Home Blog Page 1616

স্বাস্থ্য ভালে ৰাখিবলৈ ৰাতিপুৱা খালী পেটত এই কেইবিধ খাদ্য খাওঁক…

বাদাম -বাদাম যথেষ্ট পুষ্টিৰে সমৃদ্ধ। বাদামত প্ৰ’টিন, আইৰণ, ফছফৰাছ, আঁহ আদিৰ দৰে পুষ্টি পোৱা যায়। ৰাতিপুৱা খালী পেটত বাদাম খালে মগজু তীক্ষ্ণ হয় আৰু স্মৃতিশক্তি বৃদ্ধি হয়।

বাদামে শৰীৰটো স্বাস্থ্যৱান ৰখাত যথেষ্ট সহায় কৰে। 

কিচমিচ -কিচমিচ ঔষধি গুণাগুণেৰে সমৃদ্ধ। ই স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিচমিচত আইৰণ, প্ৰ’টিন, আঁহ অতি ভাল পৰিমাণত পোৱা যায়। নিয়মীয়া কিচমিচ খালে শৰীৰৰ দুৰ্বলতা আঁতৰ হয় আৰু শৰীৰত হিমোগ্লোবিনৰ স্তৰও বৃদ্ধি হয়। আপুনি ৬-৭ টা কিচমিছ ৰাতি পানীত তিয়াই থৈ ৰাতিপুৱা খাব পাৰে।

খালী পেটত কিচমিচলে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাৰ লগতে পাচন তন্ত্ৰও স্বাস্থ্যকৰ হ’ব। 

খেজুৰ-খেজুৰো শৰীৰৰ বাবে যথেষ্ট উপকাৰী বুলি গণ্য কৰা হয়। ৰাতি তিয়াই থোৱা খেজুৰ ৰাতিপুৱা খালে আপোনাৰ শৰীৰত আইৰণৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগতে পাচন তন্ত্ৰও শক্তিশালী হ’ব।

খেজুৰ নিয়মিত খালে আপোনাৰ হাড় শক্তিশালী হয় আৰু শৰীৰৰ পৰা দুৰ্বলতা আঁতৰ হয়।

বিজেপি বিধায়কৰ পুত্ৰ ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ

ছত্তীশগড়ৰ বিৰোধী দলপতি তথা বিজেপিৰ বিধায়ক নাৰায়ণ চাণ্ডেলৰ পুত্ৰ পলাশ চান্দেলক দুমাহতকৈ অধিক সময় পলাতক অৱস্থাত থকাৰ পিছত ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় বুলি আজি আৰক্ষীয়ে প্ৰকাশ কৰে।

পলাশ চান্দেলৰ বিৰূদ্ধে জনজাতীয় সম্প্ৰদায়ৰ এগৰাকী মহিলা শিক্ষয়িত্ৰীয়ে তেওঁক বিবাহৰ প্ৰতিশ্ৰুতি দি বহু বছৰ ধৰি যৌন শোষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

বৃহস্পতিবাৰে ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ছত্তীশগড়ৰ জাঞ্জগিৰ-চম্পাৰ বিজেপি বিধায়ক নাৰায়ণ চান্দেলৰ পুত্ৰ পলাশ চান্দেলক ২৫,০০০ টকাৰ জামিন বণ্ড দাখিল কৰাৰ পিছত জামিনত মুক্তি দিয়া হয়। পলাশে আগতে উচ্চ ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লাভ কৰিছিল।

কোভিডৰ ভয়াৱহ ৰূপ; এদিনতে নতুনকৈ ৯২৬ জন কোভিড-১৯ত আক্ৰান্ত

মহাৰাষ্ট্ৰত শুকুৰবাৰে ৯২৬ জন নতুনকৈ ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা পোৱা গৈছে৷

যিটো এই বছৰত এতিয়ালৈকে একক দিনত সৰ্বাধিক ক’ভিড-১৯ আক্ৰান্তৰ বৃদ্ধি।

ৰাজ্যখনত যোৱা ২৪ ঘন্টাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যা এদিন পূৰ্বে ৩,৯৮৭জনলৈ বৃদ্ধি পাইছে।

শুকুৰবাৰে মুম্বাইত ২৭৬ জন নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱা দেখা গৈছে, যিটো পূৰ্বৰ দিনতকৈ ২৭% বৃদ্ধি পাইছে।

মৰিগাঁৱত পিউজ গ্ৰুপ অৱ ইনষ্টিটিউশ্যন গুৱাহাটীৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন

চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ ক্ষেত্ৰত ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান পিউজ গ্ৰুপ অৱ ইনষ্টিটিউশ্যন কৰ্তৃপক্ষই মৰিগাঁও নগৰস্থিত মৰিগাঁও সেৱাশ্ৰম অতিথি শালাত দিনযোৰাকৈ অনুষ্ঠিত কৰে বিনামূলীয়া স্বাস্থ্য শিৱিৰ।

বিশেষকৈ পিউজ গ্ৰুপ অৱ ইনষ্টিটিউশ্যনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নিত্যানন্দ শৰ্মা আৰু ডাঃ প্ৰফুল্ল চন্দ্ৰ ডেকাৰ নেতৃত্বত ৰক্তচাপ, মধুমেহ, দৃষ্টি ,তেজ ,কেটাৰেক্ট ,ফিজিওথেৰাপী মূল্যাংকন আৰু পৰামৰ্শ, সাধাৰণ স্বাস্থ্য আদি পৰীক্ষা কৰি ৰোগ অনুসৰি ঔষধ বিতৰণ কৰা পৰিলক্ষিত হয়।

সজাগতা মূলকভাৱে অনুষ্ঠিত কৰা বিনামূলীয়া স্বাস্থ্য শিৱিৰটিত প্ৰায় দুই শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা কৰাই।

পিউজ গ্ৰুপ অৱ ইনষ্টিটিউশ্যনৰ ফিজিঅ’থেৰাপী,নাৰ্চিং আৰু পেৰামেডিকেল চাইন্সৰ মেডিকেল লেবৰটৰী টেকন’লজি,অপ্ট’মেট্ৰিক আৰু অপাৰেশ্যন থিয়েটাৰ টেকন’লজি বিভাগৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে শিবিৰটিত ভাগ লোৱা দেখা যায়।

সৰভোগ সাহাপুৰুত নিৰুদেহ এজন যুৱক

অসমত সঘনাই সংঘটিত হৈ আছে নিৰুদেহৰ ঘটনা৷

সৰভোগ সাহাপুৰৰ হানিফ উদ্দিন আলী মণ্ডলৰ পুত্ৰ ৰবিউল আলী যোৱা তিনিদিন ধৰি নিৰুদেহ হৈ আছে৷

বুধবাৰে বৰপেটাৰোডৰ পৰা ই-ৰিস্কাৰে বৰপেটালৈ ভাৰা লৈ যোৱাৰ পিছৰে পৰা নিখোজ হৈ আছে ৰবিউল আলী।

আবেলিৰ পৰা সন্ধিয়া সময়ত পত্নীৰ লগত যোগাযোগ আছিল আৰু সন্ধিয়া সাত বজাৰ পিছৰ পৰা নিৰুদেহ যুৱকজন । মোবাইল ফোন চুইছ অফ হৈ আছে যুৱকজনৰ।

হালধীয়া ৰংঙৰ গেঞ্জী আৰু জিঞ্জচৰ পেন্ট পিন্ধি উলাই গৈছিল যুৱকজন।

কোনো সদাশয় ব্যক্তিয়ে ৰবিউল নামৰ যুৱকজনক সন্ধান পালে 9334587909/ 60014899468 ফোন নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

কোনবোৰ কথাই হৃদযন্ত্ৰক নষ্ট কৰিব পাৰে জানেনে…

কোনবোৰ কথাই হৃদযন্ত্ৰৰ নষ্ট কৰিব পাৰে জানেনে…? বৰ্তমান সময়ৰ জীৱনশৈলীৰ বাবে হৃদৰোগ দ্ৰুতগতিত বিয়পি পৰিছে। কি কি বস্তু সেৱন কৰিব নালাগে এই বিষয়ে আপুনিও জ্ঞাত নে? দুৰ্বল জীৱনশৈলীৰ বাবে হৃদৰোগ দ্ৰুতগতিত বিয়পি পৰিছে। কাৰণ আজিকালি আমি আমাৰ খাদ্য-পানীয়ৰ সঠিক যত্ন ল’ব পৰা নাই। একে সময়তে আমি এনেবোৰ বস্তু খাদ্যত অন্তৰ্ভুক্ত কৰোঁ যিবোৰ আমাৰ হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক। হয়, কিছুমান বস্তু আছে যিয়ে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।আপুনিও যদি আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে কিছুমান বস্তু সেৱন নকৰিব। জানক আপুনি কি কি বস্তু সেৱন কৰিব নালাগে-

নিমখ আৰু চেনি-
অত্যধিক পৰিমাণৰ নিমখ আৰু চেনি সেৱন কৰিলে ই আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰাৰ কাম কৰে। যদি আপুনি অধিক চেনি আৰু নিমখ সেৱন কৰে, তেন্তে ই আপোনাৰ হাৰ্ট এটেকৰ আশংকাও সৃষ্টি কৰিব পাৰে। সেইবাবেই নিমখ আৰু চেনি সদায় সীমিত পৰিমাণত সেৱন কৰিব লাগে।


বহুতে চোডা খাই ভাল পায়, কিন্তু আমি আপোনাক কওঁ যে যদি আপুনি আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে চোডা সেৱনৰ পৰা আঁতৰি থাকিব লাগে। চোডা খোৱা লোকসকলৰ হৃদৰোগৰ আশংকা বেছি।


ফ্ৰাই চিকেন
মানুহে ডিপ ফ্ৰাই চিকেন খাবলৈ ভাল পায় যদিও ইয়াত কেলৰি আৰু ছডিয়াম থাকে, যিয়ে হৃদৰোগ সৃষ্টি কৰিব পাৰে।

গতিকে খাদ্য খোৱাৰ সময়ত এইবোৰ কথাত গুৰুত্ব দিব।

গুৱাহাটীৰ লালমাটিত মেজাংকৰি প্ৰকাশনৰ উদ্যোগত সাহিত্য অনুষ্ঠান…

আজিৰ কবিতাৰ ৩৩ সংখ্যাক বর্ষপতি উপলক্ষে মেজাংকৰি প্ৰকাশনৰ উদ্যোগত অপৰাজিতা সাহিত্য সভাৰ সহযোগত গ্ৰন্থ উন্মোচন, বঁটা প্ৰদান আৰু গীতে-মাতে, কবিতাৰে বসন্তৰ এদিন শীৰ্ষক এটি সাহিত্য অনুষ্ঠান অনুষ্ঠিত হয়। গুৱাহাটী লালমাটিস্থিত দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা উক্ত সাহিত্য অনুষ্ঠান খন পৰিচালনা কৰে আজিৰ কবিতাৰ মুখ্য সম্পাদক ডাঃ ভবেশ দাসে, আনহাতে সভাত বন্তি প্ৰজ্জ্বলন কৰে দক্ষিণ বৰসজাই দুৰ্গা মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতি অখিল চন্দ্ৰ গোস্বামীয়ে। সভা উদ্বোধন কৰে অপৰাজিতা সাহিত্য সভাৰ সভাপতি চিত্ৰৰঞ্জন শৰ্মাই।

খগেন্দ্ৰ নাথ বৰাৰ মৃন্ময় সুবাস উন্মোচন কৰে ডাঃ মৃন্ময় কুমাৰ নাথে লগতে বহু কেইবাগৰাকী লেখকৰ কাব্য গ্ৰন্থ উন্মোচন,গীত মাত, কবিতা পাঠে অনুষ্ঠানয়ো জীপাল কৰি তোলে।সাহিত্য অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ডঃ মঞ্জু দেৱী পেগু,কবি কাব্য নীল,কবি লেখক ডাঃ জয়ন্ত দাস,দৰং জিলা সাহিত্য সভাৰ সাংস্কৃতিক উপ সমিতিৰ আহ্বায়ক ডাঃ মৃন্ময় কুমাৰ নাথ
মন্দিৰ পৰিচালনা উপদেষ্টা ধনী ৰাম বৈশ্য।

গুৱাহাটীৰ বৰসজাই মৈদাম দুৰ্গা মন্দিৰৰ প্ৰাঙ্গনৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

চাকৰি এৰি অভিনয় কৰিছিল এইসকল বলিউদৰ অভিনেত্ৰীয়ে। এতিয়া সন্মুখীন হৈছে প্ৰত্যাহ্বানৰ…

অভিনয়ৰ বাবে চাকৰি ত্যাগ কৰা বলীউডৰ অভিনেত্ৰী সকলৰ বিষয়ে আজি আপোনালোকক জনাম।বলীউডৰ বহু শীৰ্ষ অভিনেত্ৰী গ্লেমাৰ জগতৰ অংশ হোৱাৰ আগতে ৯ৰ পৰা ৫টা কাম কৰিছিল। কিন্তু তাৰ পিছত চাকৰিৰ পৰা বিদায় লৈ বলীউডৰ বাট ল’লে। এই অভিনেত্ৰী সকল কোন কোন জানেনে-

জেকলিন ফাৰ্নাণ্ডেজঃ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজক শীৰ্ষ অভিনেত্ৰীৰ ভিতৰত গণ্য কৰা হয়। কিন্তু খবৰ অনুসৰি জেকলিন এগৰাকী সাংবাদিক আছিল, ছিডনীৰ পৰা গণসংযোগ অধ্যয়ন কৰিছিল জেকলিন। জেকলিন বৰ ধুনীয়া, সেয়েহে মডেলিং চেষ্টা কৰিছিল আৰু সেয়াই তেওঁৰ ভাগ্যত পৰিণত হৈছিল।

সোহা আলী খান: সোহাই অভিনয়ৰ পূৰ্বে বেংকত কাম কৰিছিল। লণ্ডন স্কুল অৱ ইকনমিক্স এণ্ড পলিটিকেল ছায়েন্সৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লোৱা সোহা আলী খান বৰ্তমান ছবিৰ পৰ্দাৰ পৰা আঁতৰত আছে যদিও বহু উৎকৃষ্ট ছবিত শক্তিশালী চৰিত্ৰত অভিনয় কৰিছিল।

পৰিনীতি চোপ্ৰাঃ ইকনমিক্স অনাৰ্ছৰ অধ্যয়ন সম্পূৰ্ণ কৰা পৰিনীতি চোপ্ৰাই বলিউদত প্ৰৱেশ কৰাৰ লগে লগে অভিনেত্ৰী হোৱা নাছিল যদিও আগতে পি আৰ টিমৰ সৈতে কাম কৰিছিল।

তাপসী পান্নুঃ ছবিৰ অনন্য আৰু ভিন্ন চৰিত্ৰৰ বাবে পৰিচিত তাপসী পান্নু। কিন্তু চফটৱেৰ ইঞ্জিনিয়াৰ তাপসীয়ে ইয়াৰ পূৰ্বে ব্যক্তিগত কাৰ্যালয়ত কাম কৰিছিল। কিন্তু তাৰ পিছত সেই কাম এৰি অভিনয়ৰ ভাগ্য পৰীক্ষা কৰিবলৈ আহিল আৰু প্ৰথমে তাই চাউথত কাম পালে।

আমীশা পেটেলঃ কোৱা হয় যে আমিশা পেটেলে এটা কোম্পানীত অৰ্থনীতি বিশ্লেষক হিচাপে কাম কৰি আছিল যেতিয়া ৰাকেশ ৰোশনে তেওঁক ‘কহো না প্যাৰ হায়’ৰ প্ৰস্তাৱ দিছিল। ছবিখনে দৰ্শকৰ পৰা বিপুল সহাঁৰি লাভ কৰিছিল আৰু তেওঁ বলীউডতে থাকি গ’ল।

ভেকুলীৰ জীৱন ৰক্ষা কৰা এখন দেশ। যিখন দেশত ভেকুলীয়ে ৰাস্তা পাৰ হ’বলৈ বন্ধ কৰা হয় যাতায়ত

ভেকুলীৰ জীৱন ৰক্ষা কৰা এখন দেশ। যিখন দেশত ভেকুলীয়ে ৰাস্তা পাৰ হ’বলৈ বন্ধ কৰা হয় যাতায়ত। জাৰ্মানীৰ পূৰ্বৰ ৰাজধানী বনত গৰমৰ দিনত মানুহে ভেকুলীক ৰাস্তা পাৰ কৰি দিয়ে। বহুতো পৰিৱেশ সংগঠন আৰু বেচৰকাৰী সংস্থাই বিশেষ অভিযান চলাই জীৱন ৰক্ষাৰ বাবে কঠোৰ পৰিশ্ৰম কৰে। ইয়াৰ আঁৰত আছে এক উদ্দেশ্য, উদ্দেশ্যৰ বিষয়ে জানিলে আপুনি আচৰিত হ’ব। বৰ্তমান গ্ৰীষ্মকাল , এনে পৰিস্থিতিত চৰাইৰ বাবে বেলকনিত পানী ৰখাৰ অভিযানে গতি লাভ কৰিছে। ইফালে পৃথিৱীৰ এনে এখন দেশো আছে, য’ত গ্ৰীষ্মকালত মানুহে ভেকুলী বোৰক অতি মৰম আৰু সাৱধানতাৰে বাট পাৰ কৰি নিজৰ জীৱন ৰক্ষা কৰে। এই কথা শুনি আচৰিত যেন লাগিলেও, এয়া এক সম্পূৰ্ণ সত্য কথা।

জাৰ্মানীৰ পূৰ্বৰ ৰাজধানী বনত মানুহে গৰমৰ দিনত ভেকুলীক ৰাস্তা পাৰ কৰি দিয়ে। গৰম বাঢ়িলে ভেকুলীবোৰে শীত নিদ্ৰাৰ বাবে ঠাই বিচাৰি ওলাই যায়, কিন্তু এই সময়ছোৱাত পথত দৌৰি যোৱা দ্ৰুতবেগী বাহনবোৰৰ তললৈ অহাৰ বাবে ভেকুলীবোৰৰ মৃত্যুমুখত পৰে। এনে পৰিস্থিতিত জাৰ্মানীৰ বহু স্বেচ্ছাসেৱী সংগঠনে ভেকুলী বচাবলৈ অভিযান আৰম্ভ কৰিছে।


এই প্ৰতিবেদন অনুসৰি বন্যপ্ৰাণী সংৰক্ষণৰ দৰে সংস্থাসমূহে বাহনৰ খুন্দাত মৃত্যু হোৱা ভেকুলীৰোৰক লৈ অশান্তি পাইছিল। এই দেখি শ শ স্বেচ্ছাসেৱকে ভেকুলীৰোৰক বচাবলৈ অভিযান আৰম্ভ কৰে। এতিয়া বহু সংগঠন আৰু বেচৰকাৰী সংস্থাই ভেকুলীক ৰাস্তা পাৰ কৰাবলৈ কাম কৰি আছে।

ভেকুলীৰ জীৱন ৰক্ষাৰ বাবে বহুতো পদ্ধতিৰে চেষ্টা কৰা হয় । ভেকুলীৰ জীৱন ৰক্ষাৰ বাবে ৰাস্তাৰ তলত এটা সুৰংগ নিৰ্মাণ কৰা হৈছে, যাতে ভেকুলীবোৰে সহজে পথটো পাৰ হ’ব পাৰে। ইয়াৰ বাহিৰেও ভেকুলীক বচাবলৈ সমগ্ৰ মহানগৰীত ৮০০টা ফেচিং কৰা হৈছে, যাৰ বাবে পথত চলাচল কৰা যান-বাহনৰ পৰা ভেকুলীবোৰক সুৰক্ষিত কৰা হৈছে।


জাৰ্মান বিশেষজ্ঞসকলৰ মতে এই ভেকুলীবোৰে বিষাক্ত পোক-পৰুৱা, মকৰা আৰু মহ খায়। ইয়াৰ বাবেই ভেকুলীৰ ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও ভেকুলীয়ে পানীৰ শেলাই খায়, যাৰ বাবে পানীৰ গুণাগুণ অক্ষুণ্ণ থাকে।

‘প্ৰধানমন্ত্ৰী শিক্ষিত হ’ব লাগে’! মনীষ ছিছ’দিয়াই কাৰাগাৰৰ পৰাই লিখিলে এখন চিঠি…

‘আমাৰ প্ৰধানমন্ত্ৰী নিৰক্ষ’! দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী ছিছোদিয়াই জেলৰ পৰা এখন চিঠি লিখিছে, এই পত্ৰত তেওঁ অভিযোগ কৰিছে যে প্ৰধানমন্ত্ৰী মোদী কম শিক্ষিত গতিকে তেওঁ দেশৰ ক্ষতি কৰিছে । ছিছ’দিয়াই অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে শিক্ষাৰ গুৰুত্ব বুজি নাপায় আৰু যোৱা কেইবছৰমানৰ পৰা তেওঁ সমগ্ৰ দেশৰ ৬০ হাজাৰ বিদ্যালয় বন্ধ কৰি দিছে।

ছিছ’দিয়াই কয় যে দেশৰ প্ৰগতিৰ বাবে প্ৰধানমন্ত্ৰী শিক্ষিত হোৱাটো প্ৰয়োজনীয়। কাৰাগাৰৰ পৰা দেশলৈ লিখা এখন পত্ৰত প্ৰধানমন্ত্ৰী মোডীৰ সাংবিধানিকতাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে মনীষ চিছ’দিয়াই। তেওঁ নিজৰ চিঠিত কৈছে যে যিহেতু দেশৰ প্ৰধানমন্ত্ৰী কম শিক্ষিত, গতিকে বিশ্বৰ মুৰব্বীসকলে তেওঁক সাৱটি ধৰি বহু কাগজত চহী কৰায় কাৰণ প্ৰধানমন্ত্ৰীয়ে বুজি নাপায় কাৰণ তেওঁ কম শিক্ষিত।

ছিছ’দিয়াই আৰু লিখিছে, আজি দেশৰ যুৱক-যুৱতীসকল অভিলাষী, তেওঁলোকে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰিব বিচাৰে। এজন কম শিক্ষিত প্ৰধানমন্ত্ৰীয়ে আজিৰ যুৱক-যুৱতীসকলৰ সপোন পূৰণ কৰিব পাৰিব নে? যোৱা কিছু বছৰত সমগ্ৰ দেশতে কিয় বন্ধ হৈছিল ৮০ হাজাৰ চৰকাৰী বিদ্যালয়? এফালে দেশৰ জনসংখ্যা বাঢ়িছে, গতিকে চৰকাৰী বিদ্যালয়ৰ সংখ্যাও বৃদ্ধি হ’ব লাগিছিল ! এইদৰে কাৰাগাৰৰ পৰাই তেওঁ চিঠি লিখিলে ৰাইজ লৈ।