ঐতিহ্যৰ প্ৰতি মন্ত্ৰী সুশান্ত বৰগোঁহাইৰ বিশেষ পদক্ষেপ : জিলিকি উঠিব গড়গাঁৱৰ ঐতিহাসিক কাৰেং ঘৰ

ছশ বছৰীয়া আহোম ৰাজত্বৰ সোণালী স্বাক্ষৰ বহন কৰা স্বৰ্গদেউ সকলৰ ৰাজপ্ৰসাদ হিচাপে চিহ্নিত নাজিৰাৰ গড়গাঁৱৰ ঐতিহাসিক কাৰেংঘৰ জিলিকাই তোলাৰ প্ৰয়াস অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী তথা ডিমৌ বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইৰ । বৰ্তমান ভাৰতীয় প্ৰত্নতত্ব জৰীপ বিভাগৰ অধীনত থকা শিৱসাগৰ জিলাৰ ডিমৌ বিধান সভা সমষ্টিৰ অন্তৰ্গত গড়গাঁৱত অৱস্থিত ঐতিহাসিক কাৰেংঘৰটো মেৰামতি কৰি সৌন্দৰ্যবদ্ধনৰ ব্যৱস্থাৰে দেশ বিদেশৰ পৰ্যটকৰ বাবে সজাই তোলাৰ এক আঁচনি গ্ৰহণ কৰি ইতিমধ্যে বিভাগীয় বিষয়াৰ সৈতে মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে আলোচনা কৰিছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে ১৫৪০ ত স্বৰ্গদেউ চুক্লেংমুঙে গড়গাঁৱত আহোম ৰাজ্যৰ ৰাজধানী পাতি ইয়াতেই বাঁহ কাঠ আদি ব্যৱহাৰ কৰি সাত মহলীয়া কাৰেংঘৰ নিৰ্মাণ কৰিছিল । পৰৱৰ্তীকালত স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনত বাঁহ কাঠৰ কাৰেংঘৰটো পকী ইটাৰে নিৰ্মাণ কৰা হয় ।

সাত মহলীয়া এই কাৰেংঘৰটোৰ দুটা মহল মাটিৰ তলত থকা বুলি বুৰঞ্জীত উল্লেখ থকাৰ লগতে বাকী পাঁচটা মহল মাটিৰ ওপৰত আছে । স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনৰ কাৰেংঘৰটো ১৭৫২ ত আক্ৰমণৰ ফলত ক্ষতিসাধন হোৱাত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পুনৰ নিৰ্মাণ কৰে । বৰ্তমান ঐতিহাসিক এই কাৰেংঘৰৰ আশে পাশে কেইবাখনো বৃহৎ গাঁও থকাৰ লগতে কাৰেংঘৰটোৰ কাষতেই আছে বিদ্যুৎ বিভাগৰ কাৰ্যালয় । ইফালে কাৰেংঘৰৰ কিছু নিলগত অ – সংৰক্ষিত অৱস্থাত আছে ঐতিহাসিক এটা গোলাঘৰ । ঐতিহাসিক কাৰেংঘৰৰ ভিতৰভাগৰ একাংশ ঠাইত কম বেছি পৰিমাণে ফাঁট মেলিছিল যদিও পৰৱৰ্তী সময়ত মেৰামতি কৰা হয় যদিও কাৰেংঘৰটো সুন্দৰকৈ সজাই তোলাৰ বাবে বিভিন্ন সময়ত দাবী উঠি আহিছে । ঐতিহাসিক চৰাইদেউৰ চ্যুকাফা নগৰীৰ মৈদামস্থলীৰ লগতে ইতিহাস প্ৰসিদ্ধ কাৰেংঘৰ পৰিদৰ্শন কৰিবলৈও অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশ বিদেশ আদিৰ পৰাও পৰ্যটকসকল প্ৰতি বছৰেই আহে । বছৰৰ শেষৰ ফালে বনভোজকাৰী দলৰ লগতে পৰ্যটকৰ ভিৰৰ প্ৰতি লক্ষ ৰাখি যান – বাহন পাৰ্কিং বা থকা খোৱাৰ বিশেষ সা – সুবিধা নথকাৰ বাবে বিদেশী পৰ্যটকৰ সংখ্যা হ্ৰাস পাব ধৰে ।

এনে এক সমস্যা সমাধান আৰু কাৰেংঘৰটো সুন্দৰকৈ সজাই পৰাই পৰ্যটকৰ আকৰ্ষণ কৰিব পৰাকৈ মন্ত্ৰীগৰাকীয়ে আঁচনি প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে । ঐতিহাসিক কাৰেংঘৰৰ লগতে ইয়াৰ আশে পাশে এক সুন্দৰ ব্যৱস্থাৰে দেশ বিদেশৰ সকলোকে আকৰ্ষণ কৰিব পৰাকৈ সৌন্দৰ্যবদ্ধনৰ ৰূপ সৃষ্টিৰে জিলিকাই তুলিবলৈও মন্ত্ৰী সুশান্ত বৰগোঁহাইক ৰাইজে অনুৰোধ জনোৱাৰ উপৰিও ঐতিহাসিক কাৰেংঘৰৰ প্ৰতি লোৱা পদক্ষেপক আদৰণি জনাইছে ।

Related Articles