Home Blog Page 1618

গোলাঘাট জিলাৰ কাজিৰঙাত অৱস্থিত আৰক্ষী অতিথিশালাত নিশা কটাব মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

গোলাঘাট জিলাৰ কাজিৰঙাত থকা অসম আৰক্ষীৰ অতিথিশালাত আজি ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিশাটো কটাব।

উল্লেখ্য যে ২০১৮-১৯ বৰ্ষত এই অতিথিশালাটি নিৰ্মাণ কৰা হৈছিল। গোলাঘাট জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেব ৰয়ৰ নেতৃত্বত আৰু প্ৰত্যক্ষ তত্বাবধানত এই ভৱনটি নিৰ্মাণ কৰা হৈছিল।

এই ভৱনটিত ছটা কোঠালি আছে। এখন বাগিচাৰ লগতে অত্যাধুনিক সা-সুবিধাৰে সজ্জিত এই অতিথিশালাটিৰ আৰ্হি প্ৰস্তুতৰ লগতে সামগ্ৰিক পৰিকল্পনা কৰিছিল তদানীন্তন আৰক্ষী অধীক্ষক তথা বৰ্তমানৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সঞ্চালক মানবেন্দ্ৰ দেব ৰয়ে।

এই অতিথিশালাটো ৰাজ্য চৰকাৰৰ পুঁজি আৰু অ’ এন জি চি আৰু এন আৰ এলৰ পৰা লাভ কৰা আৰ্থিক অনুদানৰ লগতে স্থানীয় ৰাইজৰ দান-বৰঙণিৰে নিৰ্মিত হৈছিল।

উল্লেখ্য যে এই আৰক্ষী অতিথিশালাতে ২০২২ চনত তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দয়ো নিশা কটাইছিল।

৫৪ ফুট উচ্চতাৰ ভগৱান হনুমানৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি হনুমান জয়ন্তী উপলক্ষে গুজৰাটৰ বোটাড জিলাৰ সালংপুৰ চহৰত ৫৪ ফুট উচ্চতাৰ ভগৱান হনুমান প্ৰতিমূৰ্তি উন্মোচন কৰে।


শ্বাহ ডাঙৰীয়াই আজি মন্দিৰৰ নতুন কমিউনিটি কিচেনটোও উদ্বোধন কৰে য’ত একেসময়তে প্ৰায় ৪ হাজাৰ তীৰ্থযাত্ৰীক সেৱা আগবঢ়াব পৰাৰ সুবিধা আছে।


ভক্তসকলক সম্বোধন কৰি শ্বাহ ডাঙৰীয়াই কয় যে বিজেপিৰ শাসনকালত ভাৰতীয় সংস্কৃতিৰ পতাকা বিশ্বত উচ্চ স্থানত উঠাই দিয়া হৈছে।


কাশী, আৰু সোমনাথকে ধৰি দেশৰ সকলো প্ৰধান তীৰ্থযাত্ৰী কেন্দ্ৰ বিজেপি শাসনৰ অধীনত পুনৰ উন্নীত কৰা হৈছে।
লগতে মন্ত্ৰীগৰাকীয়ে পৰিয়ালৰ সৈতে সালংপুৰত ভগৱান হনুমানক প্ৰাৰ্থনা কৰে।

নলবাৰীত হনুমান জয়ন্তী উদযাপন

বিশ্ব হিন্দু পৰিষদ বজৰংগ দলে নলবাৰী জিলাতো উত্তৰ পূৱ প্ৰান্তীয় নিৰ্দেশনা অনুযায়ী চহৰ খনৰ প্ৰাণকেন্দ্ৰত থকা শ্ৰীশ্ৰী হৰিমন্দিৰত থকা শ্ৰীশ্ৰী হনুমান মন্দিৰত হনুমান জয়ন্তী উদযাপন কৰে৷


হনুমান জয়ন্তীৰ প্ৰথম কাৰ্য্যসূচী হিচাপে বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা উপ-সভাপতি মানস পাটগিৰিয়ে ধৰ্মধ্বজা উত্তোলন কৰে৷

দ্বিতীয় কাৰ্য্যসূচী হিচাপে বজৰংগ দলৰ প্ৰাৰ্থনা কৰা হয় আৰু তাৰ পিছত নলবাৰী হৰি মন্দিৰ চৌহদৰ পৰা প্ৰায় তিনি শতাধিক বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ কাৰ্যকৰ্তাৰে এক বৃহৎ ৰথ যাত্ৰা চহৰখনৰ মাজেৰে উলিওৱা হয়৷

মহাপ্ৰভু শ্ৰী হনুমানৰ পূজাভাগ সম্পন্ন হোৱাৰ পিছতে ভোগ গ্ৰহণ কৰাৰ লগতে ব’ল উপাসনাৰে সমগ্ৰ কাৰ্য্যক্ৰমটো সমাপ্ত কৰে৷

উক্ত হনুমান জয়ন্তী উদযাপন কাৰ্যক্ৰমটোৰ মাধ্যমেৰে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ সনাতনী হিন্দু সমাজৰ কুশল মংগল কামনা কৰাৰ উপৰিও সমগ্ৰ হিন্দু সমাজ একত্ৰিত হৈ বিধৰ্মীৰ কু-অভিসন্ধিৰ বিৰুদ্ধে ভৱিষ্যৎ দিনত বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ লগত সহযোগ কৰাৰ বাবে আহ্বান জনাই বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ নলবাৰী জিলা নেতৃত্বই স্থানীয় সংবাদ মাধ্যমক জনাই৷

উক্ত অনুষ্ঠানটোত বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ বিষয়ববীয়া,কাৰ্যকৰ্তা সকলৰ উপৰিও ভালেমান ভক্তপ্ৰান ৰাইজ উপস্থিত হয়৷
-পিংকু ৰায় চৌধুৰীৰ(নলবাৰী)

বীৰাংগনা সতী সাধনীৰ ৫০০ বছৰীয়া স্মৃতি দিৱসৰ শুভাৰম্ভণি অনুষ্ঠানৰ ব্যৱস্থাপনা সন্দৰ্ভত পৰ্যালোচনা

ৰাজ্য চৰকাৰৰ উদ্যোগত সৰুপথাৰত উদযাপন কৰিব লগা ৫০০ বছৰীয়া চুতীয়া ৰাণী সতী সাধনী আত্মবলিদানৰ বৰ্ষযোৰা শুভাৰম্ভণি অনুষ্ঠানৰ ব্যৱস্থাপনাৰ সন্দৰ্ভত সৰুপথাত ধনশিৰি মহকুমা প্ৰশাসন, চুতীয়া জনগোষ্ঠীৰ দল সংগঠনৰ বিষয়ববীয়া উপস্থিতিত পৰ্যালোচনা সভা অনুষ্ঠিত হয়৷


অহা ৭ বহাগ ২১ এপ্ৰিলত সৰুপথাৰত অনুষ্ঠিত হ’ব লগা চুতীয়া জনগোষ্টীৰ বীৰাংগনা সতী সাধনীৰ ৫০০ বছৰীয়া স্মৃতি দিৱসৰ শুভাৰম্ভণি অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল’বৰ বাবে সৰুপথাৰত উপস্থিত হয় সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা।

উক্ত আলোচনা সভাত দণ্ডাধীশ সুতৃষ্ণা বৰদলৈ, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা চুতীয়া উন্নয়ন পৰিষদৰ সদস্য মাধুয্য শইকীয়া, চুতীয়া জনগোষ্টীৰ পাঁচোটা সংগঠনৰ বিষয়ববীয়া, চুতীয়া জনগোষ্টীৰ ৰাইজৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

তামুলপুৰত বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন…

গয়বাড়ী মণ্ডল বি জে পি ৰ উদ্যোগত আজি বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। পুৱাৰ ভাগত ঘৰে ঘৰে পতাকা উত্তোলন,বৃক্ষ ৰোপণ কৰাৰ পিছত কমিটি, মণ্ডল কমিটিৰ উদ্যোগত সভা সমিতি অনুষ্ঠিত কৰি অঞ্চলটোৰ বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

আজি গয়বাৰী মণ্ডল বিজেপিৰ সভাপতি হেমন্ত কুমাৰ ৰাভাৰ সভাপতিত অনুষ্ঠিত সম্বৰ্ধনা সভাত তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাসে উপস্থিত থাকি বিজেপিৰ ইতিহাস আৰু বিকাশ ব্যাখ্যা কৰে।

তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেদন

অভয়াপুৰীত আসাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱাৰ্কাৰ্চ ইউনিয়নৰ ১১ দফীয়া দাবী পুৰণৰ বাবে ১২ দিনীয়া কৰ্ম বিৰতি পালন

বঙাইগাঁও জিলাৰ অভয়াপুৰী বিদ্যুত উপ সংমণ্ডল কাৰ্যালয় প্ৰাংগনত আসাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱাৰ্কাৰ্চ ইউনিয়নৰ ১১ দফীয়া দাবী পুৰণৰ বাবে ১২ দিনীয়া কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ন।

প্ৰায় ১০-১২ বছৰ ধৰি একনিষ্ঠ ভাৱে সেৱা আগবঢ়োৱা এই সকল কৰ্মচাৰীৰ চাকৰী চৰকাৰে নিয়মীয়া নকৰাৰ বাবে ৰাজ্যৰ ভিন্ন ঠাইৰ লগতে উত্তৰ শালমাৰা মহকুমাৰ অভয়াপুৰী বিদ্যুৎ উপ সংমণ্ডলৰ অৰ্ন্তগত কৰ্মচাৰী সকলেও যোৱা ৪ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিল লৈ এই কৰ্মবিৰতি কাৰ্যসূচী হাতত লৈছে।

এই সকল কৰ্মচাৰীৰ চাকৰী নিয়মীয়া কৰা, চৰকাৰে ঘোষণা কৰা ৫০০০ পদত এই সকলক নিযুক্তি দিয়া, সম কাম সম মজুৰী দিয়া, পূৰ্বৰ ঠাইতে নিযুক্তি দিয়া, দুৰ্ঘনাত ক্ষতিপুৰণ সহ আৰ্থিক সাহায্য দিয়া, ঠিকাদাৰৰ অধীনত কামত নিয়োগ নকৰা, পাৰিশ্ৰমিকৰ ধন নিজ নিজ একাউণ্টত দিয়াৰ ব্যৱস্থা কৰা আৰু চৰকাৰী সা-সুবিধা প্ৰদান কৰাৰ দাবীত আন্দোলনকাৰীয়ে চৰকাৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি পৰিৱেশ উত্তাল কৰি তোলে।

চৰকাৰে যদি এই সকল কৰ্মচাৰীৰ দাবী অহা ১৫ এপ্ৰিৰ ভিতৰত মানি নলয় তেনেহ’লে অহা ২৫ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিল লৈ চৰকাৰৰ বিৰুদ্ধে সৰ্বাত্মক অসহযোগ আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি হুংকাৰ দিয়ে।

-ইনামুল আহমেদ(অভয়াপুৰী)

পদ্মশ্ৰী সন্মান লাভ কৰি প্ৰধানমন্ত্ৰীক ধন্যবাদ শ্বাহ ৰছিদ আহমেদৰ…

আপুনি মোক ভুল প্ৰমাণিত কৰিলেঃ পদ্মশ্ৰী বঁটা লাভ কৰি মোদীক ধন্যবাদ শ্বাহ ৰছিদ আহমেদৰ। শ্বাহ ৰছিদ আহমেদ কাদৰীয়ে বুধবাৰে গ্ৰহণ কৰে পদ্মশ্ৰী সন্মান। এই বঁটা লাভ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে তেওঁ। ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে- কংগ্ৰেছৰ শাসন কালত মই পদ্মশ্ৰী নাপালো। ভাবিছিলো যে বিজেপি চৰকাৰে মোক এই সন্মান নিদিব। কিন্তু আপুনি মোক ভুল প্ৰমাণিত কৰিলে।শ্বাহ ৰছিদ আহমেদ কাদৰীয়ে প্ৰধানমন্ত্ৰী মোডীক কয়, “মই ১০ বছৰ অপেক্ষা কৰিছিলো কিন্তু পোৱা নাছিলো। তাৰ পিছত আশা কৰা নাছিলোঁ ভাবিছিলো যে বিজেপি চৰকাৰৰ দিনত পদ্ম বঁটা নাপাম।কিয়নো বিজেপিয়ে মুছলমানক একো নিদিয়ে। কিন্তু আপুনি মোৰ ধাৰণাটো ভুল প্ৰমাণ কৰিলে, তাৰ বাবে আপোনাক বহুত ধন্যবাদ।”

উল্লেখ্য যে, ৰাষ্ট্ৰপতিয়ে চলিত বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ১০৬ জন লোকৰ বাবে পদ্ম বঁটাত অনুমোদন জনাইছিল। বুধবাৰে মুঠ ৫৩ জন বঁটা বিজয়ীক সন্মানিত কৰা হয়।শ্বাহ ৰছিদ আহমেদ কাদৰী বিদ্ৰী কলাৰ বাবে জনাজাত। বিদ্ৰী ৱেৰ হস্তশিল্পৰ ক্ষেত্ৰখনত নিয়োজিত এজন নিপুণ কাৰিকৰ, তেওঁ বহুতো বিদ্ৰী ৱেৰ প্ৰবন্ধ উদ্ভাৱন কৰি শ শ শিল্পীক প্ৰশিক্ষণ দিছে।বিদ্ৰী হৈছে এক লোককলা যাৰ পৰম্পৰাগত সৃষ্টি কৰ্ণাটকৰ বিদাৰ চহৰৰ পৰা আৰম্ভ হৈছিল। পিছলৈ লাহে লাহে এই কলা তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ বিয়পি পৰিছিল।

অতিথিক মহৰ কামোৰৰ পৰা ৰক্ষা কৰিবলৈহে ত্ৰিপালেৰে ঢাকি দিয়া হৈছিল ভৰলুক। GMC-এ দিলে স্পষ্টীকৰণ…

বুধবাৰে ত্ৰিপালেৰে ঢাকি গুৱাহাটীৰ মহানগৰীৰ মৰাভৰলুক দিছিল এক অনন্য ৰুপ ৷ এই কাৰ্যক লৈ সৰ্বত্ৰে চৰ্চা হৈছিল ৷ আই পি এলৰ পূৰ্বে ভৰলুৰ এই ন ৰুপক লৈ সকলোৱে ভাবিছিল যে লেতেৰা ভৰলুক যাতে আই পি এল খেলুৱৈৰ দৃষ্টি নপৰে তাৰ বাবে এই কাৰ্য কৰিছে GMC-এ ।

আচলতে তেনে নহয়, এতিয়া GMC-এ টুইট কৰি জনাইছে যে আলহীক মহৰ কামোৰৰ পৰা ৰক্ষা কৰিবলৈহে ত্ৰিপালেৰে ভৰলুক ঢাকি দিয়া হৈছিল। লেতেৰা বা আৱৰ্জনা ঢাকিবলৈ এই ত্ৰিপাল ব্যৱহাৰ কৰা নাছিল GMC এ। কিয়নো দিনে দিনে বৃদ্ধি পাইছে গুৱাহাটীত মহৰ সংখ্যা। সেইবাবে এই কাৰ্য হাতত লয় গুৱাহাটী GMC-এ।

১০ এপিলত ৰাঘৱ-পৰিনীতিৰ এংগেজমেণ্ট…

অতি সোনকালে ৰাঘৱ-পৰিনীতিৰ এংগেজমেণ্ট হ’ব। ঘোষণা কৰিলে তাৰিখ। পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাৰৰ প্ৰেমৰ বিষয়ে বহু চৰ্চিত হৈছে। যদিও তেওঁলোকে এতিয়াও নিজৰ সম্পৰ্কক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। এই সকলোবোৰৰ মাজতে এই দম্পতীহালৰ এংগেজমেণ্টৰ তাৰিখো আহি পৰিছে। বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু ৰাজনীতিবিদ ৰাঘৱ চাধাই দীৰ্ঘদিন ধৰি তেওঁলোকৰ প্ৰেমৰ খবৰৰ বাবে শিৰোনাম দখল কৰি আহিছে। যদিও এই দম্পতীয়ে এতিয়াও নিজৰ সম্পৰ্কক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। পৰিনীতি আৰু ৰাঘৱৰ কেতিয়া এংগেজমেণ্ট হ’ব।

যদি সংবাদ মাধ্যমৰ বাতৰি বিশ্বাস কৰিব লাগে তেন্তে এই সপ্তাহত অৰ্থাৎ ১০ এপ্ৰিলত পৰিনীতি আৰু ৰাঘৱৰ এংগেজমেণ্ট হ’ব পাৰে। খবৰ অনুসৰি দিল্লীত অন্তৰংগ আঙুঠি পিন্ধোৱা পৰ্বত পৰিনীতি আৰু ৰাঘৱে তেওঁলোকৰ সম্পৰ্কক আনুষ্ঠানিক কৰি তুলিব। কেৱল তেওঁলোকৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যইহে দম্পতীহালৰ এংগেজমেণ্ট ফাংচনত অংশগ্ৰহণ কৰিব।


আপোনালোকক কওঁ যে পৰিনীতি আৰু ৰাঘৱৰ ডেটিংৰ উৰাবাতৰি একেৰাহে দুদিন ধৰি মুম্বাইত দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ ডেটত দেখা পোৱাৰ পিছতহে এই দম্পতীহালক পোহৰলৈ আহিছিল। ইয়াৰ পিছত দুয়োকে একেলগে বিমানবন্দৰত কেইবাবাৰো দেখা গৈছিল। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক গ্ৰহণ কৰিবলৈ দিল্লী বিমানবন্দৰতো দেখা গৈছিল ৰাঘৱক।

মৰিগাঁৱৰ চাবুকধৰাত তিৱা ভাষা দিৱস উদযাপন

তিৱা মাথনলাই তখ্ৰা (সাহিত্যে সভা) ৰ উদ্যোগত মৰিগাঁওৰ চাবুকধৰাত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হল তিৱা ভাষা দিৱস। ১৯৯৭ চনৰ ৫ এপ্ৰিল তাৰিখে তিৱা ভাষাৰ কাৰণে লিপি নিৰ্ধাৰণ কৰি প্ৰাথমিক বিদ্যালয়ত তিৱা ভাষা প্ৰৱৰ্তন কৰিবলৈ অসম চৰকাৰ আৰু জাতীয় সংগঠনসমূহৰ মাজত চুক্তি স্বাক্ষৰিত হৈছিল। সেয়েহে উক্ত দিনটোতেই তিৱা মাথনলাই তখ্ৰাই পোন প্ৰথমবাৰৰ বাবে ভাষা দিৱস উদযাপন কৰি পৰৱৰ্তী সময়ত ৫ এপ্ৰিল তাৰিখটো ভাষা দিৱস হিচাপে উদযাপন কৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তখ্ৰাৰ সাধাৰণ সম্পাদক ড০ বিদ্যুৎ বিকাশ সেনাপতিয়ে সংবাদ মাধ্যমক জনাই।

আজিৰ ভাষা দিৱসটিত পুৱা পতাকা উত্তোলন কৰা তখ্ৰাৰ কেন্দ্রীয় সভাপতি দীপেন্দ্র নাথ বৰদলৈয়ে, স্মৃতি তৰ্পন কৰে তখ্ৰাৰ উপ সভাপতি শৰৎ চন্দ্র পাটৰ আমচীয়ে । অনুষ্ঠানৰ লগত সংগতি ৰাখি সাধাৰণ সম্পাদক ড০ বিদ্যুৎ বিকাশ সেনাপতিৰ সম্পাদনাত প্ৰকাশিত ‘তিৱা মাত তিন’ শীৰ্ষক গ্ৰন্থখনিৰ উন্মোচন কৰে বিশিষ্ট তিৱা সাহিত্যিক তথা ভীমবৰ দেউৰী বঁটা প্ৰাপক মিলেশ্বৰ পাতৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি তিৱা ভাষাত কবিতা আৰু গল্প পাঠ, তিৱা গীত আৰু নৃত্য পৰিৱেশিত হয়। উক্ত অনুষ্ঠানত তখ্ৰাৰ উপ সভাপতি যোগেশ্বৰ বৰদলৈ, সাহিত্য অকাডেমি ভাষা সন্মান প্ৰাপক হৰচিং খলাৰ, তিৱা ৰাজ দৰবাৰৰ সভাপতি জুৰছিং বৰদলৈৰ লগতে তিৱা বিশিষ্ট কবি, সাহিত্যিক তথা তিৱা মাথনলাই তখ্ৰাৰ বিভিন্ন জিলা সমিতি সমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে।