No menu items!
Home Blog Page 1640

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিন; হৰি ভকতিৰে মুখৰিত চেৰেন পথাৰ!

হৰি ভকতিৰে মুখৰিত হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিৱেশনস্তলী। এক আধ্যাত্মিক ভক্তি ৰসত উৰ্বৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ। শুক্ৰবাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন।

কাৰ্যসূচী মৰ্মে পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসঙ্গ, নাম প্ৰসঙ্গৰ পাছত পুৱা ৮ বজাত শৰণ সমিতিৰ বৈঠক, পুৱা ৯-৩০ বজাত জিলা শাখাৰ সভাপতি সম্পাদক সন্মিলন, পুৱা ১০-৩০ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি মৃণাল কুমাৰ বৰুৱাৰ সভাপতিত্বত সাহিত্য শাখা সমিতিৰ অধিৱেশন। অনুষ্ঠানৰ উদ্ধোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ প্ৰাক্তন সভাপতি ড৹ জগত চন্দ্ৰ কলিতাই।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ বিশিষ্ট সাংবাদিক প্ৰকাশ ডুবে, বিশিষ্ট গান্ধীবাদী নেতা হেম ভাই, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ জ্ঞানেন্দ্ৰ নাৰায়ণ ৰায়,তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ অনু শব্দ, বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জ্যোতিপ্ৰসাদ শইকীয়া, মহাৰাষ্ট্ৰৰ মৈত্ৰী আলোচনীৰ সম্পাদক কাঞ্চন বহন,দিল্লী বিশ্ববিদ্যালয়ৰ সহযোগী প্ৰাধ্যাপক ড৹ ৰত্নোত্তমা দাস বিক্ৰম উপস্থিত হোৱা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ বিনোদ চন্দ্ৰ বড়া অংশগ্ৰহণ কৰে।

দিনৰ ২ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সংস্কৃতি শাখা সমিতিৰ সভাপতি ড৹ সুৰেশ চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত কৰা সংস্কৃতি শাখা সমিতিৰ অধিৱেশনখন উদ্ধোধন কৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে। সভাত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে। সন্ধ্যা ৫ বজাত সমূহীয়া প্ৰাৰ্থনা, নাম প্ৰসঙ্গৰ পাছত সন্ধ্যা ৬ বজাত অনুষ্ঠিত কৰা সাংস্কৃতিক সমাৰোহৰ উদ্ধোধন কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কন্ঠশিল্পী তৰালি শৰ্মাই আৰু অনুষ্ঠানত সন্মানিত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট অভিনেতা যতীন বৰাই।

সন্ধ্যা অঙ্কীয়া নাট পাৰিজাত হৰণ,ৰাম-বিজয় প্ৰদৰ্শন কৰা হ’ব। আজিৰ দ্বিতীয় দিনা অধিৱেশন স্থলীত আগমণ হৈছে লক্ষ লক্ষ ভকত বৈষ্ণৱ বাপ আই মাতৃ সকলৰ। সকলোকে আকৰ্ষিত কৰিছে আটক ধুনীয়া তোৰণ আৰু মণ্ডপ, সুউচ্চ পতাকা বেদী, বাঁহ আৰু ঠকো পাতেৰে নিৰ্মাণ কৰা মূল মঞ্চ মণ্ডপ , খেৰ বাঁহৰে নিৰ্মাণ কৰা গুৰু জনাৰ সৃষ্ঠ নামঘৰে। ইফালে সু বিশাল ভোজনালয়ত তিনিদিনত ছয় সাঁজ ভাত খুৱাবলৈ প্ৰস্তুত হৈ আছে শ শ স্বেছাসেৱক ।

ভোজনালয়ত একেলগে বহি এমুঠি আহাৰ গ্ৰহন কৰিছে ১০ হাজাৰ লোকে। পুৱাঁ গধুলি লৈকে ৩০০ শ চৌকা জ্বলা বিশাল ভোজনালয়ত ৪০০ শ ৰোধিক ৰান্ধনীনো ব্যস্ত হৈ পৰিছে। প্ৰতিকুল বতৰকো নেওচি অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সোঁত বৈছে পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ। জাক জাক বাপ আই মাতৃৰ নাম প্ৰসংগৰে ৰজন জনাইছে জোনাইৰ চেৰেণ পথাৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ।

চৰকাৰৰ মাহী আই দৃষ্টিত গাঁও প্ৰধানসকল; আন্দোলনৰ হুংকাৰ

“প্ৰশাসন আৰু জনসাধাৰণৰ সমন্বয়ৰ সাকোঁ স্বৰূপ গাঁও প্ৰধানসকলক চৰকাৰে দীৰ্ঘদিনে কৰি অহা বঞ্চনাৰ প্ৰতিবাদত অচিৰেই আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ’ব। ইতিমধ্যে চৰকাৰৰ ওচৰত বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে যদিও কোনো সহাঁৰি নোপোৱাত হতাশাত ভুগিছে ৰাজ্যখনৰ ছয় সহস্ৰাধিক গাঁও প্ৰধানে। সেয়েহে গণতান্ত্ৰিক পদ্ধতিৰ বাদে আন কোনো বিকল্প নাই।”-কালি মহাপুৰুষ শংকৰদেৱ কলা-কৃষ্টি গৱেষণা কেন্দ্ৰত অনুষ্ঠিত সদৌ অসম গাঁও প্ৰধান সংস্থা,যোৰহাট জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনত সন্মানিত অতিথি ৰূপে অংশগ্ৰহণ কৰি গাঁও প্ৰধান সংস্থাৰ ৰাজ্যিক সভাপতি গোবিন গগৈয়ে নিজ বক্তব্যত এইদৰে কয়।

পুৱা উদযাপন সমিতিৰ সভাপতি অচিন্ত দত্তই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছতে গোবিন বৰাই বন্তি প্ৰজ্বলন, মহেন্দ্ৰ শইকীয়াই স্মৃতি তৰ্পণ কৰে।ইয়াৰ পাছতে বিপুল শইকীয়াৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয়।কণমানি চিন্ময়ী কলিতাই এটি বৰগীতেৰে শুভাৰম্ভ কৰা সভাখন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত উপ -আৰক্ষী অধীক্ষক গুণকান্ত বুঢ়াগোহাঁয়ে।

বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি জিলা উপায়ুক্ত পুলক মহন্ত,অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ,চক্ৰ বিষয়া দেৱাহুতি ডেকা,যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি দিগন্ত বুঢ়াগোহাঁয়ে গাঁও প্ৰধান সকলে তৃণমূল পৰ্যায়ত আগবঢ়োৱা সেৱাৰ শলাগ লোৱাৰ লগতে ভৱিষ্যতে তেওঁলোকে নিজ নিজ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি সমৰেন্দু হাজৰিকা,উপ সভাপতি শোণিত গগৈ,সহকাৰী সম্পাদক দিগন্ত বৰুৱা,সাংগঠনিক সম্পাদক জ্ঞান ৰঞ্জন বেজবৰুৱা,মনোজ শইকীয়াই গাঁও প্ৰধান সকলৰ সমস্যা সমাধানৰ বাবে চৰকাৰেৰে যোগাযোগৰ বিষয়টো উপস্থাপন কৰাৰ লগতে ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে বাখ্যা কৰে।

নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰি কাকজান মহাবিদ্যালয়ৰ অধ্যাপক তুফেল জিলানীয়ে বৃটিছ শাসনৰ সময়ৰে পৰা চলি অহা গাঁওবুঢ়া(বৰ্তমান গাঁও প্ৰধান)সকলৰ অগ্ৰণী ভূমিকা সম্পৰ্কে বহুল ব্যাখ্যা আগবঢ়ায়।শলাগ জ্ঞাপন কৰে উদযাপন সমিতিৰ সম্পাদক অনন্ত কুমাৰ গগৈয়ে।

উল্লেখ্য যে ৯ ফেব্ৰুৱাৰীত যোৰহাট পূৱ আৰু পশ্চিম ৰাজহ চক্ৰৰ সভাকক্ষত অনুষ্ঠিত প্ৰতিনিধি সভাত যোৰহাট পূৱ ৰাজহ চক্ৰৰ মহেন্দ্ৰ শইকীয়াক সভাপতি আৰু টীয়ক ৰাজহ চক্ৰৰ দিলীপ দত্তক সম্পাদক ৰূপে লৈ সদৌ অসম গাঁও প্ৰধান সংস্থাৰ যোৰহাট জিলা সমিতিখন গঠন কৰা হয়।

অচিৰেই মুক্তি পাব জিতু শ্ৰাৱণৰ কণ্ঠত শৃংখলাৰ ২য় টি গজল…

ক’ই পুচ্ছতা হ্যে হাল অপনা”ৰ পিছত


অচিৰেই মুক্তি পাব জিতু শ্ৰাৱণৰ কণ্ঠত কবি সঞ্জীৱ সাগৰ চৌধুৰীৰ মুস্কুৰাহট” শৃংখলাৰ ২য় টি গজল

“দিল ক’ অব আদত চি হ’ গয়ি হ্যে” •••

প্ৰেমে নাজানে প্ৰেমৰ ঠিকনা ! ৰাইজৰ ৰোষত ৫০বছৰীয়া দদাইদেওৰ বিলৈ…

লাহোৱালৰ এখন গাঁওত চতুৰ্থ গৰাকীৰ বিবাহ কৰিবলৈ আহি দদাইদেওৰ অৱস্থা শোচনীয়।ৰাইজৰ ৰোষত পৰিল নাৰীখাদক সঞ্জীৱ বৰুৱা।জীয়ৰী ছোৱালী দেখিলে দদাইদেওৱে বিবাহৰ প্ৰস্তাৱ দিয়ে।এই দদাইদেওৱে চেন্নাইত চাকৰি কৰো বুলি ঠগ প্ৰৱঞ্চনা কৰি গাভৰু ছোৱালী ক জালত পেলাই।

দদাইদেওৰ প্ৰথমা পত্নীৰ এটা পুত্ৰ আৰু এগৰাকী জী আছে।তেও লাহোৱালৰ এখন গাৱত এগৰাকী যুৱতীক প্ৰেম নামত নাটক কৰি চেন্নাইলৈ বিবাহ কৰি নিয়াৰ প্ৰস্তাৱ দি টিকটো কাটিছিল দদাইদেওৱে।গাঁৱৰ ৰাইজে গোপনসুত্ৰৰ পম ক্ষেদি ডিগবৈ গোলাই নং ১ গাৱলৈ খৱৰ কৰে।খৱৰ কৰাত ওলাই পৰে দদাইদেওৰ আচল চৰিত্ৰ।

দদাইদেও বৰ্তমান ঠিকনা হল চাউলখোৱা ঘৰবন্দী চুক গাঁৱৰ। এই ঠগ প্ৰবঞ্ক টোৱে আৰু কিমান জনী মহিলাক ধ্বংস কৰি লে সেয়া কিন্তু সময়হে কব

কেন্দ্ৰ ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত…

কেন্দ্ৰ ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতা

তিনিচুকীয়া জিলাৰ অন্তৰ্গত মুঠ ২৪টা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত সম্প্ৰতি কেন্দ্ৰ ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ আছে। সেই অনুসৰি ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ কেন্দ্ৰ ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতাখনি আজি বিদ্যালয়খনত অনুষ্ঠিত হৈ যায়।

কেন্দ্ৰটোৰ অধীনৰ মুঠ তিনিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনি বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে হুণলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডুমডুমাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঝিকানন্দ বৰগোহাঁইএ আৰু ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষা তথা পৰীক্ষা কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়া সংগীতা বৰকাকতিয়ে প্ৰতিযোগী , বিচাৰক আৰু অতিথিবৰ্গক আদৰণি জনায়। বৰগীত প্ৰতিযোগিতাত ডনবক্স হাইস্কুল, ডুমডুমাৰ প্ৰিয়াংশু বৰুৱা, ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ কাকলি কলিতা আৰু ডনবক্স হাইস্কুল, ডুমডুমাৰ ভায়লিনা মৰাণে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে।

ভজন প্ৰতিযোগিতাত জৱাহৰ হিন্দী হাইস্কুলৰ প্ৰিয়া গোস্বামী, সাক্ষী কুমাৰী আৰু চাহিনা খাটুনে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত ডনবক্স হাইস্কুল, ডুমডুমাৰ ডেইজী সোণোৱালে প্ৰথম, ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সুবাসিতা দত্ত আৰু কাকলি কলিতাই দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে। আনহাতে, দলীয় নৃত্য প্ৰতিযোগিতাত ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ দলে প্ৰথম আৰু তৃতীয় স্থান অধিকাৰ কৰাৰ বিপৰীতে ডনবক্স হাইস্কুল ডুমডুমাই তৃতীয় স্থান অধিকাৰ কৰে।

প্ৰতিযোগিতাৰ বিচাৰকৰ আসনত আছিল দিপ্তী গোঁহাই, গিৰিবালা দাস আৰু অনামিকা লহকৰ। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে তিনিচুকীয়া জিলা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকা, ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি অভিজিৎ খাটনিয়াৰ, জৱাহৰ হিন্দী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী নিৰলা চৌধুৰী আৰু বিচাৰক দিপ্তী গোঁহাইএ।বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাই জানিবলৈ দিয়া অনুসৰি প্ৰতিটো কেন্দ্ৰত পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীসকলক লৈ পৰৱৰ্তী পৰ্যায়ত জিলা ভিত্তিত এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।

একেলগে ১০হেজাৰ বিহুৱা -বিহূৱতীয়ে বিহু নাচিব অহা ১৪ এপ্ৰিলত ! চৰকাৰৰ উদ্যোগত গিনিজ বিশ্ব অভিলেখৰ প্ৰস্তুতি…

অসমীয়াৰ সাহ বিহু নাচক বিশ্বদৰবাৰত সন্মান জনক স্হানত উপবিষ্ট কৰোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত তথা ৰাজ্য চৰকাৰৰ উদ্যোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পত একেলগে ১০হেজাৰ বিহুৱা -বিহূৱতীৰ দ্বাৰা বিহূনাচ পৰিৱেশনৰ জৰিয়তে গিনিজ বিশ্ব অভিলেখৰ বাবে এক প্ৰস্তুতি চলোৱা হৈছে।
এই সন্দৰ্ভত আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ দিছপুৰৰ জনতা ভৱনৰ কাৰ্যালয় কক্ষত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।


মন্ত্রী বিমল বড়াৰ লগতে স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, অতিৰিক্ত মুখ্য সচিব বি ছামাল, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, কৰ আয়ুক্ত ৰাকেশ আগৰৱাল, পৰ্যটন বিভাগৰ সচিব পদ্মপাণি বৰা, কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, ক্ৰীড়া আৰু যুবকল্যাণ সঞ্চালকালয়ৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীকে ধৰি ভালেসংখ্যক বিষয়াৰ উপস্থিতিত অনুষ্ঠিত সভা খনত গিনিজ বুক অৱ ৰেকৰ্ডছত বিহূনাচৰ অন্তর্ভুক্তিৰ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয়।


এই আয়োজনৰ বাবে সংস্কৃতিক মন্ত্রী বিমল বড়া, পৰ্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱা, স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত আৰু শিক্ষা মন্ত্ৰী ডা০ৰণোজ পেগুকলৈ চাৰিজনীয়া মন্ত্রী গোট এটি গঠন কৰি দিয়া হৈছে। তদুপৰি বিমলা গগৈ, সোমনাথ বড়া ওজা, অনিল শইকীয়া, প্ৰসন্ন গগৈ, মাধুৰীমা চৌধুৰী, প্ৰবীণ কুমাৰ শইকীয়া, জয়ন্ত সোণোৱাল, স্মৃতি ৰেখা শইকীয়া, মহেন্দ্র চুতীয়া, প্ৰদীপজ্যোতি নেওগ, ৰঞ্জিত গগৈ আৰু সুদৰ্শন ঠাকুৰকলৈ এখনি বিশেষজ্ঞ সমিতিও গঠন কৰি দিয়া হৈছে৷


দেশৰ প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে উপস্হিত থাকি প্ৰত্যক্ষ কৰিব লগা অভিলেখ সৃষ্টি কাৰীএই বিহূ নাচ যাতে সঠিক ৰূপত উপস্থাপন কৰিব পৰা যায় সেই বিষয়ে বিশদ ভাৱে সভাত আলোচনা কৰা হয়। অহা ১৪ এপ্ৰিলত অভিলেখৰ বাবে সৰুসজাই ক্ৰীড়া প্ৰকল্পত উপস্হাপন হব লগা বিহূ নাচৰ বাবে ১০ হেজাৰ বিহূৱা আৰু বিহূৱতীক ৰাজ্যৰ বিভিন্ন স্থানত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াৰবাবে জিলা পৰ্যায়ত ১মাৰ্চৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে প্ৰশিক্ষক সকলক অহা ২০,২১আৰু ২২ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত প্ৰশিক্ষণ দিয়া হব।
সাত হেজাৰ নাচনী আৰু তিনি হেজাৰ বিহূৱাই অংশ গ্ৰহণ কৰিব লগা এই বিহূ নাচ ১৫ মিনিটৰ বাবে পৰিৱেশন কৰা হ’ব।


বিহূৱা আৰু বিহূৱতীয়ে পৰম্পৰাগত ভাৱে পৰিৱেশন কৰিবলগীয়া নাচ তথা পৰিধান কৰিব লগা সাজ পাৰৰ পৰা আৰম্ভ কৰি বাদ্য, অলংকাৰ আদিৰ সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয়। সভাত দৃশ্য শ্ৰব্য মাধ্যম যোগে প্ৰদৰ্শন কৰিব লগা বিহূনাচৰ এক নমুনাও প্ৰদৰ্শন কৰা হয়। সভাত উপৰি উক্ত মন্ত্রী আৰু বিষয়া সকলৰ লগতে ইয়াৰ বাবে গঠন কৰি দিয়া কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য সকলো উপস্থিত আছিল।
পি আৰ অ – সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী অসম

আপুনি বাৰু ভাতকেৰেলা খাই বেয়া পাই নেকি ! ভাতকেৰেলা খোৱা আৰম্ভ কৰক সু-স্বাস্থ্যৰ বাবে…

১)ভাতকেৰেলা মধুমেহত আক্ৰান্ত ৰোগীৰ বাবে যথেষ্ট উপযোগী। ই তেজৰ শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰি নিয়ন্ত্ৰিত কৰে।

২)ই কৰ্কট প্ৰতিৰোধী। নিয়মিত ভাতকেৰেলা খালে কৰ্কটক দূৰতে বিদূৰ কৰিব পাৰি।

৩)ভাতকেৰেলা বয়স প্ৰতিৰোধী। শৰীৰৰ ছাল মসৃণ আৰু সুষম কৰি ৰখাতো ই যথেষ্ট সহায়ক।

৪)দৃষ্টিশক্তি উন্নত কৰে।

৫)ভাতকেৰেলা গ্ৰীষ্ম কালত নিয়মিত ভাৱে খাদ্যাভ্যাসত ৰাখিব পাৰে। কিয়নো নিয়মিত ভাতকেৰেলা খালে শৰীৰৰ অতিৰিক্ত ঘাম ওলোৱা নিয়ন্ত্ৰণ কৰে।

ভেলেণ্টাইন ডে’ সপ্তাহত মুক্তি পাব ছলমান খানৰ ৰোমান্টিক গীত…

ছলমান খানৰ আগন্তুক ছবি ‘কিছি কা ভাই কিছি কি জান’ৰ শেহতীয়া গীত ‘নয়ো লাগদা’ৰ টিজাৰ মুকলি কৰা হৈছে। এই গীতটোত দেখা গৈছে অভিনেত্ৰী পূজা হেগড়ে ছলমানৰ সৈতে।

হিন্দী চিনেমাৰ মেগা ছুপাৰষ্টাৰ ছলমান খানৰ ছবি ‘কিছি কা ভাই কিছি জান’ৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে। এই ছবিখনৰ টিজাৰে ইতিমধ্যে অনুৰাগীৰ উত্তেজনা বৃদ্ধি কৰিছে।

ইফালে, ভেলেণ্টাইন উইক উপলক্ষে ছলমানৰ শেহতীয়া গীত ‘কিছি কা ভাই কিছি কি জান’ৰ টিজাৰ মুকলি কৰা হৈছে। এই গীতটোত বি-টাউনৰ অভিনেত্ৰী পূজা হেগড়ে ছলমান খানৰ সৈতে ৰোমাঞ্চ কৰা দেখা গৈছে।

অসম চৰকাৰৰ দুগৰাকী এচিএছ বিষয়াক নিলম্বন…

অসম মীন উন্নয়ন নিগম লিমিটেডৰ (এফ ডি চি এল) পূর্বে কাম কৰি থকা অসম অসামৰিক সেৱাৰ দুজন বিষয়াক নিযুক্তিৰ অভিযোগত বৃহৎ পৰিসৰৰ বিসংগতি সংঘটিত হোৱাৰ অভিযোগত অসম অসামৰিক সেৱাৰ দুজন বিষয়াক নিলম্বন কৰিছে ৷

অনুৰাধা অধিকাৰী আৰু নৰেণ চন্দ্ৰ বসুমতাৰী নামৰ বিষয়া দুজনে তাত পৰিচালন সঞ্চালক হিচাপে কাম কৰি থকাৰ সময়তে সংঘটিত হয় এই অভিযোগ।

অসম চৰকাৰৰ কৰ্মচাৰী বিভাগে জাৰি কৰা এক অধিসূচনাত কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ অধীনত গঠিত উচ্চ শক্তি সমিতিখনে অসম মীন উন্নয়ন নিগম লিমিটেডৰ (এ এফ ডি চি এল)ত কৰ্মচাৰী নিয়মীয়াকৰণ আৰু ঠিকাভিত্তিক কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত অনুৰাধা অধিকাৰী, এ চি এছৰ বৃহৎ পৰিসৰৰ অনিয়মৰ তথ্য প্ৰকাশ কৰিছে এ এফ ডি চি এলৰ পৰিচালন সঞ্চালক হিচাপে তেওঁৰ কাৰ্যকাল।

অসম চৰকাৰৰ যুটীয়া সচিব, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগত অনুৰাধা অধিকাৰী, এ চি এছৰ বিৰুদ্ধে The Assam Services (Discipline and Appeal) Rules, 1964 ৰ বিধান অনুসৰি ইতিমধ্যে বিভাগীয় কাৰ্য্যবিধি আৰম্ভ কৰা হৈছে। নিলম্বনৰ সময়ছোৱাত তেওঁৰ মুখ্য কাৰ্যালয় গুৱাহাটী হৈ থাকিব।

অসম চৰকাৰৰ কৰ্মচাৰী বিভাগেও নৰেণ চন্দ্ৰ বসুমতাৰীৰ বিৰুদ্ধে একেধৰণৰ অধিসূচনা জাৰি কৰে।

মেথি শাকৰ বনৌষধি গুণবোৰ জানিলে আচৰিত হ’ব আপুনি…

মেথিৰ বনৌষধি গুণবোৰ

গাঁঠিবাত বেমাৰত মেথি শাকৰ উপকাৰিতা মন কৰিবলগীয়া| যিসকল লোকে সামান্য ঠাণ্ডা বস্তু খালেই গাঁঠিবাদৰ বেদনা অনুভৱ কৰে, হাত-ভৰিৰ গাঁঠিবোৰত বিষ অনুভৱ কৰে| সেই ক্ষেত্ৰত মেথি চুৰ্ণ আধা গ্ৰাম মাত্ৰাত পুৱা আৰু আবেলি গৰম পানীৰ সৈতে খাব লাগে|

এইদৰে ১০-১৫ দিন ব্যৱহাৰ কৰিলে গাঁঠিৰ বাতবিষ কমি যায়| ৰোগীয়ে সদায় গৰম পানী বা কুমুহীয়া ব্যৱহাৰ কৰা উচিত| গৰম পানীৰে গা ধুৱাটো অতি প্ৰয়োজনীয়| অনিয়মিত ঋতুস্ৰাৱ ৰোগত বিশেষকৈ যিসকল মহিলাৰ মাহেকীয়া ঋতুৰ সময়ত স্ৰাৱ আহিছে আৰু কেতিয়াবা নাইকিয়া হয়| কেতিয়াবা পুৱা ৰক্তস্ৰাৱ হয়, আবেলি কমি যায় বা নহয়, পিছদিনা পুনৰ পুৱা ৰক্তস্ৰাৱ হয়, ৰক্ত ক’লা হয়, টুকুৰা-টুকুৰ বা চকলা-চকল হয়, যন্ত্ৰণা বেছি হয়-এইদৰে দীৰ্ঘদিন ভুগি থাকিলে ৰক্ত প্ৰদৰ হ’বগৈ | এইক্ষেত্ৰত মেথি গুটি ৩ গ্ৰাম আৰু ধনীয়া গুটি ৩/৪ গ্ৰাম একেলগে আগৰাতি ১ গিলাচ পৰিস্কাৰ চেঁচা পানীত তিয়াই থৈ পিছদিনা পুৱা সেইখিনি চেকি সেই পানীখিনি শুদাপেটত পুৱা আৰু আবেলি দুবাৰকৈ ১ সপ্তাহ কাল খালে বেমাৰটো নিৰাময় হয়| প্ৰসৱৰ পাছত হোৱা দুৰ্বলতাত প্ৰসূতিৰ অলপতে ক্লান্তি আৰু ভাগৰ লাগিলে ৫ গ্ৰাম মেথি গুটি থেতালি আধাসেৰ পানীত ভিজাই থৈ পিছদিনা পুৱাই চেকি গোটেই দিনটোত অলপ অলপ কৰি খাই শেষ কৰিব লাগে|

পুনৰ ঋতু নোহোৱালৈকে মাজে মাজে মেথি তিওৱা পানী খাই থাকিব লাগে| গ্ৰহণী ৰোগ হ’লে মেথি চুৰ্ণ ১০ গ্ৰাম, গাখীৰ ১০ গ্ৰামত ২০ গ্ৰাম পানী দি উতলাই আধাত ৰাখি তাতে চেনি ১ চামুচ মিহলাই দিনে ২ বাৰকৈ তিনিদিন খালে গ্ৰহণী ভাল হয়| বসন্ত ৰোগত মেথি তিওৱা পানী পানী খালে-হাত-ভৰি পোৰনি, বমি বমি ভাৱ, শৰীৰত হোৱা খজুৱতী ভাল হয়| উচ্চ ৰক্তচাপ হ’লে ৫/৬ গ্ৰাম মেথি গুটি পানীত ৫ ঘণ্টা তিয়াই থৈ সেই পানী দিনটোৰ ভিতৰত ২/৩ বাৰ খাব লাগে| ৫/৬ দিন খাব লাগে| ৰক্তচাপ নিয়মীয়া হ’ব| মূৰ হুৰণি, বুকু ধপধপনি লক্ষণত মেথি তিওৱা পানী ( ৩০০ গ্ৰাম পানীত ৫ গ্ৰাম মেথি গুটি) দিনটোত ২/৩ বাৰকৈ খালে এনেবোৰ সমস্যা দূৰ হয়| ৩/৪ দিন খাব লাগে| অৰুচি বা ভোক নলগা লক্ষণত ডায়েবেটিছ বা বহুমুত্ৰ ৰোগত আগৰাতি ১ কাপ পানীত এমুঠি মেথি গুটি তিয়াই থৈ পিছদিনা শুদা পেতত সেই পানীখিনি কিছুদিন খাব লাগে| বহুমুত্ৰ অসুখত মেথি গুটি তিওৱা পানী ১/২ মাহ পৰ্যন্ত খাব লাগে|

লিখক: উপেন দত্ত