No menu items!
Home Blog Page 2480

Yo Yo Honey Singh ৰ ৩৯ তম জন্মদিন

জনপ্ৰিয় সংগীত পৰিচালক আৰু গায়ক হানি সিঙে তেওঁৰ ৩৯ তম জন্মদিন উদযাপন কৰিছে। ১৯৮৩ চনৰ ১৫ মাৰ্চতাৰিখে পঞ্জাৱৰ হোচিয়াৰপুৰ চহৰত হানি সিঙৰ জন্ম হৈছিল। ৰেপ সংগীত ভাৰতত হানি সিঙে আৰম্ভ কৰিছিল। গায়কজনে বহুতো হিট পাৰ্টি গান গাইছে। হানি সিঙে কম সময়ৰ ভিতৰতে যথেষ্ট খ্যাতি অৰ্জন কৰিছিল। কেৰিয়াৰৰ শিখৰত থকাৰ পিছত, এনে এটা সময় আহিছিল যেতিয়া তেওঁ মনোৰঞ্জনৰ পৃথিৱীৰ পৰা অদৃশ্য হৈ গৈছিল। তেওঁৰ জন্মদিনত, হানি সিঙৰ কেৰিয়াৰৰ পতনৰ কাহিনী কওঁ আহক । হিৰদেশ সিং হৈছে প্ৰকৃত নাম হানি সিঙৰ প্ৰকৃত নাম হিৰদেশ সিং। ট্ৰিনিটি স্কুল ইউনাইটেড কিংডমৰ পৰা সংগীত অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত, তেওঁ দিল্লীত ৰেপিং আৰম্ভ কৰিবলৈ ভাৰতলৈ উভতি আহে।ইমান কম সময়ৰ ভিতৰতে, হানি যুৱসকলৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছিল, লাখ লাখ লোক তেওঁৰ ৰেপৰ বাবে উন্মাদ হৈ পৰিছিল। হানি সিঙে দিলজিৎ দোচাঞ্জৰ সৈতে ‘লাক ২৮ কুদি দা’ গানটো গাইছিল, যিটো ‘বিবিচি এছিয়ান ডাউনলোড চাৰ্ট’ ২০১১ তালিকাত এক নম্বৰ আছিল। ইয়াৰ পিছত, তেওঁ তেওঁৰ কেৰিয়াৰৰ বহুতো হিট গান দিছিল। তেওঁৰ প্ৰতিটো গানতে, ‘ইয়ো ইয়ো হানি সিং’ নিশ্চিতভাৱে ৰেপৰ এটা অংশ আছিল।

এজন বিখ্যাত ৰেপাৰ আৰু গায়ক হোৱা স্বত্বেও, হানি সিঙে ইংৰাজীত গান গাবলৈ ভাল নাপায়, তেওঁ সদায় পাঞ্জাৱী বা হিন্দীত গান গাবলৈ ভাল পায়। তেওঁ শ্বাহৰুখ খান আৰু চেইফ আলী খানৰ দৰে অভিনেতাৰ গানত কণ্ঠ দান কৰিছে।অৱশ্যে, তেওঁ এই খ্যাতিৰ পৰ্যায়টো বেছি দিন উপভোগ কৰিব নোৱাৰিলে আৰু হঠাতে মনোৰঞ্জনৰ পৃথিৱীৰ পৰা অদৃশ্য হৈ গ’ল। জনাওঁ যে কেইবছৰমান আগতে, হানি সিঙে পুনৰ্বাস কেন্দ্ৰত চিকিৎসা লাভ কৰাৰ খবৰ পোৱা গৈছিল। এইটো কোৱা হৈছিল যে হানি সিঙক তেওঁৰ ড্ৰাগ আৰু সুৰাৰ আসক্তিৰ বাবে পুনৰ্বাসত ভৰ্তি কৰা হৈছিল। যিটো পিছত হানি সিঙে নিজেই অন্যায় কৰিছিল।

বাইপোলাৰ বিকাৰৰ সৈতে যুঁজদিয়া হানি সিঙে কৈছিল, “সঁচা কথাটো হ’ল যে মই বাইপোলাৰ ডিচঅৰ্ডাৰত ভুগি আছোঁ। এই সকলোবোৰ 18 মাহ চলিছিল, যাৰ সময়ত মই চাৰিজন চিকিৎসক সলনি কৰিছিলো। ঔষধবোৰে মোৰ ওপৰত কাম কৰা নাছিল। মোৰ সৈতে আচৰিত ঘটনা ঘটিআছিল। বাইপোলাৰ ডিচঅৰ্ডাৰৰ সৈতে, হানি সুৰাৰ আসক্তিৰ ভুক্তভোগী হৈছিল আৰু ইয়াৰ চিকিৎসাও ল’ব লগা হৈছিল। তেওঁলোকে অনুভৱ কৰিছিল যেন তেওঁলোকে ধ্বংস হ’বলৈ গৈ আছে। হানি সিঙৰ ৰোগ নিৰ্ণয় কৰাত চিকিৎসকসকলৰ যথেষ্ট সমস্যা আছিল। ইয়ো ইয়োৰ ক্ষেত্ৰত, তেওঁ বহু মাহ ধৰি ঔষধ পোৱা নাছিল, যাৰ বাবে তেওঁ ফ্ৰষ্ট্ৰেচনৰ ভুক্তভোগী হৈ পৰিছিল। পিছত, চিকিৎসকৰ এটা দলে তেওঁৰ ৰোগটো সঠিকভাৱে নিৰ্ণয় কৰি চিকিৎসা কৰা আৰম্ভ কৰে আৰু লাহে লাহে হানি সিঙে এই বিকাৰৰ পৰা আৰোগ্য হ’বলৈ সক্ষম হয়।

লাহোৱালৰ মদাৰখাত হাটখোলাত ব্ৰজাৱলী ভাষাত ভাওনা প্ৰদৰ্শন

লাহোৱাল সমষ্টি অন্তগৰ্ত মদাৰখাত হাটখোলা গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ব্ৰজাৱলী ভাষাত শ্ৰীশ্ৰী দ্ৰোণ পৰ্ব অভিমন্যু বধ নামৰ ভাওনা খনি প্ৰদৰ্শন কৰে । ভাওনা প্ৰদৰ্শন অনুষ্ঠানত স্থানীয় অন্চলটোৰ শ শ ৰাইজ উপস্থিত থাকে । ইফালে সন্ধিয়া ভাগত মদাৰখাত হাটখোলা প্ৰতিটো গৃহৰ পদুলি মূৰত ভাওনা প্ৰদৰ্শন উদ্দেশ্য বন্তি প্ৰজ্বলন কৰে ।

শ্ৰীশ্ৰী দ্ৰোণ পৰ্ব অভিমন্যু বধ নামৰ ভাওনা খনিত সাংবাদিক দিবাকৰ দত্ত দ্ৰোনাচায্য অভিনয়ৰে দৰ্শকৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে।

ছিপাঝাৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান

নিশা ছিপাঝাৰত দৰঙ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাই।১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ থকা অৱস্থাত AS-12-K 6270 নম্বৰৰ এখন বাহন জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে।ছিপাঝাৰ আৰক্ষীয়ে বাহন খন সম্পূৰ্ণ ভাবে তালাচী কৰাত ৫ টাকৈ কণতেইনাৰ উদ্ধাৰ কৰে।আনহাতে ঘটনাত জড়িত থকাৰ অভিযোগত ক্ৰমে জমিৰুদ্দিন চাবেদ আলি হাৰিজ আলিক আটক কৰে।

বিহালী বনাঞ্চালক অভয়াৰন্য ঘোষণাৰ প্ৰস্তুতি

বিহালীৰ প্ৰকৃতি প্ৰেমী সংগঠন নেচাৰ্চ বন্যপ্ৰাণৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি ন্যায্যতা প্ৰদান কৰি অসম চৰকাৰে সেউজী সপোন শীৰ্ষক আচঁনি জড়িয়তে ৰাজ্যখন ওৰাং ৰাষ্ট্ৰীয় উদ্যান :কাকৈজান”গড়ভঙাৰ লগতে বিহালী বনাঞ্চলক‌কো বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাত আনন্দিত বিহালীৰ প্ৰকৃতি প্ৰেমী সংগঠন আৰু বিহালীবাসী।।

উল্লেখ্য যে বিহালীৰ প্ৰকৃতি প্ৰেমী সংগঠন নেচাৰ্চ বন্যপ্ৰাণৰ ২৫ বছৰীয়া প্ৰচেষ্টা আজি সফলতা লাভ কৰিছে বুলি নেচাৰ্চৰ সভাপতি প্ৰদীপ কুমাৰ শৰ্মা আজি এখন সভাত ভাষণ প্ৰসংগত এইদৰে উল্লেখ কৰে ! বিহালী সংৰক্ষীত বনাঞ্চল খন অভয়াৰন্য হ’ব লাগে বুলি বিভিন্ন সময়ত ৰাজ্য চৰকাৰক দাবী জনাই আহিছিল সংগঠনটোয়ে ।

এই ক্ষেত্ৰত বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰো যথেষ্ট অৰিহনা আছে লগতে পুব শোনিতপুৰ বন সংমণ্ডলৰ বন প্ৰাধীকাৰী অৰুণ ভিগনেচ সহাৰিও এক উল্লেখনীয় অবদান বুলি অভিহিত কৰিছে সংগঠনটোৰ সভাপতি প্ৰদীপ শৰ্মাই । আজি অসম বিধান সভাত মাননীয় ৰাজ্যপালৰ ভাষণত বিহালী বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাবে গঢ়ি তুলিব বুলি প্ৰকাশ কৰে। নেচাৰ্চ বন্যপ্ৰাণৰ ফালৰ পৰা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা আৰু বিহালী‌ সমষ্টিৰ মাননীয় বিধায়ক ৰঞ্জিত দত্ত ডাঙৰীয়াক‌ কৃতজ্ঞতা জ্ঞাপন কৰিছে নেচাৰ্চ বন্যপ্ৰাণে।

সাপকাটা আৰক্ষী বিযয়া আৰু কাশিয়াবাৰী ইউনিট এবছুৰ পৰীক্ষাৰ্থীক সম্বৰ্ধনা

আজিৰ পৰা আৰম্ভ হৈছে ৰাজ্যখনত মেট্ৰিক পৰীক্ষা ৷হাইস্কুলীয়া জীৱনৰ অন্তিমটো পৰীক্ষাত অৱতীৰ্ণ হবলৈ আজি গোসাইগাঁও মহকুমাৰ বিভিন্ন স্হানত পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থী সকলে উলহ- মালহৰে নিজৰ দক্ষতাৰ পাৰিদৰ্শতা দেখুৱাৰ সপোনক বাস্তৱিক কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰত আহিল ৷পৰীক্ষাৰ্থী সকলক উৎসাহ – উদ্দীপনা আৰু সাহস দিয়াৰ বাবে গোসাইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিযয়া শিৱ প্ৰসাদ কলিতাৰ লগতে কাশিয়াবাৰী ইউনিট এবছুৰ এক ব্যতিক্ৰমী পদক্ষেপ লৈ কাশিয়াবাৰী হাইস্কুলৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ পৰীক্ষাৰ্থী সকলক কলম ,মাস্ক আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰু আশীৰ্বাদ দিয়ে ৷

উল্লেখনীয় বিযয় যে কোনো পৰীক্ষাৰ্থীয়ে যাতে অসৎ পথ অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে পৰীক্ষাৰ্থী সকলক তন্নতন্নকৈ তলাচি চলায় ৷

মুম্বাইত অনুষ্ঠিত হৈ থকা DID L’IL MASTER ত ধেমাজি আধ্যাশ্ৰী উপাধ্যায়

মুম্বাইত অনুষ্ঠিত হৈ থকা DID L’IL MASTER প্ৰতিযোগিতাত ধেমাজি চিলাপথাৰ ফুলবাৰীৰ নিবাসী মহেশ উপাধ্যায়ৰ সুযোগ্য কণ্যা তথা অসমৰ গৌৰৱ আধ্যাশ্ৰী উপাধ্যায়ে যোৱা ১২ মাৰ্চৰ পৰা প্ৰতি শণি আৰু দেওবাৰে হোৱা ZEE TV ৰ অনুষ্ঠানত কণমানি জনীয়ে নৃত্য প্ৰদৰ্শন কৰি সকলোৰে মন জয় কৰিৱলৈ সক্ষম হৈছে ।

এতিয়া কণমানি জনীক লাগে মাথো আপোনালোকৰ মৰম স্নেহ আৰু আৰ্শীবাদ।

পূব গুৱাহাটী সন্থাৰ বাৰ্ষিক অধিবেশন

পূব গুৱাহাটী সন্থাৰ বাৰ্ষিক অধিবেশন ২০২২-২৩ নুনমাটিস্থিত সামূহিক ভৱন(চি. ডি. হল) প্ৰাংগণত অনুষ্ঠিত কৰা হয়।
ৰাতিপুৱা পতকা উত্তোলন কৰে পূব গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা তথা শ্বহীদ তৰ্পণ কৰে পূব গুৱাহাটী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধৃতিময় ৰায় চৌধুৰী ডাঙৰীয়াই। প্ৰাঞ্জল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনি উদ্বোধন কৰে বিশিষ্ট সমাজসেৱক দেৱেশ্বৰ ভট্টাচাৰ্য ডাঙৰীয়াই। এই চেগতে পূব গুৱাহাটী ছাত্ৰ সন্থাৰ মুখপাত্ৰ ” অন্বেষণ” উন্মোচন কৰা হয় । উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰাইফউদ্দিন আহমেদ ডাঙৰীয়াই , সভাত পূব গুৱাহাটী ছাত্ৰ সন্থাৰ অগ্ৰজ সকলক বিদায় সম্বৰ্ধনা জনোৱা হয়, উক্ত সভাত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দিব্যজ্যোতি মেধি,ৰাজ্যিক কাৰ্যনিৰ্বাহ কুশ ৰংপি, সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইন, সাধাৰণ সম্পাদক নয়নজ্যোতি নাথৰ লগতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল। লগতে মধ্য গুৱাহাটী ছাত্ৰ সন্থাৰ বিষয় ববীয়া, দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাৰ বিষয় ববীয়া , পশ্চিম গুৱাহাটী ছাত্ৰ সন্থাৰ বিষয় ববীয়াসকল।


অধিবেশনৰ বিষয় বাচনি সভাৰ সভাপতিত্বত কৰে নিতু ৰাজবংশী।পৰাগ কলিতাক সভাপতি টিকেন্দ্ৰ জিত কুমাৰ ক সাধাৰণ সম্পাদক আৰু দিব্যজ্যোতি ডেকাক বিত্ত সম্পাদকৰ দায়িত্ব দিয়াৰ লগতে ৪০জনীয় পূৰ্ণাংগ সমিতি গঠন কৰা হয়। পূব গুৱাহাটী ছাত্ৰ সন্থাৰ অধিবেশনত সহযোগিতা আগবঢ়োৱা সকলোলৈ সভাপতি প্ৰাঞ্জল ডেকা তথা সাধাৰণ সম্পাদক ধৃতিময় ৰায় চৌধুৰীয়ে ধন্যবাদ জ্ঞাপন কৰে।

বৰপেটাত ১৬ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব দৌল মহোৎসৱ৷

বৰপেটা বাসীৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱ৷অহা ১৬ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰত অনুষ্ঠিত হব দৌল মহোৎসৱ ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি পালন কৰা দৌল মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ১৬ মাৰ্চত বহ্নুৎসৱ, ১৭ আৰু ১৮ মাৰ্চত ভৰদৌল আৰু ১৯ মাৰ্চত অনুষ্ঠিত কৰা হব সুৱেৰী বা ফাকুৱা এয়া হৈছে বৰপেটা সত্ৰৰ ৰাতিৰ দৃশ্য ৷ বৰপেটা সত্ৰৰ দালানৰ সন্মূখভাগ ভৰি পৰিছে ডেকা লৰাৰে কাৰন বৰপেটা বাসীৰ প্ৰাণৰ উৎসৱ দৌললৈ মাজত মাত্ৰ দুটাদিন ৷

দৌল মহোৎসৱ আহাৰ এমাহ আগৰ পৰাই বৰপেটা বাসীৰ প্ৰতিজন লোকৰে মুখে মুখে শুনা যায় হোলীগীত ৷ দৌলৰ দিন চমু চাপি আহাৰ লগে লগে এনেদৰে বৰপেটাৰ বিভিন্ন প্ৰান্তৰ পৰা ডেকাসকল আহি সত্ৰৰ সম্মূখত হোলীগীত গাই কৃষ্ণ প্ৰেমত মতলীয়া হৈ পৰে ৷

আজিৰে পৰা আৰম্ভ হাইস্কুল,হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষা।

শিক্ষা জীৱনৰ প্ৰথমটো সপোন পাৰ কৰিবলৈ প্ৰস্তুতি সম্পন্ন কৰি পৰীক্ষাৰ্থী সকলে উৎকণ্ঠাৰে উপস্থিত হৈছে বিভিন্ন পৰীক্ষা কেন্দ্ৰত। লক্ ডাউনৰ ফলত কিছু পৰিমাণে অসুবিধাৰ সন্মুখীন হৈছিল বুলি মন্তব্য কৰিছে পৰীক্ষাৰ্থী সকলে। বৰপেটা জিলাৰ কলগাছিয়া, গুনিয়ালগুৰি, বালাগাও, বৰভিটা,বালিকুৰি, ময়নবড়ী ,জনীয়া,ৰহা আদি পৰীক্ষা কেন্দ্ৰ সমুহত কটকটীয়া নিৰাপত্তাৰ মাজত পৰীক্ষা অনুষ্ঠিত হোৱা দেখা গৈছে।

পৰীক্ষা কেন্দ্ৰ সমূহত ছাত্ৰ-ছাত্ৰী তথা অভিভাবকৰ ব্যাপক ভীৰ পৰিলক্ষিত হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ দৰে কীৰ্তনপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত ব্যাপক ভিৰ দেখা গৈছে। যোৱা ২০২১ বৰ্ষত পৰীক্ষা নোহোৱা বাবে এইবেলি সকলো ছাত্ৰ ছাত্ৰী- অভিভাৱক উৎসাহিত।

অগপৰ পৌৰ নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থীক ধন, চাকৰিৰ প্ৰলোভন : অশোক বৰা

পৌৰনিৰ্বাচনৰ ৮০ পৌৰসভাৰ প্ৰায় ৭৮ পৌৰসভাই দখল কৰিছে বিজেপিয়ে ৷ বোকাখাত আৰু বৰপেটাক বাদ দি ৰাজ্যৰ সকলো পৌৰসভাই বিজেপিৰ দখলত ৷পিছে এয়াও যেন সহ্য হোৱা নাই বিজেপিৰ ৷

আজি বৰপেটাত অগপৰ জিলা মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধনেৰে অগপই বিজেপিৰ বিৰুদ্ধে আনিলে হ’ৰ্ছ ট্ৰেডিঙৰ অভিযোগ ৷বৰপেটা পৌৰসভা নিৰ্বাচনৰ অগপৰ পৰ্যবেক্ষক অশোক বৰাই আজি বৰপেটাত সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক উপ-সভাপতি তথা বৰপেটা জিলা বিজেপিৰ প্ৰভাৰী জয়ন্ত দাসৰ বিৰুদ্ধে আনিলে গুৰুতৰ অভিযোগ ৷
অগপৰ অভিযোগ— অগপৰ বিজয়ী প্ৰাৰ্থীক ধন, চাকৰি আদিৰ লোভ দেখুৱাই, ফুচুলাই বিজেপিত যোগদানৰ চেষ্টা চলাই আছে বিজেপিয়ে ৷ আনকি বিজেপিৰ নেতা জয়ন্ত দাসৰ উচতনিতে এনেদৰে হ’ৰ্ছ ট্ৰেডিঙৰ চেষ্টা চলাই থকা বুলি অভিযোগ তুলিছে অগপ নেতা অশোক বৰাই ৷

ইপিনে বিজেপিৰ বাবেই বৰপেটাত নিৰ্বাচনী মিত্ৰতা সম্ভৱ নহ’ল বুলিও মন্তব্য অগপৰ ৷ বৰপেটাত ২০ বছৰ পৌৰসভা দখল কৰা অগপক বিজেপিয়ে মাথো ৪ খন আসন এৰি দিব বিচৰাৰ বাবেই মিত্ৰতা সম্ভৱ নহ’ল বুলি মন্তব্য অগপৰ ৷

দিছপুৰত মিত্ৰদল অগপৰ সমৰ্থনত চৰকাৰ চলাই থকাৰ পিচতো মিত্ৰতাৰ ধৰ্ম ৰক্ষা নকৰি অগপৰ মাজত বিভাজন আনি বিজেপিয়ে বৰপেটা পৌৰসভা দখল কৰিবলৈ চেষ্টা চলোৱা বুলি বিজেপি নেতাৰ বিৰুদ্ধে অনা অভিযোগে এইমুহূৰ্তত বিশেষ তাৎপৰ্য বহন কৰিছে ৷এইক্ষেত্ৰত বিজেপি নেতা জয়ন্ত দাসৰ প্ৰতিক্ৰীয়া কি হয় সেয়া লক্ষ্যনীয় হব ৷