ওদালগুৰিৰ নলবাৰী খেল পথাৰত চলি থকা ২৭ সংখ্যক সৰ্বভাৰতীয় পৰ্যায়ৰ উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাৰ ৮নবেম্বৰত অনুষ্ঠিত তৃতীয় প্ৰি-কোৱাৰ্টাৰ খেলত বঙাইগাঁওৰ গ্লোবেল স্পৰ্টচ একাডেমীয়ে পশ্চিম বংগৰ সোনাদোবা ৰুপালী ক্লাবক ১-০ গ লৰ ব্যৱধানত পৰাজিত কৰি কোৱাৰ্টাৰত প্ৰবেশ কৰে।
খেলৰ আৰম্ভনিৰ পৰাই দুয়োটা দলে তীব্ৰ আক্ৰমনাত্মক খেল প্ৰদৰ্শন কৰে যদিও প্ৰথমাৰ্দ্ধত গ’ল শূণ্য হৈ থাকে। প্ৰথমাৰ্ধত দুয়োটা দলে স্ক’ৰ কৰিব নোৱাৰাত দ্বিতীয়াৰ্ধত খেলখন অধিক তীব্ৰতৰ হৈ পৰে।দুয়োটা দলৰ আক্ৰমন প্ৰত্যাক্ৰমৰ মাজতে খেলৰ দ্বিতীয়াৰ্ধৰ ৪৩ মিনিটত গ্লোবেল একাডেমীৰ স্টাইকাৰ নিকোদিম নাৰ্জাৰীয়ে দিয়া একমাত্ৰ গ’লৰ সহায়ত সোনাডুবা ৰুপালী ক্লাবক পৰাজিত কৰি কোৱাৰ্টাৰত প্ৰবেশ কৰে। খেলৰ মাজতে অশোভনীয় আচৰণ কৰাৰ বাবে গ্লোবেল স্পৰ্টচৰ খেলুৱৈ ৰুস্তম ব্ৰহ্মক ৰেফাৰীয়ে ৰঙাকাৰ্ড প্ৰদৰ্শন কৰে। ৮নবেম্বৰৰ খেলখন পৰিচালনা কৰে ৰেফাৰী ক্ৰমে বুদ্ধ বসুমতাৰীয়ে। তেওঁক লাইনত সহায় কৰে বাবুৰাম দৈমাৰী আৰু বিশ্বজিৎ বড়োই। কাইলৈ প্ৰতিযোগিতাৰ চতুৰ্থ খন প্ৰি-কোৱাৰ্টাৰত কাৰ্ব আংলংৰ লানহিং এফ চিয়ে বঙাইগাঁওৰ একাদশ ষ্টাৰ এফ চিৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হ’ব।
উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ প্ৰতিযোগিতা
