Home Blog Page 1568

১৭ মে’ত লাডাখত ৰোপণ কৰা হ’ব এক লাখ পুলি…

১৭ মে’ত ৰোপণ কৰা হ’ব এক লাখ গছ পুলি। ইতিমধ্যে লাডাখৰ বিভিন্ন অঞ্চলত ১ লাখ ৫০ হাজাৰ গছ ৰোপণ কৰা হৈছে আৰু হিমালয়ত অৱস্থিত ১০০০ বছৰীয়া ড্ৰুকপা অৰ্ডাৰৰ আধ্যাত্মিক মুৰব্বী গ্যালৱাং ড্ৰুকপাৰ নেতৃত্বত কুংফু ননসকলৰ তত্বাৱধানত এই কাৰ্য হাতত লোৱা হৈছে। ২০১২ চনত মানৱীয় আৰু পৰিৱেশ সম্পৰ্কীয় কামৰ বাবে ৰাষ্ট্ৰসংঘৰ মিলেনিয়াম ডেভেলপমেণ্ট গ’লছ বঁটা লাভ কৰা গ্যালৱাং ড্ৰুকপাই প্ৰতিষ্ঠা কৰা লাইভ টু লাভে ফিলিপাইনছৰ “সৰ্বাধিক গছ ৰোপণ”ৰ অভিলেখ ভংগ কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ ইতিহাসত নিজৰ নাম দখল কৰি একেলগে” বিশ্ববিখ্যাত হেমিছ মঠৰ ওচৰত ৯,৮১৪ জন স্বেচ্ছাসেৱকক জড়িত কৰি ৯৯,১০৩ টা লাডাখী উইলো গছপুলি ৰোপণ কৰে এঘণ্টাৰো কম সময়ৰ ভিতৰতে। ইয়াৰ পূৰ্বে ২০১০ চনৰ অক্টোবৰ মাহত লাইভ টু লাভৰ ৯,০৩৩ জন স্বেচ্ছাসেৱকে ৫০,০৩৩ টা পুলি ৰোপণ কৰিছিল। ২০১১ চনৰ জানুৱাৰী মাহত ফিলিপাইনছত এঘণ্টাৰ ভিতৰতে ৬৬,০০০ টা পুলি ৰোপণ কৰিছিল।


এপ্ৰিকোট, আপেল, বগৰী, আখৰোট, আৰু নাচপতিৰ ফল-মূলৰ পুলিও ৰোপণ কৰিছে। খৰাং সদৃশ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গছপুলিৰ সমূহৰ বাবে জলসিঞ্চন ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে ওচৰৰ সিন্ধু নদীৰ পৰা পানী তুলি লোৱা হ’ব। লাইভ টু লাভৰ মতে, এই অভিযানে লাডাখৰ বন্যভূমি সেউজীয়া কৰিব, প্ৰাকৃতিক জলভাগৰ সৃষ্টি কৰিব, মাটিৰ খহনীয়া হ্ৰাস কৰিব আৰু বিধ্বংসী ক্ষন্তেকীয়া বানপানী আৰু ভূমিস্খলন হ্ৰাস কৰিব। জীৱ-জন্তুৰ বাসস্থান থাকিব আৰু লাডাখী জনগোষ্ঠীসমূহে সেউজীয়াৰ অৰণ্য উপভোগ কৰিব পাৰিব। ১৭ মে’ৰ এই পদক্ষেপত নেপাল আৰু ভূটানৰ পৰা লাইভ টু লাভৰ স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰিব।

কল্পনা পাটোৱাৰীৰ সংগীতানুষ্ঠানৰ মাজতে ধুমুহাৰ ফলত খহি পৰে মঞ্চৰ ওপৰভাগ…

শেষ নিশা হঠাৎ খহি পৰিল সংগীতানুষ্ঠানৰ মঞ্চ। ছিপাঝাৰৰ বাঁহগড়া অঞ্চলত নিশা চলি আছিল কল্পনা পাটোৱাৰীৰ সংগীতানুষ্ঠান।

এই অনুষ্ঠানৰ অন্তিম মুহূৰ্তত অহা এজাক প্ৰচণ্ড ধুমুহাৰ ফলত খহি পৰে মঞ্চৰ ওপৰভাগ। স্থানীয় দৰ্শক তথা ৰাইজৰ তৎপৰতাত বাদ্যযন্ত্ৰৰ কোনো ক্ষতি হোৱা নাই যদিও আকস্মিক ভাৱে সামৰিব লগা হয় শিল্পী গৰাকীৰ এই সংগীতানুষ্ঠান।

ইছলাম ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ হিন্দু যুৱকে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম…

মায়ঙৰ এজন হিন্দু যুৱকে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম।

যুৱক জনৰ নাম আছিল পৰিমল মল্লিক

ইছলাম গ্ৰহণ কৰি নাম ৰাখিলে পৰিমল আলী।

ইছলাম ধৰ্ম শান্তিৰ প্ৰতীক ইছলামৰ নীতি আদৰ্শ প্ৰতি আকৃষ্ট হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰে বুলি মত প্ৰকাশ যুৱকজনৰ।

ঘটনাৰ বিৱৰণী অনুযায়ী মৰিগাঁৱৰ ২নং গুনামাৰা গাঁৱৰ বাসিন্দা ৰমাকান্ত মল্লিকৰ পুত্ৰ পৰিমল মল্লিকে সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে গ্ৰহণ কৰে ইছলাম ধৰ্ম।

মায়ঙৰ পৰা বিষেকৰ প্ৰতিবেদন

শিশুৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক জাংক ফুড…

এবাৰ শিশুৱে পিজ্জা, বাৰ্গাৰ, চেণ্ডউইচ দেখা পালে, তেওঁলোকে আন কোনো খাদ্য লৈ নাচায়। আজিকালিৰ আধুনিক পিতৃ-মাতৃয়েও ঘৰত প্ৰস্তুত কৰা খাদ্যৰ সলনি দোকানৰ পৰা ক্ৰয় কৰা খাদ্য ৰাখে। ঘৰুৱা খাদ্যৰ পৰিৱৰ্তে প্ৰতিদিনে জাংক ফুডে শিশুৰ শৰীৰৰ গুৰুতৰ ক্ষতি কৰিছে। এই সকলোবোৰ জাংক ফুডে শিশুৰ স্বাস্থ্যৰ ক্ষতি কেনেকৈ কৰিছে জনা উচিত৷ আমেৰিকান জাৰ্নেল অফ ক্লিনিকেল নিউট্ৰিছনত প্ৰকাশিত অধ্যয়ন অনুসৰি, যদি স্বাস্থ্যৱান শিশুৱে একেৰাহে পাঁচ দিন জাংক ফুড খায়, তেনেহ’লে তেওঁলোকৰ মনোভাৱ, মনোভাৱ, চিন্তা প্ৰভাৱিত হ’ব পাৰে। আনকি জাংক ফুডৰ বাবে শিশুৰ স্মৃতি শক্তি দুৰ্বল কৰিব পাৰে। জাংক ফুডত যথেষ্ট কেলৰি থাকে।

প্ৰতিদিনে জাংক ফুড খোৱাৰ ফলত অতিৰিক্ত কেলৰিৰ প্ৰভাৱৰ ফলত শিশুৰ ওজন বৃদ্ধি আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে। ফাষ্ট ফুড বা জাংক ফুডত যথেষ্ট কাৰ্বোহাইড্ৰেট থাকে৷ যাৰ ফলত ৰক্ত শৰ্কৰাৰ ভাৰসাম্য হেৰুৱায়। ইয়াৰ ফলত উত্তেজনা, বিভ্ৰান্তি আৰু ভাগৰ হয়।

অম্বুবাচী মেলা এইবছৰ কেতিয়া আৰম্ভ হ’ব? কি ক’লে মন্দিৰ পৰিচালনা কৰ্তৃপক্ষই? অম্বুবাচী মেলাৰ প্ৰস্তুতি চলিছে মা কামাখ্যা ধামত…

কামাখ্যা মন্দিৰৰ মন্দিৰ পৰিচালনা কৰ্তৃপক্ষই দেওবাৰে ঘোষণা কৰে যে অহা ২২ জুনৰ পৰা গুৱাহাটীত বাৰ্ষিক অম্বুবাচী মেলা আৰম্ভ হ’ব৷

কামাখ্যা মন্দিৰৰ মুখ্য পুৰোহিত কবীন্দ্ৰ প্ৰসাদ শৰ্মাই জনোৱা অনুসৰি, “২২ জুনত পুৱা ২:৩০ বজাৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা। ২৩, ২৪ আৰু ২৫ জুনত মন্দিৰৰ মূল দুৱাৰ বন্ধ থাকিব আৰু ২৬ জুনত মুকলি কৰা হ’ব৷ যোৱা ২৮ এপ্ৰিলত কামৰূপ (মেট্ৰ’) জিলাৰ উপ আয়ুক্তৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। আমি এইবাৰৰ অম্বুবাচী মেলা উদযাপনৰ প্ৰস্তুতি আৰম্ভ কৰিছো৷”

এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে ব’হাগৰ প্ৰাণৱন্ত ক্ষণত পণ লোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ব’হাগৰ প্ৰাণৱন্ত ক্ষণত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ জকাই আঞ্চলিক ৰঙালী বিহু সন্মিলন আৰু মাজুলী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত অংশগ্ৰহণ কৰে।

প্ৰথমতে ডিব্ৰুগড়ৰ হাৰকপথাৰত জকাই আঞ্চলিক ৰংগমঞ্চৰ শুভ উদ্বোধন কৰাৰ উপৰি জকাই আঞ্চলিক ৰঙালী বিহু সন্মিলনত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

সৰ্বস্তৰৰ লোকে উলহ-মালহেৰে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত পৰিৱেশিত পৰম্পৰাগত বিহুনাচ আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী তেখেতে উপভোগ কৰে। অনুষ্ঠানত আজি লগতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল। মাজুলীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক স্থানীয় বিধায়ক ভুৱন গাম প্ৰমুখ্যে স্থানীয় নেতাসকলেও সংগ দিয়ে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে কয়, “সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে গীতৰ মাজেৰে কৈ গৈছে- ব’হাগ অসমীয়া জাতিৰ আয়ুসৰেখা। এই ব’হাগতে আমাৰ অসমীয়া জাতিয়ে নতুন ৰূপত উজ্জীৱিত হৈ উঠে। মলিয়ন পোছাক সলাই কোমল কুঁহিপাতেৰে তৰু-তৃণই আদৰণি জনোৱা বসন্ত ঋতুত কুলি-কেতেকীৰ মিঠা মাতে ৰচনা কৰা সুৰৰ মূৰ্চ্ছনাই সকলোকে মোহিত কৰে। এনে এক প্ৰাণৱন্ত পৰিৱেশত উদযাপন কৰা ব’হাগ বিহুৱে প্ৰতিজন অসমীয়াৰ বুকুত নতুন আশা আৰু উৎসাহ-উদ্দীপনাৰ সৃষ্টি কৰে। সেয়েহে বিহুনামতে আছে- “কৈনো কৈ থাকিলে ওৰকে নপৰে ব’হাগৰ বিহুৰে কথা”। বাপতিসাহোন এই ৰঙালী বিহুৰ ঐতিহ্য তথা পৰম্পৰা অটুট ৰাখি আয়োজিত ত্ৰয়োদশ দ্বি-বাৰ্ষিক জকাই আঞ্চলিক ৰঙালী বিহু সন্মিলনত অংশগ্ৰহণ কৰি মই আপ্লুত হৈছোঁ। বিহুৰ স্বকীয়তা তথা ধাৰাবাহিকতা বৰ্তাই ৰখাত আমি সকলোৱে সক্ৰিয় ভূমিকা পালন কৰিব লাগিব। ৰঙালী বিহু সন্মিলনখনিৰ সৰ্বতোপ্ৰকাৰৰ সফলতা কামনা কৰি আয়োজক সমিতিৰ লগতে শ্ৰদ্ধাৰ ৰাইজলৈ মোৰ তৰফৰপৰা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ব’হাগে সাতামপুৰুষীয়া সমন্বয় সুদৃঢ় কৰি সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ-শান্তি, সমৃদ্ধি আৰু আঁতৰাই নিয়ক সমাজৰ সকলো অপায়-অমংগল, অসূয়া-অপ্ৰীতি।”

তদুপৰি, সোণোৱালে কয়, “চলিত অমৃতকালত ভাৰতক উন্নয়নৰ নৱ শিখৰত উপনীত কৰাটো আমাৰ চৰকাৰৰ প্ৰধান লক্ষ্য। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০৪৭ চনৰ ভিতৰত অৰ্থাৎ দেশৰ স্বাধীনতাপ্ৰাপ্তিৰ এশ বছৰৰ ভিতৰত ভাৰতক আত্মনিৰ্ভৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বতে আমাৰ দেশখনে এতিয়া বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। কৃষক, যুৱপ্ৰজন্ম, উদ্যোগী, উদ্যমী, মহিলা, খেলুৱৈ, বিধৱা, বৃদ্ধ, আৰ্থিকভাৱে পিছপৰা আদি সমাজৰ সৰ্বস্তৰৰ লোকেই এতিয়া আশাৰ নতুন কিৰণ দেখিবলৈ পাইছে। আমাৰ চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিয়ে হিতাধিকাৰীসকলক যথেষ্ট উপকৃত কৰিছে। মোদী ডাঙৰীয়াৰ আন্তৰিকতা, দূৰদৰ্শিতা আৰু সদিচ্ছাৰ ফলশ্ৰুতিতেই কংগ্ৰেছে দশক দশকজোৰা অপশাসনেৰে পিছুৱাই ৰখা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি আৰু উন্নয়নৰ নৱজাগৰণৰ সৃষ্টি হৈছে। এইক্ষেত্ৰত ডিব্ৰুগড় জিলায়ো যথেষ্ট অগ্ৰগতি লাভ কৰিছে। আধুনিক প্ৰযুক্তিবিদ্যা আৰু প্ৰতিযোগিতাৰ এই যুগত ভাৰতে ৰূপান্তৰৰ যি নতুন বাটেৰে তীব্ৰগতিত আগুৱাই গৈছে, এই যাত্ৰাত আমি প্ৰতিজন অসমীয়া, প্ৰতিজন ভাৰতীয় অংশীদাৰ হ’ব লাগিব আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ গতিক সবল ৰূপ প্ৰদান কৰিব লাগিব।”

সুৰা কেলেংকাৰীত ২০০০ কোটিৰ দুৰ্নীতি! কেইবাজনো ৰাজনৈতিক নেতা পৰ্দাৰ আঁৰত থকা বুলি ইডিৰ দাবী

কমেও ২ হাজাৰ কোটি টকাৰ দুৰ্নীতি। ছত্তীশগড়ৰ সুৰা দুৰ্নীতিৰ গোচৰৰ তদন্তৰ সময়ত এই দাবী বলবৎকাৰী সঞ্চালকালয়ৰ।

কংগ্ৰেছ নেতা তথা ৰায়পুৰৰ মেয়ৰ আইজাজ ধীবৰৰ ভাতৃ আনোৱাৰ ধীবৰক শনিবাৰে সুৰা দুৰ্নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰে। ৰায়পুৰৰ এখন হোটেলত তালাচী চলাই থাকোতে পলায়নৰ চেষ্টা কৰে আনোৱাৰ। সেই সময়ত তেওঁক ইডিৰ বিষয়াই গ্ৰেপ্তাৰ কৰিছিল। ইডিৰ সূত্ৰৰ মতে, তেওঁক জেৰা কৰি একাধিক তথ্য লাভ কৰা হৈছে।

ইডিৰ সূত্ৰৰ উদ্ধৃতি দি একাধিক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত কোৱা হৈছে যে, “মদ সৰবৰাহৰ আৰু আনুষংগিক আৰ্থিক প্ৰতাৰণাত অভূতপূৰ্ব দুৰ্নীতি সংঘটিত হৈছে।” এক বিবৃতিত ইডিয়ে দাবী কৰিছে যে ২০১৯ চনৰ পৰা ২০২২ চনৰ ভিতৰত ছত্তীশগড়ত বিপুল পৰিমাণৰ আবকাৰী শুল্কৰ সৈতে জড়িত দুৰ্নীতি সংঘটিত হৈছে। ইডিৰ বিষয়াসকলে কয়, ‘আনোৱাৰ এজন সাধাৰণ মানুহ। কিন্তু তেওঁৰ আঁৰত আছে কেইবাজনো ডাঙৰ ডাঙৰ নেতা আৰু আমোলা। এই দুৰ্নীতিত তেওঁলোকে সহযোগ কৰিছে।’ ইডিয়ে এক বিবৃতিত কয়, ‘ছত্তীশগড়ত প্ৰতিটো সুৰাৰ বটল বিক্ৰীৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হৈছে। সুৰা ব্যৱসায়ৰ পৰা অবৈধভাৱে উলিয়ালে ধন।

২০২২ চনৰ মে’ মাহত আয়কৰ বিভাগে ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত এটা গোচৰৰ তদন্ত কৰিছিল। ইডিয়ে গোচৰটোৰ তদন্ত কৰি আবকাৰীৰ দুৰ্নীতিৰ কথা জানিব পাৰিলে। ছত্তীশগড়ত কয়লা সৰবৰাহৰ গোচৰৰ পিছত এই গোচৰত পুনৰ ডাঙৰ ডাঙৰ নাম আহিল।

চলিত বৰ্ষৰ মাৰ্চ মাহত ইডিয়ে ছত্তীশগড়ৰ কেইবাটাও স্থানত অভিযান চলাইছিল। আনোৱাৰক গ্ৰেপ্তাৰ কৰাৰ পিছত ইডিয়ে দাবী কৰে যে তেওঁ এই সুৰা দুৰ্নীতি ছিণ্ডিকেটৰ অন্যতম নেতা। ইয়াৰ সৈতে ৰাজ্য চৰকাৰৰ কাৰ্যালয়ৰ কোনোবা এজন বিষয়াৰ সম্পৰ্ক থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।

ছত্তীশগড় চৰকাৰে ৰাজ্যখনৰ সুৰা ব্যৱসায়ৰ সকলো দিশ নিয়ন্ত্ৰণ কৰে। তাত কোনো ব্যক্তিগত সুৰাৰ দোকানৰ অনুমতি নাই। ছত্তীশগড়ৰ প্ৰায় ৮০০ খন সুৰাৰ দোকান ৰাজ্যৰ দ্বাৰা পৰিচালিত।

ষাঁড়ৰ পিঠিত এজন যুৱক, ঘোঁৰাৰ দৰে ভংগীমাত বহি নগৰৰ মাজেৰে সকলোকে আচৰিত কৰি তীব্ৰ বেগেৰে আগবাঢ়িব ধৰিছে, পিছে কোন এই যুৱক?

আপোনালোকে ঘোঁৰা চলোৱাৰ দৃশ্য নিশ্চয়কৈ দেখিছে। কিন্তু আপুনি কেতিয়াবা কোনোবাই ষাঁড়ৰ পিঠিত উঠা দেখিছেনে? শেহতীয়াকৈ এনে এক ভিডিঅ’ পোহৰলৈ আহিছে।

উত্তৰাখণ্ডৰ হৃষীকেশত এই ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে কেইবাটাও সংবাদ মাধ্যমে। সন্ধিয়াৰ দৃশ্য। হঠাৎ পথচাৰী সকলে এটা ষাঁড় ৰাস্তাৰে লৰালৰিকৈ অহা দেখিলে। কোনেও ষাঁড়ৰ মুখামুখি হ’ব বিচৰা নাই, যাতে কোনো বিপদৰ সন্মুখীন নহয়। কিন্তু সকলোৱে আচৰিত হ’ল, কেৱল ষাঁড়টোৱেই নহয়, তাৰ পিঠিত এজন আৰোহীও। ঘোঁৰাত উঠাৰ দৰে একে ভংগীমাতে ষাঁড়টোত উঠি থকা দেখা গ’ল।

ষাঁড়টোৱে ৰাস্তাৰে লৰচৰ কৰি গৈ আছিল আৰু ডেকাজন পিঠিত বহি আছিল। ঠিক এজন পেছাদাৰী ‘ঘোঁৰাচালক’ৰ দৰেই। যুৱকজন নপৰিলে।

ষাঁড়টোৱে কিছু সময় পোনে পোনে ৰাস্তাৰে দৌৰি গৈ এটা লেনত প্ৰৱেশ কৰিলে। ভিডিঅ’টো তাতেই শেষ হয়। যুৱকজনে ষাঁড়ৰ পিঠিত উঠি পাৰ হৈ যোৱাৰ সময়তে দুই এজন পথচাৰীয়ে ‘কৈলাস্পতি নাথ তি জয়’ বুলি ধ্বনি দিয়ে।ভিডিঅ’টো ইউটিউবত শ্বেয়াৰ কৰে সত্যপ্ৰকাশ নামৰ এজন ইউটিউবাৰে। কেপচনত লিখা আছে, “হৃষিকেশৰ ষাঁড় চলোৱা যুৱক।”

মাত্ৰ ১৮০ দিনত চাইকেলেৰে পৃথিৱী ভ্ৰমণ ব্ৰিটিছ দম্পতীৰ…

শুনি আচৰিত হ’ব যে এক ব্ৰিটিছ দম্পতীয়ে অলপতে মাত্ৰ ১৮০ দিনৰ ভিতৰত পৃথিৱী পৰিভ্ৰমণ কৰি ‘দ্ৰুততম দম্পতী’ হিচাপে পৰিচিত হৈছে। টেণ্ডেম চক্ৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ বাবে পৃথিৱী ভ্ৰমণ কৰাটো এক কঠিন প্ৰত্যাহ্বান। তেওঁলোকে ২১ খন দেশত মুঠ ২৮,৯৬৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি পৃথিৱীক প্ৰদক্ষিণ কৰাৰ সপোন সম্পূৰ্ণ কৰিছে। ডিচেম্বৰৰ ১ তাৰিখে পুঘে বাৰ্লিনৰ ব্ৰেণ্ডেনবুৰ্গ গেটত ষ্টিভি মেছী আৰু লৰা মেছী নামৰ এক চাইকেল আৰোহী দম্পতীৰ দ্বাৰা তুষাৰপাতৰ মাজেৰে চাইকেল চলাইছিল।

১৮০ দিন আগতে এই চহৰখনত তেওঁলোকে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে বিড কৰা আৰম্ভ কৰিছিল। পৃথিৱীখন পৰিক্ৰমা কৰাৰ পিছত তেওঁলোকে প্ৰমাণপত্ৰৰ বাবে আবেদন কৰিছিল।

বঙাইগাঁৱৰ খেলুৱাপাৰা দ্বিতীয় খণ্ড সুতিৰমুখ গাঁৱত বিধ্বংসী অগ্নিকাণ্ড…

চাপৰৰ পাৰ্শ্বৱৰ্তী বঙাইগাঁও জিলাৰ খেলুৱাপাৰা দ্বিতীয় খণ্ড সুতিৰমুখ গাঁৱত বিধ্বংসী অগ্নিকাণ্ড। নিমিষতে ছাৰখাৰ এটা পৰিয়ালৰ বাসগৃহ। বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা। এই বিধ্বংসী অগ্নি কাণ্ডৰ ফলত জুইত পুৰি ছাৰখাৰ হয় গাঁৱখনৰ আব্দুল কাদেৰৰ বাসগৃহ।

লগতে ভস্মিভূত হয় প্ৰয়োজনী নথিপত্ৰ সহ বৃহৎ পৰিমাণৰ নগদ ধনৰ লগতে সোন ৰূপৰ আ-অলংকাৰ। প্ৰায় ৩ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মিভূত হোৱা বুলি জানিবপৰা গৈছে। উল্লেখ্য যে যাতায়াতৰ সু- ব্যৱস্থা নথকাৰ বাবে ঘটনাস্থলীত যাব পৰা নাই অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। দীৰ্ঘদিন ধৰি চাপৰস্থিত ধুবুৰী আৰু বঙাইগাঁও জিলা সংযোগী এখন পকী দলঙৰ দাবী জনাই আহিছে স্থানীয় ৰাইজে।