ্চায়তৰ অন্তৰ্গত কুৰিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নিযুক্তি লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে দৰিদ্ৰ পৰিয়ালৰ পিতৃ-মাতৃৰ মুখত হাঁহি বিৰিঙিছে ৷ তাৰে দুগৰাকী বন বিভাগৰ (SI) উপ পৰিদৰ্শকৰ পদ লাভ কৰিছে ৷ আনহাতে কেইবাগৰাকীও কনিষ্ঠবল, চতুৰ্থ বৰ্গৰ দৰে পদত নিযুক্তি লাভ কৰিছে৷ উল্লেখ যোগ্য যে অতিকৈ পিছপৰা, দুখীয়া পৰিয়ালৰ সন্তানে বিভিন্ন পদত নিযুক্তি লাভ কৰা খবৰ পাই TMPK, MMKৰ লুইতপৰীয়া আঞ্চলিক সমিতিৰ কেইবা গৰাকীও লোকে নিযুক্তি লাভ কৰা প্ৰতিগৰাকী ঘৰে ঘৰে গৈ প্ৰাৰ্থী তথা পিতৃ-মাতৃক এখনি ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে আগন্তুক দিনত অঞ্চলটোৰ নৱপ্ৰজন্মৰ আদৰ্শ হৈ থাকিবলৈ শুভকামনা জনায় ৷

উক্ত কাৰ্যসূচীত লুইতপৰীয়া আঞ্চলিক MMKৰ সভাপতি মীনাধৰ পাংগীং, হিতেশ্বৰ পায়েং, ৱাৰ্ড সদস্য অমৰ পাংগীং, TMPKৰ সভাপতি ৰাহুল গাম,সঞ্জীৱ পাংগিং,প্ৰহ্লাদ পাংগিং, ধনীৰাম গাম আদিয়ে অংশগ্ৰহণ কৰে৷

মাজুলীৰ পৰা প্ৰাঞ্জল গাৰে’ৰ প্ৰতিবেদন

তেজ পৰিষ্কাৰ হ’বৰ বাবে এই ৪ টা খাদ্য খাব লাগে…

যদি শৰীৰত থকা তেজ পৰিষ্কাৰ নহয় তেন্তে আমি বহুতো ৰোগ আৰু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। গতিকে আমি এনে বস্তু খোৱাটো গুৰুত্বপূৰ্ণ যিয়ে তেজ বিশুদ্ধ কৰাত সহায় কৰিব পাৰে। আমাৰ সামগ্ৰিক স্বাস্থ্য বজাই ৰাখিবলৈ তেজ পৰিষ্কাৰ কৰি ৰখাৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিৰ্গত হোৱাটো প্ৰয়োজনীয়। কোনবোৰ খাদ্য সামগ্ৰীয়ে তেজ পৰিষ্কাৰ কৰাত সহায় কৰে জানক-

সেউজীয়া পাতৰ শাক-পাচলি
সেউজীয়া পাতৰ শাক-পাচলিক সদায় সুস্বাস্থ্যৰ মন্ত্ৰ বুলি গণ্য কৰা হৈছে, কাৰণ এই শাক-পাচলিবোৰত অত্যাৱশ্যকীয় পুষ্টি আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে, যিয়ে ৰোগ নিয়ন্ত্ৰণ কৰে। বন্ধাকবি, বিলাহী, কচু, আৰু সৰিয়হৰ সেউজীয়া পাতে তেজৰ সোঁত সুস্থ কৰি ৰখাত সহায় কৰে।

ব্ৰকলি
ব্ৰকলিক শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰি পেলাব পৰা অন্যতম উত্তম প্ৰাকৃতিক খাদ্য বুলি গণ্য কৰা হয়, ইয়াত কেলচিয়াম, ওমেগা-৩ ফেটি এচিড, ভিটামিন চি, পটাছিয়াম, মেংগানিজ, ফছফৰাছ আৰু এন্টিঅক্সিডেন্ট থাকে যিয়ে শৰীৰক বিষমুক্ত আৰু বিষমুক্ত কৰে।

নেমু
যুগ যুগ ধৰি নেমু ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে, এগিলাচ নেমুৰ গৰম পানী খালে শৰীৰৰ পৰা সকলো ধৰণৰ বিষাক্ত পদাৰ্থ ওলাই যাব। নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু খনিজ পদাৰ্থ থাকে, যাৰ বাবে ই সহজে তেজ বিশুদ্ধ কৰিব পাৰে।

তামুলপুৰত ৫০গৰাকী মৌপালকৰ মাজত ৫০০ মৌ বাকচ আৰু সঁজুলি বিতৰণ

খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ উদ্যোগত তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ সহযোগত সোমবাৰে তামুলপুৰ মহকুমাৰ কুমাৰীকাটাস্থিত তামুলপুুৰ আঞ্চলিক গ্ৰামদান সংঘৰ প্ৰেক্ষাগৃহত ইতিমধ্যে মৌ পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৫০গৰাকী মৌপালকৰ মাজত ৫০০ টা মৌবাকচ আৰু কিছুমান প্ৰয়োজনীয় সঁজুলি বিতৰণ কৰা হয়।

তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ কৰ্মচাৰী সত্যৱতী মিত্ৰৰ এক বৰগীতেৰে আৰম্ভ কৰা আৰু মৌবাকচ বিতৰণ উপলক্ষে অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি ভাৰত চৰকাৰৰ লঘু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষ মনোজ কুমাৰে কয়-খাদী গ্ৰামোদ্যোগ আমাৰ মান, সন্মান আমাৰ অভিমান, ই আমাৰ পৰিচয়। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পথ প্ৰদৰ্শন ৰ দ্বাৰা সমগ্ৰ দেশত সুকীয়া পৰিচয় দাঙি ধৰিবলৈ খাদী গ্ৰামোদ্যোগ আয়োগে দিনে নিশাই কাম কৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে। আপোনালোকে এই কথা শুনি ভাল পাব যে খাদী গ্ৰামোদ্যোগ আয়োগে বিগত ২০২১-২২ বিত্তীয় বৰ্ষত ইয়াৰ উৎপাদন পূৰ্বৰ তুলনাত ৩৫ শতাংশ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পৰিণাম স্বৰূপে সৰ্বমুঠ বিক্ৰী ১লাখ ১৫ হেজাৰ কোটি অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

কুমাৰীকাটাস্থ খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ অধ্যক্ষ দুলাল সাহাই আতধৰা সভাত তেওঁ পুনৰ কয় ২০১৭ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত হানিমিছন গঠন কৰি মৌ পালক সকলক প্ৰশিক্ষণ দিয়া হয়। অসমত হানিমিছনৰ অধীনত ইতিমধ্যে ৮২৯ জন লোকক মৌপালনৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ৮২৯০ টা মৌবাকচ বিতৰণ কৰা হয়। সেইদৰে সমগ্র ভাৰত বৰ্ষৰ ১৮,০০০তকৈ অধিক মৌ পালকক প্ৰশিক্ষণ ৰ অন্তত ১,৮০,০০০ মৌবাকচ বিতৰণ কৰা হয় বুলিও তথ্য সদৰী কৰে।

খাদী গ্ৰামোদ্যোগ আয়োগৰ গুৱাহাটীৰ সহকাৰী সঞ্চালক বি কে সিঙে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে কয়-প্ৰশিক্ষণ লোৱাটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হল প্ৰশিক্ষণ গ্ৰহণ কৰাৰ অন্তত আমি নিৰ্দিষ্ট কামটোত কেনেকৈ আগবাঢ়ো সেইটো হে ডাঙৰ কথা। তেওঁ মৌপালক সকলক এইক্ষেত্ৰত নিজৰ মনটো ঠিক কৰি লৈ সেই মতে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

এই অনুষ্ঠানটোত,খাদী গ্ৰামোদ্যোগ আয়োগৰ উপ মুখ্য কাৰ্যবাহী এছ এছ শীল, খাদী গ্ৰামোদ্যোগ আয়োগ গুৱাহাটীৰ সঞ্চালক অমনদ্বীপ, সহকাৰী সঞ্চালক বি কে চিঙ প্ৰমুখ্যে খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ বিষয়ববীয়া আৰু তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ কৰ্মীবৃন্দ আৰু বহু সংখ্যক মৌপালক উপস্থিত থাকে।

বৃহত্তৰ উত্তৰ গুৱাহাটী ৰঙালী বিহু সন্মিলনীৰ ৰঙালী বিহু উদযাপন

উত্তৰ গুৱাহাটীৰ অতি প্ৰাচীন বিহু সন্মিলন বৃহত্তৰ উত্তৰ গুৱাহাটী ৰঙালী বিহু সন্মিলনী শিলসাঁকো য়ে ৩০ চ’ত পৰা ৬দিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু আয়োজন কৰে।৩০ চ’তৰ পৰা নৱবৰ্ষৰ প্ৰথম ৪ দিন বৃহত্তৰ উত্তৰ গুৱাহাটী ৰঙালী বিহু সন্মিলনীয়ে মহিলা, যুৱক, যুৱতী তথা শিশু সকলৰ মাজত বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰে। ৫ আৰু ৬ মে তাৰিখে আয়োজন কৰে বাৰে ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী।

প্ৰথম দিনা স্বৰ্গীয় পবিত্ৰ কুমাৰ বৰুৱা সোঁৱৰণী মঞ্চত সাংস্কৃতিক কাৰ্যসূচীত কন্ঠ শিল্পী শিৱসাগৰৰ বৰ্নিল বৰুৱাৰ গীতে ৰাইজক আপ্লুত কৰে, এই মঞ্চতেই সুকন্ঠী গায়িকা স্বৰ্গীয় ভিতালী দাসৰ জীয়ৰী কোমলিকা কাশ্যপৰ সংগীত পৰিবেশনে ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে। সকলোৱে কোমলিকাৰ কন্ঠত উত্তৰ গুৱাহাটীৰ অতি আদৰৰ কন্ঠ শিল্পী প্ৰয়াত ভিতালী দাসৰ কন্ঠৰ সুবাস বিচাৰি পাইছে।

দ্বিতীয় দিনৰ সাংস্কৃতিক কাৰ্যসূচী স্বৰ্গীয় ব্ৰজেন্দ্ৰ কুমাৰ বৰুৱা সোঁৱৰণী মঞ্চত বৃহত্তৰ উত্তৰ গুৱাহাটী অঞ্চলৰ বিশিষ্ট ব্যক্তি সকলক সম্বৰ্দ্ধনা জনোৱাৰ লগতে ৰঙালী বিহুত অনুষ্ঠিত কৰা বিভিন্ন খেল-ধেমালীৰ বঁটা প্ৰদানো কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত সভিপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি চন্দন কান্ত বৰুৱাই। সভাপতি চন্দন কান্ত বৰুৱাই এই ৰঙালী বিহু উদয্পন সমিতিলৈ সহায় সহযোগ আগবঢ়োৱা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে। তেখেতে বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক।

অসম চৰকাৰ তথা তেখেতৰ এই সহযোগে অসমৰ প্ৰতিখন বিহু তলিলৈ এক প্ৰানৰ সঞ্চাৰ আনিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে । এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট ব্যক্তি পদুম শইকীয়াৰ উপৰিও উত্তৰ গুৱাহাটী পৌৰনিগমৰ পাৰিষদ মানবী বৰুৱা আৰু প্ৰয়াত ব্ৰজেন্দ্ৰ কুমাৰ বৰুৱাৰ সহধৰ্মিনী ৰুমী বৰুৱা। বঁটা প্ৰদানকে আদি কৰি সাংস্কৃতিক অনুষ্ঠানটোৰ সুন্দৰ তথা শৃংখলাবদ্ধ ভাবে পৰিচালনা কৰে সামাজিক ব্যক্তি চন্দন বৰুৱা আৰু তেওঁক সহযোগ কৰে বিদিতা ভট্টাচাৰ্য্যই । দ্বিতীয় দিনাৰ সাংস্কৃতিক কাৰ্যসূচীৰ মঞ্চ উদ্বোধন কৰে বিশিষ্ট চিকিৎসক তথা উত্তৰ গুৱাহাটীস্থিত জি এন আৰ চিৰ অধ্যক্ষ চিকিৎসক ডাঃ মনোজ আগৰৱালাই।

ডাঃ মনোজ আগৰৱালাই মঞ্চ উদ্বোধন কৰি ৰাইজক ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। ভাষন প্ৰসংগত ডাঃ আগৰৱালাই অসমৰ বিহুৱে গ্ৰিনিজ বুক অৱ ৱৰ্ল্ডত স্থান লাভ কৰি বিহুৰ লগতে অসমীয়া জাতিৰ বাবে এক বৃহৎ গৌৰৱ বুলি উল্লেখ কৰে। গামোচা খন আমাৰ স্বভিমানৰ প্ৰতিক। এই গামোচা খনে জি আই টেগ লাভ কৰি আন্তঃৰাষ্ট্ৰীয় মান্যতাৰে জাতিটোলৈ আন এক গৌৰৱৰ কঢ়িয়াই আনিবলৈ সক্ষম হল। বৰ্তমান চেলিব্ৰিটী বোৰে আমাৰ এই আদৰৰ গামোচা খন ডিঙিত লৈ আমাৰ গৌৰৱক আন এক উচ্চ পৰ্যায়লৈ লৈ যোৱা বুলি উল্লেখ কৰে।

এই গামোচা খনতেই আমাৰ জাতিটোৰ সৰ্বোচ্চ মৰম ,আদৰ আৰু সন্মান নিহিত হৈ আছে বুলি উল্লেখ কৰে। ভাষন প্ৰসংগত তেওঁ উল্লেখ কৰে অসমীয়া জাতিটো বিভিন্ন ভাষা ধৰ্ম জাতি উপজাতিৰে সংপৃক্ত হৈ আমি এই বিহু পালন কৰি আহিছো।এই সংস্কৃতিয়ে আমাক এক শক্তিশালী এনাজৰীৰে বান্ধি ৰাখিছে গতিকে আমি গৌৰৱান্বিত অসমীয়া জাতি। সকলো লৈ তেওঁ শান্তি শৃংখলা বজাই ৰাখি বাপতি সাহোন ৰঙালী বিহুৰ সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰিবলৈ আহ্বান জনায় সাংস্কৃতিক মঞ্চ মুকলি কৰা বুলি ঘোষনা কৰে।

বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰে আয়োজন কৰা এই সাংস্কৃতিক কাৰ্যসূচীত গ্ৰিনিজ বুক অৱ ৱৰ্ল্ডৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা বৃহত্তৰ উত্তৰ গুৱাহাটীৰ বিহুৱতী ঢুলিয়া আদিক সম্বৰ্দ্ধনা জনোৱা হয়। এই মঞ্চতে মুখ্যমন্ত্ৰী ব্যক্তিগত সহায়ক তথা সমাজসেৱক ৰঞ্জিত ভট্টাচাৰ্য্য উপস্থিত হৈ ৰাইজলৈ ৰঙালী বিহু আৰু নৱবৰ্ষৰ ওলগ জনোৱাৰ লগতে বহু কেইটি বিহু গীত পৰিৱেশন কৰি ৰাইজক আনন্দৰ খোৰাক দিয়ে। তেখেতৰ লগত সহযোগ কৰি বিশিষ্ট কন্ঠ শিল্পী কল্লোল বৰঠাকুৰেও গীত পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে। তেখেত সকলক উদযাপন সমিতিৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। আমন্ত্ৰিত কন্ঠ শিল্পী বিদিশা চৌধুৰী আৰু প্ৰিয়ংকা ভৰালীয়ে বহু নিশা লৈ গীত পৰিৱেশন কৰি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰে।

অসমতেই অনাদৰ অসমীয়াৰ স্বাভিমান, চিলাপথাৰত জ্বলাই দিয়া হ’ল ঢোল আৰু গামোচা

ব’হাগৰ আনন্দৰ মাজতে চিলাপথাৰত অসমীয়াৰ স্বাভিমান গামোচা, ঢোল ক অপমান একাংশ উদণ্ড যুৱকৰ। যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চিলাপথাৰত।

অভিযোগ অনুসৰি চিলাপথাৰৰ কেন্দুগুৰি গাঁৱৰ বিতুল চেতিয়া নামৰ যুৱকজনে লগৰীয়াৰ সৈতে বিহু মাৰিবলৈ নোযোৱাৰ বাবেই পুৱাই বিতুলৰ ঘৰত উদণ্ড ৰূপত নৱ চাংমাই, লক্ষী চুতীয়া, অনন্ত নামৰ কেইবাজনো যুৱকে অনাধিকাৰ গৃহত উপস্থিত হৈ কোনো কথা বতৰা নোকোৱাকৈ অসমীয়াৰ স্বাভিমানি ফুলাম গামোচা আৰু ঢোলত পেট্ৰল ধালি জ্বলাই দিয়ে। এনে কাণ্ডত মৰ্মাহত হৈ পৰিছে বিতুলৰ লগতে অঞ্চলবাসী ৰাইজ।

অসমীয়াৰ আবেগ অনুভূতি থকা ফুলাম গামোচা, ঢোল জ্বলাই দিয়া মানে সম্পূৰ্ণ অসমীয়া জাতিৰ হ্ৰদপিণ্ডত আঘাত অনাৰ দৰে। এনে কাৰ্য কেতিয়াও গ্ৰহন যোগ্য নহয়। যদি কোনো অনা অসমীয়া লোক বা বঙালী, বিহাৰী মাৰোৱাৰী হ’ল হেঁতেন তেন্তে এতিয়া কি পৰিস্থিতি হ’ল হয় বুলি প্ৰশ্ন কৰিছে ৰাইজে।


শীঘ্ৰেই ন্যায় প্ৰদান কৰিবলৈ অসমীয়া ৰাইজৰ ওপৰত বিষয়টো এৰি দিছে পৰিয়ালটোৱে। ইতিমধ্যেই ভুক্তভোগীয়ে চিলাপথাৰ থানাত গোচৰ দাখিল কৰিছে।