Breaking

কেন্দ্ৰ ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত…

0 86

কেন্দ্ৰ ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতা

তিনিচুকীয়া জিলাৰ অন্তৰ্গত মুঠ ২৪টা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত সম্প্ৰতি কেন্দ্ৰ ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ আছে। সেই অনুসৰি ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ কেন্দ্ৰ ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতাখনি আজি বিদ্যালয়খনত অনুষ্ঠিত হৈ যায়।

কেন্দ্ৰটোৰ অধীনৰ মুঠ তিনিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনি বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে হুণলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডুমডুমাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঝিকানন্দ বৰগোহাঁইএ আৰু ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষা তথা পৰীক্ষা কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়া সংগীতা বৰকাকতিয়ে প্ৰতিযোগী , বিচাৰক আৰু অতিথিবৰ্গক আদৰণি জনায়। বৰগীত প্ৰতিযোগিতাত ডনবক্স হাইস্কুল, ডুমডুমাৰ প্ৰিয়াংশু বৰুৱা, ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ কাকলি কলিতা আৰু ডনবক্স হাইস্কুল, ডুমডুমাৰ ভায়লিনা মৰাণে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে।

ভজন প্ৰতিযোগিতাত জৱাহৰ হিন্দী হাইস্কুলৰ প্ৰিয়া গোস্বামী, সাক্ষী কুমাৰী আৰু চাহিনা খাটুনে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত ডনবক্স হাইস্কুল, ডুমডুমাৰ ডেইজী সোণোৱালে প্ৰথম, ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সুবাসিতা দত্ত আৰু কাকলি কলিতাই দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে। আনহাতে, দলীয় নৃত্য প্ৰতিযোগিতাত ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ দলে প্ৰথম আৰু তৃতীয় স্থান অধিকাৰ কৰাৰ বিপৰীতে ডনবক্স হাইস্কুল ডুমডুমাই তৃতীয় স্থান অধিকাৰ কৰে।

প্ৰতিযোগিতাৰ বিচাৰকৰ আসনত আছিল দিপ্তী গোঁহাই, গিৰিবালা দাস আৰু অনামিকা লহকৰ। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে তিনিচুকীয়া জিলা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকা, ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি অভিজিৎ খাটনিয়াৰ, জৱাহৰ হিন্দী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী নিৰলা চৌধুৰী আৰু বিচাৰক দিপ্তী গোঁহাইএ।বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাই জানিবলৈ দিয়া অনুসৰি প্ৰতিটো কেন্দ্ৰত পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীসকলক লৈ পৰৱৰ্তী পৰ্যায়ত জিলা ভিত্তিত এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।

Leave A Reply