ধুবুৰীৰ ভূমিহীন দুই ভাই ককাই

নাম ফাজে শেখ আৰু ফতো শেখ। তেতিয়াৰ গৌৰীপুৰৰ ৰজাই দুই ককাইক বিগত ১৯৫৮ চনত মুঠ ৮১ বিঘা মাটি দিছিল প্ৰজা হিচাপে। দুই ভাই ককাই পৃথক হোৱাৰ পিছত হল দুটা পৰিয়াল। ফাজে শেখ আৰু ফটো সেখৰ পৰিয়াল। এইসকল হৈছে প্ৰয়াত ফাজে সেখৰ পুত্ৰ প্ৰয়াত মহম্মদ শেখৰ পৰিয়াল। ৰজাদিনীয়া পৈত্রিক সম্পত্তি থকাৰ পিছতো এইসকল খিলঞ্জীয়া আজি ভূমিহীন হৈছে। মাটিৰ এশ এবুৰি নথি – পত্ৰ আছে কিন্তু প্ৰকৃততে নাই মাটি। জীয়াই থাকিবলৈ নাই এডোখৰ ভূমি।
আনৰ মাটিত অস্থায়ী ভাবে থাকি কোনো মতে জীয়াই থকাৰ প্ৰয়াস কৰিছে এই পৰিয়ালটো।
নথি – পত্ৰ লৈ ধুবুৰীৰ গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্য্যালয় আৰু ধুবুৰী আদালতৰ দুৱাৰত তাতবাটি ফুৰিবলগীয়া হৈছে সুদীৰ্ঘ বছৰে। কিন্তু আজি লৈকে পোৱা নাই ন্যায়। অভিযোগ অনুসৰি ধুবুৰী জিলাৰ গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত একাংশ বিষয়া আৰু দালালৰ বাবেই আজি ভূমিহীন এই খিলঞ্জীয়া পৰিয়ালটো।
কার্যলয়টোৰ ছাইফুল আলম নামৰ এজন প্ৰতিষ্ঠিত দালাল আৰু মণ্ডলৰ চক্ৰান্তৰ বাবেই আজি ভূমিহীন হৈ পৰিছে প্ৰয়াত মহম্মদ শেখৰ সন্তান ক্ৰমে আহমেদ আলী, অহেদ আলী, কাশেম আলী, মৰজিনা বিবি, মাহমুদা বিবি, ছামিদা বিবিৰ পৰিয়াল। এইজন গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল পুলিন চন্দ্ৰ ৰায় বহু নথি পত্ৰ থকাৰ পিচতো কামত গুৰুত্ব দিয়া নাই। নে লাট মণ্ডলৰ আছে কিবা ৰহস্য? আটাইখিনি ভূমি আজি বেদখলৰ কৱলত। আজি এই কেইটা পৰিয়াল সম্পূৰ্ণৰূপে সৰ্বশান্ত। মূৰ গুঁজিবলৈ নাই এডোখৰ ভূমি। নিৰক্ষৰ পৰিয়াল কেইটা নিজৰ ভূমিখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। যদিওঁ মহম্মদ শেখৰ নাতিয়েক মমিৰ আলীয়ে বহু কষ্ট কৰি উলিয়াই লৈছে মাটিৰ সকলো নথি পত্ৰ সমূহ। এই অসহায় পৰিয়ালটো কাষ চাপিছে সংবাদ মাধ্যমৰ। মুখ্যমন্ত্ৰীলৈ হিমন্ত বিশ্ব শৰ্মা লৈ আহ্বান এই পৰিয়ালটোৰ। বেদখলকাৰীৰ কবলৰ পৰা মাটিখিনি উদ্ধাৰ কৰিবলৈ। আমাৰ এই প্ৰতিবেদন দেখাৰ পিছত চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়ে হ’ব লক্ষ্যণীয়।

Related Articles