Home Blog Page 1634

বঙাইগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ত সপ্তাহজোৰাকৈ অনুষ্ঠিত হোৱা পৰিবেশৰ বাবে জীৱনশৈলী কাৰ্যসূচীৰ সফল সামৰণি

অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত গ্ৰীনভেলি ছছাইটিৰ সহোযোগত অনুষ্ঠিত হয় সপ্তাহজোৰাকৈ ENVIRONMENT EDUCATION PROGRAM (PEP)ৰ অধীনত পৰিবেশৰ বাবে জীৱনশৈলী অভিযান (A WEEK FOR LIFE CAMPAIGN)৷

আজি চাউথ বইটামাৰী হাইস্কুলত অন্তিম দিনৰ কাৰ্যসূচী অনুষ্ঠিত হয়।

বিভিন্ন কাৰ্যসূচীৰে ৰাতিপুৱা অনুষ্ঠিত হয় এই অনুষ্ঠান।

উক্ত অনুষ্ঠানত ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি বিশিষ্ট বক্তা হিচাপে মন্তব্য আগবঢ়ায় ড• হেমন্ত কোৰ আৰু সঞ্জীৱ বাগলাৰীয়ে।

ওদালগুৰি জিলাৰ শিশু সুৰক্ষা সমিতিৰ উদ্যোগত শিশু সুৰক্ষা সম্পৰ্কীয় প্ৰশিক্ষণ

শিশু সুৰক্ষা সম্পৰ্কীয় বিভিন্ন আইন আৰু ব্যৱস্থাৰ ওপৰত সামগ্ৰিক ধাৰণা দিবলৈ আজি ওদালগুৰি জিলাৰ শিশু সুৰক্ষা সমিতিৰ উদ্যোগত এখন প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়।

ওদালগুৰি নগৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা উক্ত প্ৰশিক্ষণত ওদালগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰায় ৩৫ জন শিক্ষক শিক্ষয়ত্ৰীয়ে অংশগ্ৰহণ কৰে।

প্ৰশিক্ষণত পকছো আইন,জে জে বি, শিশু শ্ৰমিক, বাল্য বিবাহ আদি শিশু সুৰক্ষাৰ বিভিন্ন আঁচনিৰ ওপৰত ব্যক্ত কৰে জিলা অপ্ৰতিষ্ঠানিক শিশু সুৰক্ষা বিষয়া বুদ্ধ বসুমতাৰীয়ে।

শিশু কল্যান সমিতিৰ বিভিন্ন কাৰ্যক্ৰম,আঁচনি আৰু আইন সম্পৰ্কীয়ৰ ওপৰত ব্যক্ত কৰে শিশু কল্যান সমিতিৰ সদস্য চাৰিকা স্বৰ্গীয়াৰীয়ে।

চাইল্ডলাইন আৰু ১০৯৮ নম্বৰ সেৱাৰ ওপৰত ভাষণ ৰাখে চাইল্ড লাইন জিলা পৰিচালক ললিত বড়োয়ে।

আনহাতে প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে ক্ৰমে শিশু সুৰক্ষা সমিতিৰ কৰ্মী দিলীপ শৰ্মা,প্ৰণৱ জ্যোতি তালুকদাৰ, চাইল্ড লাইনৰ কৰ্মী অৰূপ বড়ো আৰু হিমাক্ষী ৰাভাই।

উন্মোচন কৰা হ’ল জানু নাথৰ কাব্যসংকলন “কবিতা আৰু মই”

২৮ মাৰ্চ মঙলবাৰে দিনৰ ১২ বজাত দিছপুৰ প্ৰেছক্লাৱত আয়োজন কৰা এখনি গ্ৰন্থ উন্মোচনী সভাত প্ৰতিভাৱান কবি জানু নাথৰ এখনি কাব্যসংকলন “কবিতা আৰু মই” উন্মোচন কৰে লেখক – জ্যেষ্ঠ সাংবাদিক ড° নৰেন হাজৰিকাই৷ সভাখনত বিশিষ্ট অতিথি হিচাপে জ্যেষ্ঠ সাংবাদিক -লেখিকা গীতিমালিকা নেওগ আৰু সাংবাদিক চন্দ্ৰ কুমাৰ শইকীয়া উপস্থিত থাকি বক্তব্য আগবঢ়ায়৷


গ্ৰন্থখন প্ৰকাশ কৰিছে যোৰহাটৰ ৰেৱকান্ত নাথে৷

গ্ৰন্থখন উন্মোচন কৰি জ্যেষ্ঠ সাংবাদিক লেখক ড° নৰেন হাজৰিকাই কবি জানু নাথৰ কবিতাত প্ৰকাশ পোৱা সামাজিক দায়বদ্ধতাৰ কথা উল্লেখ কৰি কবি গৰাকীৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে৷


বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সাংবাদিক-লেখিকা গীতিমালিকা নেওগে জীৱনবিষয় ইতিবাচক কথাৰে কবিতা ৰচনা কৰা কবি জানু নাথৰ কলাসুলভ মনটোৰ শলাগ লয়৷

নেওগে উল্লেখ কৰে যে “দুটা ভাল কাম কৰিলেহে জীৱনটো উপভোগ কৰিব পৰা যায়৷”

সেইদৰে আন গৰাকী বিশিষ্ট অতিথি চন্দ্ৰ কুমাৰ শইকীয়াই গীত মাত-সাহিত্যই মানুহৰ মনত দিয়া সুখৰ কথা উল্লেখ কৰি সাৰুৱা বক্তব্য প্ৰদান কৰে৷ উল্লেখ্যে যে বিভিন্ন বিষয়ত বহুদিনৰে পৰা কবিতা চৰ্চা কৰি অহা কবি জানু নাথৰ এইখন দ্বিতীয় কাব্য সংকলন৷

সাংবাদিক-লেখিকা দৰ্শনা বৰুৱাই আঁতধৰা এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক কুঞ্জ মোহন ৰায়,সুনীতা দত্ত ফুকন, গংগাৰাম দাস,বিনু দাস,প্ৰবীণ কুমাৰ নাথ,টানিষ্কা কাশ্যপ নাথ,সবিতা নাথ আদিকে ধৰি কেইবাগৰাকীও সাহিত্যপ্ৰমী ব্যক্তি উপস্থিত থাকে৷

সৰ্বভাৰতীয় শিশু শিক্ষামূলক ই-কন্টেন্ট প্ৰতিযোগিতা”ত অসমৰ তিনিগৰাকী শিল্পীলৈ ৰাষ্ট্ৰীয় বঁটা

ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ আৰু কেন্দ্ৰীয় শিক্ষা প্ৰযুক্তি প্ৰতিষ্ঠানৰ অধীনত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ত “সৰ্বভাৰতীয় শিশু শিক্ষামূলক ই-কন্টেন্ট প্ৰতিযোগিতা ২০২২-২০২৩”ৰ ফলাফল ২৭ মাৰ্চ তাৰিখে নতুন দিল্লীৰ শ্ৰীঅৰবিন্দ মাৰ্গত ঘোষনা কৰা হয়।

“সৰ্বভাৰতীয় শিশু শিক্ষামূলক ই-কন্টেন্ট প্ৰতিযোগিতা”ত অসমৰ তিনিগৰাকী শিল্পীয়ে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, ভাৰত চৰকাৰৰ অধীনৰ মেঘালয়ৰ উমিয়ামত থকা উত্তৰ-পূব আঞ্চলিক শিক্ষা প্ৰতিষ্ঠানৰ সহযোগী অধ্যাপক ড° তুলিকা দেৰ প্ৰযোজনাত আৰু ৰাহুল চেটাৰ্জীৰ “ছাউণ্ড – হোৱাত ইট ইছ এণ্ড হাওঁ ইট ইছ প্ৰদুউচড?” শীৰ্ষক ভিডিঅ’ ইকন্টেন্টত পৰিৱেশিত পুতলা সঞ্চালনৰ বাবে শ্ৰেষ্ঠ পুতলা শিল্পী বঁটা পায় বিনীতা দেৱী আৰু সীমান্ত শৰ্মাই।

লগতে কংকন কিশোৰ দত্তৰ “এটোম- কনসেপ্ত এণ্ড ষ্ট্ৰাকচাৰ” ভিডিঅ’ ইকন্টেন্টত শ্ৰেষ্ঠ ভিডিঅ গ্ৰাফিক্স বঁটা পায় মাইনুদ্দিন আহমেদে। বঁটা প্ৰদান কৰে আই চি এছ এছ আৰৰ অধ্যক্ষ পদ্মশ্ৰী ড° জে.কে বাজাজ, এনচিইআৰটি সচিব অধ্যাপক প্ৰত্যুষ কুমাৰ মণ্ডল আৰু এনচিইআৰটিৰ যুটীয়া সঞ্চালকঅধ্যাপক শ্ৰীধৰ শ্ৰীবাস্তৱে।

ভাৰতৰ বিভিন্ন ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠান সমূহে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল পঞ্চাশ বৰ্ষ পুৰ্তি  উপলক্ষে স্মৃতি স্তম্ভ উদ্বোধন; মিচিং সংগ্ৰামী সংগঠন এম এম কেৰ প্ৰতিষ্ঠা দিৱস পালন 

মিচিং জাতীয় সংগঠন টি এম পি কেৰ ৫০ বছৰীয়া গৌৰৱোজ্জল পুৰ্তি আৰু সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আজি ৩৫ ফুট উচ্চতাৰ স্মৃতি স্তম্ভ উদ্বোধন কৰা হয়৷ ধেমাজি জিলাৰ গোগামুখ মইনাপৰাস্থিত ৰাজহুৱা খেলপথাৰৰ কাষতে নিৰ্মাণ কৰা আটকধুনীয়া এই স্মৃতি স্তম্ভ উদ্বোধন কৰে মিচিং বাঃনৗ কৗবাঙৰ সভাপতি পৰমানন্দ ছায়েঙ্গীয়াই৷ 

স্মৃতি স্তম্ভ উদ্বোধন কৰি তেওঁ কয়- “টি এম পি কে মূলতঃ মিচিং জনজাতি সকলৰ স্বাধিকাৰ প্ৰতিষ্ঠাৰ হকে জন্ম লাভ কৰা এটি গণতান্ত্ৰিক সংগঠন আছিল যদিও সময়ৰ আহ্বানত সমগ্ৰ অসমৰ জ্বলন্ত সমস্যা সমাধানৰ বাবেও আন্দোলন কৰিব লগা হৈছে৷ যিটোৰ বাবে টি এম পি কে কল্যানকামী  অসমৰ জনসাধাৰণৰ অবিছেদ্য অংগ হৈ পৰিছে৷ টি এম পি কেই কেৱল ৰাজপথত আন্দোলন কৰা সংগঠন নহয়,  গণতন্ত্ৰক সুস্থ-সবল ৰূপত আগবঢ়াই নিবলৈ সংসদীয় গণতন্ত্ৰৰ আন্দোলনো কৰি আহিছে আৰু ইয়াত টি এম পি কেই পুৰামাত্ৰাই সফল হৈছে”৷

সুস্থ-সবল সংসদীয় গণতন্ত্ৰ নহ’লে সুস্থ-সবল সমাজ প্ৰতিষ্ঠা কৰাটো সম্ভৱ নহয় বুলি তেওঁ দোহাৰে ৷ ভাষণ প্ৰসংগত তেওঁ লগতে কয়- “সুন্দৰ প্ৰগতিশীল সমাজ গঢ়াত টি এম পি কে সদায় দায়বদ্ধ আৰু শান্তিপূৰ্ণ সহৱস্থানৰ প্ৰতি পূৰ্ণ বিশ্বাসী”৷ তেওঁ টি এম পি কেৰ সকলো সদস্য-কৰ্মীলৈ টি এম পি কেৰ ৫০ বছৰীয়া ইতিহাসক মূল সম্বল হিচাপে লৈ অধিক দায়বদ্ধতাৰে সমাজৰ বাবে, জাতিৰ বাবে আৰু দেশৰ বাবে অধিক সক্ৰিয়তাৰে কাম কৰিবলৈ আহ্বান জনায়৷ উল্লেখনী মিচিং জাতীয় সংগঠন টি এম পি কেই ইতিমধ্যে ৫০ বছৰ গৰকি গৈছে৷

এইমৰ্মে গোগামুত সংগঠনটোৱে তেওঁলোকৰ সোণালী জয়ন্তী বৰ্ষও উদ্‌যাপন কৰিলে৷ এই সোণালী জয়ন্তী বৰ্ষ উদ্‌যাপনৰ দিনাই তেওঁলোকৰ স্মৃতি স্তম্ভ উদ্বোধন কৰিবলগা আছিল যদিও অনিবাৰ্য কাৰণবশতঃ এই অনুষ্ঠান স্থগিত ৰাখি আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ৷ স্মৃতি স্তম্ভত টি এম পি কেৰ ৫০ বছৰীয়া ইতিহাসৰ স্বাক্ষৰ বহন কৰাৰ লগতে কৌতিকলীয়া মিচিং সংস্কৃতিৰ মিমাং বা চানেকি সুন্দৰ ৰূপত থাপিত কৰা হৈছে৷ স্মৃতি স্তম্ভ নিৰ্মাণৰ বাবে মুঠ ৬০ লাখ টকা ব্যয় কৰা বুলি নিৰ্মাণ সমিতিৰ কৰ্মকৰ্তা হৰিচন্দ্ৰ কমান আৰু বাবুল টাইদে জানিবলৈ দিছে৷  

আজিৰ উদ্বোধনী কাৰ্যসূচীত লোকশিল্পী একলব্য গাম, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰী, সাধাৰণ সদস্য ৰাজু পেগু, বানীকান্ত দলে, লাবন্য মিলি, টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক টুনিৰাম পাংগিং, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হৰিচন্দ্ৰ কমান, ধেমাজি জিলা সমিতিৰ সভাপতি ৰোহিত নৰহ, সম্পাদক সনাতন দলে আদিয়ে উপস্থিত থাকে৷

স্মৃতি স্তম্ভ নিৰ্মাণৰ বাবে ভূমি দান কৰিছে শিক্ষক তথা মইনাপৰা ৰ বিশিষ্ট সমাজ সেৱক নন্দেশ্বৰ কমান আৰু তেওঁৰ পৰিয়ালবৰ্গই৷ আনপিনে মিচিং জনজাতিৰ সংগ্ৰামী সংগঠন এম এম কেৰো আজি প্ৰতিষ্ঠা দিৱস উদ্‌যাপন কৰা হয়৷ পুৱা স্মৃতি তৰ্পণ, পতাকা উত্তোনীলন অনুষ্ঠান অনুষ্ঠিত কৰা পিছত দুপৰীয়া ১২ বজাৰ পৰা সাংগঠনিক কৰ্মশালা অনুষ্ঠিত কৰা হয়৷

চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ছেমি ফাইনেলত প্ৰাগ, এন ডি ২৪, প্ৰতিদিন, দূৰদৰ্শন

এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী টি – টুৱেণ্টী ক্ৰিকেটত প্ৰাগ নিউজ, এন ডি ২৪, অসমীয়া প্ৰতিদিন গ্ৰুপ আৰু দূৰদৰ্শন, অসমে ছেমি ফাইনেলত উপনীত হৈছে। ২৮ মাৰ্চ, মঙলবাৰে অন্তিম দিনাৰ লীগৰ প্ৰথম মেচত শিলচৰ প্ৰেছ ক্লাবে ৬ উইকেটত পৰাস্ত কৰে জি এল পাব্লিকেচনক। গুৱাহাটীৰ জজ ফিল্ডত পুৱা মেচখন উদ্ধোধন কৰে জনপ্ৰিয় কণ্ঠশিল্পী ময়ূৰী দত্তই।

প্ৰথমে বেট ধৰি জি এল পাব্লিকেচন দলে ৬ টা উইকেট হেৰুৱাই কৰে ১৪৩ ৰাণ। দলৰ বিশাল কুমাৰ শৰ্মাই ৪১ টা বলত ৪ টা ছিক্সাৰসহ ৬৪, আজাদ হুছেইনে ৪৪ আৰু অধিনায়ক জ্যোতিপ্ৰসাদ বুঢ়াগোহাঁয়ে এটা ছিক্সাৰসহ ১৮ ৰাণ কৰে। বলিঙত ২ টাকৈ উইকেট দখল কৰে বিমান সিনহা, অনুপম ৰয় আৰু অধিনায়ক মকচুদুল চৌধুৰীয়ে। প্ৰত্যুত্তৰত শিলচৰে ১৫ অভাৰত ৪ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। দলৰ দুই অপেনাৰ ৰাহুল দাস আৰু অমালভ দাস উভয়ে ৪১ ৰাণকৈ কৰে। অনুপম ৰয়ৰ বেটৰ পৰা আহিল ১৫ ৰাণ।


বলিঙত মনোজ দুৱৰাই দুটা, প্ৰভাকৰ শ‌ইকীয়া আৰু ৰাজ ৰহমানে এটাকৈ উইকেট দখল কৰে। বিজয়ী দলৰ অনুপম ৰয়ক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰে ‘গণ অধিকাৰ’ৰ স্বত্তাধিকাৰী ছাহজাহান তালুকদাৰে।

বিয়লি দ্বিতীয় খন মেচত অসমীয়া প্ৰতিদিন গ্ৰুপে ১১৬ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে গণ অধিকাৰ দলক। প্ৰথমে বেট ধৰি প্ৰতিদিনে তৌহিদ আলী তালুকদাৰৰ অপৰাজিত ৫৬, জগজিৎ সিঙৰ ৩৭ আৰু ৱাছিম আহমেদৰ ১২ ৰাণৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৪ উইকেটত কৰে ১৭৮ ৰাণ।

বলিঙত প্ৰতিপক্ষৰ আশীষ তিৱাৰীয়ে ২ টা, সৌৰভ নাথ আৰু এইছ আৰ ভূঞাই এটাকৈ উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত গণ অধিকাৰ দলে ১০.৪ অভাৰত ৬২ ৰাণতে ইনিংছ সামৰে। সতীৰ্থৰ ব্যৰ্থতাৰ মাজতে সৌৰভ নাথে ১১ বলত ৩ টা বাউণ্ডেৰীসহ ১৭ আৰু ৰূপম নাথে ১২ ৰাণ কৰে। বলিঙত বিজয়ী দলৰ তৌহিদ আৰু ৱাছিম আহমেদে ৩ টাকৈ উইকেট দখল কৰে। অবিনাশ ঠাকুৰীয়াই ২ টা আৰু পাৰ্থিৱ হাজৰিকাই ১ টা উইকেট পায়। বেটে বলে উজ্বলি উঠা তৌহিদ আলী তালুকদাৰক মেন অৱ দ্য মেচৰ ট্ৰফী প্ৰদান কৰা হয়। খেলৰ আম্পায়াৰদ্বয় বুলবুল দাস আৰু বাপন দাস। স্কৰাৰ আৰিফ শ‌ইকীয়া।

২৯ মাৰ্চ, বুধবাৰে পুৱা প্ৰথম ছেমি ফাইনেলত প্ৰাগ নিউজে এন ডি ২৪ দলৰ বিৰুদ্ধে আৰু বিয়লি দ্বিতীয় ছেমি ফাইনেলত অসমীয়া প্ৰতিদিন গ্ৰুপে দূৰদৰ্শন, অসমৰ বিৰুদ্ধে খেলিব।

উল্লেখ্য যে ৩০ মাৰ্চ, বৃহস্পতিবাৰে ফাইনেল মেচ উদ্ধোধন কৰিব গুৱাহাটী মহানগৰৰ পৌৰপতি মৃগেন শৰণীয়াই। সামৰণি অনুষ্ঠানত অসমৰ ক্ৰীড়া আৰু সাংস্কৃতিক জগতৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।

কেন্দ্ৰীয় শাসিত অঞ্চলকে ধৰি ১৪খন ৰাজ্য সীমা বিবাদৰ সন্মুখীন হৈছে

কেন্দ্ৰীয় চৰকাৰে ২৮ মাৰ্চত কয় যে সীমা নিৰ্ধাৰণৰ ফলত সীমা সম্পৰ্কীয় বিবাদৰ সৃষ্টি হৈছে আৰু ১৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজত ভূ-খণ্ডৰ ওপৰত দাবী আৰু প্ৰতিদাবী হৈছে।

”সীমা নিৰ্ধাৰণৰ ফলত সীমা বিবাদৰ সৃষ্টি হয় আৰু হাৰিয়ানা-হিমাচল, লাডাখ-হিমাচল প্ৰদেশৰ কেন্দ্ৰীয় শাসিত অঞ্চল, মহাৰাষ্ট্ৰ-কৰ্ণাকা, অসম-অৰুণাচল প্ৰদেশ, অসম-নগালেণ্ড, অসম-মেঘালয়, অসম-মিজোৰাম,” টি আৰ পাৰিবেন্দৰৰ সাংসদ দ্ৰাবিনা মুনেত্ৰ কাঝাগমৰ এক প্ৰশ্নৰ উত্তৰ দি লোকসভাত এই খবৰ দিয়ে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে।

একেটা বিষয়ক লৈ আৰু অধিক ভাষণ দি ৰায়ে কয় যে এই সমস্যাসমূহ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ সহযোগতহে সমাধান কৰিব পৰা যাব আৰু কেন্দ্ৰীয় চৰকাৰে পাৰস্পৰিক বুজাবুজিৰ মনোভাৱেৰে বিবাদৰ সৌহাৰ্দ্যপূৰ্ণ নিষ্পত্তিৰ বাবে কেৱল সুবিধা প্ৰদানকাৰী হিচাপেহে কাম কৰে।

”গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সময়ে সময়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আইন-শৃংখলা বজাই ৰাখিবলৈ পৰামৰ্শ জাৰি কৰে আৰু যিকোনো ব্যক্তিয়ে আইনখন নিজৰ হাতত লোৱা যিকোনো ব্যক্তিক আইন অনুসৰি তৎকালীনভাৱে শাস্তি দিয়াটো নিশ্চিত কৰে” তেওঁ লগতে কয়।

ৰায়ে লগতে জনায় যে অন্যান্য উপকূলীয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভূখণ্ডীয় জলসীমাত মাছ ধৰা নাও আৰু ট্ৰলাৰৰ অকৰ্তৃত্বশীল প্ৰৱেশ সম্পৰ্কীয় কিছুমান বিষয় দক্ষিণ খণ্ড পৰিষদ আৰু ইয়াৰ স্থায়ী সমিতিৰ দৃষ্টিগোচৰ কৰা হৈছে।

দুই পেগ সুৰা গ্ৰহণ কৰিলেই খোজ থৰক বৰক হৈ পৰে বিৰাট কোহলীৰ ! বিৰাটৰ এই সুপ্ত প্ৰতিভা ৰাজহুৱা কৰিলে পত্নী অনুষ্কা শৰ্মাই…

পত্নী অনুষ্কা শৰ্মাই বিৰাট কোহলীৰ এক বিশেষ প্ৰতিভাৰৰ বিষয়ে ক’লে! শেহতীয়াকৈ অনুষ্কা শৰ্মা বিৰাট কোহলীক একেলগে দেখা গৈছিল এক অনুষ্ঠানত। অনুষ্ঠানটোত দুয়োকে অতি সুন্দৰ ৰুপত দেখা গৈছিল। এই অনুষ্ঠানটোত অনুষ্কাই ক’লে যে এইটো কামত বিৰাট তাইতকৈ ভাল আৰু তাই ভাল পায়। ২০১৭ চনত ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে বলিউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাই ইটালীৰ টাস্কানিত গোপনে বিবাহপাশত আবদ্ধ হয়। বিৰাট আৰু অনুষ্কা দুয়োজনেই বিভিন্ন ক্ষেত্ৰৰ পৰা আহিছে যদিও শেহতীয়াকৈ দুয়োকে একেলগে দেখা গৈছিল এক ক্ৰীড়া অনুষ্ঠান, ইণ্ডিয়ান স্পৰ্টছ অনাৰ্ছত য’ত দুয়োজনে ইজনে সিজনৰ বিষয়ে কেইটামান প্ৰশ্নৰ উত্তৰ দিছিল। এই সাক্ষাৎকাৰৰ সময়ত অনুষ্কাৰক সোধা হৈছিল যে তেওঁৰ স্বামী বিৰাটৰ কোনটো প্ৰতিভা ভাল পায়, তাৰ উত্তৰত বিৰাটে আৰু কয় – দুটা পানীয় খোৱাৰ পিছত…

এই ইভেণ্টৰ ৰেড কাৰ্পেটত অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে ৰেপিড ফায়াৰ ৰাউণ্ড খেলিছিল য’ত দুয়োজনে বহু প্ৰশ্নৰ উত্তৰ দিছিল। বিৰাট আৰু অনুষ্কা দুয়োকে ডান্স ফ্ল’ৰ কোনে জুই লগায় বুলি সোধাত অনুষ্কাই বিৰাটৰ নাম ল’লে। পত্নীৰ এই উত্তৰত বিৰাট বৰ স্তম্ভিত হৈছিল, তাৰ পিছত অনুষ্কাই আৰু ক’লে যে বিৰাটে গান গাই নাচি ভাল পায়।

ক্ৰিকেটাৰজনে ক’লে- ‘মই এতিয়া মদ নাখাওঁ কিন্তু আগতে যেতিয়া মদ খাইছিলো, পাৰ্টিত সোমোৱাৰ পিছত যদি দুটা ড্ৰিংক কৰা হৈছিল, তেন্তে শেষ! তেতিয়া মই এনেদৰে নাচিছিলোঁ যে মানুহে ভাবিবলৈ বাধ্য হৈছিল মই বহুত ড্ৰিংকছ কৰোঁ।

অনুষ্কা আৰু বিৰাটৰ এই অনুষ্ঠানৰ প্ৰতিখন ফটো আৰু ভিডিঅ’ ৰাইজে লাইক কৰিছে আৰু অনুৰাগী সকল তেওঁলোকক একেলগে বহুত ভাল পাই ।

“পৰিনীতিৰ নহয়, ৰাজনীতিৰ প্ৰশ্ন সুধিব” বুলি কোৱা ৰাঘৱ আছে পৰিনীতিৰ সৈতে প্ৰেমৰ সম্পৰ্কত! আপৰ সাংসদে জনালে অভিনন্দন

পৰিনীতি চোপ্ৰা আৰু আপ নেতা ৰাঘৱ চাধাৰৰ ডেটিংৰ উৰাবাতৰিৰ মাজতে সাংসদ সঞ্জীৱ অৰোৰাই টুইট কৰি দম্পতীহালক অভিনন্দন জনায়। দুয়োকে একেৰাহে দুদিন মুম্বাইত দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত দেখা গৈছিল। ইয়াৰ পিছত তেওঁলোকৰ ডেটিংৰ খবৰটো শিৰোনামত আছিল। একে সময়তে সাংসদ সঞ্জীৱ অৰোৰাইও টুইট কৰি দুয়োকে অভিনন্দন জনাইছে।


আম আদমী পাৰ্টিৰ সাংসদ সঞ্জীৱ অৰোৰাই পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাৰৰ ছবি শ্বেয়াৰ কৰাৰ সময়তে টুইটযোগে লিখিছে- পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাক মই আন্তৰিক অভিনন্দন জনাইছো। তেওঁলোকৰ মিলন সুখৰ হওক, মোৰ শুভেচ্ছা।”পৰিনীতি আৰু ৰাঘৱক ৰেষ্টুৰেণ্টত প্ৰায়ে দেখা যায়।


শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰাক মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত আম আদমী পাৰ্টিৰ নেতা তথা পঞ্জাৱৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাধাৰ সৈতে দেখা গৈছিল। আমোদজনক কথাটো হ’ল যে দম্পতীহালে বগা ৰঙৰ টুইনিং কৰিছিল। তাৰ পিছৰে পৰা দুয়োৰে ডেটিংৰ উৰাবাতৰি চলি আহিছে। অৱশ্যে যেতিয়া ভিডিঅ’ ভাইৰেল হয়, তেতিয়া আপৰ সাংসদ ৰাঘৱ চাধাই এই উৰাবাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৈছিল, “পৰিনীতিৰ নহয়, ৰাজনীতিৰ প্ৰশ্ন মোক সুধিব।”

চলিত বৰ্ষৰ জানুৱাৰী মাহত পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাক ‘ইণ্ডিয়া ইউ কে আউটষ্টেণ্ডিং এচিভাৰ অনাৰ্ছ’ বঁটাও প্ৰদান কৰা হৈছিল। দেশত প্ৰথমবাৰৰ বাবে কোনোবাই এই সন্মান লাভ কৰিছে। ব্ৰিটিছ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক মনত ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। আমোদজনক কথাটো হ’ল পৰিনীতি চোপ্ৰাই ব্ৰিটেইনৰ মানচেষ্টাৰ স্কুলত পঢ়িছে। আনহাতে ৰাঘৱ চাধাই লণ্ডন স্কুল অৱ ইকনমিক্সৰ পৰা অধ্যয়ন কৰিছে।

ডিব্ৰুগড়ৰ কছাৰী ঘাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ

ডিব্ৰুগড়ৰ কছাৰী(পূজা )ঘাটত নৱজাতকৰ মৃতদেহ উদ্ধাৰ।

উক্ত মৃতদেহটো চন্তোশ নামৰ এজন ব্যক্তিয়ে কৰ্ম স্থলিৰ পৰা নিজ গৃহলৈ বুলি গৈ থকোতে প্ৰত্যক্ষ কৰি মৃতদেহটো পাৰলৈ লৈ আহি আৰক্ষী প্ৰশাসনক খবৰ দিয়ে।

বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি নৱজাতকৰ মৃতদেহতো মৰোন্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ অৰে।