Home Blog Page 1605

ৰেখাৰ স্বামীয়ে কিয় আত্মহত্যা কৰিছিল?ৰেখাই স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াতো ভাগ ল’ব নোৱাৰিলে, ইয়াৰ কাৰণ কি…

ৰেখাৰ স্বামীয়ে কিয় আত্মহত্যা কৰিছিল?ৰেখাই স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াতো ভাগ ল’ব নোৱাৰিলে, ইয়াৰ কাৰণ কি…? পেছাদাৰী জীৱনত অতি সফল হোৱা ৰেখাৰ ব্যক্তিগত জীৱনটোও অতি বেদনাদায়ক আছিল। স্বামী মুকেশ আগৰৱালাৰ আত্মহত্যাৰ বাবেও ৰেখাকে দায়ী সজাইছিল। ১৯৯০ চনত ৰেখাই মুকেশ আগৰৱালাক বিয়া কৰাইছিল।
১৯৯০ চনত দিল্লীৰ যুৱ ব্যৱসায়ী মুকেশ আগৰৱালাই বলিউডৰ প্ৰবীণ অভিনেত্ৰী ৰেখাৰ জীৱনত প্ৰৱেশ কৰিছিল।

কিছুদিন পিছত ৰেখাৰ বিবাহিত জীৱনত এটা ডাঙৰ ধুমুহা আহিল। তেওঁৰ স্বামী মুকেশ হতাশাত ভুগি আছিল এই কথা ৰেখাই জানিব পাৰিছিল। তেতিয়া ৰেখাই লাহে লাহে মুকেশৰ পৰা দূৰত্ব বঢ়াবলৈ আৰম্ভ কৰিছিল। একে সময়তে মুকেশে ৰেখাক চিনেমা এৰিবলৈ হেঁচা দি আছিল। দুয়োৰে চিন্তাৰ পথ একেই নাচিল, বিবাহৰ কেইমাহমানৰ পিছত তেওঁলোকৰ সম্পৰ্কত ফাঁট মেলিছিল।

এই সময়ছোৱাত দুয়োৰে মাজত বহু তৰ্ক-বিতৰ্ক আৰু কাজিয়া হৈছিল। ১৯৯০ চনৰ ছেপ্টেম্বৰ মাহত দুয়োজনে পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছিল। ২৬ ছেপ্টেম্বৰত ৰেখা আমেৰিকালৈ গৈছিল মঞ্চ শ্ব’ত অংশগ্ৰহণ কৰিবলৈ। এই সময়ছোৱাত ৰেখাই গম পোৱা নাছিল যে মুকেশ আগৰৱালাই এনে কিবা অঘটন কৰিব বুলি।১৯৯০ চনৰ ২ অক্টোবৰত মুকেশে নিজৰ ফাৰ্ম হাউচত ৰেখাৰ দুপাট্টাৰে ফাঁচী দি জীৱনৰ অন্ত পেলায়। মৃত্যুৰ পূৰ্বে মুকেশেও এখন ছুইচাইড নোট লিখিছিল। অৱশ্যে তেওঁৰ ছুইচাইড নোটত লিখিছে যে তেওঁৰ মৃত্যুৰ বাবে কোনোৱেই দায়ী নহয়।

অৱশ্যে মুকেশে তেওঁৰ মৃত্যুৰ বাবে কাকো জগৰীয়া কৰা নাছিল যদিও তাৰ বাবে ৰেখাক দোষাৰোপ কৰিয়েই থাকিল। বহুত অপমান সহ্য কৰিব লগা হৈছিল ৰেখাই। আনকি সেই সময়ত মুক্তি পোৱা ৰেখাৰ ছবি ‘শ্বেষনাগ’ৰ পোষ্টাৰবোৰো ক’লা হৈ পৰিছিল। ৰেখাক স্বামী হত্যাকাৰী বুলি কোৱা হৈছিল। ইমান অপমানৰ সন্মুখীন হৈ ৰেখা মুকেশৰ অন্ত্যেষ্টিক্ৰিয়ালৈও নাহিল।

মুকেশৰ মৃত্যুৰ দুমাহৰ পাছত ৰেখাই এক সাক্ষাৎকাৰত কয় যে যদি দুজন মানুহ একেলগে সুখী নহয় তেন্তে বিবাহ বিচ্ছেদ হোৱাৰ কোনো ক্ষতি নহয়। তেওঁ কয় যে মুকেশৰ মৃত্যুৰ বাবে তেওঁ দায়ী নহয়। এই ঘটনাৰ পিছত ৰেখাই কেতিয়াও বিয়া নকৰালে।

উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে কৰিলে উদ্বোধন

২০১৭ চনত আধাৰশিলা স্থাপন কৰা AIIMS আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

এইখন হৈছে উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS। আজি গৰু বিহুৰ দিনাই অসমবাসীক AIIMSখন উপহাৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।এই চাংসাৰিৰ AIIMSত থাকিব ৭৫০খন বিচনা।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰ্ছুৱেলী মুকলি কৰিলে তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়।

নলবাৰী, কোকৰাঝাৰ আৰু নগাঁও মেডিকেল কলেজ মুকলি কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে।

‘বিহু’ক বিহাৰৰ উৎসৱ বুলি কৈ বিতৰ্কত সোমাই পৰাৰ পিছতেই ক্ষমা খুজিলে হেমা মালিনীয়ে

অৱশেষত ভুল মানি ক্ষমা খুজিলে অভিনেত্ৰী হেমা মালিনীয়ে।

হেমা মালিনীয়ে সামাজিক মাধ্যমৰ যোগেদি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি বিতৰ্কত সোমাই পৰিছিল৷

বৃহস্পতিবাৰে ৩ ৰাজ্যৰ উৎসৱৰ প্ৰাকক্ষণত টুইটাৰ যোগেদি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছিল হেমা মালিনীয়ে৷

বিহুৰ ওলগ জনাবলৈ গৈ পাহৰি গৈছিল বিহু কাৰ জাতীয় উৎসৱ৷ বিহুক বিহাৰৰ বুলি কৈছিল অভিনেত্ৰী গৰাকীয়ে।

ইয়াৰ পাছতেই তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল অভিনেত্ৰী গৰাকী।

সেয়ে আজি এক টুইটযোগে ক্ষমা খোজে অভিনেত্ৰী গৰাকীয়ে। তেওঁ কয় যে, ”ভুল হৈ গ’ল! বিহুক মই বিহাৰৰ উৎসৱ বুলি কৈছিলো। আচলতে বিহু অসমৰহে জাতীয় উৎসৱ”।

https://twitter.com/dreamgirlhema/status/1646699867396530176?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1646699867396530176%7Ctwgr%5Ef671f96c7fa8cdcee6dd517cac92dcbcafe2e965%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.asomiyapratidin.in%2Fassam%2Fhima-malini-say-sorry-for-her-bihu-tweet

এগৰাকী ৰাজনৈতিক নেত্ৰী তথা অভিনেত্ৰীৰ এনে কাণ্ডই অসমবাসীক বাৰুকৈয়ে ব্যথিত কৰিছিল।

অতিৰিক্ত ওজনৰ বাবে চিনেমাৰ পৰা বিদায় ল’লে ৰাধিকা আপ্তে। এতিয়া তৰমুজ খোৱাৰ আৰম্ভ কৰিছে…

অতিৰিক্ত ওজনৰ বাবে চিনেমাৰ পৰা বিদায় ল’লে ৰাধিকা আপ্তে। এতিয়া তৰমুজ খোৱাৰ আৰম্ভ কৰিছে…।ৰাধিকা আপ্তেয়ে অতিৰিক্ত ওজনৰ বাবে এখন ছবিৰ কাম এৰিবলগীয়া হৈছিল। এই কথা অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। ১৪ এপ্ৰিলত অ’টিটি প্লেটফৰ্ম জি৫ত মুক্তি পাবলৈ সাজু হৈছে ৰাধিকা আপ্তেৰ আগন্তুক চিনেমা ‘মিচেছ আণ্ডাৰকাভাৰ’। এই ছবিখনৰ জৰিয়তে পুনৰবাৰ নিজৰ অভিনয় দেখুৱাবলৈ সম্পূৰ্ণ সাজু হৈছে ৰাধিকা আপ্তে। ইফালে, ৰাধিকাই প্ৰকাশ কৰিছে যে প্ৰাৰম্ভিক সময়ত অভিনেত্ৰীগৰাকীয়ে অতিৰিক্ত ওজনৰ বাবে এখন ছবি এৰিবলগীয়া হৈছিল।

ৰাধিকা আপ্তেই প্ৰকাশ কৰে যে, ‘যেতিয়া মই ক্ষীণ আছিলো, তেতিয়া মোক কোৱা হৈছিল যে তোমাৰ নাক কিয় জোঙা নহয় আৰু তোমাৰ স্তন কিয় সৰু।’ বহুতে মোৰ শৰীৰক ঠাট্টা কৰিছিল।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব AIIMS লগতে মুকলি কৰিব ৩ খনকৈ মেডিকেল কলেজ…

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব AIIMS লগতে মুকলি কৰিব ৩ খনকৈ মেডিকেল কলেজ। ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৩,৪০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। গুৱাহাটীৰ চাংসাৰিস্থিত এইমছ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে পৰিচিত হ’ব।

AIIMS মুকলি অনুষ্ঠানতে প্ৰধানমন্ত্ৰী গৰাকীয়ে ‘আয়ুষ্মান’ আঁচনিৰ শুভাৰম্ভ কৰিব ৷

বিহুৰ বতৰত মধুৰি আম পাতৰ উপকাৰীতা বিষয়ে জানক…

মধুৰি আমৰ বহুতো উপকাৰীতা আছে যদিও বহু অপকাৰীতাও আছে। এতিয়া মানুহৰ সৰু-সুৰা ৰোগ হোৱাৰ বতৰ। কিয়নো এতিয়া যিহেতু ঠাণ্ডাৰ পৰা গৰমলৈ আহিছে। আনহাতে চাৰিওফালে শুকান, ধূলি আৰু ধূলি। গতিকে এনে সময়ত আমি মধুৰি আম খাওঁতে সাৱধানতা অৱলম্বন কৰিব লাগে।

চৰ্দি, কাহ হৈ থকা লোকে মধুৰি আমৰ খাব নালাগে, কাৰণ ইয়াৰ প্ৰভাৱ ঠাণ্ডা। বিশেষকৈ ৰাতি খোৱাৰ পৰা বিৰত থাকিব লাগে।

মধুৰি আম আঁহযুক্ত খাদ্য যিয়ে পাচনত সহায় কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যাও দূৰ কৰে, কিন্তু আপুনি জানি আচৰিত হ’ব যে এই ফল অত্যধিক সেৱনে পাচনতন্ত্ৰত অতি বেয়া প্ৰভাৱ পেলায়, কিন্তু যিসকল খিংখিঙীয়া স্বভাৱৰ তেওঁলোকে মধুৰি আমৰ খাব লাগে।

মধুৰি আমত পৰিমাণে ফ্ৰুক্ট’জ আৰু ভিটামিন চি থাকে, এই দুয়োটাকে অতিৰিক্তভাৱে খালে পেট ফুলাৰ সমস্যা হ’ব পাৰে। ইয়াৰ ফলত শৰীৰে অধিক ভিটামিন চি শোষণ কৰাত অসুবিধাৰ সৃষ্টি কৰে। মনত ৰাখিব যে মধুৰি আম খোৱাৰ পিছত লগে লগে শুব নালাগে, নহ’লে পেট ফুলা সমস্য়া বাঢ়িব।


ডায়েবেটিছ ৰোগীক প্ৰায়ে পৰামৰ্শ দিয়া হয়, সীমিত পৰিমাণত মধুৰি আম খাবলৈ।দিনটোত এটাৰ পৰা দুটা মজলীয়া আকাৰৰ মধুৰি আম খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী।

ভাৰতৰ বক্সিঙৰ গৌৰৱ ‘খেল ৰত্ন’ লাভলিনা বৰগোহাঁই, লন বল চেম্পিয়ন ‘অর্জুন’ নয়নমনি শ‍ইকীয়া আৰু বক্সিং ফেডাৰেচনৰ হেমন্ত কলিতাক সম্বর্ধনা অসম অলিম্পিক সংস্থাৰ

ৰাজ্যৰ ক্ৰীড়াজগতৰ শীৰ্ষ সংস্থা অসম অলিম্পিক সংস্থাই শেহতীয়াকৈ আই বি এ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত জয়ী হোৱা বক্সিং চাঞ্চল্য লাভলিনা বৰগোহাঁই, কমনৱেল্থ গেমছত সোণৰ পদক লাভ কৰা নয়নমনি শ‍ইকীয়া আৰু ভাৰতীয় বক্সিং ফেডাৰেচন মহাসচিব হেমন্ত কলিতাক এক জাকজমকীয়া অনুষ্ঠানত সম্বৰ্ধনা জনায়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্রী লগতে অসম অলিম্পিক সংস্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে এই অনুষ্ঠানৰ শোভাবর্ধন কৰে।


ৰাজ্যৰ গণ্য মাণ্য ব্যক্তিসকলৰ উপস্থিতিত তাৰকা খেলুৱৈসকলৰ প্রত্যেককে সর্বানন্দ সোণোৱালে এখনি ফুলাম গামোছা, এটা জাপি, এটা স্মাৰক আৰু পঞ্চাশ হাজাৰ টকাৰ চেকেৰে সম্বৰ্ধনা জনায়।

আজিৰ অনুষ্ঠানত অসম অলিম্পিক সংস্থাৰ তৰফৰ পৰা ৰাজ্যৰ অন্যান্য তাৰকা খেলুৱৈ তথা প্রশিক্ষকসকলকো সম্বৰ্ধনা জনোৱা হয়। তেওঁলোক হৈছে বক্সিং তাৰকা হিচাপে কল্পনা চৌধুৰী, ভাগ্যৱতী কছাৰী, পৈলাও বসুমতাৰী আৰু অংকুশিতা বড়ো, ট্রিপল লন বলৰ চেম্পিয়ন মৃদুল বৰগোহাঁই আৰু পুতুল সোণোৱাল, বক্সিং প্রশিক্ষক ত্ৰিদীপ বৰা৷ অসম অলিম্পিক সংস্থাৰ উপৰিও ৰাজ্যৰ বহু ক্রীড়া সংস্থাই খেলুৱৈসকলক উষ্ম আদৰণি জনোৱাৰ লগতে সম্বর্ধনা জনায়। উক্ত অনুষ্ঠানত ৰাজ্যসভাৰ (অসম) সাংসদ ভুৱনেশ্বৰ কলিতা, সংবাদ মাধ্যমৰ বিশিষ্ট ব্যক্তি জয়ন্ত বৰুৱা, সঞ্জীৱ নাৰায়ণ, প্ৰণয় বৰদলৈ আৰু ৰাজদ্বীপ বাইলুং বৰুৱাৰ উপৰিও অসম অলিম্পিক সংস্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, কোষাধ্যক্ষ তপন দাস, অসমৰ অন্যান্য ক্রীড়া সংস্থাসমূহৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।


অনুষ্ঠানত ভাষণ দি কেন্দ্রীয় মন্ত্রী তথা অসম অলিম্পিক সংস্থাৰ সভাপতি সর্বানন্দ সোণোৱালে কয়, “আজি ইয়াত যিসকল ক্রীড়াবিদক সম্বর্ধনা জনোৱা হৈছে তেওঁলোকক মই আন্তৰিক অভিনন্দন জনাইছোঁ৷ আপোনালোকে খেলজগতত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই কেৱল আমাক গৌৰৱান্বিত কৰাই নহয়, অসমৰ ক্ৰীড়াবিদসকলক এক উন্নত আৰু উজ্জ্বল ভৱিষ্যতৰ দিশে ধাৱমান হোৱাত আশাৰ সঞ্চাৰ কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীজীৰ নেতৃত্বত ভাৰতৰ ক্ৰীড়াত এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিছে। মোডীজীৰ ঐকান্তিক প্রচেষ্টাৰ বলতে আমাৰ খেলুৱৈসকলক বিশ্ব মঞ্চত উৎকৃষ্ট প্রদর্শনত সক্ষম কৰিবলৈ নীতিগত পৰিৱৰ্তন কৰি এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰা হৈছিল। ইয়াৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহো খেলুৱৈসকলৰ খেলৰ মানদণ্ড বিশ্ব পৰ্যায়ৰ হোৱাকৈ বিকশিত কৰা হৈছিল।”

ক্রীড়াক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ সম্ভাৱনাৰ বিষয়ে কোৱাৰ সময়ত সোণোৱালে লগতে কয়, ‘আমাৰ অঞ্চলত ক্ৰীড়াৰ অপৰিসীম সম্ভাৱনা আছে। আমাৰ প্ৰধানমন্ত্ৰীয়ে সদায় সুস্থ ভাৰত গঢ়াৰ দিশত ক্ৰীড়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি আহিছে৷ ক্ৰীড়াৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ অপৰিসীম সম্ভাৱনাক মোডীজীয়েও স্বীকৃতি দিছিল। সেই কাৰণেই ইম্ফলত ভাৰতৰ প্ৰথমখন ক্রীড়া বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। যিহেতু মোডীজীয়ে সদায় উত্তৰ পূৰ্বাঞ্চলক নতুন ভাৰতৰ বিকাশৰ অন্যতম মুখ্য ইঞ্জিন বুলি চিনাক্ত কৰে। TOPS কার্যসূচীয়ে ইতিমধ্যে ক্রীড়া জগতত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। মোডীজীৰ নেতৃত্বত আমাৰ খেলুৱৈসকলক সহায় কৰাৰ লগতে তেওঁলোকৰ উন্নত প্ৰদৰ্শনৰ বাবে অনুকূল পৰিৱেশ গঢ়ি তোলাৰ দিশত আমাৰ নিৰপেক্ষ প্রচেষ্টা অব্যাহত হৈয়েই আছে।”


অনুষ্ঠানত ভাষণ দি আই বি এ বিশ্ব বক্সিং চেম্পিয়ন তথা অলিম্পিক পদক বিজয়ী লাভলিনা বৰগোহাঁইয়ে কয়, ‘আজি ইয়াত মোক জনোৱা এই সন্মানৰ বাবে অসম অলিম্পিক সংস্থাক ধন্যবাদ দিব লাগিব। এনেধৰণৰ সন্মানে মোক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে৷ মই আশা কৰোঁ যে এনেধৰনৰ অনুষ্ঠানে ক্রীড়াক সফল কেৰিয়াৰ হিচাপে বাচনি কৰাত সজাগতা বৃদ্ধি কৰিব। এজন ক্রীড়াবিদ হিচাপে মোৰ যাত্ৰাত সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে মই ব্যক্তিগতভাৱে সৰ্বানন্দ সোণোৱাল ছাৰক ধন্যবাদ জনাইছো৷ ক্ৰীড়াৰ বিভিন্ন দিশৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে আমি এটা ফাউণ্ডেশ্যন আৰম্ভ কৰিছো য’ত আমি আগন্তক ক্রীড়াবিদসকলক শীৰ্ষ পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সময়ত সন্মুখীন হোৱা বিভিন্ন বিষয় বা উদ্বেগ সম্পৰ্কে পৰামৰ্শ দিয়াৰ চেষ্টা কৰিম। খাদ্যৰ পৰা আৰম্ভ কৰি চিকিৎসা বা পুষ্টিৰ গুৰুত্ব যিকোনো খেলুৱৈৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমাৰ ফাউণ্ডেচনে ক্ৰীড়াৰ এনে বহু দিশত ক্ৰীড়াবিদসকলক পথ প্ৰদৰ্শন কৰিব৷ আৰম্ভণিতে আমি আগন্তক মাহত ১০০০ জন খেলুৱৈৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পৰিকল্পনা কৰিছো।’


অনুষ্ঠানত ভাষণ দি কমনৱেলথ গেমছৰ লন বলৰ পদক বিজয়ী নয়নমনি শ‍ইকীয়াই কয়, “আজি অসম অলিম্পিক সংস্থাই মোক সম্বৰ্ধনা জনোৱাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়৷ মই নিশ্চিত যে ইয়াৰ দ্বাৰা বহুতকে লন বল ক্রীড়াক পেছাদাৰীভাৱে গ্ৰহণ কৰিবলৈ উৎসাহ যোগাব লগতে আগন্তক দিনত অসম আৰু ভাৰতৰ বাবে অধিক পদক লাভ কৰিবলৈ অনুপ্ৰাণিত কৰিব। মোৰ সংগ্ৰামৰ দিনৰ পৰা এতিয়ালৈকে এই দীঘলীয়া সময়চোৱাত ক্রীড়াত মনোনিৱেশ কৰিবলৈ আৰু প্ৰতিখন খেলতে সম্ভৱপৰ উত্তম প্রদর্শন আগবঢ়াবলৈ অহৰহ উৎসাহ যোগোৱাৰ বাবে সৰ্বানন্দ সোণোৱাল ছাৰক আন্তৰিক ধন্যবাদ জনাইছো।”


ভাৰতীয় বক্সিং ফেডাৰেচনৰ প্ৰধান সম্পাদক হেমন্ত কলিতাই কয়, ‘আজি ইয়াত অসম অলিম্পিক সন্থাই মোক যি সন্মান প্ৰদান কৰিছে, মই নিজকে ধন্য অনুভৱ কৰিছোঁ৷ আমাৰ খেলুৱৈসকলৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ সুবিধাৰ বাবে ক্রীড়া প্ৰশাসক হিচাপে মোৰ ভূমিকা হৈছে এক যাত্ৰা যিটো মই প্ৰতিদিনে নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰো৷ এই সুন্দৰ যাত্ৰাক আজি ইয়াত সংস্থাই স্বীকাৰ কৰি লোৱাটোৱে মোক অপৰিসীম আনন্দ দিয়ে। ই মোক আমাৰ বক্সাৰসকলক বিশ্বব্যাপী বিজয়ী প্রদর্শন আগবঢ়োৱাত সুবিধা প্ৰদানৰ বাবে মোৰ সাধ্য অনুসৰি কাম কৰিবলৈ অনুপ্ৰাণিত কৰিছে।”

২০১৪ চনত অসমবাসীক দিয়া প্ৰতিশ্ৰুতিৰ উত্তৰ বিচাৰি সংবাদ মেলত অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীলৈ ১৮টা প্ৰশ্ন

আজি অসম প্ৰদেশ কংগ্ৰেছৰ এখন সংবাদ মেল সম্বোধন কৰি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে বক্তব্য আগবঢ়ায়৷

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক স্বাগতম জনোৱাৰ সমান্তৰালভাৱে ২০১৪ চনত অসমবাসীক তেখেতে দিয়া কেইটামান প্ৰতিশ্ৰুতিৰ উত্তৰ বিচাৰে এনেদৰে—

১/ অসমৰ বিদেশী সমস্যাৰ সন্দৰ্ভত তেখেতে কৈছিল- ১৬ মে’ৰ পাছত সকলো বাংলাদেশীয়ে টালি-টোপোলা বান্ধি যাব লাগিব ! কিন্তু CAA আনি সমস্যা স্থায়ীহে কৰিলে !
প্ৰশ্ন – বিদেশী সমস্যা সমাধান হ’ল নেকি ?

২/ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাটো বাদেই, আপুনি যোৱা সময়চোৱাত এবাৰো বানপানীত ক্ষতিগ্ৰস্ত এলেকা পৰিভ্ৰমণ কৰাও দৃষ্টিগোচৰ নহল আৰু অন্য ৰাজ্যৰ তুলনাত বান-সাহায্যৰ ক্ষেত্ৰত অসমক মাহী আইৰ দৃষ্টিৰেহে চালে !
বানপানী আৰু গৰাখহনীয়াৰ সমস্যা কেতিয়া সমাধান হব ?

৩/ অসমৰ আজিৰ তাৰিখৰ আন এক জলন্ত সমস্যা হ’ল সীমা সমস্যা !
মেঘালয় , অৰুণাচল, নাগালেণ্ড ,মিজোৰাম সকলো সীমান্তৰ আমাৰ স্থানীয় লোকে অনিদ্ৰাত ৰাতি কটাব লগীয়া হয় আৰু আৰক্ষী জোৱানে প্ৰাণ দিবলগীয়া হয়! উত্তৰ আছেনে ?

৪/ অসম চুক্তিৰ ৬ নং দফা কিয় অগ্ৰাহ্য কৰা হল ?

৫/ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত কিয় কথা দি কথা নাৰাখিলে!
উত্তৰ আছেনে ?

৬/ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বা NRC ক লৈ কিয় এটা শব্দও শুনিবলৈ নাপালো ?

৭/ বছৰি ২ কোটি চাকৰি কেন্দ্ৰত আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ২৫ লাখ চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল, সেয়া কি হ’ল! কিয় যুৱ-প্ৰজন্মৰ ভৱিষ্যতৰ সপোনক লৈ ফাঁকি দিলে? নে বছৰি ২ কোটি আৰু ২৫ লাখ নিবনুৱাক চাকৰি দিলে তাৰ উত্তৰ লাগে ?

৮/ মূল্যবৃদ্ধি বৰ্তমান সকলোৰে বাবে এক জ্বলন্ত সমস্যা! মূল্যবৃদ্ধিৰ প্ৰশ্নত আপুনি এতিয়ালৈকে ‘ম’ শব্দটোও লোৱা দেখা নাই? পেট্ৰল, ডিজেল, ৰন্ধন গেছ, ঔষধ- এইবোৰ বস্তুৰ দাম কেতিয়া কমাব বা নিয়ন্ত্ৰণ কৰিব পাৰিব ? উত্তৰ লাগে ?

৯/ “বেটি বচাও, বেটি পঢ়াও” আঁচনিৰ নামত সৰ্বস্তৰতে আভুৱা ভৰা হ’ল, কাৰণ প্ৰায় ৭ হাজাৰ স্কুল ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু ৩ হাজাৰ স্কুল অসমত বন্ধ হওঁ হওঁ অৱস্থাত আছে। তেনেস্থলত আমাৰ সাধাৰণ খাটিখোৱা মানুহৰ ল’ৰা-ছোৱালীয়ে ক’ত পঢিব? এই আঁচনি প্ৰহসনত পৰিণত নহ’লনে? উত্তৰ লাগে?

১০/ নাৰী সমৃদ্ধি, সুকন্যা, কোমল জীৱন- এইবোৰ আঁচনিৰ বাবে অতি কষ্টোপাৰ্জিত সাধাৰণ জনতাৰ ধন কিয় আপুনি LIC/SBI ৰ জৰিয়তে আদানিক দি SBI আৰু LIC ৰ দৰে দেশৰ দুটা শক্তিশালী বিত্তীয় সংস্থাক নিশকটীয়া কৰিলে তাৰ উত্তৰ লাগে?

১১/ অসমৰ পৰা ৰাইজৰ অজ্ঞাতে কিয় ১২ খন যাত্ৰীবাহী ৰে’লগাড়ী বন্ধ কৰিলে ?

১২/ A for Assam বুলি ডিঙিত গামোচা লৈ আৱেগ সৃষ্টি কৰি উন্নয়ণৰ পৰিবৰ্তে ২৭ খনকৈ টোলগেট দি অতিৰিক্ত মাচুলৰে অসমৰ জনতাক মাধমাৰ দিছে কিয়! তাৰ উত্তৰ লাগে ?

১৩/ “এডভাণ্টেজ আসাম”ৰ নামত কিমান অসমলৈ বিনিয়োগ আহিল আৰু “টুইন টাৱাৰ” ক’ত গ’ল! উত্তৰ দিয়ক।

১৪/ “স্মাৰ্ট চিটি”ৰ নামত অহা ৪০০ কোটি টকাৰে “স্মাৰ্ট চিটি”ৰ কাম নকৰি বেংকত জমা থৈ অসম চৰকাৰে সুদ খাই মুনাফা লৈ আছে। আপুনি কিয় নিমাতে আছে ?

১৫/ আপোনাৰ আদৰ্শ গাওঁ আঁচনি প্ৰহসনত পৰিণত হ’ল! তথাপি আপুনি নিমাত কিয় ?

১৬/ অষ্টলক্ষ্মী বুলি কৈ আপুনিহে অসমক লক্ষ্মী দিয়াৰ পৰিবৰ্তে অসমৰ তেল, গেছ, চাহপাত তলে তলে বহিঃৰাজ্যৰ বণিয়াৰ হাতত তুলি দি অসমক নিশকটীয়া কৰিলে আৰু ১লাখ ৩২ হাজাৰ কোটিৰ ধাৰৰ বোজা অসমৰ কান্ধত জআঁপই দিলে! এতিয়া ৰাইজৰ ১০০ কোটি টকাৰে বিহু পাতিছে। আমি আপত্তি কৰা নাই। কিন্তু জাগীৰোড , পাঁচগ্ৰাম কাগজ কল দুটা সক্ষম কিয় কৰিব নোৱাৰিলে? উত্তৰ লাগে ?

১৭/ নাৰী সুৰক্ষাৰ ক্ষেত্ৰত আমি শংকিত, কাৰণ যিদিনা বিলকিছ বানুৰ বলাৎকাৰীক ফুলৰ মালৰে আদৰি মঞ্চত আতিথ্য দিয়া হৈছিল, সেইদিনাই বুজিলোঁ ভাৰতত ভাৰতত নাৰী কিমান সুৰক্ষিত ?

১৮/ শেষত এটা প্ৰশ্ন নুসুধিলে আধৰুৱা হ’ব- দুৰ্নীতিৰ প্ৰশ্নত শূন্য-সহনশীল বুলি জাহিৰ কৰা আপোনাৰ কাৰ্যকালত আদানি, ললিত মোডী, মেহুল ভাই, লুই বাৰ্জাৰ, সাৰদা এইবোৰৰ ক্ষেত্ৰত আপুনি নীৰৱ কিয়? আদানিৰ ২০ হাজাৰ কোটিৰ তদন্তৰ বাবে যুটীয়া সংসদীয় কমিটী বা JPC ৰ অনুমতি নিদিয়ে কিয় ?

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত নৱনিযুক্ত ৭১,০০০ প্রার্থীক নিয়োগ পত্ৰ কৰিলে বিতৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাত সম্বোধন কৰে। বিভিন্ন চৰকাৰী বিভাগ তথা সংস্থাত নতুনকৈ নিযুক্তিপ্রাপ্ত প্রায় ৭১,০০০ প্রার্থীক প্রধানমন্ত্রীয়ে আজি আনুষ্ঠানিকভাৱে নিয়োগ পত্ৰ বিতৰণ কৰে। নৱনিযুক্তসকলে ‘কর্মযোগী প্ৰাৰম্ভ’ৰ জৰিয়তে যাৱতীয় প্ৰশিক্ষণ ল’ব পাৰিব ৷ ‘কর্মযোগী প্ৰাৰম্ভ’ হৈছে বিভিন্ন চৰকাৰী বিভাগৰ সকলো নতুন নিযুক্তিৰ বাবে অনলাইন পাঠ্যক্ৰমৰ বিশেষ প্লেটফৰ্ম। আজি প্রধানমন্ত্ৰীৰ এই অনুষ্ঠানৰ সময়ত ৪৫টা স্থানৰপৰা নৱনিযুক্ত প্রার্থীসকল, জনপ্রতিনিধিসকল আৰু উচ্চপদস্থ বিষয়াসকল সংযুক্ত হৈছিল।


ৰোজগাৰ মেলাত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে বৈশাখী, বিহু উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তদুপৰি, নৱনিযুক্ত প্ৰাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালকো প্রধানমন্ত্ৰীয়ে আন্তৰিক অভিনন্দন জনায়। আজি প্রধানমন্ত্রীয়ে মন্তব্য কৰে যে উন্নত ভাৰতৰ সংকল্প প্রাপ্ত কৰাৰ বাবে যুৱপ্ৰজন্মৰ প্ৰতিভা আৰু শক্তিৰ সঠিক মূল্যায়ন কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।

ৰোজগাৰ মেলাক যুৱপ্ৰজন্মৰ প্ৰতি থকা চৰকাৰৰ দায়বদ্ধতাৰ নিদৰ্শন বুলি কৈ প্রধানমন্ত্রীয়ে উল্লেখ কৰে যে গুজৰাটৰপৰা অসম আৰু উত্তৰ প্ৰদেশৰপৰা মহাৰাষ্ট্ৰলৈকে এন ডি এ শাসিত ৰাজ্যসমূহত চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া দ্ৰুতগতিত চলি আছে। তেওঁ উল্লেখ কৰে যে,মধ্যপ্ৰদেশত কালি ২২,০০০তকৈও অধিক শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছিল।

প্রধানমন্ত্ৰীয়ে লগতে কয়, “আজিৰ নতুন ভাৰতে নীতি আৰু ৰণনীতিৰ সৈতে আগবাঢ়ি গৈছে, যাৰ জৰিয়তে নতুন সম্ভাৱনাৰ দুৱাৰো মুকলি হৈছে”। তেওঁ কয় যে, ২০১৪ চনৰ পাছত পূৰ্বৰ সময়ৰ তুলনাত ভাৰতত নিযুক্তি আৰু স্ব-নিযুক্তিৰ যথেষ্ট সুযোগ সৃষ্টি হৈছে। অমৃতকালৰ ভিতৰত দেশক আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত আগভাগ ল’ব লাগিব যুৱপ্ৰজন্মই। আত্মনিৰ্ভৰ ভাৰত অভিযান হৈছে দেশৰ গাঁও, চহৰ আদি সকলোতে কোটি কোটি নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ এক অনন্য অভিযান। প্রধানমন্ত্রীয়ে ষ্টার্টআপৰ বৃদ্ধি আৰু ভাৰতীয় যুৱপ্ৰজন্মৰ উৎসাহৰ উদাহৰণ দি এক প্ৰতিবেদনৰ কথা উল্লেখ কৰে য’ত কোৱা হৈছে যে ষ্টাৰ্টআপসমূহে ৪০ লাখতকৈও অধিক প্ৰত্যক্ষ বা পৰোক্ষ চাকৰিৰ সৃষ্টি কৰিছে। তেওঁ ড্ৰ’ন আৰু ক্রীড়া খণ্ডক নিযুক্তিৰ নতুন পথ হিচাপেও উল্লেখ কৰে।


প্রধানমন্ত্রীয়ে নিযুক্তি সৃষ্টিৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ বাবে বিনিয়োগৰ ভূমিকাৰ সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ কয় যে মূলধন ব্যয়ত গুৰুত্ব দিয়াৰ ফলত পথ, ৰে’ল, বন্দৰ আৰু ভৱনৰ দৰে আন্তঃগাঁথনিৰ সৃষ্টি হৈছে। আন্তঃগাঁথনিমূলক নিযুক্তিৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত মূলধন ব্যয় চাৰিগুণ বৃদ্ধি পাইছে।

প্রধানমন্ত্রী মোদীয়ে বৰ্ধিত উদ্যোগ আৰু ক্ষুদ্ৰ উদ্যোগসমূহক শক্তিশালী কৰাৰ কথাও উল্লেখ কৰে। তেওঁ প্রধানমন্ত্রী মুদ্রা যোজনাৰ কথা উল্লেখ কৰে যিয়ে শেহতীয়াকৈ ৮ বছৰ সম্পূৰ্ণ কৰিছে। আঁচনিখনৰ অধীনত ২৩ লাখ কোটি টকাৰ অধিক বেংক গেৰাণ্টিমুক্ত ঋণ বিতৰণ কৰা হৈছে আৰু ইয়াৰ ৭০ শতাংশতকৈও অধিক হিতাধিকাৰী হৈছে মহিলা।তেওঁ কয়, “এই আঁচনিয়ে ৮ কোটি নতুন উদ্যোগীৰো সৃষ্টি কৰিছে” ।


আজি নৱনিযুক্তসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ২০৪৭ চনৰ ভিতৰত ভাৰত আত্মনিৰ্ভৰ হোৱাৰ লক্ষ্যৰে আগবাঢ়ি যোৱাৰ সময়ত দেশৰ উন্নয়নত অৰিহণা যোগোৱাৰ এয়া এক সুবর্ণ সুযোগ। এই সুযোগৰ সদ্ব্যৱহাৰ কৰি নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিবলৈ তেওঁলোকক সোণোৱালে আহ্বান জনায়৷ গুৱাহাটীৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজি এক ঐতিহাসিক মুহূর্ত, কিয়নো আমি প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আমাৰ যুৱপ্ৰজন্মক শক্তিশালী কৰাৰ বাবে আৰু এখোজ আগবাঢ়িছোঁ।

আজি যোগদান কৰা ৭১,০০০ কৰ্মচাৰীৰ প্ৰতিজনকে মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। মোদীজীৰ সক্ষম নেতৃত্বত মই নিশ্চিত যে আপোনালোকৰ প্রত্যেকেই এই অমৃতকালত আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ দিশত সবল ভূমিকা পালন কৰি যাব। মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ৰোজগাৰ মেলা হৈছে যুৱপ্ৰজন্ম চালিত উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাৰ এক অনুপম নিদর্শন।” আজি গুৱাহাটীত ২০৭ গৰাকী নৱনিযুক্ত প্ৰাৰ্থীয়ে নিযুক্তি পত্ৰ লাভ কৰে ।

বিহুৰ নামত স্থাপন হ’ল দুটা বিশ্ব অভিলেখ…

বিহুৰ অপূৰ্ব পৰিৱেশনেৰে উদুলি মুদুলি হৈ পৰিল সৰুসজাই।কি ঢুলীয়া, কি নাচনী সকলো আনন্দত মতলীয়া হৈ পৰিল৷

একেদিনাই দুটাকৈ বিশ্বৰেকৰ্ড গঢ়িলে অসমৰ বিহুৱে !

গীনিজ কৰ্তৃপক্ষৰ উপস্থিতিত বিহুৰ অনন্য প্ৰদৰ্শন।

একেলগে ১১হাজাৰৰো অধিক বিহুৱা-বিহুৱতীয়ে প্ৰদৰ্শন কৰিলে বিহু।

একে স্থানত ১১ হাজাৰৰো অধিক নাচনী আৰু ঢুলীয়াৰ প্ৰদৰ্শনৰ অভিলেখৰ লগতে একে স্থানত ৩০০০ ঢুলীয়াৰ ঢোলবাদনৰ অভিলেখ স্থাপন হ’ল সৰুসজাইত।