মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৃদ্ধ দম্পতীৰ ডেৰ লাখ টকাৰ সাহায্য, বানাক্ৰান্তৰ বাবে আৰু সহায়ৰ আহ্বান

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৃদ্ধ দম্পতীৰ ডেৰ লাখ টকাৰ সাহায্য, বানাক্ৰান্তৰ বাবে আৰু সহায়ৰ আহ্বান

উজনি অসমত প্ৰলয়ংকৰী বানৰ ভয়াবহ ৰূপে উদ্বিগ্ন কৰি তুলিছে মহানগৰীৰ উজানবজাৰৰ ৮৮ বছৰৰ ঊৰ্ধ্বৰ এহাল বৃদ্ধ দম্পতীক। বানাক্ৰান্ত লোকসকলৰ দুৰ্দশাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি দম্পতীহালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ালে ডেৰ লাখ টকাৰো অধিক ধন।

উজনিৰ বানৰ ভয়াবহতা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি চাই উদ্বিগ্ন হৈ পৰিছিল অঞ্জু ভট্টাচাৰ্য। কেনেদৰে বানাক্ৰান্ত লোকসকলক সহায় কৰিব পাৰি, সেই চিন্তাত বিভিন্নজনৰ সৈতে পৰামৰ্শ কৰাৰ পিছত অৱশেষত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়ায় এই ধন।

সাহায্য আগবঢ়াই পৰম তৃপ্তি অনুভৱ কৰিছে বৃদ্ধা অঞ্জু ভট্টাচাৰ্যই। অৱশ্যে তেওঁৰ মতে, বানাক্ৰান্তসকলৰ বাবে এয়া পৰ্যাপ্ত নহয়। সামৰ্থ্য অনুসৰি আৰু অধিক সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে তেওঁ।

কিন্তু অধিক সহায় কৰিব বিচাৰিলেও এই মুহূৰ্তত ধনৰ অভাৱ হৈছে দম্পতীহালৰ। ছাহাৰা প্ৰতিষ্ঠানত সাঁচতীয়া হৈ থকা কিছু ধন আছে যদিও ফিংগাৰপ্ৰিণ্ট লিংক নোহোৱাৰ বাবে সেই ধন উলিয়াব পৰা নাই অঞ্জু ভট্টাচাৰ্যই। ফিংগাৰপ্ৰিণ্ট লিংক হৈ ধনখিনি উলিয়াব পৰা হ’লে সাঁচতীয়া ধনৰ এটা অংশও বানাক্ৰান্ত লোকসকলৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰিছে তেওঁ।

৮৮ বছৰৰ ঊৰ্ধ্বৰ এই দম্পতীহালৰ এই মহানুভৱতাই বানপীড়িত লোকসকলৰ প্ৰতি সমাজৰ দায়িত্ববোধৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। বয়সকো হেলাৰঙে নেওচি দুৰ্যোগৰ সময়ত অসহায় লোকসকলৰ কাষত থিয় হোৱাৰ এই প্ৰয়াসে আন বহুজনকো সহায়ৰ হাত আগবঢ়াবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।

Related Articles