২১ জানুৱাৰী, ২০২৫ঃ Ranjit Kumar Das । ৰাজ্যত দ্বিতীয় পৰ্যায়ত চলি থকা গুণোৎসৱৰ কাৰ্যসূচীত অংশ লবলৈ ধুবুৰীৰ বি চি মেমৰিয়াল গাৰ্লছ এম ই স্কুলত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ ৰূপত ধুবুৰীৰ বি চি মেমৰিয়াল গাৰ্লছ এম ই স্কুলত মন্ত্ৰী গৰাকীয়ে প্ৰতিটো ক্লাছ ৰুমত গৈ ছাত্ৰ-ছাত্ৰীৰ মাজত মত বিমিময় কৰে। ইয়াৰ পাছতে ৰান্ধনীশালত সোমাই মধ্যাহ্ন ভোজনৰ বুজ লোৱাৰ লগতে নিজেই ৰান্ধিবলৈ লয়।
মন্ত্ৰী জনে বিদ্যালয়খনৰ প্ৰতিটো শ্ৰেণীত গৈ ছাত্ৰ-ছাত্ৰী সকলৰ লগত বাৰ্তালাপ কৰি সন্তুষ্টি প্ৰকাশ কৰি কয় যে গুণোৎসৱ হৈছে প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীৰ শিকাৰ মাধ্যমসমূহৰ উন্নতিৰ কাৰণে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গুণগত মান বঢ়োৱাৰ এটি পদক্ষেপ। ইয়াৰ লক্ষ্য হৈছে বিদ্যালয় আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ফলাফলৰ মূল্যাংকন কৰা আৰু শিকাৰ মান উন্নয়নৰ কাৰ্যকৰী কৌশল নিৰ্দ্ধাৰণ কৰাৰ লগতে বিদ্যালয়ৰ পৰিবেশৰ উন্নতি সাধন কৰা।
আনহাতে গুনোৎসৱৰ দিনাই জৰুৱাৰচৰ পাব্লিক হাই স্কুলৰ প্ৰধান শিক্ষকে বিদ্যালয়ত উপস্থিত নথকা,মধান্য ভোজনক লৈ কেলেংকাৰী,ছাত্ৰ ছাত্ৰীক বলপূৰ্বক ঘৰলৈ পঠিয়াই দিয়াৰ লগতে নিয়ম ভঙ্গ কৰি বিদ্যালয় ছুটি দিয়া আদি বিভিন্ন অভিযোগ উত্থাপিত হৈছিল এইজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে। সেই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত লগে লগে মন্ত্ৰী গৰাকীয়ে ধুবুৰী জিলা স্কুল পৰিদৰ্শক অদিত শৰ্মা আৰু শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্তক মাতি নিলম্বন কিয় কৰা নাই বুলি প্ৰশ্ন কৰে। পিছত মন্ত্ৰী গৰাকীয়ে নিজেই জিলা আয়ুক্তৰ লগত কথা পাতি লম বুলি মন্তব্য কৰে।