Home Blog Page 1573

ম্যানমাৰৰ চিটৱেবন্দৰত প্ৰৱেশ কৰিব লগীয়া প্ৰথম ভাৰতীয় মালবাহী জাহাজখনক আদৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা ৯ মে’ তাৰিখে ম্যানমাৰৰ চিটৱে বন্দৰত প্ৰথমখন ভাৰতীয় মালবাহী জাহাজক আনুষ্ঠানিকভাৱে আদৰিব। এই ঐতিহাসিক অনুষ্ঠানটোৱে ভাৰতৰ কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰ আৰু ম্যানমাৰৰ চিটৱে বন্দৰৰ মাজত মালবাহী জাহাজৰ নিয়মীয়া পৰিবহণ মুকলি কৰিব, যাৰ ফলত দুয়োখন ওচৰ-চুবুৰীয়া দেশৰ মাজত পৰিবহণ, বাণিজ্য, অৰ্থনৈতিক বিকাশ আৰু পাৰস্পৰিক সম্পৰ্ক সুদৃঢ়কৰণৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হ’ব। এই পথটোৱে সমগ্ৰ বংগোপসাগৰ উপদ্বীপৰ বাবে প্ৰবল অৰ্থনৈতিক সম্ভাৱনা উন্মুক্ত কৰাৰ সম্ভাৱনা আছে, যাৰ জৰিয়তে দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ অঞ্চলৰ মাজত শক্তিশালী সংযোগ স্থাপন হ’ব- কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে আজি ডিব্ৰুগড়ত সংবাদ মাধ্যমক সম্বোধন কৰি এই বিষয়ে সবিশেষ অৱগত কৰে।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গভীৰ সন্তুষ্টি ব্যক্ত কৰি কয়, “কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰ আৰু ম্যানমাৰৰ চিটৱে বন্দৰৰ মাজত কাৰ্গ’ চলাচল আৰম্ভ হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সাগৰীয় পথসমূহলৈ প্ৰৱেশাধিকাৰ শক্তিশালী কৰাৰ দিশত উত্তৰ-পূব ভাৰতে এক নতুন সুযোগ লাভ কৰিছে।” কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে কালি কলকাতা বন্দৰত এমভি-আইটিটি লায়ন (ভি-২৭৩) নামৰ জাহাজখনৰ ফ্লেগ্ অফ্ কৰে।

এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, “আমি ভাৰত আৰু ম্যানমাৰৰ মাজত এক নতুন জলপথৰ আৰম্ভণি কৰিবলৈ পাই আনন্দ অনুভৱ কৰিছোঁ, যাৰ মূল উদ্দেশ্য হৈছে স্থলবেষ্টিত উত্তৰ-পূব ভাৰতৰ বাবে আন্তঃৰাষ্ট্ৰীয় সাগৰীয় পথসমূহত বৈকল্পিক প্ৰৱেশাধিকাৰ নিশ্চিত কৰা। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ‘এক্ট ইষ্ট নীতি’ৰ সঠিক বাস্তৱায়িতকৰণৰ এয়া এক প্ৰকৃত প্ৰতিফলন। মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত ভাৰতে কিদৰে চুকে-কোণে গুৰুত্বপূৰ্ণ উন্নয়ন সম্ভৱ কৰি আছে, এয়া উক্ত পদক্ষেপৰ মাজেদি সুদূৰপ্ৰসাৰীভাৱে ফুটি উঠিছে। এই যুগান্তকাৰী পৰিঘটনাই উত্তৰ-পূব ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাত এক নতুন যুগৰ সূচনা কৰাৰ সম্ভাৱনা আছে। কালি ফ্লেগ্ অফ্ হোৱা জাহাজখনে কেৱল এটা নতুন জলপথৰ অন্বেষণ কৰাই নহয়, লগতে নতুন ভাৰতৰ আশা-আকাংক্ষাও বহন কৰি আছে, যাৰদ্বাৰা উত্তৰ-পূব ভাৰতৰ জনসাধাৰণ বিশেষকৈ উপকৃত হ’ব।”

কালাদান মাল্টিম’ডেল ট্ৰাঞ্জিট ট্ৰান্সপ’ৰ্ট প্ৰকল্পৰ (কেএমটিটিপি) অংশ হিচাপে ভাৰত চৰকাৰৰ অনুদান সহায়ৰ অধীনত চিটৱে বন্দৰটো নিৰ্মাণ কৰা হৈছে। ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে (আইডব্লিউএআই) – প্ৰকল্প বিকাশ পৰামৰ্শদাতা হিচাপে বন্দৰৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিছে। ১,০০০ মেট্ৰিক টন চিমেণ্টযুক্ত মুঠ ২০,০০০ বেগ কঢ়িয়াই অনা এমভি-আইটিটি লায়ন (ভি-২৭৩) জাহাজখনে অহা ৯ মে’ তাৰিখে চিটৱে বন্দৰত প্ৰৱেশ কৰিব।

এই প্ৰসংগত সোণোৱালে লগতে কয়, “সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পাছত চিটৱে বন্দৰে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি দক্ষিণ-পূব এছিয়াৰ সমৃদ্ধি আৰু অৰ্থনৈতিক বিকাশৰ বাবে দক্ষ পৰিবহণৰ বিশাল সম্ভাৱনা উন্মুক্ত কৰাৰ সম্ভাৱনা আছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই প্ৰকল্পৰ দ্ৰুত ৰূপায়ণত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে, যাতে উত্তৰ-পূব ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনা বিস্তৃত ৰূপত উপলব্ধি কৰিব পৰা যায়। উত্তৰ-পূব ভাৰতৰ উপৰি, এই বন্দৰটোৱে দক্ষিণ-পূব এছিয়াৰ সৈতেও সংযোগৰ শক্তিশালী প্ৰাণকেন্দ্ৰ হিচাপে কাম কৰিব। ভাৰত আৰু ম্যানমাৰৰ বাহিৰেও বাংলাদেশ, ভূটান, আনকি নেপালৰ বাবেও ই বিশাল বাণিজ্যিক সম্ভাৱনা মুকলি কৰিব। এয়া হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ‘সবকা সাথ, সবকা বিকাশ’ দৃষ্টিভংগীৰ ৰূপায়ণৰ এক প্ৰকৃত প্ৰতিফলন।”

ভাৰতৰ মিজোৰাম ৰাজ্যৰ সৈতে ম্যানমাৰৰ চিটৱে বন্দৰক সংযোগ কৰা কালাদান নদীৰ ওপৰত মাল্টিম’ডেল ট্ৰাঞ্জিট পৰিবহণ সুবিধা নিৰ্মাণ আৰু পৰিচালনাৰ বাবে এক ফ্ৰেমৱৰ্ক চুক্তিৰ অধীনত চিটৱে বন্দৰটো বিকশিত কৰা হৈছে। বন্দৰটোক এটা অভ্যন্তৰীণ জলপথৰ জৰিয়তে ম্যানমাৰৰ পালেটৱাৰ সৈতে আৰু এটা উপ-পথৰ জৰিয়তে পালেটৱাৰপৰা মিজোৰামৰ জোৰিনপুইলৈ সংযোগ কৰা হৈছে। সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱাৰ পাছত কালাদান মাল্টিম’ডেল ট্ৰাঞ্জিট ট্ৰান্সপ’ৰ্ট প্ৰকল্পই (কেএমটিটিপি) ভাৰতৰ পূব উপকূলৰপৰা উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ চিটৱে বন্দৰৰ জৰিয়তে বৈকল্পিক সংযোগ প্ৰদান কৰিব।

তদুপৰি, কলকাতাৰপৰা চিটৱে বন্দৰলৈ কঢ়িয়াই নিবলগীয়া সা-সামগ্ৰী বাংলাদেশৰ টেকনাফ বন্দৰলৈও প্ৰেৰণ কৰিব পৰা যাব, যি চিটৱেৰপৰা মাত্ৰ ৬০ নটিকেল মাইল দূৰত্বত অৱস্থিত। টেকনাফ বন্দৰৰপৰা সামগ্ৰীবোৰ ৩০০ কিলোমিটাৰ দূৰত থকা ত্ৰিপুৰাৰ চাব্ৰুমলৈ পথ পৰিবহণ কৰিব পাৰি। চাব্ৰুমত বাংলাদেশ আৰু ত্ৰিপুৰাৰ মাজত এক সংহত শুল্ক সীমান্ত আছে। পৰিবহণৰ সময় আৰু লজিষ্টিক ব্যয় যথেষ্ট হ্ৰাস কৰি চিটৱে বন্দৰ আৰু কালাদান প্ৰকল্পই ত্ৰিপুৰাকো যথেষ্ট লাভান্বিত কৰিব।

বন্দৰটোৱে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ বাবে নতুন সুযোগ-সম্ভাৱনা মুকলি কৰিব কিয়নো ই বাণিজ্য আৰু পৰিবহণৰ বাবে এক বৈকল্পিক পথ উন্মুক্ত কৰিব আৰু লগতে ভাৰত-ম্যানমাৰ, ভাৰত-বাংলাদেশৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক আৰু বাণিজ্যও অধিক বৃদ্ধি কৰিব।

“এই নতুন মাৰ্গটোৱে এতিয়াৰ শিলিগুৰি হৈ কলকাতালৈ যোৱা পথতকৈ অধিক সময়, ধন ৰাহি কৰিব। কলকাতাৰপৰা আইজললৈ সামগ্ৰী পৰিবহণৰ ব্যয় আৰু সময় এতিয়া ৫০%তকৈও অধিক হ্ৰাস পাব। ইয়াৰ যোগেদি সমগ্ৰ উত্তৰ-পূব ভাৰতেই লাভান্বিত হ’ব। একেদৰে, কলকাতাৰপৰা আগৰতলালৈকে সা-সামগ্ৰীবোৰৰ চলাচলৰ বাবে উক্ত ব্যৱস্থাৰ জৰিয়তে যথেষ্ট কম খৰচ আৰু সময় লাগিব। কলকাতাৰপৰা আগৰতলালৈ পথৰ দৈৰ্ঘ্য প্ৰায় ১৬০০ কিলোমিটাৰ আৰু পথেদি গ’লে ৪ দিন লাগে। কিন্তু এতিয়া চিটৱেৰপৰা চিটাগং হৈ চাব্ৰুমৰপৰা আগৰতলালৈ ২ দিনৰ ভিতৰতে এই যাত্ৰা সম্ভৱ হৈ উঠিব। ইয়াৰ ফলত পথত যান-বাহনো হ্ৰাস পাব পাৰিব আৰু সামুদ্ৰিক পৰিবহণৰ ব্যৱহাৰে জীৱাশ্ম ইন্ধন কাৰ্বনৰ নিৰ্গমন হ্ৰাস কৰাৰ লগতে পৰিবহণৰ পাৰিপাৰ্শ্বিক ব্যয় যথেষ্ট হ্ৰাস কৰিব। এই নতুন মাৰ্গৰ মুকলিকৰণে কেৱল আমাক অৰ্থনৈতিকভাৱেই নহয়, পৰিৱেশগতভাৱেও সহায় কৰিব।”- সোণোৱালে লগতে কয়।

উল্লেখযোগ্য যে, চিটৱে বন্দৰৰপৰা আৰু বন্দৰটোলৈ আমদানি-ৰপ্তানিৰ বাবে মুখ্য কাৰ্গ’ৰ ভিতৰত অৰ্থাৎ ম্যানমাৰৰপৰা ৰপ্তানিৰ ভিতৰত আছে চাউল, কাঠ, মাছ আৰু সাগৰীয় খাদ্য, পেট্ৰ’লিয়াম সামগ্ৰী, বিভিন্ন ৰকমৰ বস্ত্ৰ ইত্যাদি। চিটৱে বন্দৰলৈ আমদানিৰ মুখ্য কাৰ্গ’ অৰ্থাৎ ম্যানমাৰৰদ্বাৰা আমদানিৰ ভিতৰত আছে চিমেণ্ট, ষ্টীল আৰু ইটাৰ দৰে নিৰ্মাণ সামগ্ৰী ইত্যাদি। 

অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় তেজপুৰ অধিৱেশনৰ বাবে ব্যাপক তৎপৰতা

পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ২০২৪ বৰ্ষৰ ১৭ জানুৱাৰীৰ পৰা তেজপুৰত অনুষ্ঠিত হ’ব লগীয়া অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ অস্থায়ী কাৰ্যালয় আজি পুৱা এক মাংগলিক পৰিৱেশত শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণে।

তেজপুৰৰ প্ৰধান ডাকঘৰৰ সন্মুখত থকা জিলা পৰিষদৰ পূৰ্বৰ কাৰ্যালয়ত অভ্যৰ্থনা সমিতিৰ প্ৰায়সকল বিষয়ববীয়া আৰু একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সাংস্কৃতিক কৰ্মী তথা নাট্য সন্মিলনৰ মাজগাঁও শাখাৰ সভাপতি অৰুণ শৰ্মাৰ মন্ত্ৰোচ্চাৰণৰ মাজত অভ্যৰ্থনা সমিতিৰ পৃষ্ঠপোষক তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ফিটা কটাৰ লগতে অভ্যৰ্থনা সমিতিৰ মুখ্য উপদেষ্টা তথা শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আয়তীৰ মংগল উৰুলিৰ মাজত নাৰিকল ভাঙি অস্হায়ী কাৰ্যালয়টি শুভ উদ্বোধন কৰে।

ইয়াৰ পিছতেই অভ্যৰ্থনা সমিতিৰ সামগ্ৰীক ব্যৱস্থাপনা আৰু সভা পৰিচালনা উপসমিতিৰ সভাপতি পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু ধূপ প্ৰজ্বলন কৰে ক্ৰমে অভ্যৰ্থনা সমিতিৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট আৰু শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণৰ লগতে বিশিষ্ট ব্যক্তি সকলে।

আনহাতে অভ্যৰ্থনা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক হিৰণ্য ভূঞাই আদৰণী ভাষণ দাঙি ধৰা উদ্বোধনী অনুষ্ঠানত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ভাষণ প্ৰদান কৰি অসম নাট্য সন্মিলনৰ তেজপুৰৰ এই কেন্দ্ৰীয় অধিৱেশন আন সকলো অধিৱেশনতকৈ ব্যতিক্ৰমী ৰূপত সফল কাম কৰিবলৈ সকলোৰে সহযোগিতা কামনা কৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

উপায়ুক্ত মিশ্ৰই এই অধিবেশনত অংশ গ্ৰহণ কৰিব লগা সকলোৱে যাতে তেজপুৰ অধিবেশন যিকোনো দিশৰ পৰা অনন্য আৰু একক হয় তাৰ প্ৰতি গুৰুত্ব দিবলৈ অভ্যৰ্থনা সমিতিৰ সকলো বিষয়ববীয়াক আহ্বান জনায়। অনুষ্ঠানটিত অভ্যৰ্থনা সমিতিৰ পৃষ্ঠপোষক তথা বিধায়ক পৃথ্বিৰাজ ৰাভাই পিতৃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰতিষ্ঠাপক সভাপতি হিচাপে তাহানিতেই গঢ় দিয়া অসম নাট্য সন্মিলনৰ ইতিহাসৰ স্মৃতি ৰোমন্থন কৰি এই অধিবেশনে নাটকৰ নগৰী তেজপুৰৰ সন্মান যাতে অক্ষুন্ন ৰাখে তাৰ প্ৰতি অভ্যৰ্থনা সমিতিৰ সকলো বিষয়ববীয়াৰ লগতে তেজপুৰীয়া ৰাইজৰ যোগাত্মক সঁহাৰি কামনা কৰে।

ভাষণ প্ৰসংগত বিধায়ক তথা অভিনেতা পৃথ্বিৰাজ ৰাভাই অসম নাট্য সন্মিলনৰ জড়িয়তে অসমত এক সুস্থ অপেছাদাৰী নাট্য আন্দোলন গঢ়ি উঠাৰ লগতে নাট্যশিল্পী সকল একেখন মঞ্চত সমবেত হৈ নাটশিল্প চৰ্চাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলিও মন্তব্য কৰে।

অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক তথা সাংস্কৃতিক কৰ্মী অৰূপ বৰঠাকুৰ, তেজপুৰ শাখাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰাকে বিশিষ্ট জনে অংশ গ্ৰহণ কৰা অনুষ্ঠানটিত শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াইও চমু ভাষণ প্ৰদান কৰি অধিৱেশনৰ বাবে জিলা পৰিষদৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে সভাপতিৰ আসনৰ পৰা বিশিষ্ট শিক্ষাবিদ তথা বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁটে তেজপুৰৰ দৰংমহাবিদ্যালয়ত অনুষ্ঠিত অসম নাট্য সন্মিলনৰ স্মৃতি ৰোমন্থন কৰি এইবাৰৰ অধিৱেশনো তেজপুৰৰ ৰাইজৰ অকুন্ঠ সঁহাৰিত সফলকাম হ’ব বুলি আশা ব্যক্ত কৰে।

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত বুদ্ধ জন্মজয়ন্তী অনুষ্ঠান, ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা

আজি বুদ্ধ পুৰ্ণিমা। সমগ্ৰ বিশ্বতে বুদ্ধ জন্মজয়ন্তী উদযাপন কৰা হৈছে। আজিৰ পবিত্ৰ দিনটোতে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনতো বুদ্ধ পুৰ্ণিমা উপলক্ষে এখনি চিত্ৰাংকন প্ৰতিযোগিতা আৰু বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয়। প্ৰতিযোগিতাৰ আৰম্ভনিতে উত্তৰ গুৱাহাটীৰ বিশিষ্ট সাংবাদিক মুনীন ডেকা আৰু নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে বন্তি জ্বলাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

ইয়াৰ পিছতে সাংবাদিক দ্বয় উৎপল তামূলী আৰু মুনীন ডেকাই বুদ্ধদেৱৰ জীৱনীৰ ওপৰত চমু আভাস দাঙি ধৰি বৰ্তমান যুগত সমাজখন সুশৃংখল কৰি ৰাখিবলৈ ভগৱান বুদ্ধৰ বাণী সাৰোগত কৰি ছাত্ৰ ছাত্ৰীসকলক জীৱন আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ পিছতে উপস্থিত শতাধিক ছাত্ৰ ছাত্ৰীৰ মাজত বুদ্ধদেৱৰ প্ৰতিচ্ছবি অংকণ প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হয়। ক-শাখাত ৪ৰ্থ আৰু পঞ্চম শ্ৰেণী আৰু খ-শাখাত ৬ষ্ঠ আৰু সপ্তম শ্ৰেণীৰ প্ৰতিযোগীসকলক অন্তভূৰ্ক্ত কৰা হয়।

প্ৰতিযোগিতাখনিৰ বিচাৰক হিচাপে উপস্থিত থাকে যুগল নাথ, লক্ষণা আৰ্য বৈশ্য, উদ্ধব কাকতি, সংগীতা চমুৱা আৰু পলাশ শৰ্মা। প্ৰতিযোগিতাৰ অন্তত বিচাৰক মণ্ডলীয়ে ক-শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় যথাক্ৰমে সীমনা ভৰদ্বাজ , পৰিধি বড়া , ভানুৰাণী বড়াক আৰু খ-শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় ক্ৰমে তাপস্বী গোস্বামী , দৃষ্টিমনি হালৈ আৰু বৃষ্টি দাসক বিজয়ী হিচাপে ঘোষণা কৰে।

ইয়াৰ পিছতেই বঁটা বিজয়ী ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰে উত্তৰ গুৱাহাটী বিশিষ্ট সাংবাদিক দিগন্ত বৰদলৈ, ৰূপক ডেকা আৰু মুকুটেশ্বৰ গোস্বামীয়ে। আজিৰ এই অনুষ্ঠানত উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ তৰফৰপৰা প্ৰকাশ কৰা “কলম” আলোচনীখন উপস্থিত সকলোকে বিতৰণ কৰা হয়।

উল্লেখ্য যে অহা ৭ মে’ তাৰিখ দেওবাৰে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্মজয়ন্তীৰ দিনটো উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত মাধবদেৱ ফাইন-আৰ্টচ নামৰ এখন বিদ্যালয়ৰ শুভ উন্মোচন কৰিব বুলি নিকেতনৰ কৰ্তৃপক্ষই আজি অৱগত কৰে।

নিকেতনৰ যুগল আচাৰ্য্যৰ তত্বাৱধানত আৰু আন আন আচাৰ্য্যৰ সহযোগত ছাত্ৰ ছাত্ৰী সকলৰ প্ৰতিভা বিকাশত বহুল সুবিধা লাভ কৰিব এই ফাইন আৰ্টছ বিদ্যালয়ৰ জৰিয়তে। উত্তৰ গুৱাহাটীৰ আন আন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও এই ফাইন আৰ্টছ বিদ্যালয়ত নাম ভৰ্তিৰ সুবিধা লাভ কৰিব।

পৃথিৱীৰ বাহিৰেও ইউৰেনাছৰ উপগ্ৰহতো সংৰক্ষিত হৈ আছে পানী! বিজ্ঞানীৰ দাবী

সৌৰজগতত পৃথিৱীৰ বাহিৰেও আন কোনো গ্ৰহত প্ৰাণী আছে নেকি? আছে নেকি পৃথিৱীত থকাৰ দৰে জীৱনদায়িনী পানী? এনেবোৰ প্ৰশ্নই বহু দিনৰে পৰা বিজ্ঞানীসকলৰ মনত দোলা দি আহিছে। শেহতীয়াকৈ ভয়েজাৰ অভিযানে এইক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য কঢ়িয়াই লৈ আহিছে।

নতুন কম্পিউটাৰ মডেলিঙৰ সৈতে সংযুক্ত তথ্যৰ বিশ্লেষণে প্ৰকাশ কৰিছে যে সৌৰজগতৰ প্ৰায় শেষ প্ৰান্ততো পানী আছে। সেই পানী ইউৰেনাছৰ চাৰিটা ডাঙৰ উপগ্ৰহত সংৰক্ষিত হৈ থকা বুলি বিজ্ঞানীসকল পতিয়ন গৈছে। সম্ভৱতঃ ইউৰেনাছৰ উপগ্ৰহৰ কেন্দ্ৰ আৰু বৰফৰ ভূত্বকৰ মাজত সাগৰ সদৃশ স্তৰ থাকিব পাৰে বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে।

ইউৰেনাছৰ পাঁচটা ডাঙৰ উপগ্ৰহ ক্ৰমে এৰিয়েল, উম্ব্ৰিয়েল, টাইটানিয়া, অবেৰন আৰু মিৰাণ্ডাত এনে পানী সংৰক্ষিত হৈ থকাৰ বহু সবল প্ৰমাণ পোৱা গৈছে। উল্লেখ্য ইউৰেনাছৰ কমেও ২৭ টা উপগ্ৰহ আছে, যাৰ ভিতৰত টাইটানিয়া হৈছে আটাইতকৈ ডাঙৰ, যি ১, ৫৮০ কিলোমিটাৰ বহল।


নাছাৰ জেট প্ৰপালচন লেবৰেটৰীৰ মুখ্য বিজ্ঞানী জুলি কাষ্টিলো-ৰোগেজে কয় যে ভয়েজাৰ-২ মহাকাশযানৰ তথ্য চালিজাৰি চাই ইউৰেনাছৰ উপগ্ৰহণত পানী থকাৰ কথাটো একপ্ৰকাৰ নিশ্চিত কৰা হৈছে। ভয়েজাৰ-২ মহাকাশযান খনে ১৯৮০ ৰ দশকত ইউৰেনাছৰ চাৰিওফালে উৰিছিল আৰু তাৰ পিছত নাছাৰ গেলিলিঅ, কেচিনি, ডন আৰু নিউ হৰাইজনছেও এই বিষয়ে তথ্য দিয়া বুলি তেওঁ কয়।

প্ৰাক্তন বিজেপি বিধায়ক জয় ৰাম ইংলেঙে যোগদান কৰিলে কংগ্ৰেছ দলত

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন চি ই এম তথা বিজেপিৰ বিধায়ক জয় ৰাম ইংলেঙে বুধবাৰে ডিফুত এখন বৈঠকত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ গৌৰৱ গগৈ, ভাৰতীয় জাতীয় কংগ্ৰেছ-অসমৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

ইংলেঙে ৩ মে’ত বিজেপিৰ পৰা পদত্যাগ কৰি ৫ মে’ত ৰাজ্যিক দলৰ সভাপতি ভবেশ কলিতাক পদত্যাগ পত্ৰ দাখিল কৰিছিল।২০১৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ ৬৩৯১টা ভোটৰ ব্যৱধানত অসমৰ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট সমষ্টিত জয়ী হৈছিল। কিন্তু ২০১৯ চনৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনত তেওঁৰ সলনি দাৰ্চিং ৰংহাঙক টিকট দিয়া হৈছিল। ২০ হাজাৰৰো অধিক ভোটত বিধানসভাৰ আসনত জয়লাভ কৰে ৰংহাঙে।

বিজেপিৰ পৰা ইংলেঙৰ বাহিৰ হোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও ২০১৯ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট নোপোৱাৰ বাবে তেওঁ হয়তো কেশৰ দল ত্যাগ কৰিছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে।

ইংলেঙৰ উপৰিও বুধবাৰে অসম কংগ্ৰেছত যোগদান কৰে কেএএচিৰ প্ৰাক্তন ইএম ভূপেন হাছনুৰ লগতে আন সাতজনো। কংগ্ৰেছ দলত যোগদান কৰা আন নেতাসকল হ’ল মহেশ্বৰ ৰায়ুং, এডৱাৰ্ড টপনো, মোহন টেৰন, ফিলিপ টেৰাং, কংবুৰা টিছ’, চন্দ্ৰ লক্ষে, আৰু লক্ষী কান্তি বৰদলৈ।

মণিপুৰৰ হিংসা আৰু সংঘৰ্ষৰ বাবে ১০০০ শৰণাৰ্থীয়ে আশ্ৰয় লৈছেহি অসমৰ কাছাৰ জিলাত

মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে ৫ মে’ত অসমৰ কাছাৰ জিলাত উপস্থিত হৈছে মুঠ ১০০০ জন লোক, যি হিংসাত্মক পৰিস্থিতিৰ বাবে ক্ষতিগ্ৰস্ত হৈ আহিছে।

মণিপুৰত শেহতীয়া ঘটনা সংঘটিত হোৱাৰ ফলত অসমত আশ্ৰয় লোৱা এইসকল লোক ক্ষতিগ্ৰস্ত হৈছে।

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাছাৰৰ জিলা প্ৰশাসনকো এই শৰণাৰ্থীসকলৰ যত্ন ল’বলৈ নিৰ্দেশ দিয়ে।

”আমি যৎপৰোনাস্তি চেষ্টা কৰিছো যাতে এই লোকসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। অসমৰ মুখ্যমন্ত্রীয়ে এইসকল লোকে কোনো সমস্যাৰ সন্মুখীন হ’ব নালাগে বুলিও নির্দেশ দিয়ে৷ যি লাগে তেওঁলোকৰ বাবে কৰা হৈছে। এখন মেডিকেলকো ইয়ালৈ আহি আশ্ৰয় লোৱা বৃদ্ধ আৰু শিশুৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে। এতিয়ালৈকে মুঠ ১০০০ লোকে আশ্ৰয় বিচাৰি জিলাখনলৈ আহিছে।” এই বিষয়টোক লৈ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত এই মন্তব্য কাছাৰৰ অধীক্ষক নুমল মহট্টাই।

ইফালে, মণিপুৰ চৰকাৰৰ গৃহ বিভাগে ৰাজ্যত চলি থকা আইন-শৃংখলাৰ পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদানৰ বাবে হেল্পলাইন চেণ্টাৰ স্থাপন কৰিছে।

হেল্পলাইন চেণ্টাৰটো ২৪x৭ কাৰ্যক্ষম হ’ব আৰু তলত উল্লেখ কৰা যিকোনো নম্বৰৰ জৰিয়তে যোগাযোগ কৰিব পাৰিব: ৯৪৩৬০৩৪০৭৭ (ৰেহানুদ্দিন চৌধুৰী, গৃহ বিভাগৰ যুটীয়া সচিব), ৭০০৫২৫৭৭৬০ (পিটাৰ চালাম, গৃহ বিভাগৰ যুটীয়া সচিব), ৮৭৯৪৪৭৫৪০৬ (ড০ থ. চৰণজীত সিং, গৃহ বিভাগৰ যুটীয়া সচিব), ৮৭৩০৯৩১৪১৪ (ডঃ মায়েংবাম ভেটো সিং, গৃহ বিভাগৰ উপ সচিব) আৰু ৭০৮৫৫১৭৬০২ (এছ. ৰুদ্ৰনাৰায়ণ সিং, গৃহ বিভাগৰ ডি এছ পি)।

ৰাজ্যৰ পাহাৰীয়া জিলাসমূহত ব্যাপক হিংসা আৰু সংঘৰ্ষৰ সৃষ্টি হোৱা মণিপুৰৰ শেহতীয়া আইন-শৃংখলা পৰিস্থিতিৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই হেল্পলাইন চেণ্টাৰৰ লক্ষ্য হৈছে এই পৰিস্থিতিত ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়োৱা আৰু তেওঁলোকক অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা লাভ কৰাত সহায় কৰা।

এমাহৰ ভিতৰত মাৰ্ঘেৰিটা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযোগনামা দাখিল কৰিব তিনিচুকীয়া আৰক্ষীয়ে

তিনিচুকীয়া আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে মাৰ্ঘেৰিটা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত এমাহৰ ভিতৰত অভিযোগনামা দাখিল কৰাৰ আশ্বাস দিছে। ইয়াৰ উপৰিও শীৰ্ষ জিলা পুলিচগৰাকীয়েও ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কাৰ্য্যবিধি গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে।

তিনিচুকীয়া আৰক্ষীয়েও এই ধৰ্ষণ আৰু হত্যাৰ অভিযোগত অধিক লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। মাৰ্ঘেৰিটা ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ অভিযুক্ত আনন তাঁতীৰ তলৰ অংগত গুলীৰ আঘাত পোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

ইয়াৰ পূৰ্বে তিনিচুকীয়া আৰক্ষীয়ে মাৰ্ঘেৰিটাৰ জয়নগৰত থকা চেপ্টিক টেংকৰ পৰা এগৰাকী ভুক্তভোগী কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰিছিল। ইয়াৰ পিছতে মাৰ্ঘেৰিটা আৰক্ষীয়ে মেনহাণ্টৰ অন্তত ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ অভিযুক্ত অনন তাঁতীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ সমীপৰ দেওমালি অঞ্চলত আত্মগোপন কৰি আছিল তাঁতীয়ে।

যোৱা ৪ মে’ৰ সন্ধিয়া অৰুণাচল প্ৰদেশৰ পৰা মাৰ্ঘেৰিটা থানালৈ নিয়াৰ সময়ত তাঁতিয়ে তেওঁলোকৰ জিম্মাত পৰা পলায়নৰ চেষ্টা চলোৱাৰ পিছতে আৰক্ষী জোৱানসকলে গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে।

৮ বছৰৰ পাছত বাংলাদেশত মুক্তি পাবলগীয়া প্ৰথম হিন্দী ছবি হ’ব ‘পাঠান’

বাংলাদেশত মুক্তি পাব শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত পাঠান।

শ্বাহৰুখ খান অভিনীত ‘পাঠান’ ৮ বছৰৰ পাছত বাংলাদেশত মুক্তি পোৱা প্ৰথমখন হিন্দী ছবি হিচাপে পৰিগণিত হ’ব।

১৯৭১ চনত বাংলাদেশে গঠন হোৱাৰ পিছৰে পৰা হিন্দী ছবিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

২০১৫ চনত ছলমান খানৰ ছবি ‘ৱাণ্টেড’ৰ বাবে এই নিষেধাজ্ঞা কিছু সময়ৰ বাবে উঠাই লোৱা হৈছিল।

কিন্তু ছবিখন মুক্তিৰ এসপ্তাহৰ পিছতে চিনেমা সংগঠনৰ ব্যাপক প্ৰতিবাদৰ বাবে ছবিখন উঠাই অনা হয়। অহা ১২ মে’ত বাংলাদেশত মুক্তি পাব ‘পাঠান’৷

অক্ষয় কুমাৰে ইনষ্টাগ্ৰামত ফ’ল’ কৰা সেই ৬ জন বিশেষ ব্যক্তি কোন…

অক্ষয় কুমাৰে ইনষ্টাগ্ৰামত ফ’ল’ কৰা সেই ৬ জন বিশেষ ব্যক্তি কোন? অক্ষয় কুমাৰৰ ইনষ্টাগ্ৰামৰ ফ’ল’ৱাৰৰ সংখ্যা ৬৪.৮ মিলিয়ন। কিন্তু অক্ষয় কুমাৰে ছ’চিয়েল মিডিয়াত মাত্ৰ ৬ জন লোকক ফ’ল’ কৰে। জানি লওক কোন এই ৬ জন ব্যক্তি যাৰ পোষ্টত অক্ষয় কুমাৰে চকু ৰাখে ৬৪.৮ মিলিয়ন ফ’ল’ৱাৰৰ ভিতৰত। ইনষ্টাগ্ৰামত পত্নী টুইংকল খান্নাক অনুসৰণ কৰে অক্ষয় কুমাৰে। ইয়াৰ লগতে তেওঁ টুইক ইণ্ডিয়াকো অনুসৰণ কৰে। টুইক ইণ্ডিয়া হৈছে এটা সংস্থা, যাৰ প্ৰতিষ্ঠাপক হৈছে টুইংকল খান্না। টুইংকল খান্নাৰ এই সংস্থাটোৱে মহিলাৰ সৈতে জড়িত ডিজিটেল কন্টেন্ট ৰাখে।

টুইংকল আৰু তেওঁৰ সংগঠনৰ উপৰিও অক্ষয় কুমাৰে কেৱল আৰু চাৰিজন লোকক অনুসৰণ কৰে। কিছুদিনৰ আগতে খিলাদী কুমাৰে বন্ধু মনীষ মান্ধনাৰ সৈতে কাপোৰৰ ব্ৰেণ্ড ফৰ্চ IX খুলিছিল। গতিকে অক্ষয়েও ইয়াক ইনষ্টাগ্ৰামত ফ’ল’ কৰে। ইয়াৰ উপৰিও তেওঁ পেড মেন ছবিখনৰ ইনষ্টাগ্ৰাম হেণ্ডেল আৰু প্ৰডাকচন হাউচ গট পিকচাৰ্ছকো অনুসৰণ কৰে।

এই ৫ জনৰ বাহিৰে অক্ষয় কুমাৰৰ তালিকাত ষষ্ঠ নাম হৈছে প্ৰাক্তন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোৰৰ। ৱৰ্ক ফ্ৰণ্টত অক্ষয়ৰ শেষ মুক্তিৰ ছবিখন হৈছে চলিত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত মুক্তি পোৱা চেলফি। যদিও এই ছবিখন বক্স অফিচত ফ্লপ হয়। একেৰাহে ৬টা ফ্লপৰ পিছত এতিয়া অক্ষয় কুমাৰে অতি সযতনে ছবি বাছনি কৰি আছে।

বাৰে বাৰে গৰম কৰি এই ৪টা বস্তু নাখাব, বহু ৰোগে আগুৰি ধৰাৰ সম্ভাৱনা…

কিছুমান খাদ্য সামগ্ৰী এনেকুৱা যে বাৰে বাৰে গৰম কৰি খালে বহু ৰোগ হোৱাৰ সম্ভাৱনা। বহুতে ৰাতি ৰৈ যোৱা খাদ্যখিনি ৰাতিপুৱা পুনৰ গৰম কৰি খায়। এনেকৈ খোৱাটো উচিত নহয়। সতেজ খাদ্যতকৈ ভাল খাদ্য আৰু একো নাই। আজি আমি আপোনালোকক বাৰে বাৰে গৰম কৰি কোন সমূহ খাদ্য খাব নালাগে-

১) আলুঃ আলুৰ পৰা তৈয়াৰী খাদ্য পুনৰ গৰম কৰিলে বহু বিপদৰ সৃষ্টি হ’ব পাৰে। আলু পুনৰ গৰম কৰিলে ইয়াত ক্লষ্ট্ৰিডিয়াম বটুলিনাম বেক্টেৰিয়া গঢ় লৈ উঠে, যাৰ ফলত বটুলিজম ৰোগ হ’ব পাৰে। এই ৰোগে মেৰুদণ্ড, স্নায়ু আৰু মগজুক আক্ৰমণ কৰি পক্ষাঘাতৰ সৃষ্টি কৰিব পাৰে। যদি আলুক গাখীৰ, ক্ৰীম আৰু ঘিউৰ দৰে নষ্ট হ’ব পৰা খাদ্য সামগ্ৰীৰ লগত মিহলি কৰা হয়, তেন্তে অসুস্থ হোৱাৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পাব পাৰে।
২) কচুঃ কচু পুনৰ গৰম কৰিলে লিষ্টেৰিয়া ম’ন’চাইট’জেনছ বেক্টেৰিয়াৰ দ্বাৰা হোৱা লিষ্টেৰিয়াছিছ ৰোগৰ সৃষ্টি হ’ব পাৰে। লিষ্টেৰিয়াছিছ হৈছে এনে এক সংক্ৰমণৰ ফলত ডিঙি জঠৰ, জ্বৰ, মূৰৰ বিষ আৰু কেতিয়াবা আক্ৰমণৰ সৃষ্টি হয়। এই বেক্টেৰিয়া খাদ্য সামগ্ৰীত থাকে।


৩) ভাতঃ প্ৰায়ে মানুহে ভাত গৰম কৰি খায়। কিন্তু কওঁ যে আলু আৰু কচুৰ দৰে চাউল পুনৰ গৰম কৰাটোও পৰিহাৰ কৰিব লাগে। কাৰণ ধানত ছিদ্ৰ থাকে, যিবোৰ তাপ প্ৰতিৰোধী আৰু ৰোগ সৃষ্টিকাৰী জীৱাণুৰ বৃদ্ধি কৰে।
৪) কণীঃ ব্ৰেকফাষ্টৰ এই জনপ্ৰিয় বস্তুটোত ছালমোনেলা বেক্টেৰিয়া থাকিব পাৰে, যাৰ ফলত পেটৰ বিষ, বমি, জ্বৰ আৰু ডায়েৰিয়া হ’ব পাৰে। যেতিয়া কণী সঠিক উষ্ণতাত জমা নহয় তেতিয়া ৰোগ সৃষ্টিকাৰী জীৱাণুবোৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰে। খাদ্যত অত্যধিক বেক্টেৰিয়া আৰু ৰোগ সৃষ্টিকাৰী জীৱাণুৰ উপস্থিতিৰ বাবে খাদ্য বিষক্ৰিয়া হ’ব পাৰে।


গতিকে এই সমূহ খাদ্য বাৰে বাৰে গৰম কৰি খোৱাটো উচিত নহয়।