“লোকতন্ত্ৰ বচাওঁ” শীৰ্ষক আলোচ্য বিষয়কলৈ কংগ্ৰেছে বিলাসীপাৰাৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে সত্যাগ্ৰহ কাৰ্যসূচী। বিলাসীপাৰা পূৱ আৰু পশ্চিম সমষ্টিৰ ব্লক কংগ্ৰেছৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা “লোকতন্ত্ৰ বচাওঁ” শীৰ্ষক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সৰ্ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক পৃথিৰাজ ছাথে ঘটায় কেইবাটাও ভয়ঙ্কৰ বিস্ফোৰণ।
অসমত কোনো কালেও এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতা নহয়। আনুষ্ঠানিক ঘোষণা AICC ৰ সম্পাদক পৃথিৰাজ ছাথেৰ। অনুষ্ঠানত সৰ্ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা গৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপি আৰু মোদীৰ বন্ধু আদানীক তীব্ৰ ভাষাৰে সমালোচনা কৰে।
নেতা গৰাকীয়ে আৰু কয় যে, সম্প্ৰতি দেশৰ গণতন্ত্ৰ বিপদত আছে। চৰকাৰক সমালোচনা কৰিলেই মোদী চৰকাৰে ED, CID, NIA আদি লগাই দিয়ে। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী মোদীৰ বন্ধু আদানীৰ কথা কৈ চৰম বিপদৰ সন্মুখীন হৈছে। আজি অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এই সত্যাগ্ৰহ কাৰ্যসূচীৰ জৰিয়তে দেশৰ সৰ্ব সাধাৰণ জনতাক মোদী আৰু আদানীৰ সম্পৰ্কৰ কথা বুজাবলৈ নিৰ্দেশ প্ৰদান কৰে।
অনুষ্ঠানত AICC ৰ সম্পাদক পৃথিৰাজ ছাথে, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অমৃত বাদশাহ, দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ওৱাজেদ আলী চৌধুৰী প্ৰমুখ্যে পূৱ, পশ্চিম সমষ্টিৰ শ শ কংগ্ৰেছ নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে।
ডালিমৰ বাকলিৰ গুড়ি কৰি এই গুড়ি দৈনিক সেৱন কৰক। এনে কৰিলে আপোনাৰ ছালৰ বহু পৰিৱৰ্তন হ’ব।
যদি আপুনি দৈনিক এই গুড়ি সেৱন কৰে, তেন্তে আপোনাৰ ছালখন সুস্থ হৈ উঠিব। ইয়াৰ বাহিৰেও ডিঙিৰ বিষৰ পৰা বহু সকাহ পাব আৰু ডালিম ওজন কমোৱাৰ বাবে আটাইতকৈ উপকাৰী বুলি প্ৰমাণিত হৈছে।
ডালিমৰ বাকলিয়ে আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী কৰে। কাণৰ সমস্যা থকা সকলৰ বাবেও ই অতি উপকাৰী। যিসকলৰ কাণত বিষ বা আন কোনো সমস্যা আছে, সেইসকলে ডালিমৰ বাকলি খোৱাৰ আৰম্ভ কৰক।
ফিনলেণ্ডক কিয় বিশ্বৰ আটাইতকৈ সুখী দেশ বুলি কোৱা হয়? এই ‘সুখৰ তালিকা’ত ভাৰত পিছ পৰি থকাৰ কাৰণ কি? ফিনলেণ্ডত স্বাস্থ্য সেৱা ব্যৱস্থা বহু উন্নত। ফিনলেণ্ডৰ ৰাজহুৱা পৰিবহণৰ কথা ক’বলৈ গ’লে যথেষ্ট নিৰ্ভৰযোগ্য আৰু সস্তা। ইয়াৰ হেলচিংকি বিমানবন্দৰটোৱে সমগ্ৰ উত্তৰ ইউৰোপৰ ভিতৰতে শ্ৰেষ্ঠ স্থান লাভ কৰিছে। ২০২৩ চনৰ বিশ্ব সুখৰ প্ৰতিবেদনত ফিনলেণ্ডক বিশ্বৰ আটাইতকৈ সুখী দেশ হিচাপে ঘোষণা কৰা হৈছে। ফিনলেণ্ডে একেৰাহে ষষ্ঠবাৰৰ বাবে হেপিনেছ ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছে। এই তালিকাত ফিনলেণ্ডৰ পিছতে আছে ডেনমাৰ্ক আৰু তৃতীয় স্থানত আছে আইচলেণ্ড। প্ৰশ্ন হয় ফিনলেণ্ডৰ নাগৰিকসকল আন দেশৰ মানুহতকৈ কিয় বেছি সুখী? আচলতে ফিনলেণ্ডত বহু বিশেষ কথা আছে, যাৰ বাবে ফিনলেণ্ড সুখৰ তালিকাত শীৰ্ষ স্থান লাভ কৰিছে। যেনে আয়ৰ বৈষম্য কম (সৰ্বাধিক দৰমহা পোৱা আৰু সৰ্বনিম্ন দৰমহাৰ মাজত কম পাৰ্থক্য), অধিক সামাজিক সমৰ্থন, সিদ্ধান্ত লোৱাৰ স্বাধীনতা আৰু কম দুৰ্নীতি। এই সকলোবোৰ কথাই ফিনলেণ্ডক এখন সুখী দেশ কৰি তুলিছে।
কেৱল এয়াই নহয়, ফিনলেণ্ডত ৰাজহুৱা পুঁজিৰে স্বাস্থ্যসেৱা ব্যৱস্থাৰ এক ভাল পদক্ষেপ। ফিনলেণ্ড, নৰৱে আৰু হাংগেৰীত তিনিওখন দেশতে আয়ৰ বৈষম্য একে। কিন্তু তথাপিও ফিনলেণ্ডৰ মানুহ এই দুখন দেশতকৈ বেছি সুখী। কাৰণ, বিশ্ব বৈষম্য তথ্যকোষৰ মতে, ফিনলেণ্ডৰ সৰ্বাধিক দৰমহা পোৱা বহুলোকে তেওঁলোকৰ মুঠ আয়ৰ মাত্ৰ এক তৃতীয়াংশহে নিজে লয়।
ভাৰত কিয় সুখী নহয়? যিখন দেশৰ মানুহৰ স্বাধীনতা নাই, সেই দেশখন কেনেকৈ সুখী হ’ব আৰু যিখন দেশৰ মানুহে বিভিন্ন কথাত ভয় কৰে, সেই দেশখনো কেনেকৈ সুখী হ’ব। এই সকলোবোৰ কথাই বুজাব পাৰে যে সুখী দেশৰ তালিকাত তুৰস্ক আৰু ভাৰত কিয় ইমান পিছ পৰি আছে। এই তালিকাত ভাৰতক ১২৫ নম্বৰ আৰু তুৰস্কক ১০৬ নম্বৰত স্থান দিয়া হৈছে। আনহাতে বাস কৰিবলৈ আটাইতকৈ বেয়া দেশখন হৈছে আফগানিস্তান।ফিনলেণ্ডৰ জনসাধাৰণে সহজে সুখী হ’ব জানে।
অৰ্থনৈতিক আৰু সামাজিক সফলতাৰ ১০০ৰো অধিক বিশ্বব্যাপী পদক্ষেপৰ ক্ষেত্ৰত ফিনলেণ্ডে প্ৰথম। স্বাস্থ্যসেৱা খণ্ডই হওক, দৰমহাৰ কথাই হওক, ৰাজহুৱা পৰিবহণৰ প্ৰশ্নই হওক বা শিক্ষাৰ কথাই হওক সকলোতে সুখী ফিনলেণ্ড, বহু দেশত বৈষম্য অতি বেছি। ক’ৰবাত এই বৈষম্যই ‘সুখ’ৰ পৰিসৰ নিৰ্ধাৰণ কৰে। এনেবোৰ কাৰণতে ফিনলেণ্ডক বিশ্বৰ আটাইতকৈ সুখী দেশ বুলি কোৱা হয়।