Home Blog Page 1629

৩৬৯ কোটি টকাৰে কিনিলে ভাৰতৰ আটাইতকৈ দামী ফ্লেট…

বিখ্যাত ব্যৱসায়ী জে পি তপৰিয়াই ৩৬৯ কোটি টকাত এটা ফ্লেট ক্ৰয় কৰিছিল। Famicare নামৰ কোম্পানীটোৰ প্ৰতিষ্ঠাপকে মুম্বাইৰ মালাবাৰ হিলছ অঞ্চলত এটা ট্ৰিপ্লেক্স ক্ৰয় কৰিছিল। ভাৰতৰ আটাইতকৈ দামী ট্ৰিপ্লেক্স ক্ৰয় কৰাৰ নজিৰ গঢ়ি তুলিছে তপৰিয়াই। কিন্তু এটা সময়ত তেওঁ নিজৰ সকলো ব্যৱসায় ৭ হাজাৰ কোটি টকাত বিক্ৰী কৰিছিল।

কিন্তু এটা সময়ত তপৰীয়া পৰিয়ালে নিজৰ সকলো ব্যৱসায় বিক্ৰী কৰি পেলালে। তেওঁলোকৰ Famicare নামৰ এটা কোম্পানী আছিল, যিয়ে মহিলা গৰ্ভনিৰোধক প্ৰস্তুত কৰিছিল। কেইবাবিধো ব্যৱসায়িক প্ৰতিষ্ঠানো আছিল। ২০১৫ চনত তেওঁলোকে ফেমিকাৰ কোম্পানীটো ৪৬০০ কোটি টকাত বিক্ৰী কৰিছিল। যোৱা বছৰ আইকেয়াৰে ২৪৬০ কোটি টকাৰ বিনিময়ত ভিটাৰিছ ইনকৰ্পৰেশ্যনক কোম্পানীটো গতাই দিছিল।

বৰ্তমান টাপৰিয়া পৰিয়ালৰ তিনিটা কোম্পানীত শ্বেয়াৰ আছে। অনন্ত কেপিটেল, স্প্ৰিংৱেল আৰু গাৰ্ডিয়ান ফাৰ্মাচীৰ অংশীদাৰ। তপৰীয়া পৰিয়ালটোৱে বিগত সময়ত কেইবাটাও দামী ফ্লেট ক্ৰয় কৰাৰ ইতিহাস আছে। এতিয়া মালাবাৰ হিলছৰ বিলাসী ফ্লেটটোৱে তেওঁলোকৰ সংগ্ৰহত প্ৰৱেশ কৰিলে। কিন্তু ভাৰতৰ আটাইতকৈ মূল্যৱান ট্ৰিপ্লেক্স এতিয়াও নিৰ্মাণ হোৱা নাই। জনা যায় যে ২০২৬ চনত সম্ভৱতঃ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব।

অৱসৰৰ দিনটোও সুখকৰ নহ’ল প্ৰধান শিক্ষকৰ

আজি বিদ্যালয়ৰপৰা টিন চুৰি কৰিবলৈ গৈ ধৰা পৰিল কলিতাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক৷

ৰাইজৰ ৰোষত বিদ্যালয়ৰপৰা পলায়ন প্ৰধান শিক্ষক জীবন চন্দ্ৰ নাথৰ৷

আজি আছিল জীৱন চন্দ্ৰ নাথৰ অৱসৰৰ দিন৷ অভিযোগ অনুসৰি এই অৱসৰৰ দিনটোতে পুৱা প্ৰায় ৭ বজাত এখন এ চি ভান লৈ বিদ্যালয় চৌহদত গোপনে প্ৰৱেশ কৰি প্ৰধান শিক্ষক নাথে এ চি ভানখনত স্কুলৰ টিন তুলি থকাৰ সময়তে একাংশ ৰাইজে প্ৰত্যক্ষ কৰে৷

প্ৰধান শিক্ষকগৰাকীৰ এই কাৰ্যত ৰাইজ ক্ষোভিত হৈ পৰাত টিন এৰি গাড়ী লৈ পলায়ন কৰে নাথ৷

এতিয়া জীৱন নাথৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ৷ প্ৰধান শিক্ষক নাথক গ্ৰেপ্তাৰৰ দাবী তুলিছে স্থানীয় ৰাইজে ৷

পুৰুষৰ যৌন দুৰ্বলতাৰ কাৰণ আৰু নিৰাময়ৰ উপায়…

পুৰুষৰ যৌন দুৰ্বলতাৰ কাৰণ:

দেখাত সুস্থ-সবল আৰু যৌৱনপুষ্ট বয়সৰ এনে বহু লোক আছে যিসকলৰ নাৰীৰ নিৰাপদ সান্নিধ্যত থাকিলেও কোনোধৰণৰ কামোত্তেজনা নাহে, বা উত্তেজনা আহিলেও সেয়া তেনেই ক্ষন্তেকীয়া। সম্ভোগৰ সময়ত প্ৰয়োজনীয় উত্তেজনা অন্তনিৰ্হিত হোৱাৰ ফলত যৌন শিথিলতাই দেখা দিয়ে।

অথবা অত্যাধিক উত্তেজনাৰ ফলত সম্ভোগৰ অবিহনেই দ্ৰুত স্খলন হৈ দুয়ো সংগী যৌন অতৃপ্তিত ভুগি জীৱন পাৰ কৰে। এনেধৰণৰ লক্ষণ যৌন দুৰ্বলতাৰ পৰিচায়ক। যৌন দুৰ্বলতাৰ বহুতো কাৰণ থাকিব পাৰে।

যৌন দুৰ্বলতাৰ কাৰণ:

মানসিক কাৰণ: বিভিন্ন সমীক্ষাৰ পৰা দেখা গৈছে যে, অধিকাংশ ক্ষেত্ৰতে যৌন দুৰ্বলতাৰ কাৰণ শাৰীৰিক নহয়। বৰং মানসিক চিন্তা, ভয়, শোক, শংকা, উদ্বেগ আদি বিভিন্ন কাৰকে শাৰীৰিকভাৱে সক্ষম লোক এজনকো যৌন অক্ষম কৰি তুলিব পাৰে। কৰ্মব্যস্ততা আৰু হীনমন্যতাও যৌন দুৰ্বলতাৰ কাৰণ হ’ব পাৰে। এনে ধৰণৰ কিবা কাৰণত এবাৰ যৌন-মিলনত বিফল হ’লে বহু পুৰুষ হতাশ হৈ পৰে আৰু পুনৰ বিফলতাৰ আশংকাই তেওঁক অধিক দুৰ্বল কৰি তোলে। তেনে ধৰণৰ পূৰ্ব ধাৰণা বা বিফলতাৰ আশংকাত ভুগি মানসিক কাৰণত হোৱা বিফলতা চিকিৎসকৰ লগত মুকলিমূৰীয়াকৈ আলোচনা আৰু পৰামৰ্শ গ্ৰহণৰ যোগেদি সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি। এনে আলোচন আৰু মানসিক চিকিৎসাৰ ফলত ৰোগীৰ মনলৈ আত্মবিশ্বাস ঘূৰি আহে আৰু পিছলৈ সফলতা লাভ কৰিবলৈ সক্ষম হয়।

শাৰীৰিক কাৰণ:

মানসিক কাৰণৰ লগতে অন্যান্য কিছুমান শাৰীৰিক ৰোগৰ কাৰণেও মানুহ এজন যৌন-দুৰ্বলতা বা যৌন অক্ষমতাত ভুগিব পাৰে। দীৰ্ঘদিন ধৰি ভুগি থকা উচ্চৰক্ত চাপ, মধুমেহ, স্নায়ু দুৰ্বলতা, অন্ত:স্ৰাৱী গ্ৰন্থিৰ অস্বাভাৱিক হৰমোন নি:সৰণ প্ৰক্ৰিয়া(থাইৰয়ড, পিটুইটেৰী, এড্ৰিনেল গ্ৰন্থি) শুক্ৰাশয়, অণ্ডকোষ, প্ৰোষ্টেট গ্লেণ্ড আৰু প্ৰজনন অংগৰ ৰোগ আদিৰ বাবেও যৌন-দুৰ্বলতা বা যৌন অক্ষমতাই দেখা দিব পাৰে। স্বপ্নদোষ, অতিমাত্ৰা হস্তমৈথুন বা অপ্ৰাকৃতিক ৰতিক্ৰিয়াৰ বাবেও সাময়িকভাৱে যৌন দুৰ্বলতাই দেখা দিব পাৰে। কিন্তু এনেধৰণৰ কাৰ্যই যৌন ক্ষমতা স্থায়ীভাৱে হ্ৰাস কৰিব নোৱাৰে। তথাপি অতিমাত্ৰা হস্তমৈথুন আৰু অপ্ৰাকৃতিক ৰতিক্ৰিয়াই বিৰূপ মানসিক প্ৰভাৱ পেলায়।

শীঘ্ৰ পতন:

বহুতো পুৰুষে ‘শীঘ্ৰ পতন’ নামৰ উপসৰ্গত ভোগে। তেনেলোকৰ যৌন উত্তেজনা আৰু যৌন ক্ষমতা স্বাভাৱিক যদিও উত্তেজনা অহাৰ লগে লগে বা শাৰীৰিক সংস্পৰ্শলৈ অহাৰ মুহূৰ্ততে বীৰ্য স্খলন হৈ যায়। তেনেধৰণৰ উপসৰ্গকে ‘শীঘ্ৰ পতন’ বোলা হয়। কিছুমান পুৰুষৰ নাৰী সংগীৰ সৈতে চুম্বন, স্পৰ্শ, মৰ্দন আদি প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰ সময়তে বীৰ্য স্খলন হয়। কোনো কোনো লোকৰ নাৰীৰ শৰীৰ স্পৰ্শ মাত্ৰেই তীব্ৰ উত্তেজনা বশত: স্খলন হয়। আমি এনে লোকো লগ পাইছো যিসকলে নাৰীসংগত থাকি কথা পাতিলে, যৌন উত্তেজক দৃষ্টি সম্বলিত ছবি বা চিনেমা চালেও বীৰ্য স্খলন হৈ যায়। এইসকল ‘শীঘ্ৰ পতন’ৰ ৰোগী।

শীঘ্ৰ পতনৰো প্ৰধান কাৰণ মানসিক যদিও শাৰীৰিক দুৰ্বলতা আৰু কোনো ধৰণৰ দীৰ্ঘদিনীয়া ৰোগৰ বাবে যৌন দুৰ্বলতাৰ দৰে শীঘ্ৰ পতনৰ উপসৰ্গই দেখা দিব পাৰে। এনে ধৰণৰ ৰোগীয়েই সাধাৰণতে স্বপ্নদোষৰো চিকাৰ হয়। অৰ্থাৎ ক্ষন্তেকৰ তীব্ৰ উত্তেজনা বশত: নিদ্ৰামগ্ন অৱস্থাতে বীৰ্য স্খলন হৈ যায়। স্বপ্নদোষ যদিও দীৰ্ঘদিনীয়া যৌন অতৃপ্তিৰ ফলত হোৱা এক স্বাভাৱিক ঘটনা তথাপি এই উপসৰ্গ সঘনাই ঘটি থাকিলে ৰোগী মানসিকভাৱে ভাগি পৰে। এনেবিলাক লক্ষণে দেখা দিলে তৎক্ষণাত অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল। আয়ুৰ্বেদত এনেধৰণৰ যৌন দুৰ্বলতাজনিত ৰোগৰ ভাল চিকিৎসা ব্যৱস্থা আছে।

ভাৰতৰ G20 ৰাষ্ট্ৰপতিত্বই সাৰ্বজনীন ভাতৃত্ববোধৰ সৰ্বাংগীন বাৰ্তাৰে সমগ্ৰ বিশ্বতে অনুৰণন সৃষ্টি কৰিছে

আজি পুৱা কুমাৰকমস্থিত কেটিডিচিৰ ৱাটাৰস্কেপছ ৰিজৰ্টত অনুষ্ঠিত দ্বিতীয় শ্বেৰপা মিটৰ পূৰ্ণাংগ অধিবেশনৰ মুকলি অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণে বিশেষ ভাষণ প্ৰদান কৰে।

মন্ত্ৰী ভি মুৰালীধৰণে পৰ্যবেক্ষণ কৰিছে যে বসুধৈৱ কুটুম্বকমৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি ভাৰতৰ G20 ৰাষ্ট্ৰপতিত্বই সাৰ্বজনীন ভাতৃত্ববোধৰ সৰ্বাংগীন বাৰ্তাৰে সমগ্ৰ বিশ্বতে অনুৰণন লাভ কৰিছে।

তেওঁ কয় যে জি-২০ৰ অগ্ৰাধিকাৰ সেউজ উন্নয়ন, ডিজিটেল আন্তঃগাঁথনি, ত্বৰান্বিত সৰ্বাংগীন আৰু স্থিতিস্থাপক বৃদ্ধি, মহিলা নেতৃত্বাধীন উন্নয়ন আদিয়ে জি-২০ৰ সদস্য দেশসমূহৰ মাজত ব্যাপক গ্ৰহণযোগ্যতা লাভ কৰিছে।

তেওঁ আশা প্ৰকাশ কৰে যে কুমাৰকম বৈঠকে প্ৰতিনিধিসকলক এতিয়ালৈকে কৰা কামৰ বুজ লোৱাৰ সুযোগ প্ৰদান কৰাৰ লগতে অভিলাষী আৰু সহমতত উপনীত হোৱাৰ পথ লাভ কৰিব।

ঢকুৱাখনা মহকুমা প্ৰশাসনে মাছ মৰা ,বিক্ৰী আৰু সৰবৰাহত সম্পূৰ্ণ ৰূপে নিষিদ্ধ ঘোষণা…

ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা আৰু ঘিলামৰাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন নৈ ,বিল, খাল ,জলাশয় আদিত থলুৱা প্ৰজাতিৰ মাছ ধৰা ,

মাছ মৰা ,বিক্ৰী আৰু সৰবৰাহ আদি সম্পূৰ্ণ ৰূপে নিষিদ্ধ ঘোষণা কৰিছে মহকুমা প্ৰশাসনে ।

ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা জিলা অতিৰিক্ত কাৰ্যবাহী দণ্ডাধীশ অৰিন্দম বৰুৱাই বৃহস্পতিবাৰে ডি এম জে-২-২০১৭/ ২৬৪ নং এক নিৰ্দেশনা যোগে সমগ্ৰ মহকুমাটোত  ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে।

মেঘালয়ত মৃত অৱস্থাত উদ্ধাৰ অসমৰ এগৰাকী ব্য়ক্তি…

বৃহস্পতিবাৰে নিশা মেঘালয়ত ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হয় অসমৰ পৰা অহা এজন লোক ।

তথ্য অনুসৰি এজন মিন্টু বৰা নামৰ মৃত লোকজনৰ ঘৰ নগাঁও জিলাৰ অন্তৰ্গত বটাদ্ৰৱৰ কোহুআটোলি অঞ্চলৰ।

জানিব পৰা মতে, মিণ্টুৱে তিনিদিন পূৰ্বে চিমেণ্ট কোম্পানী এটাত নতুন চাকৰিৰ বাবে নিজৰ ভায়েকৰ সৈতে মেঘালয়লৈ গৈছিল।

কালি নিশা তেওঁৰ কোম্পানীয়ে আবণ্টিত মেঘালয়ৰ কোৱাৰ্টাৰত উদ্ধাৰ কৰে তেওঁৰ নিৰ্জীৱ মৃতদেহ।

তেওঁৰ মৃত্যুৰ আঁৰৰ কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।

ইফালে মিণ্টুৰ পৰিয়ালে অভিযোগ কৰিছে যে এই হত্যাকাণ্ডৰ আঁৰত ভায়েক আছিল।

ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হৈছে। অধিক বিৱৰণৰ বাবে অপেক্ষা কৰি আছে।

বিদ্যুৎ মাচুলত ৰাজ্যৰ গ্ৰাহকে প্ৰতি মাহে অতিৰিক্ত ১০ টকাকৈ ভৰিব লাগিব…

বৃহস্পতিবাৰে জাৰি কৰা এক জাননী অনুসৰি আয়োগে এপিজিচিএল,এইজিচিএল আৰু এপিডিচিএলৰ বিদ্যুৎ নিৰিখ অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধন কৰে।

এপিডিচিএলে ফিক্সড চাৰ্জ কেডব্লিউ আৰু কেভিত ১৫ৰ পৰা ৭৫ টকা বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল। কোম্পানীটোৱে বিভিন্ন শ্ৰেণীৰ গ্ৰাহক সকলৰ বাবে প্ৰযোজ্য হৈ থকা এফ পি পি পি চাৰ্জকে ধৰি এনাৰ্জি চাৰ্জ প্ৰতি ইউনিট ১ টকাৰ পৰা ৩ টকা পৰ্যন্ত বঢ়োৱাৰ প্ৰস্তাৱ দিছিল।

তাৰ পৰিৱৰ্তে নিয়ামক আয়োগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২৪ চনৰ নিৰিখ প্ৰায় ১.২ শতাংশ হ্ৰাস কৰাৰহে অনুমোদন জনাইছে। নিয়ামক আয়োগে সকলো শ্ৰেণীৰ এনাৰ্জি চাৰ্জ ১০ ৰ পৰা ২০ পইচা পৰ্যন্ত হ্ৰাস কৰিছে। কিন্তু সামগ্ৰিক ৰাজহ প্ৰয়োজনৰ স্বাৰ্থত সকলো শ্ৰেণীৰ গ্ৰাহকৰ পৰা ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধিত অনুমোদন জনাইছে।

ধুবুৰী জিলাৰ চাপৰত পথ দুৰ্ঘটনাত নিহত দুগৰাকী লোক…

প্ৰাথমিক খবৰ অনুসৰি যোৱা নিশা অসমৰ ধুবুৰী জিলাৰ চাপাৰ চহৰৰ ছালকোছা ব্লকত সংঘটিত হয় এই ঘটনা।

দৰ্শকে উল্লেখ কৰে যে দুচকীয়া বাহনখনে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত আৰোহীসকলে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মাৰি দুৰ্ঘটনা সংঘটিত কৰে।

দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় আৰোহী দুগৰাকী। দেবাজিত ৰায় আৰু পবন চৌধুৰী বুলি জানিব পৰা গৈছে।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত স্থানীয় আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে।

দুৰ্ঘটনা প্ৰত্যক্ষ কৰা অঞ্চলটোৰ এজন স্থানীয় লোকে কয় যে, “মাজনিশাৰ আশে-পাশে দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত মৃত দুজন বসন্তী পূজাৰ পৰা ঘৰলৈ উভতি আহি আছিল।”

দিল্লীৰ গুৰুগ্রামত ধৰ্ষণৰ বলি অসমৰ এগৰাকী যুৱতী…

  • দিল্লীত ধৰ্ষণৰ ঘটনা।
  • গুৰুগ্রামত ধৰ্ষণৰ বলি অসমৰ এগৰাকী যুৱতী।

  • বৃহস্পতিবাৰে পোহৰলৈ আহে এই ঘটনা।
  • যুৱতীগৰাকীৰ গোচৰৰ ভিত্তিত এজন যুৱকক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।

  • ছেক্টৰ-৩৭ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল যুৱতীগৰাকীয়ে।
  • সন্দীপ নামৰ যুৱকজনৰ বিৰুদ্ধে ধৰ্ষণ তথা হত্যাৰ ভাবুকিৰ গোচৰ।
  • অভিযোগ অনুসৰি যুৱকজনে কাৰ্যালয়ৰ পৰা নিজৰ বাহনত উঠাই নিছিল যুৱতীগৰাকীক।

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আৰম্ভ হল ৰাজ্যিক পৰ্যায়ৰ ৪৪ সংখ্যক জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ

অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হল ৰাজ্যিক পৰ্যায়ৰ ৪৪ সংখ্যক জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ।

ৰাজ্যৰ জিলাসমূহৰ জুনিয়ৰ পৰ্যায়ৰ ১৪,১৬,১৮ আৰু ২০বছৰ বয়সৰ লৰা-ছোৱালী উভয়ৰে মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৫৫০গৰাকী এথলীটে অংশগ্ৰহন কৰিছে।

২০বছৰ অনুৰ্ধ্ব ল’ৰাৰ ৫০০০মিটাৰ দৌৰেৰে আৰম্ভ হোৱা দুদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যান পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে।

প্ৰথম দিনটোৰ ভিন্ন ইভেন্টৰ বিজয়ী প্ৰতিযোগীসকলক উদ্বোধনী অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে পদকসমূহ প্ৰদান কৰে।

উদ্বোধক গীতাৰ্থ গোস্বামীৰ লগতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম এথলেটিকচ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ,অসম এথলেটিকচ সন্থাৰ সম্পাদক অশোক ভড়ালী আৰু বিশিষ্ট শিক্ষাবিদ ড° ভবেন্দ্ৰনাথ মহনৰ লগতে বহু গন্য মান্য ব্যক্তি।