Breaking

অগপৰ পৌৰ নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থীক ধন, চাকৰিৰ প্ৰলোভন : অশোক বৰা

0 45

পৌৰনিৰ্বাচনৰ ৮০ পৌৰসভাৰ প্ৰায় ৭৮ পৌৰসভাই দখল কৰিছে বিজেপিয়ে ৷ বোকাখাত আৰু বৰপেটাক বাদ দি ৰাজ্যৰ সকলো পৌৰসভাই বিজেপিৰ দখলত ৷পিছে এয়াও যেন সহ্য হোৱা নাই বিজেপিৰ ৷

আজি বৰপেটাত অগপৰ জিলা মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধনেৰে অগপই বিজেপিৰ বিৰুদ্ধে আনিলে হ’ৰ্ছ ট্ৰেডিঙৰ অভিযোগ ৷বৰপেটা পৌৰসভা নিৰ্বাচনৰ অগপৰ পৰ্যবেক্ষক অশোক বৰাই আজি বৰপেটাত সংবাদমেল সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক উপ-সভাপতি তথা বৰপেটা জিলা বিজেপিৰ প্ৰভাৰী জয়ন্ত দাসৰ বিৰুদ্ধে আনিলে গুৰুতৰ অভিযোগ ৷
অগপৰ অভিযোগ— অগপৰ বিজয়ী প্ৰাৰ্থীক ধন, চাকৰি আদিৰ লোভ দেখুৱাই, ফুচুলাই বিজেপিত যোগদানৰ চেষ্টা চলাই আছে বিজেপিয়ে ৷ আনকি বিজেপিৰ নেতা জয়ন্ত দাসৰ উচতনিতে এনেদৰে হ’ৰ্ছ ট্ৰেডিঙৰ চেষ্টা চলাই থকা বুলি অভিযোগ তুলিছে অগপ নেতা অশোক বৰাই ৷

ইপিনে বিজেপিৰ বাবেই বৰপেটাত নিৰ্বাচনী মিত্ৰতা সম্ভৱ নহ’ল বুলিও মন্তব্য অগপৰ ৷ বৰপেটাত ২০ বছৰ পৌৰসভা দখল কৰা অগপক বিজেপিয়ে মাথো ৪ খন আসন এৰি দিব বিচৰাৰ বাবেই মিত্ৰতা সম্ভৱ নহ’ল বুলি মন্তব্য অগপৰ ৷

দিছপুৰত মিত্ৰদল অগপৰ সমৰ্থনত চৰকাৰ চলাই থকাৰ পিচতো মিত্ৰতাৰ ধৰ্ম ৰক্ষা নকৰি অগপৰ মাজত বিভাজন আনি বিজেপিয়ে বৰপেটা পৌৰসভা দখল কৰিবলৈ চেষ্টা চলোৱা বুলি বিজেপি নেতাৰ বিৰুদ্ধে অনা অভিযোগে এইমুহূৰ্তত বিশেষ তাৎপৰ্য বহন কৰিছে ৷এইক্ষেত্ৰত বিজেপি নেতা জয়ন্ত দাসৰ প্ৰতিক্ৰীয়া কি হয় সেয়া লক্ষ্যনীয় হব ৷

Leave A Reply