বানত ক্ষতিগ্ৰস্ত ৬৪,৮৯১ পৰিয়াললৈ ১৫ হাজাৰ টকাকৈ সাহায্য: মুখ্যমন্ত্ৰী

বানত ক্ষতিগ্ৰস্ত ৬৪,৮৯১ পৰিয়াললৈ ১৫ হাজাৰ টকাকৈ সাহায্য: মুখ্যমন্ত্ৰী

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি আৰু উজনি অসমৰ চাৰিখন জিলাৰ জলপ্লাৱনৰ বুজ লৈ লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে বানত হোৱা ক্ষয়-ক্ষতিৰ সামগ্ৰিক তথ্য দাঙি ধৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাসমূহৰ কথা ঘোষণা কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে বানত ক্ষতিগ্ৰস্ত ৬৪,৮৯১টা পৰিয়াললৈ ১৫ হাজাৰ টকাকৈ সাহায্যৰ ধন ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। আনহাতে, ৩১,২১২টা পৰিয়াললৈ এই সাহায্য আগবঢ়োৱাৰ প্ৰক্ৰিয়া অব্যাহত আছে। বানত সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত ৮,৩২৫টা পৰিয়াল চিনাক্ত কৰা হৈছে বুলিও তেওঁ সদৰি কৰে।

বানপানীত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ চৰকাৰৰ তৰফৰ পৰা ৯ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

ক্ষতিগ্ৰস্ত অঞ্চলত ‘মডেল হাউছিং’ৰ পৰিকল্পনা

ইফালে নেপালীখুঁটি, কমলবস্তি, মাজগাঁও আদিকে ধৰি বানত ব্যাপক ক্ষয়-ক্ষতি হোৱা অঞ্চলসমূহৰ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে ‘মডেল হাউছিং’ নিৰ্মাণৰ চিন্তা-চৰ্চা চলি থকা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

লগতে অহা ২০ আগষ্টৰ ভিতৰত ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ ১.৫০ লাখ টকাকৈ অনুদান মুকলি কৰি দিয়াৰ পৰিকল্পনাৰ কথাও ঘোষণা কৰে।

১৫ আগষ্টৰ পাছত বিদ্যালয়ত পুনৰ পাঠদান

বানাক্ৰান্ত অঞ্চলসমূহৰ বিদ্যালয়সমূহ পৰিষ্কাৰ কৰি অহা ১৫ আগষ্টৰ পাছত পুনৰ পাঠদানৰ বাবে উপযোগী কৰি তোলা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে, বানত ক্ষতিগ্ৰস্ত খেতিয়ক আৰু গ্ৰাম্য ৰাইজক স্বাৱলম্বী কৰাৰ বাবেও চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণৰ চিন্তা কৰিছে। ইয়াৰ অংশ হিচাপে গোধন প্ৰদান কৰি গাখীৰ উৎপাদনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ বাবে বিশেষ সাহায্য আগবঢ়োৱাৰ পৰিকল্পনা কৰা হৈছে।

কেন্দ্ৰৰ পৰা পূৰ্ণ সহযোগিতাৰ আশ্বাস

সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ বানপীড়িত লোকসকলৰ পুনৰ সংস্থাপন আৰু সাহায্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো ধৰণৰ বাধা নাথাকিব। প্ৰধানমন্ত্ৰীয়ে অসমৰ বানপীড়িতসকলক সাহায্য আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত পুঁজিৰ কোনো অভাৱ নহ’ব বুলি সম্পূৰ্ণ আশ্বাস প্ৰদান কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে।

ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তাৎক্ষণিক সাহায্য প্ৰদানৰ লগতে ঘৰ-বাৰী, নামঘৰ, বিদ্যালয় আৰু কৃষিখণ্ড পুনৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

Related Articles