Breaking

স্বাস্থ্যমৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগীতাত ৮৯ গৰাকীৰ গল্ড চাৰ্টিফিকেট অৰ্জন…

0 75

নৱম আন্তঃৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি স্বেচ্ছাসেৱী অনুষ্ঠান স্বাস্থ্যমৰ উদ্যোগত গুৱাহটীৰ কমাৰ্চ কলেজৰ প্ৰেক্ষাগৃহত ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ সহযোগত সূৰ্য্য নমস্কাৰ চেলেঞ্জ এক আকৰ্ষণীয় পৰিৱেশত অনুষ্ঠিত হয় ৷ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ৮৯ গৰাকীয়ে গল্ড চাৰ্টিফিকেট, ৫ গৰাকীয়ে চিলভাৰ আৰু ৬ গৰাকীয় ব্ৰঞ্জৰ চাৰ্টিফিকেট লাভ কৰে ৷ ঔমকাৰ আৰু পাৰ্থনাৰে আৰম্ভ হোৱা অনুষ্ঠানটো বন্তি প্ৰজ্বলেনেৰে শুভ উদ্বোধন কৰে অসমৰ এগৰাকী বিশিষ্ট ক্ৰীড়াবিদ ডিচকাচ থ্ৰ’ৱ ত পাঁচবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন তৈয়বুণ নেচাই ৷

১০৮ বাৰ সূৰ্য্য নমস্কাৰ চেলেঞ্জ প্ৰতিযোগিতা অংশগ্ৰহণ কৰা শতকৰা ৯৮ ভাগ প্ৰতিযোগীয়ে সফলভাৱে সম্পূৰ্ণ কৰে ৷ স্বাস্থ্যমৰ সম্পাদক গৌতম পাটোৱাৰীয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা উক্ত চেলেঞ্জত গুৱাহটী কমাৰ্চ কলেজৰ অধ্যাপক যথাক্ৰমে ড° গৌৰ গোপাল বণিক, ড° উৎপল শৰ্মা ,প্ৰেছ ইনফৰমেচন ব্যুৰৰ সহকাৰী সঞ্চালক প্ৰণৱ কুমাৰ নাথ , বিশিষ্ট উদ্যোগী আৰু বেংক কণচালটেন্ট পাৰ্থ শইকীয়া , ই এছ আই হস্পিতালৰ স্বাস্থ্য ৱিষয়া ডা° প্ৰাঞ্জিত বৰ্মণ, পূৰ্বাঞ্চল যোগ মহাবিদ্যালয়ৰ ফেকালটি সদস্য বিকাশ নাৰায়ণ শৰ্মা আৰু অসম যোগ স্পৰ্টচ সংস্থাৰ কাৰিকৰী নিৰ্দেশক নাৰায়ণ ডেকা আদি ব্যক্তিসকলে উপস্থিত থাকি যোগ বিষয়ক বক্তৃতা প্ৰদান কৰাৰ লগতে এটি সুন্দৰ শৃংখলাবদ্ধ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তা অনুষ্ঠান স্বাস্থ্যমৰ শলাগ লোৱাৰ লগতে প্ৰতিযোগীসকলক অভিনন্দন জ্ঞাপন কৰে ৷

প্ৰতিযোগিতাৰ অন্তত সাফল্যমণ্ডিত প্ৰতিযোগীসকলক মানপত্ৰ আৰু মেডেল প্ৰদান কৰা হয় ৷ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যোগ খেলুৱৈ ত্ৰিদিপ কুমাৰ বৰ্মণ আৰু হৰজিৎ সিঙৰ দৃষ্টিনন্দন যোগ প্ৰদৰ্শনে উপস্থিত সকলোকে আপ্লুত কৰে ৷ অনুষ্ঠানত কৃতজ্ঞতা জ্ঞাপন কৰে স্বাস্থ্যমৰ সভাপতি সুৰেশ পোদ্দাৰে ৷ যোগ সাধনা আৰু যোগ প্ৰচাৰকৰ বঁটা বিজয়ী ধনঞ্জয় তালুকদাৰে সঞ্চালনা কৰা অনুষ্ঠান স্বাস্থ্যমৰ সদস্যা অৰুণজ্যোতি, পাপৰী, ৰুবী, পল্লবী, লক্ষ্মী , সীমা , প্ৰণৱ আৰু নিপুল ডেকাৰ শান্তি মন্ত্ৰৰে সফল সামৰণি পৰে ৷

Leave A Reply