Home Blog Page 2178

উত্তৰ পুৰুষৰ মঞ্চৰ “অমৃত যাত্ৰা” সম্পন্ন…

উত্তৰ পুৰুষৰ মঞ্চৰ কাৰ্য্যকৰী সভানেত্ৰী ৰীনা বুঢ়াগোহাঁই বৰুৱাৰ পিতৃ প্ৰয়াত অশ্বিনী কুমাৰ বৰুৱাদেৱৰ বৈকুণ্ঠপ্ৰয়ান হোৱাৰ পিছত,তেখেতৰ শোক সন্তপ্ত পৰিয়াল বৰ্গৰ ওচৰত সমবেদনা জ্ঞাপন আৰু শ্ৰদ্ধাঞ্জলি দিবলৈ যোৱাৰ বাবে যোৱা ১৯ তাৰিখ(১৯-০৮-২০২২) শুক্ৰবাৰে মঞ্চৰ পঞ্জীয়ন কমিটিৰ সভানেত্ৰী ড°অনিমা বৰাৰ নেতৃত্বত মঞ্চৰ অন্যতম কাৰ্য্যকৰী সভাপতি সুৰেন্দ্ৰ মোহন দাস, মঞ্চৰ সাহিত্য আৰু পূৰাতত্ব বিভাগৰ সম্পাদক পুলকেশ ৰায় বৰুৱাৰ দলটি সূদূৰ শিৱসাগৰৰ জাঁ‌জীত উপস্থিত হয়।

তাত গৈ মঞ্চৰ হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গৰ ওচৰত জোনাক আলোচনী আৰু মঞ্চৰ হৈ সমবেদনা জ্ঞাপন কৰে। ২০-০৮-২০২২ তাৰিখ শনিবাৰে মঞ্চৰ গুৱাহাটীৰ পৰা যোৱা দলটিক সহযোগ কৰে মঞ্চৰ অন্যতম কৰ্মী বাসন্তী ফুকন দুৱাৰা আৰু মীৰা হাজৰিকাই।দলটিয়ে শিৱসাগৰৰ বিভিন্ন ঐতিহাসিক স্থান পৰিদৰ্শন কৰি নিশা গুৱাহাটীত উপস্থিত হয়।

“আমাক হেজাৰখন হাত লাগে যাৰ মন এটাই” আপ্তবাক্যৰে গঠন হোৱা মঞ্চৰ একতা আৰু ঐতিহ্যক এই যাত্ৰাই আৰু অধিক উজ্জল কৰি তোলে। এই অমৃত যাত্ৰাত যিসকলে অংশ লৈ মঞ্চক উজলাই তুলিলে তেখেতসকললৈ মঞ্চৰ তৰফৰ পৰা শ্ৰদ্ধাৰে কৃতজ্ঞতা জ্ঞাপন কৰা হয়।

জ্ঞানদা কাকতিক ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ সম্বৰ্ধনা এই মৰম আৰু মহানুভৱতা মই পাহৰিব নোৱাৰিম’ জ্ঞানদা কাকতিক ২ লাখ টকাৰ আৰ্থিক অনুদান মুখ্যমন্ত্ৰীৰ…


আজি ‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ তৰফৰ পৰা অসমৰ বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিক শ্বিলঙৰ অকলেণ্ডস্থিত তেওঁৰ বাসভৱনত সম্বৰ্ধনা জনোৱা হয়‌। সন্থাৰ তৰফৰ পৰা উপদেষ্টা কমল লোচন দাস, সভাপতি বিতোপন বৰবৰা, সাধাৰণ সম্পাদক শিবাণু বৰা, যুটীয়া সম্পাদক প্ৰবাল খাওন্দ, বিত্ত সম্পাদক অনুপম হাজৰিকা, কাৰ্যনিৰ্বাহক আজহাৰ আলম আৰু সদস্য বশিষ্ঠ দেৱ ফুকন শিল্পীগৰাকীৰৰ ঘৰলৈ গৈ তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে এখনি ফুলাম গামোচা, এখনি শৰাই , এখনি শ্বল, এখনি সম্বৰ্ধনা পত্ৰৰে গুণী শিল্পীগৰাকীক শ্ৰদ্ধা আৰু মৰম নিবেদন কৰে।

১৯৩২ চনত শ্বিলঙত জন্মগ্ৰহণ কৰা জ্ঞানদা কাকতিৰ পিতৃ দেৱেন দাস আৰু মাতৃ বিৰজা দাস । সৰুৰে পৰা নৃত্য সংগীত আৰু অভিনয় ভালপোৱা জ্ঞানদা কাকতিৰ পিতৃয়ে চাকৰিসুত্ৰে তেতিয়াৰ অসমৰ ৰাজধানী শ্বিলঙত কৰ্মৰত হোৱা বাবে শ্বিলঙৰ লাবানত স্থায়ীভাৱে বাস কৰিবলৈ লয় । সৰুৰে পৰা ঘৰতে এক সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হোৱা জ্ঞানদা কাকতিয়ে নিজৰ মাকৰ পৰা সংগীত আৰু দেউতাকৰ পৰা অভিনয়ৰ আদিপাঠ লাভ কৰে। ‘সতী বেউলা’ নামৰ নাটকখনত তেওঁ কৰা নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভাই নিজে তেওঁক নৃত্য শিকাবলৈ আগবাঢ়ি আহিছিল ।

জ্ঞানদা কাকতিৰ স্বামী লোহিত কাকতিও এজন ভাল গায়ক আৰু বাঁহিবাদক আছিল । সৰুৰে পৰা মঞ্চত কবিতা আবৃত্তি, নৃত্য আৰু অভিনয় কৰা জ্ঞানদা কাকতিয়ে অভিনয় কৰা প্ৰথম ছবিখন হৈছে প্ৰবীণ ফুকন পৰিচালিত ‘পাৰঘাট’ (১৯৪৮) । ‘পাৰঘাট’ৰ পিছত জ্ঞানদা কাকতিয়ে নায়িকা হিচাপে অভিনয় কৰা অসমীয়া ছবিকেইখন হৈছে ‘পিয়লি ফুকন’, ‘সৰাপাত’, ‘লখিমী’, ‘ৰঙা পুলিচ’, ‘পূবেৰুণ’, ‘চাকনৈয়া’, ‘পুৱতী নিশাৰ সপোন’, ‘নৰকাসুৰ’, ‘আমাৰ ঘৰ’, ‘ওপৰ মহলা’, ‘শেষ বিচাৰ’, ‘প্ৰিয়জন’ আৰু ‘ৰাগ-বিৰাগ’। অসমীয়া ছবিজগতৰ লগতে বাংলা ছবিজগততো নিজৰ মোহময়ী অভিনয়েৰে জ্ঞানদা কাকতি প্ৰতিস্থিত হৈছিল । তেওঁ অভিনয় কৰা বাংলা ছবিকেইখন হৈছে – ‘নীলাচলে মহাপ্ৰভূ’, ‘গড়েৰ মাঠে’, ‘বৰমা’ আদি ।

বিশ্বৰ এটি অতি লেখত ল’বলগীয়া আৰু পুৰণি চলচ্চিত্ৰ মহোৎসৱ বাৰ্লিন চলচিত্ৰ মহোৎসৱত ১৯৬০ চনত জ্ঞানদা কাকতি অভিনীত তথা প্ৰভাত মুখাৰ্জী পৰিচালিত ‘পূবেৰুণ’ ছবিখনে ভাৰতীয় ছবি হিচাপে প্ৰতিযোগিতা শাখাত প্ৰদৰ্শিত হোৱাৰ উপৰি ছবিৰ পৰিচালক প্ৰযোজক সহিতে তেওঁ নিজেও উক্ত মহোৎসৱত উপস্থিত আছিল । তদুপৰি হলিউডৰ বিখ্যাত অভিনেতা কেৰি গ্ৰান্টৰ লগত নৃত্য কৰাৰো সুযোগ পাইছিল অভিনেত্ৰীগৰাকীয়ে । গুৱাহাটী আৰু শ্বিলং অনাতাঁৰ কেন্দ্ৰৰ সুগায়িকাৰূপে প্ৰতিষ্ঠা লাভ কৰা জ্ঞানদা কাকতিয়ে দুখনমান গ্ৰামোফোন ৰেকৰ্ডতো গান গাইছিল ।

অসম চৰকাৰৰ তৰফৰ পৰা শিল্পী পেঞ্চন লাভ কৰা এইগৰাকী শিল্পীলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে ‘কলাগুৰু বিষ্ণুৰাভা বটাঁ’ আগবঢ়াইছে । আজি সন্থাৰ সম্বৰ্ধনা গ্ৰহণ কৰি অভিভূত হৈ পৰে প্ৰবীণ শিল্পীগৰাকী । এই মৰম পাই ভাবুক হৈ পৰা অভিনেত্ৰীগৰাকীৰ দুচকুৰে চকুলো নিগৰি আহে । ‘এই মৰমত মই খুবেই আপ্লুত হৈছো । মোৰ বাবে এয়া এক ডাঙৰ সন্মান । এই মৰমৰ বিনিময়ত মই আপোনালোককো মোৰ মৰম যাচিছো । এয়া আমাৰ বাবে জীয়াই থকাৰ এক সঞ্জীৱনী ।’ — জ্ঞানদা কাকতিয়ে কয় । বাৰ্লিনলৈ যোৱাৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে ছবিজগতত ব্যস্ত সময়খিনিৰ কথা বৰ্ণনা কৰি আবেগিক হৈ পৰে অভিনেত্ৰীগৰাকী ।

বি বি চিৰ সাংবাদিকক প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী হিচাপে সাক্ষাৎকাৰ দিয়াৰ মুহুৰ্তবোৰৰ কথাও কৈ ভাবুক হৈ পৰে শিল্পীগৰাকী । উল্লেখযোগ্য যে আজিৰ এই সম্বৰ্ধনা অনষ্ঠানতে সন্থাই মুখ্যমন্ত্ৰীক জনোৱা এক আহ্বান মৰ্মে চৰকাৰৰ তৰফৰ পৰা শিল্পীগৰাকীক ২ লাখ টকাৰ আৰ্থিক অনুদান দিয়া হয় ।

চৰকাৰৰ হৈ চেক প্ৰদান কৰে সাংস্কৃতিক বিভাগৰ যুটীয়া সচিব অনন্ত গগৈয়ে । চৰকাৰে প্ৰদান কৰা এই আৰ্থিক অনুদানত শিল্পীগৰাকীয়ে মুগ্ধ হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মহানুভৱতাৰ শলাগ লোৱাৰ লগতে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰো শলাগ লয়। শিল্পীৰ প্ৰতি চৰকাৰে গ্ৰহণ কৰা এনে পদক্ষেপক ধন্যবাদ জনায় শিল্পীগৰাকীয়ে ।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীয়ে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যকো ১ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছিল । কাকতালীয়ভাৱে আজিৰ দিনটো আছিল প্ৰয়াত অনুপমা ভট্টাচাৰ্যৰ জন্মদিন । “আপোনালোকৰ মৰম আৰু মহানুভৱতাক মই কেতিয়াও পাহৰিব নোৱাৰিম ।” — সকলোকে বিদায় দিয়াৰ পৰত এইদৰে কয় জ্ঞানদা কাকতিয়ে ।

ৰাজ্যখনৰ বিভিন্ন সাহিত্য সভাৰ প্ৰতিনিধি সকলৰ লগত শিক্ষা মন্ত্ৰীৰ বৈঠক…

আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম চৰকাৰৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (SCERT) ৰ উদ্যোগত ৰাজ্য খনৰ ৰাভা, কাৰ্বি, তিৱা, মিচিং, গাৰো, কচাৰী, কোচ-ৰাজবংশী, নেপালী, বিষ্ণুপ্ৰিয়া, মাৰ, কুকি, ডিমাছা, চাওতাল, সোনোৱাল কছাৰী, তাই-আহোম আৰু মনিপুৰী জনগোষ্ঠীৰ সাহিত্য সভাৰ প্ৰতিনিধি সকলৰ লগত ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰ আধাৰত ৰাজ্যখনৰ বিভিন্ন বিদ্যালয় সমূহত বুনিয়াদী স্তৰত (প্ৰথম পাঁচ বছৰ) মাতৃভাষা মাধ্যমত শিক্ষাদান সম্পৰ্কে বিস্তাৰিত ভাৱে আলোচনা কৰা হয়।

এই সভাত বিদ্যালয় সমুহত প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ ক্ষেত্ৰত মাতৃভাষা আৰু ঘৰুৱা ভাষাক মাধ্যম ৰূপে প্ৰয়োগ কৰাৰ ৰূপৰেখা সন্দৰ্ভত সাহিত্য সভা সমুহৰ পৰা বিভিন্ন গুৰুত্বপূৰ্ণ দিহা পৰামৰ্শ গ্ৰহণ কৰা হয়। মন্ত্ৰী গৰাকীয়ে লগতে বৰ্তমান চৰকাৰ খনে সকলো মাতৃ ভাষাক শিশু সকলৰ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰে।

আজিৰ এই সভাত অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (SCERT) ৰ সঞ্চালক নিৰদা দেৱী, আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংন্থাৰ সঞ্চালক দিলীপ কলিতা, সঞ্চালক বড়ো তথা অন্যান্য ভাষা ফনীন্দ্ৰ যিদুংও উপস্থিত থাকে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ” প্ৰেৰণাশ্ৰী ” সন্মান দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ …

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ” প্ৰেৰণাশ্ৰী ” সন্মান — দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ । অসমৰ জনপ্ৰিয় আৰু গতিশীল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ দৰঙী কলাকৃষ্টি উন্নয়ন সংঘই সন্মানজনক ভাৱে আগবঢ়াইছে ” প্ৰেৰণাশ্ৰী ” উপাধি । আজি দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ ছিপাঝাৰস্থিত কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰীলৈ আগবঢ়োৱা দৰঙীয়াৰ সন্মান আনুষ্ঠানিকভাৱে ঘোষনা কৰে সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা আৰু সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়াই ।

সংস্কৃতিপ্ৰীতি মনোভাৱৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পিছপৰা জিলাখনৰ গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্প একক প্ৰচেষ্টাৰে ৰূপায়ন কৰি বৃহত্তৰ অঞ্চল তথা সমগ্ৰ জিলাখনক বিশ্বৰ মানচিত্ৰত পৰিচয় কৰাই দি কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা অবিভক্ত জিলাবাসীৰ বাবে সাহস আৰু প্ৰেৰণাৰ প্ৰতীক স্বৰূপ হৈ পৰা বাবেই দৰঙী কলাকৃষ্টি উন্নয়ন সংঘই মুখ্যমন্ত্ৰীলৈ আগবঢ়াই ” প্ৰেৰণাশ্ৰী ” সন্মান ।

মুখ্যমন্ত্ৰীৰ সৈতে লোক সংস্কৃতি গৱেষক . বিশিষ্ট পণ্ডিত ড০ নবীন চন্দ্ৰ শৰ্মালৈয়ো দৰঙী কলাকৃষ্টি উন্নয়ন সংঘই আগবঢ়াই ” দৰং গৌৰৱ ” সন্মান । যোৱা ২০ আগষ্টত অনুষ্ঠিত সংঘৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাই উৎফুল্লিত হৈ গ্ৰহন কৰা দৰঙীয়াৰ এই সন্মান ৩০ অক্টোবৰত দৰঙী লোককৃষ্টি প্ৰদৰ্শনৰ মাজেৰে মুখ্যমন্ত্ৰীক ৰাজহুৱাভাৱে প্ৰদান কৰিব বুলি সংবাদ মেলত প্ৰকাশ কৰে দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰ নাথ ডেকা আৰু সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়াই ।


আজিৰ সংবাদ মেলত সভাপতি কুলেন্দ্ৰ নাথ ডেকা , সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়াৰ লগতে উপদেষ্টা ক্ৰমে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অৱসৰী অধ্যক্ষ ৰজনীকান্ত নাথ . সাহিত্যিক পেঞ্চনাৰ পৃথুৰাম বৰুৱা , শিল্পী পেঞ্চনাৰ গুৰু ৰাজেন্দ্ৰ নাথ ওজা , লোকশিল্পী গুৰু ৰত্নকান্ত ডেকা উপস্থিত থাকে ।

হাজোৰ মনিকুট উচ্চ মাধ্যমিক বিদ্যালয়ত কৃতি ছাত্ৰ ছাত্ৰীক প্ৰেৰনা যোগোৱাৰ উদ্দেশ্যে সোঁৱৰনী বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন…

হাজোৰ মনিকুট উচ্চ মাধ্যমিক বিদ্যালয়ত কৃতি ছাত্ৰ ছাত্ৰীক প্ৰেৰনা যোগোৱাৰ উদ্দেশ্যে এখনি অভিনন্দন আৰু ৺ কালী দাস কলিতা ,৺ গোপীবালা কলিতা সোঁৱৰনী বটা প্ৰদান অনুষ্ঠান সম্পণ্ণ ।

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত মনিকুট উচ্চ মাধ্যমিক বিদ্যালয়ত আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন কৃতি ছাত্ৰ ছাত্ৰীক প্ৰেৰনা যোগোৱাৰ উদ্দেশ্যে এখনি অভিনন্দন বটা প্ৰদান অনুষ্ঠান সম্পণ্ণ কৰা হ’য়।

উক্ত অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ন ৫ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক ৺কালী দাস কলিতা আৰু ৺ গোপীবালা কলিতা সোঁৱৰনী বটা প্ৰদান কৰা হ’য়। বটা প্ৰদান কৰে বিশিষ্ট সমাজ সেৱক,চিকিৎসক ডা° হৰেন কলিতাই।

সভাৰ সভাপতিত্ব কৰে নৃপেন ভাগৱতীয়ে ।সভাত প্ৰথম,দ্বিতীয় বিভাগত উত্তীৰ্ন কৃত্ৰি শিক্ষাৰ্থী সকলকো বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জনোৱা হ’য়।সভাত বিদ্যালয়ৰ শিক্ষক শিক্ষয়ত্ৰী,ছাত্ৰ ছাত্ৰী আৰু একাংশ স্থানীয় ৰাইজ উপস্থিত থাকে।

নগাঁৱৰ জামুগুৰিত কেন্দ্ৰীয় শ্বহীদ দিৱস আৰু ৪২ ৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তি উন্মোচনৰ ব্যাপক প্ৰস্তুতি …

১৯৪২ চনৰ ২০ চেপ্তেম্বৰত ঢেকীয়াজুলি থানাত ইংৰাজৰ গুলীত দেশমাতৃৰ হকে প্রাণ আহুতি দি ৪২ ৰ গণ আন্দোলনৰ শ্বহীদ হৈছিল শ্বহীদ মনবৰ নাথ । পৰিতাপৰ বিষয় এই যে স্বাধীনতাৰ ৭৬ বছৰৰ পাছতো এই গৰাকী বীৰ শ্বহীদে যি ভাৱে এক ৰাষ্ট্ৰীয় মৰ্য্যদা পাব লাগিছিল সেই মৰ্য্যদা লাভ কৰা পৰিলক্ষিত বৰ্তমানলৈ হোৱা নাই ।

কিন্তু বর্তমান বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ বৰ অসমৰ প্ৰাচীন জনগোষ্ঠী নাথ-যোগী সমাজৰ নৱ প্ৰজন্মৰ সামগ্রিক বিকাশ আৰু উত্তৰণৰ অন্যতম সংগঠন সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ বিশেষ উদ্যোগত বর্তমান অসমৰ জনপ্ৰিয় চৰকাৰৰ জনপ্ৰিয় তথা মানৱদৰদী মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ একান্ত পৃষ্ঠপোষকতাত,নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ একান্ত তত্বাৱধানত,নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত , নগাঁও জিলা নাথ-যোগী ছাত্ৰ সন্থা আৰু বৃহত্তৰ জামুগুৰি অঞ্চলৰ ৰাইজৰ একান্ত সহযোগত বেবেজীয়া জামুগুৰি ন – মাটি গড়কাপ্তানি পথৰ ( শ্বহীদ মনবৰ নাথ পথ ) দাঁতিত শ্বহীদ মনবৰ নাথৰ এটি পূর্ণাঙ্গ প্রতিমূৰ্ত্তি নিৰ্মাণৰ কাম পূৰ্ণ গতীত চলি আছে আৰু ইতিমধ্যে প্রায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে ।

সদৌ অসম নাথ – যোগী ছাত্ৰ সন্থাই প্রতি বছৰে ২০ চেপ্তেম্বৰ দিনটো ৪২ ৰ ভাৰত ত্যাগ আন্দোলনত ঢেকীয়াজুলিত ইংৰাজৰ গুলীত প্রাণ আহুতি দিয়া শ্বহীদ সকলৰ লগতে অসমৰ প্ৰতিগৰাকী শ্বহীদৰ পবিত্ৰ স্মৃতিত “কেন্দ্ৰীয় শ্বহীদ দিৱস” হিচাবে উদযাপন কৰি আহিছে । এইবাৰ উক্ত দিৱসটি সন্থাই,নগাঁও জিলা সমিতিৰ উদ্যোগত, বেবেজীয়া জামুগুৰি আঞ্চলিক নাথ – যোগী ছাত্ৰ সন্থা আৰু বৃহত্তৰ জামুগুৰি অঞ্চলৰ জাতি – বর্ণ নির্বিশেষে সকলো ৰাইজৰ একান্ত সহযোগত,শ্বহীদ মনবৰ নাথৰ জন্মস্থান নগাঁও জামুগুৰিত উদযাপন কৰিবলৈ স্থিৰ কৰি ব্যপক প্রস্তুতি চলাইছে আৰু উক্ত দিৱসৰ লগত সংগতি ৰাখি শ্বহীদ মনবৰ নাথৰ নিৰ্মিয়মান প্ৰতিমূৰ্ত্তি ভাগো উন্মোচনৰ দিহা কৰিছে আৰু উক্ত প্রতিমূৰ্ত্তি ভাগ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিজে উন্মোচন কৰাৰ আশ্বাস প্ৰদান কৰিছে বুলি উদ্যোক্তা সকলে জনাইছে ।

তদুপলক্ষে যোৱা ১৩ আগষ্ট ৰবিবাৰে জামুগুৰিস্থিত বাপুজী হাইস্কুল প্রাঙ্গণত বৃহত্তৰ জামুগুৰি অঞ্চলৰ জাতি – বর্ণ নির্বিশেষে প্রায় তিনি শতাধিক সমাজপ্ৰিয় ৰাইজৰ উপস্থিতিত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় । উক্ত সভাতেই বিশিষ্ট সমাজকর্মী খগেন চন্দ্র নাথক সভাপতি,ভূৱন চন্দ্ৰ নাথক কাৰ্যকৰী সভাপতি,বিশিষ্ট অনাতাঁৰ শিল্পী তথা সমাজকৰ্মী গম্ভীৰ নাথ,ধেনুৰাম নাথ, মায়া দেৱীক উপ সভাপতি প্রশান্ত নাথক সম্পাদক , উৎপল নাথ,জ্ঞানজ্যোতি নাথ,ৰিংকু মনি দেৱীক সহঃ সম্পাদক আৰু ৰাজীৱ কুমাৰ নাথক কার্যালয় সম্পাদক হিচাবে লৈ ৫১ জনীয়া এখনি শক্তিশালি আদৰনি সমিতি গঠন কৰা হয় আৰু ৮ খন উপ- সমিতি গঠন কৰা হয় । তদুপলক্ষে অনুষ্ঠিত ২১ আগষ্ট ৰবিবাৰে জামুগুৰি ৯০নং প্ৰাথমিক বিদ্যালয়ত এখনি গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাখনিত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী খগেন নাথে ৷

নাথ যোগী ছাত্র সন্থাৰ নগাঁও জিলা সমিতিৰ সম্পাদক প্ৰশান্ত নাথে আঁত সভাখনিত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি যোগী লক্ষণ নাথ ,,নগাঁও জিলা নাথ-যোগী সন্মিলনীৰ সভাপতি ঘনশ্যাম নাথ,সম্পাদক পুস্পেন্দ্ৰ নাথ,অসম প্ৰাদেশিক যোগী সন্মিলনীৰ মহিলা কেন্দ্ৰীয় কোষৰ সম্পাদিকা নিশিতা দেৱী,নগাঁও জিলা যোগী ছাত্ৰ সন্থাৰ সভাপতি জ্যোতি প্ৰসাদ হাজৰিকাকে আদি বহু কেইজন লোক উপস্থিত থাকি নাথ-যোগী জাতিৰ উত্তৰণৰ ক্ষেত্ৰত বিভিন্ন বক্তব্য আগবঢ়ায় কয় যে স্বাধীনতা ৭৬বছৰে অসমৰ নাথ যোগী জাতি উপেক্ষিত হৈ থাকিল।

মাজুলীৰ ভাস্কৰ মইনা পাৰিজাতৰ চিৰসেউজ গীতৰ কৰ্মশালাৰ সামৰণি…

মাজুলী ম’হকিনা গাঁৱ পৰিচালনা সমিতিৰ উদ্যোগত ভাস্কৰ মইনা পাৰিজাতৰ অৰ্ধশতাধিক কন কন ছাত্ৰ-ছাত্ৰীৰ মাজত পষেকীয়া কাৰ্যসূচীৰে অসমীয়া চিৰসেউজ গীতসমূহৰ কৰ্মশালাৰ অন্তত গাঁৱৰ নামঘৰত আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। গাঁৱৰ মহিলা সকলৰ কণ্ঠৰ ৰঞ্জিৎ ভূঞা ৰচিত সমবেত সংগীতেৰে আৰম্ভ হোৱা সামৰণি অনুষ্ঠানটোত সভাপতিত্ব কৰে গাঁও উন্নয়ন সমিতিৰ সভাপতি নিৰণ শইকীয়াই ৷


কৰ্মশালাত প্ৰশিক্ষাৰ্থী সকলৰ গীত মাতে এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে। সভাত সদৌ অসম মইনা পাৰিজাতৰ ‘শিশুবন্ধু’ উপাধিৰে বিভূষিত টংকেশ্বৰ দুৱৰীয়াই ভাস্কৰ মইনা পাৰিজাতৰ এনে কাৰ্যসূচী সলাগ লৈ অব্যাহত ৰখাৰ আহ্বান জনায় । সদৌ অসম মইনা পাৰিজাতৰ ইতিহাসৰ খেওধৰি ভাস্কৰ মইনা পাৰিজাতৰ গৌৰৱময় অতীতৰ সোঁৱৰণ কৰে। মাজুলী জিলা মইনা পাৰিজাতৰ সভাপতি লোহিত বৰাই মইনা সকলৰ প্ৰতিভা বিকশিত হোৱাৰ ক্ষেত্ৰত উদ্যোক্তা আৰু প্ৰশিক্ষকক ধন্যবাদ জ্ঞাপন কৰি ভাস্কৰ মইনা পাৰিজাতৰ আদৰ্শ প্ৰতিখন মইনা পাৰিজাতক গ্ৰহণ কৰিবলৈ আহ্বান জনায়।


সভাত বিশিষ্ট অতিথিৰ আসনৰ পৰা মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞাই শিশুসকলৰ চৰিত্ৰ গঠনত সংগীতে কেনেধৰণৰ প্ৰভাৱ পেলায় সেই বিষয়ে বক্তব্য ৰাখি চৰকাৰে মাজুলীত সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰাৰ পিছতো একাংশ প্ৰধান শিক্ষকে সংগীতৰ বিষয়টো গুৰুত্ব নিদিয়াৰ কাৰণে মাজুলীৰ বহু প্ৰতিভাবান ছাত্ৰ ছাত্ৰীয়ে এটা বিষয় ৰূপে সংগীত অধ্যয়ন কৰাৰ পৰা বঞ্চিত হৈছে বুলি অভিযোগ আনে। মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ সভাপতি মিনতি শইকীয়া, ৰামধেনু শাখা সাহিত্য সভাৰ সভাপতি জগন্নাথ দুৱৰীয়া, মাজুলী জিলা মইনা পাৰিজাতৰ সম্পাদক প্ৰবীণ ভূঞা, কৰ্মশালাৰ প্ৰশিক্ষক মালতী শইকীয়া, লক্ষ্য গায়ন আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাস্কৰ মইনা পাৰিজাতৰ পদক্ষেপৰ শলাগ লয়।


এইসভাতে প্ৰশিক্ষাৰ্থী সকলক মানপত্ৰ প্ৰদান কৰে। অনুষ্ঠানটো পৰিচালনা কৰে ভাস্কৰ মইনা পাৰিজাতৰ পৰিচালক প্ৰদীপ হাজৰিকা আৰু নিবেদিতা গায়নে।সভাত বৈষ্ণৱী ভূঞাৰ সত্ৰীয়া নৃত্যই সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আনহাতে সংগীত পৰিচালনা কৰে প্ৰশান্ত ভূঞা আৰু জয় প্ৰকাশ দুৱৰীয়াই।প্ৰদীপ হাজৰিকাই আঁতধৰা সভাখনত শলাগৰ শৰাই আগবঢ়াই প্ৰবীণ ভূঞাই। শেষত জাতীয় সংগীতেৰে সভাৰ সামৰণি মাৰে।

শোণিতপুৰৰ বালিপাৰাত অসম অৰুণাচলৰ সীমা বিষয়ক আঞ্চলিক সমিতিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা…

অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুঙৰ নেতৃত্বত অহা প্ৰতিনিধি দলেৰে মন্ত্ৰী পীযুষ হাজৰীকাৰ নেতৃত্বত অসমৰ প্ৰতিনিধি দলৰ বৈঠক: সমিলমিলেৰে সীমা সমস্যা সমাধানৰ পোষকতা । অহা ২ চেপ্তেম্বৰত সীমা অঞ্চল ভ্ৰমণ কৰিব অসম-অৰুণাচলৰ প্ৰতিনিধি দলে ।

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি শোণিতপুৰ জিলাৰ বালিপাৰাত অসম অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা হোৱা আঞ্চলিক সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে । অসম দলক নেতৃত্ব দিয়া মন্ত্ৰী হাজৰীকাই অৰুণাচল প্ৰদেশ চৰকাৰৰ পৰিৱেশ, বন, জলসম্পদ, ক্ৰীড়া আদি বিভাগৰ মন্ত্ৰী মামা নাটুঙৰ নেতৃত্বত অহা দলটিৰ সৈতে বৈঠকত অংশ লৈ অসমৰ বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ সৈতে থকা অৰুণাচল প্ৰদেশৰ পাকে কিচাং জিলাৰ সীমা সমস্যাৰ ওপৰত আলোচনা কৰে ।

আলোচনাকালত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে অহা ২ আৰু ৩ চেপ্তেম্বৰত দুয়োখন ৰাজ্যৰ দল দুটাই বিবাদমান অঞ্চল কেইটা পৰিভ্ৰমণ কৰি ক্ষেত্ৰ অধ্যয়নৰ পাছত এটা প্ৰতিবেদন প্ৰস্তুত কৰিব । সীমা সমস্যাৰ স্থায়ী সমাধানৰ অবিহনে সীমা অঞ্চলত বসবাস কৰি থকা লোকসকলৰ সামগ্ৰিক উন্নয়ন সম্ভৱপৰ নহয় বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ প্ৰত্যক্ষ পৰ্যবেক্ষণত আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্ৰয়াসৰ ফলত ৰাজ্য দুখনৰ মাজত থকা সীমা সমস্যাই সমাধানৰ মুখ দেখিবলৈ গৈ আছে । আনহাতে সীমা অঞ্চল কেইটা ভ্ৰমণ কৰি স্থানীয় বাসিন্দাসকলৰ সম্পূৰ্ণ মতামত লৈহে প্ৰতিবেদন প্ৰস্তুত কৰাৰ ওপৰত মন্ত্ৰীগৰাকীয়ে জোৰ দিয়ে ।

আলোচনাত অৰুণাচল প্ৰদেশৰ মন্ত্ৰী মামা নাটুঙে শান্তিপূৰ্ণ মাধ্যমেৰে সীমা সমস্যা সমাধানৰ উদ্যোগ লোৱাৰ বাবে দুয়োখন ৰাজ্যৰে মুখ্যমন্ত্ৰী দুগৰাকীক ধন্যবাদ জনোৱাৰ লগতে অসমক জ্যেষ্ঠ ভাতৃৰ দায়িত্ব গ্ৰহণ কৰি অঞ্চলটোক আগোৱাই নিয়াৰ ক্ষেত্ৰত সবল ভূমিকা ল’বলৈ আহ্বান জনায় ।

পাছত সাংবাদিকৰে হোৱা কথা বতৰাত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে অসমক অৰুণাচলৰ মন্ত্ৰীগৰাকীয়ে জ্যেষ্ঠ ভাতৃৰ সন্মান দিয়াত তেঁও যথেষ্ট গৌৰৱ অনুভৱ কৰিছে আৰু ৰাজ্য দুখনৰ মাজত দীঘলীয়া সময় ধৰি থকা সীমা সমস্যা শীঘ্ৰে সমাধান হ’ব বুলি তেঁও বিশ্বাস কৰে । নামচাইত আলোচনাকালত ইতিমধ্যেই বহুকেইটা বিবদমান অঞ্চলৰ সমাধান হৈ গৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অহা ২ আৰু ৩ চেপ্তেম্বৰত তেঁও অৰুণাচলৰ মন্ত্ৰীগৰাকী আৰু আন প্ৰতিনিধিসকলৰ সৈতে সীমা অঞ্চল ভ্ৰমণ কৰি স্থানীয় ব্যক্তিসকলৰ মতামত গ্ৰহণ কৰিব । তেঁওলোকৰ মতামত লৈহে সমিতিৰ প্ৰতিবেদন প্ৰস্তুত কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

উল্লেখযোগ্য যে অসমৰ বিশ্বনাথ জিলা আৰু অৰুণাচল প্ৰদেশৰ পাকে কিচাং জিলাৰ সীমান্তৱৰ্তী দিকালমুখ, বালিচ’, দিপিক আৰু পাচ’ এই চাৰিখন গাঁৱত বৰ্তমানে সীমা সংক্ৰান্তীয় সমস্যা আছে । শেহতীয়াকৈ অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ মাজত সীমা সমস্যা সমাধানৰ বাবে অৰুণাচলৰ নামচাইত এখন চুক্তি স্বাক্ষৰিত হৈছিল । এই চুক্তিৰ আধাৰত ৰাজ্য দুখনৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে কেইবাখনো আঞ্চলিক সমিতি গঠন কৰি দিয়া হৈছিল । অহা ১৫ চেপ্তেম্বৰৰ ভিতৰত এই সমিতিসমূহে দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব ।

আজিৰ বৈঠকত অসমৰ প্ৰতিনিধি দলত মন্ত্ৰী হাজৰীকাৰ লগতে সাংসদ পল্লৱ লোচন দাস, বিধায়কত্ৰয় প্ৰমোদ বৰঠাকুৰ, গণেশ লিম্বু আৰু কৃষ্ণ কমল তাঁতী, অসম চৰকাৰৰ জ্যেষ্ঠ সচিব আকাশদ্বীপ, শোণিতপুৰ-বিশ্বনাথৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকল থকাৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ প্ৰতিনিধি দলত মন্ত্ৰী মামা নাটুঙৰ লগতে বিধায়ক বিয়ুৰাম ৱাগে, চৰকাৰৰ উচ্চ পদস্ত বিষয়া আৰু পাকে কিচাং জিলাৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষক উপস্থিত আছিল

এমিৰেটছ বিজনেছ কনক্লেভ-২০২২ত অসমৰ উদ্যোগপতি নৃপেন দাস সন্মানিত…

সংযুক্ত আৰৱ ৰাষ্ট্ৰৰ ৰাজধানী ডুবাইত ৰাষ্ট্ৰখনৰ ৰাজপৰিয়ালৰ উদ্যোগত অনুষ্ঠিত হয় এমিৰেটছ বিজনেজ কনক্লেভ ২০২২, ইউএই। সংযুক্ত আৰৱ ৰাষ্ট্ৰৰ যুৱৰাজদ্বয় ক্ৰমে শ্বেইখ মহম্মদ বিন আহমেদ বিন হামদান অল নায়ান আৰু শ্বেইখ মজিদ অল মোৱাল্লাৰ উপস্থিতিত ২১ আগষ্টত সন্ধিয়া অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সন্মিলনখনত বিশেষ বঁটাৰে সন্মানিত কৰা হয় অসমৰ বিশিষ্ট উদ্যোগপতি তথা মুক্তি যুঁজাৰু উপেন চন্দ্ৰ দাসৰ পুত্ৰ নৃপেন দাসক।

অসমৰ সংবাদ জগতত সৱলভাৱে আত্মপ্ৰকাশ কৰা সংবাদ প্ৰতিষ্ঠান ‘’ তথা এনআৰডি গ্ৰুপৰ অধ্যক্ষ নৃপেন দাসে বিগত সময়ছোৱাত আৰ্থ-সামাজিক বিকাশৰ প্ৰক্ৰিয়ালৈ আগবঢ়োৱা অৱদানৰ বাবে সংযুক্ত আৰৱ ৰাষ্ট্ৰৰ যুৱৰাজ শ্বেইখ মহম্মদ বিন আহমেদ বিন হামদান অল নায়ানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ উপস্থিতিত তেওঁক ‘এমিৰেটছ বাণিজ্য বঁটা’ৰে সন্মানিত কৰে। উল্লেখযোগ্য যে সংযুক্ত আৰৱ ৰাষ্ট্ৰৰ ৰজপৰিয়ালে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সন্মিলনলৈ অসমৰ বিশিষ্ট উদ্যোগপতি, ব্যৱসায়ী তথা সমাজ সংগঠক নৃপেন দাসক বিশেষভাৱে আমন্ত্ৰণ জনাইছিল।

এমিৰেটছ বিজনেছ কনক্লেভ ২০২২ ইউএইত অসমৰ উদ্যোগপতিগৰাকীয়ে মধ্যপ্ৰাচ্যৰ আৰৱ ৰাষ্ট্ৰত ৰাজপৰিয়ালৰ দ্বাৰা বিশেষভাৱে সন্মানিত হোৱা ৰাজ্যবাসীৰ বাবেও যথেষ্ট গৌৰৱৰ বিষয়। বঁটা গ্ৰহণ কৰি বিশিষ্ট উদ্যোগপতি নৃপেন দাসে সংবাদ মাধ্যমক কয় – অনাগত দিনত আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত এনেধৰণৰ বঁটাই সকলোকে উপকৃত কৰাৰ লগতে প্ৰেৰণা যোগাব। এই অনুষ্ঠানত ভাৰতৰ লগতে চুবুৰীয়া কেইবাখনো ৰাষ্ট্ৰৰ আগশাৰীৰ উগ্যোগপতি, সমাজকৰ্মী, ৰাজনীতিক আইনজ্ঞ আৰু শিক্ষাবিদকো আমন্ত্ৰণ জনোৱা হৈছিল।

শিল্পী পেঞ্চনৰ পৰা আজিও বঞ্চিত প্ৰচাৰ বিমুখ শিল্পী সুশীলা বৈশ্য শইকীয়া…

নগাঁও জিলাৰ পশ্চিম অঞ্চলৰ এখনি সাংস্কৃতিকভাবে আগবঢ়া গাঁও শেতালিৰ গ্রাম্য পৰিৱেশত এতিয়াও নিয়মিতভাবে লোকসংগীতৰ চর্চাত নিমগ্ন আছে প্ৰায় পয়ষষ্ঠি বছৰীয়া প্ৰচাৰ বিমুখ শিল্পী সুশীলা বৈশ্য শইকীয়াই ৷ শেতালি গাৱঁৰ স্থায়ী বাসিন্দা শইকীয়াৰ জন্মস্থান আছিল কামৰূপ জিলাৰ ৰঙীয়া চহৰত ।

সত্তৰ দশকৰ আৰম্ভনিতেই তেখেতে গুৱাহাটী অনাতাঁৰ কেন্দ্রত যুৱ শিল্পীৰ কন্ঠ পৰীক্ষাত বহি বাচনিত উঠিছিল । কিন্তু পাৰিবাৰিক অভাব অনাটনৰ বাবে তেখেতৰ সংগীত জগতৰ সেই অভিযাত যাত্রা তাতেই সীমাবদ্ধ কৰি ৰাখিব লগা হৈছিল যদিও হাৰমনিয়াম খনকেই নিয়মিত বজাই সংগীত চর্চা কৰি আজি পৰ্যন্ত সংস্কৃতি চর্চাত ব্রতী হৈ আছে তেওঁ । তেখেতৰ জন্মস্থানেৰ ওচৰতেই থকা সংগীত বিদ্যালয়ত শিশু কালতেই প্ৰায় ন বছৰ বয়সৰে পৰা সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল ৷

অলপ ডাঙৰ হোৱাত সেই বিখ্যাত সংগীতৰ গুৰু মুকুল বৰুৱা,বিনোদ দাস আদি শিল্পী সকলৰ পৰা সংগীতৰ প্রাৰম্ভিক শিক্ষান্ত গ্রহণ কৰিছিল । সেই খিনি সময় আছিল অসমৰ সংগীত জগতৰ চহকী সময় । অৰ্চনা মহন্ত ,শিল্পী নীলিমা খাতুন , অনিমা চৌধুৰী , ধনদা পাঠক , মনীষা হাজৰিকা মৰম চেনেহেৰে আদৰি লোবা সময় আছিল ৷ সেই সকল সংগীত শিল্পীৰ সুশীলা বৈশ্য শইকীয়াও সংগীতকে সাৰথি কৰি আগবাঢ়ি যোবাৰ সপোন দেখিছিল ৷

কামৰূপী লোকগীতৰ সম্ৰাট স্বৰূপ শিল্পী ৰামেশ্বৰ পাঠক আছিল তেখেতৰ বাবে আছিল চিৰপূজ্য শিল্পী। খুব কম সময়তেই তেখেতৰ পিতৃয়ে দুই এখন মঞ্চত বৰগীত পৰিবেশন কৰিবলৈ উৎসাহ যোগাইছিল ৷ লাহে লাহে সংগীত বিদ্যালয়ৰ সহযোগত তেওঁ লোকগীত আৰু আধুনিক গীত পৰিবশনৰ কৰিবলৈ আৰম্ভ কৰে ৷ সেইখিনি সময়ত ৰঙীয়াৰ হৰদত্ত বীৰদত্ত ভবন আছিল সাংস্কৃতিক প্ৰদশৰ্নৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ ৷ য’ত তেখেতে গীত পৰিবেশন কৰি সকলোৰে প্ৰসংশা বুতলিবলৈ সক্ষম হৈছিল ৷ ৰঙীয়াৰ বিভিন্ন প্ৰান্তৰ ওপৰি নলবাৰী , বৰপেটা , গুৱাহাটী , শিৱসাগৰ,নগাঁৱৰ ওপৰি তেখেতে গীত পৰিবেশন কৰি সুক্ষাতি অৰ্জন কৰিছিল ৷ সেইখিনি সময়ত খ্যাতনামা শিল্পী – সাহিত্যিক লক্ষ্যধৰ চৌধুৰীয়ে তেওঁৰ সংগীত জীৱন উজল ভৱিষ্যতৰ বাবে আশীৱাদ প্রদান কৰিছিল | সুশীল বৈশ্য শইকীয়া বৰ্তমান এগৰাকী সুগৃহিনী আৰু আৰ্দশ মাতৃ তথা বর্তমান শেতালি গাঁৱৰ বাসিন্দা ৷

বিভিন্ন কাম কাজৰ ব্যস্ততাৰ মাজতো তেখতে হাৰমনিয়াম খন লৈ কৰি গৈছে সংগীতৰ চৰ্চা । নিতৌ পুৱা সন্ধিয়া বৰগীত আৰু লোকগীত গাই তেওঁ সংগীত সাধনাত ব্ৰতী হৈ আহিছে ৷ উল্লেখ যে তেখতে আনুষ্ঠানিক শিক্ষা সমাপ্ত নকৰাকৈয়ে সত্তৰ দশকৰ প্ৰথম ছোবাতেই বিবাহ সুত্ৰে নগাঁৱৰ শেতালি গাঁৱলৈ আহে ৷ তেখেতৰ স্বামী ডিম্বেশ্বৰ শইকীয়া এগৰাকী অসপাপ্ত শিক্ষক তথা সমাজকৰ্মী । নগাঁৱলৈ অহাৰ পাছতো তেখেতে সংগীত পৰিবশন অব্যাহত ৰাখে ৷

নগাঁৱৰ বিভিন্ন অঞ্চলত বিভিন্ন মঞ্চত তেখেতে বৰগীতৰ আৰু লোকগীত পৰিবেশন কৰি দৰ্শক শ্ৰোতাৰ প্ৰসংশাৰ পাত্ৰী হৈ আহিছে ৷ শেতালিৰ এচ কে. বি এল. সাৰ্ব্বজনীন শ্ৰীমন্তশঙ্কৰ জন্মোসৱ, ডিমৌ সাংস্কৃতিক উৎসৱ,জামুগুৰি সাৰ্ব্বজনিন গৰখীয়া থানৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান,ফুলগুৰি,ৰহা নগাঁও,মৰিগাঁও আদি বিভিন্ন মঞ্চত বৰগীত লোকগীত পৰিবেশন কৰি ৰাইজৰ মৰম বুটলিছে ৷ এই পৰ্যন্ত তেখেতক অসমীয়া সাহিত্য সন্মিলনী,অসম শিল্পী সমাজ,শিপা ফাউণ্ডেচন আদি সামাজিক সাংস্কৃতিক সাহিত্য অনুষ্ঠানে শিল্পী সন্মান যাচিছে ৷ শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ বিভিন্ন অনুষ্ঠানতো তেখেতে বৰগীত লোকগীত পৰিবেশন কৰি আহিছে ৷ বৰ্তমানৰ নৱপ্ৰজন্মৰ যুৱকযুৱতীয়ে গুৰু দুজনাৰ বৰগীত,পৰমপৰাগত লোকগীত,জ্যোতি-বিষ্ণু পাৰ্বতী প্ৰসাদৰ গীত ড° ভূপেন হাজৰিকাৰ গীত সমূহ শুদ্ধকৈ পৰিবেশন কৰিবলৈ চেষ্টা চলালেহে জাতীয় জীবনৰ প্ৰতি শ্ৰদ্ধা কৰা হব বুলি প্ৰচাৰ বিমুখ শিল্পী গৰাকীয়ে এই প্ৰতিবেদকৰ আগত অনুভৱ ব্যক্ত কৰে ৷


তেখেতৰ মতে শিল্পী সকলো মানুহেই ৷ গতিকে মানৱীয় অনুভূতি চৰিত্ৰ আৰু কৰ্মক পাহৰি চলিলে সমাজ ভালদৰে আগ নাবাহিব ৷ লোকগীতৰ শিল্পী সুশীলা বৈশ্য শইকীয়াৰ দুই পুত্ৰ সুপ্ৰতিষ্ঠিত ৷ তথাপিও তেওঁ ঘৰুৱা কামকাজ বোৰ হেলাৰঙে কৰি গৈছে ৷ তেওঁ ঘৰুৱা সকলো দৈনন্দিন কামকাজ কৰাৰ ওপৰিও নিয়মীয়াকৈ সংগীত সাধনা কৰি যোৱাতো আৰু ৰাইজে বিচাৰিলে গীত পৰিবেশন কৰিবলৈ যোবাতো সকলোৰে বাবে সুখৰ খবৰ ৷

এইগৰাকী চহা শিল্পীক ৰজাঘৰীয়া পৰা শিল্পী বঁটা তথা শিল্পী পেঞ্চনেৰে স্বীকৃতি দি তেখেতৰ শিল্প সাধনাক চৰকাৰে উৎসাহিত কৰিব লাগে বুলি বিভিন্ন দল সংগঠনে মত ব্যক্ত কৰিছে ৷প্ৰণিধানযোগ্য যে সুশীলা বৈশ্য শইকীয়াৰ জীৱন শিল্প সাধনাই স্বীকৃতি লাভ কৰাতো সমাজৰ বাবে এক ইতিবাচক চিন্তা হৈ ৰৱ ৷