Home Blog Page 1609

ওজন হ্ৰাস কৰিবলৈ ধনীয়া পাত আৰু পদিনা পাত অতি উপকাৰী…

আজিৰ দিনত ওজন বৃদ্ধি হোৱাটো সকলোৰে সমস্যা হৈ পৰিছে। যদি আপুনি শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখিব বিচাৰে বা ওজন কমাব বিচাৰে তেন্তে ধনীয়া পাত আৰু পদিনা পাত সেৱন কৰিব পাৰে।


ধনীয়া পাত-
প্ৰত্যেক ঘৰতে সহজে পোৱা যায় ধনীয়া পাত। ধনীয়া পাতে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয় শৰীৰক বহু দিশত উপকাৰ কৰে। ধনীয়া পাত প্ৰতিদিনে পুৱা খালী পেটত সেৱন কৰিব লাগে। এনে কৰিলে আপোনাৰ বিপাকীয় ক্ৰিয়াৰ হাৰ বৃদ্ধি পায় আৰু শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি কমি যায়। সেইবাবেই দৈনিক সেৱন কৰিব পাৰি ধনীয়া পাত।


পদিনা পাত-
যদি আপুনি আপোনাৰ ওজন বৃদ্ধিৰ বাবে চিন্তিত তেন্তে আপোনাৰ খাদ্য তালিকাত পদিনা পাত অন্তৰ্ভুক্ত কৰক।পদিনাই ভোক নিয়ন্ত্ৰণৰ কাম কৰে। যাৰ বাবে ওজন সহজে কমাব পাৰি। একে সময়তে কওঁ যে পদিনাত থকা গুণবোৰেও হজম শক্তি ভাল কৰি ৰাখে। ইয়াৰ লগতে ধনীয়া পাত সেৱনে ওজন কমোৱাত সহায় কৰে।আপুনি ধনীয়া পাত বিভিন্ন ধৰণে খাব পাৰে। যদি ৰাতিপুৱা খালী পেটত ধনীয়া পাত খায়, তেতিয়া আপুনি অধিক উপকাৰ লাভ কৰিব।

গতিকে ওজন কমাবলৈ ধনীয়া পাত আৰু পদিনা পাত দৈনিক সেৱন কৰিব পাৰে।

গ্ৰীষ্মকালত আলমণ্ড কেঁচাকৈ খাব লাগে নে তিয়াই খাব লাগে? জানক আলমণ্ডৰ ৫টা উপকাৰৰ বিষয়ে…

গ্ৰীষ্মকালত আলমণ্ড কেনেকৈ খাব লাগে ? জানেনে…। গ্ৰীষ্মকালত মানুহে প্ৰায়ে বিভ্ৰান্ত হয় যে আলমণ্ড কেঁচাকৈ খাব লাগে নে তিয়াই খাব লাগে? আলমণ্ড এটা স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্য, বেছিভাগ মানুহেই ইয়াৰ উপকাৰিতাৰ বিষয়ে জানে। ইয়াক সকলো সময়তে খোৱা হয় যদিও গ্ৰীষ্মকালত কিছু সাৱধানতাৰ প্ৰয়োজন হয়। কিয়নো কেঁচা আলমণ্ড হজম কৰাত কিছুমান মানুহৰ বাবে অসুবিধা হ’ব পাৰে, যাৰ ফলত পেট ফুলা, গেছ আৰু পেটৰ অস্বস্তিৰ সৃষ্টি হ’ব পাৰে। গতিকে গ্ৰীষ্মকালত আলমণ্ড কেনেকৈ খাব…

গৰমত তিয়াই থোৱা আলমণ্ড খালে ভাল। আলমণ্ড পানীত ৰাতি বা কেইবা ঘণ্টা ধৰি তিয়াই থ’লে ইয়াৰ ছালখন সহজে আঁতৰোৱাত সহায়ক হয় আৰু লগতে ইয়াৰ পুষ্টিকৰ উপাদানৰ গুণো বৃদ্ধি পায়। ইয়াৰ উপৰিও তিয়াই থোৱা আলমণ্ড সহজে হজম হয় আৰু গ্ৰীষ্মকালত আপোনাৰ শৰীৰক ঠাণ্ডা কৰি ৰখাত সহায় কৰিব পাৰে। কেঁচা আলমণ্ড খোৱাটো পাচনতন্ত্ৰৰ বাবে অলপ কঠিন হ’ব পাৰে। সেয়েহে আলমণ্ড তিয়াই ৰখাটো এটা ভাল অভ্যাস।

তিয়াই থোৱা আলমণ্ড কেঁচা আলমণ্ডতকৈ সহজে হজম হয়।

তিয়াই থোৱা আলমণ্ডত প্ৰয়োজনীয় ফেটি এচিড থাকে যিয়ে জ্ঞানমূলক কাৰ্য্য উন্নত কৰাত সহায় কৰে আৰু মগজুৰ শক্তি বৃদ্ধি কৰে।

তিয়াই থোৱা আলমণ্ড কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছৰ ভাল উৎস, যিবোৰ হাড়ৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য খনিজ পদাৰ্থ।

তিয়াই থোৱা আলমণ্ডত পোৱা স্বাস্থ্যকৰ চৰ্বি আৰু এন্টিঅক্সিডেন্টে বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।

তিয়াই থোৱা আলমণ্ডত এন্টিঅক্সিডেন্ট থাকে, আলমণ্ড দৈনিক খালে দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

ওদালগুৰিত ২৩ নম্বৰ বেটিলিয়ানৰ উদ্যোগত অনুষ্ঠিত হোৱা বিউটিচিয়ান আৰু চিলাই প্ৰশিক্ষণৰ সামৰণি

যুৱ প্ৰজন্মই নিজে নিজে কৰ্মসংস্থাপনৰ বাট মুকলি কৰি ল’ব পৰাকৈ এমাহ জোৰা বিনামূলীয়া বিউটিচিয়ান আৰু চিলাই প্ৰশিক্ষণৰ আজি সফল সামৰণি পৰে।

২৩ নম্বৰ (ব্যাটালিয়ন)এছ এছ বি লালপুল অসমৰ চিভিক এক্সছন প্রগ্ৰামৰ অন্তৰ্গত বিউটিচিয়ান আৰু চিলাইৰ‌ বিনামূলীয়া প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানৰ লগতে সৌৰ শক্তি চালিত স্ত্রিত লাইট, ডাছবিন, পানী শোধন কৰা যন্ত্ৰ আৰু খেলৰ সামগ্ৰী অনুষ্ঠানত বিতৰণ কৰা হয়।

ওদালগুৰিৰ কাল্চাৰ ভৱনত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠান খনত বেজপাৰা ছেক্তৰ হেড কোৱাৰ্টৰৰ পৰা অহা ডি আই জি এন্থনি থানমিয়ে মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত থাকি সকলোকে অভিনন্দন জনোৱাৰ লগতে এছ এছ বিয়ে ৰাইজৰ হৈ কৰি থকা বিভিন্ন সামাজিক কাম কাজৰ বিষয়ে অৱগত কৰে ৰাইজক।

লালপুলস্থিত ২৩ নম্বৰ বেটিলিয়ানৰ কমাণ্ডেণ্ট অফিচাৰ প্ৰভিন কুমাৰ,আৰু কমাণ্ডেণ্ট ভোলানাথ যাদৱ ৰাইজৰ সুবিধাৰ্থে ওদালগুৰি জিলাৰ অন্তৰ্গত বিভিন্ন ক্লাব, বিদ্যালয়ৰ‌ গাঁওবুঢ়া আৰু সমুদায়ৰ নেতা সকলক খেলৰ সামগ্ৰী, ডাষ্টবিন,পানী ফিল্টাৰ আৰু সৌৰ শক্তি চালিত লাইট ৰাজহুৱা স্থানত ব্যবহাৰ কৰাৰ কাৰণে প্ৰদান কৰে।

প্ৰশিক্ষণৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানটোত নেহৰু যুব কেন্দ্ৰ ওদালগুৰিৰ ডেপুটি ডিৰেক্টৰ শেখৰ দেৱ, বিশিষ্ট সমাজসেৱক সুনীল বসুমতাৰী, শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়া,এম আৰ এছ ডি এনজিঅ ৰ অধ্যক্ষ মিলন দাসৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক, গাওঁ বুঢ়া আৰু সমুদায়ৰ নেতা আৰু যুৱক যুৱতী সকলে অংশগ্ৰহণ কৰে।

জুৱাৰীৰ বিৰুদ্ধে ধিং আৰক্ষীৰ তীব্ৰ অভিযান; আটক তিনি

জুৱাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে ধিং আৰক্ষীয়ে। ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰশ্বাদে এফালৰ পৰা চাফা কৰি যাবলৈ চেষ্টা কৰিছে জুৱাৰ ঘাটি।

জানিব পৰা মতে, সোমবাৰে নিশা ধিং আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি লাঙ্গিয়া গাঁৱৰ পৰা এক জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে উত্তৰ কলাডুবাৰ চাইদুল ইছলাম, এমৰাজুল ইছলাম , ২ নং লাঙ্গিয়াৰ ৰহমত আলীক আটক কৰে৷

অংগনবাড়ী কেন্দ্ৰৰ গৃহ নথকাৰ বাবে লক্ষ্মী মন্দিৰত চলিছে কণ কণ শিশু সকলৰ পাঠদান

যি সময়ত ৰাজ্য চৰকাৰে ব্যয়বহুল খৰচ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মডেল অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰিছে তেনে সময়ত এটি স্থায়ী গৃহ নথকাৰ বাবে স্থানীয় লক্ষী মন্দিৰত চলিছে ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ মোনাবাগ চাহ বাগিছাৰ হাঠখলাৰ ১৩৯ নং অংগনবাদী কেন্দ্ৰৰ কণ কণ শিশু সকলৰ পাঠদান৷


ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰত কৰ্মৰত কৰ্মী গৰাকীয়ে কয়, “এগৰাকী মহিলাই স্থায়ী গৃহ নথকাকৈ কণ কণ শিশু সকলক চম্ভালিবলৈ অসুবিধা হ্য়৷ গৰম খাদ্য প্ৰস্তুত কৰিবলৈও অসুবিধা হয়৷ বতাহ বৰষুণ দিলে পাঠদান কৰিব নোৱাৰি৷ চৰকাৰে সোনকালে এটা স্থায়ী অংগনবাদী কেন্দ্ৰৰ সুদিধা কৰি দিয়ে যেন৷”

অমৃতপালৰ সহায়ক পাপলপ্ৰীত সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ

পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ এদিন পিছতে পলাতক খালিস্তান নেতা তথা ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ ঘনিষ্ঠ সহায়ক পাপলপ্ৰীত সিঙক মঙলবাৰে অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হয়। সোমবাৰে অমৃতসৰৰ কথু নংগল অঞ্চলৰ পৰা পাপলপ্ৰীতক গ্ৰেপ্তাৰ কৰা হয়।

অমৃতপালৰ ঘনিষ্ঠ সহায়ক পঞ্জাৱৰ মুখ্য কাৰ্যালয়ৰ আৰক্ষী মহাপৰিদৰ্শক সুখচাইন সিং গিলে সংবাদ মাধ্যমক অৱগত কৰি কয় যে পাপলপ্ৰীতক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

“অমৃতপাল সিঙৰ মুখ্য সহযোগী পাপলপ্ৰীত সিঙক অমৃতসৰ গ্ৰাম্য আৰক্ষীয়ে কাথু নাংগল অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰটো ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কৰা হৈছিল৷ অমৃতপালৰ সহযোগী হোৱাৰ উপৰিও তেওঁক ছয়টা গোচৰত বিচৰা হৈছিল৷ গিলে কয় যে তেওঁৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷

পলাতক খালিস্তানৰ নেতাগৰাকীৰ সৈতে পাপলপ্ৰীতক দেখা গ’ল ৰাজ্যৰ আৰক্ষীয়ে তেওঁলোকৰ বাবে ড্ৰেগনেটৰ পৰা পলায়ন কৰাৰ পিছত উত্থাপিত হোৱা কেইবাখনো ফটোত; আৰু অতি সোনকালে বিশ্ববাসীৰ সন্মুখত আবিৰ্ভাৱ হ’ব”।

পাপলপ্ৰীতক পলাতক খালিস্তান নেতাৰ সৈতে কেইবাখনো আলোকচিত্ৰত দেখা গৈছিল যিবোৰ ৰাজ্যিক আৰক্ষীৰ দ্বাৰা তেওঁলোকৰ বাবে ড্ৰেগনেট কাষ্টৰ পৰা পলাই যোৱাৰ পিছত পোহৰলৈ আহিছিল। ৩০ মাৰ্চত এক অপ্ৰমাণিত ভিডিঅ’ত, ‘ৱাৰিছ পাঞ্জাৱ দে’ৰ মুৰব্বীয়ে কৈছিল যে তেওঁ “পলাতক” নহয় আৰু সোনকালেই “বিশ্বৰ সন্মুখত উপস্থিত হ’ব”।

হেপাটাইটিচ ‘এ’ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কামৰূপ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ পদক্ষেপ

উত্তৰ গুৱাহাটীৰ আমিনগাঁওৰ লোক কলনী, মধ্যম, ২৬ নং কলনী, হঠাৎ কলনী, কালিবাৰী, শ্ৰীনাথ পট্টি আদি অঞ্চলত হেপাটাইটিচ ‘এ’ ৰোগী চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা প্ৰশাসনে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত এই ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কিছু সংখ্যক তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছে।

জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে উক্ত অঞ্চলৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগে উক্ত অঞ্চলত ব্লিছিং পাউদাৰ আদি বিতৰণ কৰিছে যাতে পানীৰ উৎস বিজাণু মুক্ত কৰিব পৰা যায়। এই অঞ্চলৰ ওচৰত থকা বৰফৰ উদ্যোগ (Ice-cream Factory) এটা নমুনাৰ প্ৰতিবেদন নোপোৱালৈকে ইতিমধ্যে বন্ধ কৰা হৈছে আৰু ইয়াৰ পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এটা গোটে যোৱাকালি এই অঞ্চল পৰিদৰ্শন কৰি হোপাটাইটিচ ‘এ’ আক্ৰান্ত গৃহ সমূহলৈ গৈ এই ৰোগীৰ সংস্পৰ্শলৈ অহা ব্যক্তিৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে। চিকিৎসক, লেবৰেটৰী টেকনিচিয়ান ইত্যাদিৰে সমৃদ্ধ গোটটোৱে অঞ্চলটোৰ পানীৰ উৎস সমূহৰ নমুনাও সংগ্ৰহ কৰিছে যাতে ৰোগৰ প্ৰকৃত কাৰণ উলিয়াব পৰা যায়।

জিলা প্ৰশাসনৰ তৰফৰ পৰা ২টা চিকিৎসকৰ গোট, তেজৰ নমুনা তথা সংস্পৰ্শৰ চিনাক্তকৰণৰ বাবে ২টা নিৰীক্ষণ গোট, ২টা জনসচেতনতাৰ গোটক প্ৰতিদিনে নিয়োজিত কৰা হৈছে। লক্ষণ থকা ৰোগীৰ তেজৰ নমুনা লগে লগে সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে যাতে উপযুক্ত চিকিৎসা লগে লগে আগবঢ়াব পৰা যায়।

জিলা উপায়ুক্তই লক্ষণ থকা ৰোগীক সোনকালে চিকিৎসাৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে। ৰোগৰ লক্ষণ থকা ব্যক্তিয়ে গাৱঁলীয়া ঔষধ তথা নিজে ঔষধ সেৱনৰ পৰা বিৰত থাকি চিকিৎসকৰ পৰামৰ্শ লবলৈ আহ্বান জনাইছে। জিলা প্ৰশাসনকে ধৰি জিলাৰ স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা লৈ আছে বুলিও তেওঁ কয়৷

জনতা ভৱনত কৃষি, উদ্যান শস্য বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মন্ত্ৰী অতুল বৰা

অসমৰ অৰ্থনীতি মুখ্যতঃ কৃষি আৰু আনুষঙ্গিক খণ্ডৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে ৰাজ্যখনৰ অৰ্থনৈতিক গতি ত্বৰান্বিত কৰিবলৈ হ’লে এই খণ্ডক টনকিয়াল কৰাটো অত্যন্ত প্ৰয়োজনীয়। মঙলবাৰে জনতা ভৱনত কৃষি, উদ্যানশস্য বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় মন্ত্ৰী অতুল বৰা৷

বৈঠকত চৰকাৰৰ বিভিন্ন আঁচনি তথা নীতিৰ ৰূপায়ণৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে পিএম কিষাণ, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাকে ধৰি বিভিন্ন কল্যাণকামী আঁচনিৰ ৰূপায়ণৰ সাম্প্ৰতিক স্থিতি, বীজ আৰু কৃষি সম্পৰ্কীয় যন্ত্ৰৰ বিতৰণ, সাৰৰ উপলব্ধতা আদি গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰে।

কৃষকসকলে উৎপাদন বৃদ্ধিৰ বাবে যাতে বৈজ্ঞানিক পদ্ধতি আৰু আধুনিক সা-সঁজুলি অৱলম্বন কৰে, তাৰ বাবে তেওঁলোকক উৎসাহিত কৰাত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি জানিবলৈ দিয়ে। উপৰোক্ত সকলো কাম-কাজ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে যাতে হিতাধিকাৰীসকলে আঁচনিসমূহৰ সুফল লাভ কৰে। তদুপৰি, এই বৈঠকতে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি (RIDF)ৰ অধীনস্থ ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্পসমূহৰ অগ্ৰগতিৰো বুজ লই মন্ত্ৰী অতুল বৰাই।

বৈঠকত অসমত উদ্যানশস্য খণ্ডৰ সৰ্বাংগীণ উন্নয়নৰ বিভিন্ন দিশৰ অন্বেষণ কৰাৰ লগতে যুৱক-যুৱতীসকলে যাতে এই দ্ৰুত প্ৰগতিশীল তথা অত্যন্ত সম্ভাৱনাময় খণ্ডটোৰ প্ৰতি অধিক আকৰ্ষিত হ’ব পাৰে, সেই সন্দৰ্ভত চিন্তা-চৰ্চা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

এই বৈঠকত উপস্থিত থাকে কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস ভূটানী, ARIAS ছ’চাইটীৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক আকাশ দীপ, কৃষি বিভাগৰ সচিব এছ আৰ বৰ্ধন, অতিৰিক্ত সচিবদ্বয় দীপশিখা দে’, তেজ প্ৰসাদ ভূষাল, যুটীয়া সচিব গুণজিৎ কাশ্যপ, উদ্যানশস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা আৰু অন্যান্য বিষয়াসকল।

চলমান খানক হত্যাৰ ভাবুকি দিয়াৰ বাবে ৰাজস্থানৰ ১৬ বছৰীয়া লৰা আটক

মঙলবাৰে মুম্বাই আৰক্ষীয়ে আৰক্ষীৰ কণ্ট্ৰল ৰুমলৈ ফোন কৰি ছলমান খানক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত থানেৰ এজন ১৬ বছৰীয়া ল’ৰাক আটক কৰিছে।

আৰক্ষীয়ে জনোৱা মতে, ল’ৰাজন ৰাজস্থানৰ আৰু ভাবুকি জাৰি কৰাৰ আঁৰৰ তেওঁৰ উদ্দেশ্য জানিবলৈ তদন্ত চলি আছে।

যোৱা মাহত ছলমান খানৰ ভাবুকিপূৰ্ণ ই-মেইল পোৱাৰ পিছতে তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল।

শিৱসাগৰৰ আমগুৰি খনামুখৰ বানপিড়ীত অঞ্চলৰ মহিলাসকলক আৰ্থিক স্বাৱলম্বী দিশত আগুৱাই নিয়াৰ এক প্ৰয়াস প্ৰগতিশীল আত্মসহায়ক গোটৰ

শিৱসাগৰৰ আমগুৰি খনামুখ গাঁও পঞ্চায়তৰ প্ৰগতিশীল নামৰ এটি আত্মসহায়ক গোটৰ প্ৰশংসনীয় পদক্ষেপ। প্ৰায় ১০ গৰাকী মান সদস্যাই দৃষ্টি নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটিৰ পৰা এটি প্ৰশিক্ষণ লৈ পেলনীয়া সামগ্রী ছাই, হালধীৰ পৰা চাবোন প্ৰস্তুত কৰি উলিৱাৰ লগতে কাঠফুলাৰ খেতি, মুগা পলু পুহি ঘৰুৱা বিভিন্ন খাদ্য সামগ্রী পিঠা পনা আদিকে বনাই গোটৰ সদস্যাসকল আৰু গাঁৱৰ বিভিন্ন প্ৰান্তত বিক্ৰী কৰি তেওঁলোকৰ পৰিয়াল যথেষ্ট উপকৃত হৈছে।

পিছপৰা বানপিড়ীত অঞ্চলৰ মহিলাসকলক আৰ্থিক স্বাৱলম্বী দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত আৰু অধিক স্বাভালম্বী হ’বৰ বাবে স্থানীয় বিধায়ক গৰাকীকো সহায় সহযোগিতা আগবঢ়াবলৈ সংবাদ-মাধ্যমৰ যোগেদি মহিলাসকলে আহ্বান জনাইছে ।