Home Blog Page 1566

ধন লাগে, গাৰ্লফ্ৰেণ্ড লাগে! ভগৱান বুদ্ধৰ ওচৰত এজন যুৱকৰ কাতৰ অনুৰোধ

চীনৰ এজন যুৱকে ২০০০ কিলোমিটাৰ যাত্ৰা কৰি ভগৱান গৌতম বুদ্ধৰ ওচৰত নিজৰ ইচ্ছা প্ৰকাশ কৰে। কেৱল সেয়াই নহয়, লাউড স্পীকাৰ ব্যৱহাৰ কৰি মনৰ সকলো ইচ্ছা বুদ্ধক জনায়। ৭১ মিটাৰ উচ্চতাৰ বুদ্ধ প্ৰতিমূৰ্তিৰ সন্মুখত যুৱকজনে টকা বিচাৰিছিল আৰু বিচাৰিছিল এগৰাকী ধুনীয়া প্ৰেমিকা। ইয়াৰ লগত জড়িত এটা ভিডিঅ’ চীনৰ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈছে।

চীনৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত দেখা গৈছে যে যুৱকজনে বুদ্ধৰ কাণত লাউড স্পীকাৰ ধৰি কয় যে মই প্ৰথমে ধনী হ’ব বিচাৰো।

যুৱকজনে টকাৰ পৰিমাণো অৱগত কৰে। তেওঁৰ ভাষাত “১২ কোটি দিলেই হ’ব।” তাৰ পিছত তেওঁ লগতে কয়, “সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল মোক এগৰাকী ধুনীয়া প্ৰেমিকা লাগে।” অৱশ্যে এই সন্দৰ্ভত যুৱকজন সাৱধান। ভগৱান বুদ্ধৰ ওচৰত তেওঁৰ অনুৰোধ, “গাৰ্লফ্ৰেণ্ডে মোক ১২ কোটি টকাতকৈ বেছি ভাল পাব লাগে।”

২৭ বছৰীয়া যুৱকজনে নিজৰ দুৰ্ভাগ্যৰ বাবে গ্ৰহ-নক্ষত্ৰৰ প্ৰতিকূল অৱস্থাৰ বাবে দোষাৰোপ কৰে। চীনৰ ঝেজিয়াং প্ৰদেশৰ বাসিন্দা যুৱকজনে কয় যে তেওঁ বুদ্ধক প্ৰাৰ্থনা কৰিবলৈ বহু দূৰ যাত্ৰা কৰিছিল যাতে তেওঁ গ্ৰহৰ দুষ্টতাৰ পৰা পৰিত্ৰাণ পায়। নেটিজেনৰ একাংশই কৈছে, “বুদ্ধই যুৱক-যুৱতীৰ কান্দোন শুনিলেনে?”

আচাৰ ব্যৱসায়ৰে স্বাৱলম্বীতাৰ অনন্য নিদৰ্শন দেখুৱাইছে ডিব্ৰুগড়ৰ এগৰাকী বোৱাৰীয়ে…

ডিব্ৰুগড়ৰ এগৰাকী বোৱাৰীয়ে দেখুৱাইছে স্বাৱলম্বীতাৰ অনন্য এই নিদৰ্শন । ডিব্ৰুগড় থানাগলী মূলাগাভৰু পথত বসবাস কৰা এই গৰাকী ৰূপজ্যোতি শইকীয়া (মৰমী) নামৰ উদীয়মান মহিলা গৰাকীয়ে আচাৰ ব্যৱসায়ৰ জৰিয়তে বাচি লৈছে নিজৰ জীৱিকাৰ পথ। ভিন্ন প্ৰকাৰৰ যেনে ভূতজলকীয়া মচলা আচাৰ, ভূতজলকীয়া তেল আচাৰ, কলপচলা আচাৰ, বাঁহ গাজ মচলা আচাৰ, বাঁহ গাজকেচা আচাৰ, অমৰা আচাৰ, মিক্স আচাৰ, গুলনেমু মছলা আচাৰ, গুলনেমু নিমখ আচাৰ, গুলনেমু মিঠা আচাৰ, আদা নহৰু আচাৰ, আৰু ঔ টেঙা আচাৰৰ লগতে ভিন্ন প্ৰকাৰৰ প্ৰায় ২৮ বিধ আচাৰ বনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যলৈও যাই মাজনী নামেৰে চৰ্চা লাভ কৰা এই আচাৰ সমূহ।

উল্লেখ্য যে আচাৰ বনাই ব্যৱসায়ৰ দিশ বাচি লোৱা এই গৰাকী স্বাৱলম্বী মহিলা ৰূপজ্যোতি শইকীয়াই এতিয়া আচাৰ উৎপাদক হিচাপে গঢ় লৈ উঠিছে। আনহাতে আচাৰ আদিৰে অৰ্থনীতিৰ ভেটি সবল কৰাৰ লগতে মহিলাই কেনেদৰে জীৱনত আগবাঢ়িব পাৰে তাৰো এক উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে ৰূপজ্যোতি শইকীয়াই, যি সময়ত চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাইছে বহু সংখ্যক যুৱক যুৱতী আৰু মহিলা পুৰুষে তেনে সময়তে এক বাৰ্তা প্ৰেৰণ কৰিছ স্বাৱলম্বীতাৰ পথ বাছি লোৱা এই গৰাকী মহিলাই।

৪ শতাংশ মুছলমান সংৰক্ষণ অসাংবিধানিক: কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে আমাৰ সংবিধানত ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ কোনো ব্যৱস্থা নাই আৰু মুছলমানৰ বাবে ৪% সংৰক্ষণ অসাংবিধানিক।

ইয়াৰ পূৰ্বে শ্বাহে কয় যে বিজেপিয়ে মুছলমান সংৰক্ষণৰ অনুমতিও নিদিয়ে আৰু ৰাজ্যত লিংগায়ত সংৰক্ষণ হ্ৰাস কৰিবলৈও অনুমতি নিদিয়ে।

সপ্তাহযোৰা ভাগৱত পাঠৰ শুভাৰম্ভ ,কান্দ্রা চুড়ী সোঁৱৰণি বাট চ’ৰা আৰু বুলনী চ’ৰা উদ্ধোধন…

খাটিসোনা সার্বজনীন নামঘৰ প্রাঙ্গনত সপ্তাহ যোৰা অবিৰত ভাগৱত পাঠ আজিৰ পৰা আৰম্ভ হৈছে। ইয়াৰ পূর্বে কালি কালাৱতী চুড়ী ৰাজু চুড়ী, সঞ্জীৱ চুড়ী, যোগেন চুড়ী, বিজূ চুড়ী আৰু পৰিয়াল বৰ্গৰ দ্বাৰা নতুনকৈ নির্মাণ কৰা কান্দ্রা চুড়ী সোঁৱৰণি বাট চ’ৰা আৰু বুলনী চ’ ৰা ভাগি উদ্ধোধন কৰে শ্রী শ্রী বিহিমপুৰ সত্রৰ সত্ৰাধিকাৰ চিদানন্দ মহন্তই। ইয়াৰ পাছত খাটিসোনা নামঘৰ প্রাঙ্গনৰ পৰা এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰা খাটিসোনা নামঘৰ প্রাঙ্গনৰ পৰা আৰম্ভ কৰি ভেলেউগুৰি অঞ্চল পৰিভ্রমণ কৰি পূনৰ নামঘৰ প্রাঙ্গনলৈ আহে।

এই শোভাযাত্ৰাৰ আত ধৰে মনিৰাম হাজৰিকা, গাঁওবুঢ়া নেওগ, নিৰঞ্জন ভৰালী আৰু দুদু পাচনিয়ে। সন্ধিয়া পাঁচ বজাত শৰাই প্রতিষ্ঠা কৰে জিতু বৰাই।নাম প্রসঙ্গ কৰে মৃদুল গোস্বামীয়ে।বেদী নিৰ্মাণ আৰু প্রতিষ্ঠা কৰে ৰত্নেশ্বৰ বৰা, তৰুণ শইকীয়া, মুকুট দত্ত আৰু ভাইকন শ্ইকীয়াই। আজি প্রাত: প্রসঙ্গ কৰে পূর্ণ বৰা,ভকত ৰহিদাস আৰু শৈলেন চেতিয়াই। পুৱা ধর্মধ্বজা উত্তোলন নামঘৰ পৰিচালনা সমিতিৰ সভাপতি বিপুল শইকীয়া আৰু উদযাপন সমিতিৰ সভাপতি সঞ্জীৱ চুড়ীয়ে। স্মৃতি তর্পন কৰে নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক ৰাজু চুড়ীয়ে। ইয়াৰ পিছতে ভাগৱত প্রদক্ষিণ, শৰাই প্রতিষ্ঠা আৰু ভাগৱত প্রতিষ্ঠা কৰে জিতু বৰাই।নাম প্রসঙ্গ কৰে পটিয়া গাঁও শ্রী শ্রী লেটুগ্রাম সত্রৰ মৃদুল মহন্তই । শ্রী মদ্ভাগৱত পাঠৰ শুভাৰম্ভ কৰে শ্রী শ্রী বিহিমপুৰ সত্রৰ সত্ৰাধিকাৰ চিদানন্দ মহন্তই। ভাগৱত পাঠৰ অন্তিম দিনা ৰাতিলৈ ‘নৃসিংহ মুৰাৰী ‘ ভাওনা প্রদর্শন কৰা হ’ব।


মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ প্ৰতিবেদন

উপায়ুক্তৰ আকস্মিক বিদ্যালয় পৰিদৰ্শন, শ্ৰেণীকোঠাত পাঠদান

বৰপেটা জিলাৰ উপায়ুক্ত আয়ুস গাৰ্গে (আই.এ.এছ.)সোমবাৰে আকস্মিকভাৱে বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ বিভিন্ন দিশ পৰিদৰ্শন কৰাৰ উপৰিও দশম শ্ৰেণীত বিভিন্ন বিষয়বস্তৰ ওপৰত ছাত্ৰ ছাত্ৰীক পাঠদান কৰে।

তেওঁ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ ইংৰাজী ভাষাৰ পঠন দক্ষতাও বিভিন্ন প্ৰকাৰে পৰীক্ষা কৰি ছাত্ৰ ছাত্ৰী সকলক উৎসাহ আৰু প্ৰেৰণা যোগাবলৈ বিভিন্ন কথাৰ অৱতাৰণা কৰে।

তেওঁ বৰপেটা জিলাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীকে নিজ নিজ বিদ্যালয়ৰ গৌৰৱময় ইতিহাসৰ বিষয়ে পূংখানুপূংখ ভাবে জানি লবলৈ আহ্বান জনায়।

এই আকস্মিক বিদ্যালয় পৰিদৰ্শন কাৰ্যত উপায়ুক্ত গৰাকীক অতিৰিক্ত উপায়ুক্ত (শিক্ষা) তথা সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা মিছন সমন্বয়ক লখিমী দত্ত, অতিৰিক্ত উপায়ুক্ত (সমাজ কল্যাণ) গীতাশ্ৰী লাচিত, বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক পৰেশ শৰ্মা, সমগ্ৰ শিক্ষাৰ জিলা আচঁনি বিষয়া চিতাংগ ডেকা, পি এম পোষন ৰ জিলা গাণনিক বিষয়া অশোক কুমাৰ ঠাকুৰ, এফ এল এনৰ জিলা প্ৰালোচক মিনাক্ষী দাস, সমগ্ৰ শিক্ষা বৰপেটা শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাস আৰু সদৰ বালক মজলীয়া বিদ্যালয় মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নৱজীৎ কুমাৰ দাসে সংগ দিয়ে।

অভয়াপুৰীত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উত্তাল প্ৰতিবাদ…

অভয়াপুৰীত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উত্তাল প্ৰতিবাদ। তিনি মধ্যাহ্ন ভোজন ৰান্ধনীক প্ৰহাৰ কৰাৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী। ডুমুৰীয়া-পিকনাপাৰা প্ৰাথমিক বিদ্যালয়ত এই উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন।বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অৰ্ন্তগত ডুমুৰীয়া – পিকনাপাৰা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত প্ৰধান শিক্ষয়িত্ৰী মৰ্জীনা বেগমৰ বিৰুদ্ধে তিব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে।

বিদ্যালয়ত যোৱা ২০০৫ চনৰ পৰা কৰ্মৰত তিনি ৰন্ধন কৰ্মী ক্ৰমে – ৰজিমন খাতুন ‌‌, ছমিৰণ নেছা আৰু আকলিমা খাতুনক বিনা কাৰণত যোৱা ৫ মে‌’ তাৰিখে কৰ্মত বাধা প্ৰদান কৰাৰ লগতে মাৰপিট কৰিছিল ।এই কাৰ্যত পূৰ্ণ সহযোগ কৰাৰ অভিযোগ মৰ্জীনাৰ স্বামী মাজিদুৰ ৰহমান, পৰিচালনা সমিতিৰ সভাপতি আব্দুল কৰিম আৰু সদস্য ফজলুল হক তালুকদাৰে।পূৰ্বৰ ৰন্ধন কৰ্মী তিনি জনীৰ ন্যায় বিচাৰি জিলা সমিতিৰ উদ্যোগত আজি অভয়াপুৰীৰ ৰাস পথাৰৰ পৰা শতাধিক ৰন্ধন কৰ্মীয়ে ৰান্ধনীৰ কৰ্তব্যত বাধা দিয়া প্ৰধান শিক্ষয়িত্ৰী মৰ্জিনা বেগমক বৰ্খাস্ত কৰক, মহিলা ৰান্ধনীৰ গাত হাত দিয়া সদস্য ফজলুল হক তালুকদাৰক গ্ৰেপ্তাৰ কৰক, মহিলা ৰান্ধনীৰ গাত হাত দিয়া সভাপতি আব্দুল কৰিমক গ্ৰেপ্তাৰ কৰক, বিদ্যালয়ত অনাধিকাৰ প্ৰৱেশ কৰি ৰান্ধনীক প্ৰাণে মৰাৰ ধমকি দিয়া প্ৰধান শিক্ষয়িত্ৰীৰ স্বামী মাজিদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰায় দুই কিলোমিটাৰ পথ অতিক্ৰম কৰি বিদ্যালয় চৌহদ উত্তাল কৰি তোলে। উক্ত ঘটনাস্থলীত লেংটিছিঙা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

পিছত সৃজনগ্ৰাম শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনোজ কুমাৰ ফুকনে বিষয়টোৰ ওপৰত বিবেচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে।

অভয়াপুৰীৰ পৰা ইনামুল আহমেদৰ প্ৰতিবেদন

দৈনিক খালী পেটত নহৰু আৰু মৌ খালে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়…

প্ৰতি ঘৰতে নহৰু থাকেই। নহৰু আৰু মৌ ৰস সংমিশ্ৰণে আপোনাৰ স্বাস্থ্য উন্নত কৰাৰ কাম কৰে। দৈনিক খালী পেটত হালধি আৰু মৌ খালে কি কি উপকাৰ হয় আপুনি জানেনে? নহৰু আৰু মৌৰ সংমিশ্ৰণে আপোনাৰ স্বাস্থ্যৰ উন্নতিৰ কাম কৰে।খালী পেটত খালে আপোনাৰ সকলো সমস্যা নাইকিয়া হয়। কাৰণ ইয়াৰ এন্টি-ইনফ্লেমেটৰী গুণ আছে যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে। ই আপোনাক হৃদযন্ত্ৰৰ গুৰুতৰ ৰোগৰ পৰাও ৰক্ষা কৰিব পাৰে। প্ৰতিদিনে খালী পেটত নহৰু আৰু মৌ খালে কি কি উপকাৰ হয় জানক-

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ পৰে-
নহৰু আৰু মৌ দুয়োটা একেলগে খালে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় কাৰণ ইয়াত বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে যিয়ে ভেঁকুৰৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। সেইবাবেই প্ৰতিদিনে পুৱা খালী পেটত সেৱন কৰিব পাৰি। ইয়াৰ দ্বাৰা আপুনি বহু ধৰণৰ ৰোগৰ পৰা হাত সাৰিব পাৰিব।


মৌ আৰু নহৰু একেলগে খালে ওজন কমাত সহায় হয়। ইয়াৰ ব্যৱহাৰৰ ফলত বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়। যদি আপুনি ৰাতিপুৱা খালী পেটত খায়, তেন্তে ই মেদবহুলতা হ্ৰাস কৰাত সহায় কৰে।

মৌ আৰু নহৰুত এনে উপাদান থাকে যিয়ে শৰীৰক গৰম কৰাত সহায় কৰে। সেইবাবেই ইয়াক সেৱন কৰিলে শৰীৰত তাপ আহে আৰু লগতে চৰ্দি সমস্যাৰ পৰাও সকাহ পোৱা যায়। আনহাতে, যদি আপোনাৰ ডিঙিৰ বিষ বা চাইনাছৰ সমস্যা আছে, তেন্তে আপুনি ইয়াক দৈনিক সেৱন কৰা উচিত।

নহৰু আৰু মৌ সেৱন কৰাটোও হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী। দুয়োটাতে এনে বহুতো উপাদান থাকে যিয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে। সেইবাবেই হৃদৰোগীয়েও ইয়াক সেৱন কৰিব লাগে।

বটদ্ৰৱাৰ কদমণি পথাৰৰ পৰা ড্ৰাগছসহ আটক স্বামী-স্ত্ৰীক…

নগাঁও জিলাৰ বটদ্ৰৱা থানাৰ অন্তৰ্গত কদমণি পথাৰৰ পৰা ড্ৰাগছসহ স্বামী-স্ত্ৰীক বটদ্ৰবা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। খবৰ অনুসৰি দেওবাৰে সন্ধিয়া ৫ বজাত এক গোপন সূত্ৰৰ পম খেদি বটদ্ৰবা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে অভিযান চলাই কদমণি পথাৰৰ ছাইফুল ইছলামৰ বাসগৃহৰ পৰা ২০ টা কণ্টেইনাৰত থকা ২৭.৬১ গ্ৰাম হি’ৰইন সহ এটা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


আৰক্ষীয়ে ছাইফুল ইছলাম আৰু তেওঁৰ পত্নী মোচিদা খাতুনক আটক কৰি জেল হাজতলৈ‌ প্ৰেৰণ কৰে বুলি বটদ্ৰবা চক্ৰৰ চক্ৰ বিষয়া তথা বটদ্ৰবা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাই সংবাদ মাধ্যমক জনাই।

বৰছলাৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন

Manipur Violence: সংঘাতগ্ৰস্ত মণিপুৰ ৰাজ্যত কমেও ৫৬ জন লোকৰ মৃত্যু; বৃদ্ধি হোৱাৰ আশংকা মৃত্যুৰ সংখ্যা…

মণিপুৰত চলি থকা হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পাইছে আৰু চৰকাৰী সংখ্যাৰ বাবে অপেক্ষা কৰি আছে বুলি সূত্ৰই দাবী কৰিছে৷

মণিপুৰত একাধিক হিংসাত্মক ঘটনাত মৃত্যু হোৱা লোকৰ সঠিক সংখ্যা এতিয়াও চৰকাৰী সূত্ৰই নিশ্চিত কৰিব পৰা নাই।

খবৰ অনুসৰি মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

মণিপুৰৰ কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত চলি থকা সাম্প্ৰদায়িক সংঘৰ্ষ ‘শ্বুট-এট-চাইট’ আদেশ কাৰ্যকৰী হোৱাৰ পিছতো তীব্ৰতৰ হৈ পৰিছে।

পাহাৰীয়া ৰাজ্য মণিপুৰত চলি থকা উত্তেজনাৰ মাজতে আইন-শৃংখলাৰ পৰিস্থিতি অটুট ৰখাৰ স্বাৰ্থত ৫ মে’ত সেনাই যুৱক-যুৱতীসকলৰ ওপৰত গুলীচালনা কৰে।

গ্ৰাউণ্ড ৰিপৰ্ট অনুসৰি বিষ্ণুপুৰ জিলাকে ধৰি মণিপুৰৰ আঠখন জিলাৰ ৰাইজ আৱেগিকভাৱে বিচলিত হৈ পৰিছে।

ইফালে ৫ মে’ৰ নিশা প্ৰায় ১১ বজাত প্ৰতিবাদৰ চিন স্বৰূপে নিজৰ বাসগৃহৰ পৰা এদল যুৱক ওলাই আহিছিল অঞ্চলটোত শান্তি আনিবলৈ সেনাই গুলীচালনা কৰিছিল।

ইয়াৰ পিছতে এজন যুৱকে আঘাতপ্ৰাপ্ত হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে, যাৰ ফলত চৰকাৰে ‘শ্বুট এট চাইট’ৰ নিৰ্দেশ ঘোষণা কৰাৰ পিছত এইটোৱেই প্ৰথম মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

অস্বাভাৱিক পৌৰকৰ বৃদ্ধিৰ প্ৰতিবাদত ওদালগুৰিত অৱস্হান ধৰ্মঘট পালন…

সমগ্ৰ অসমৰ লগতে ওদালগুৰিৰ দৰে সৰু নগৰ খনতো অস্বাভিক হাৰত পৌৰকৰ বৃদ্ধি কৰাত অতিষ্ঠ হৈ পৰিছে ওদালগুৰি নগৰবাসী। পৌৰ সভাৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত আজি ওদালগুৰি নাগৰিক অধিকাৰ দাবী সমিতিৰ উদ্যোগত ওদালগুৰি বিষ্ণু ৰাভা কৃষ্টি সংঘ প্ৰাংগনত দুই ঘনিটীয়া অৱস্হান ঘৰ্মঘট পালন কৰা হয়। বৰ্ধিত পৌৰকৰ প্ৰত্যাহাৰ কৰা আৰু পাইলট প্ৰজেক্টৰ নামত এবছৰ পুৰ্বৰ পৰাই কৰ সমগ্ৰহ কৰা বন্ধ কৰাৰ ক্ষেত্ৰত ওদালগুৰি নাগৰিক অধিকাৰ দাবী সমিতিয়ে ওদালগুৰি পৌৰ সভা আৰু বি টি চিৰ মুখ্যকাৰ্যবাহীক আপত্তি দৰ্শাই অহাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াত উক্ত প্ৰতিবাদী কাৰ্যসুচী গ্ৰহন কৰা হৈছে বুলি নাগৰিক অধিকাৰ দাবী সমিতিৰ সম্পাদক দীপক শৰ্মাই মত প্ৰকাশ কৰে।

প্ৰতিবাদৰ পিছতো কোনো গুৰুত্ব নিদিলে ইয়াতকৈ অধিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি জানিবলৈ দিয়ে।

অৰূপ বড়োৰ প্ৰতিবেদন