চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ২০২৭ বৰ্ষৰ ব’ৰ্ড পৰীক্ষাৰ সময়সূচী প্ৰকাশ, ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব পৰীক্ষা

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE)য়ে ২০২৭ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ চূড়ান্ত সময়সূচী প্ৰকাশ কৰিছে। প্ৰকাশিত সূচী অনুসৰি, অহা বছৰৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা দুয়োটা শ্ৰেণীৰ পৰীক্ষা আৰম্ভ হ’ব। সকলো পৰীক্ষা পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।

চিবিএছইৰ তথ্য অনুসৰি, এইবাৰ দশম আৰু দ্বাদশ শ্ৰেণী মিলাই ৪৬ লাখৰো অধিক শিক্ষাৰ্থীয়ে ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ’ব। ইয়াৰে দশম শ্ৰেণীত ২৬.৫ লাখৰো অধিক আৰু দ্বাদশ শ্ৰেণীত ১৯.৮ লাখৰো অধিক পৰীক্ষাৰ্থী আছে।

৯ মাৰ্চত অন্ত পৰিব দশম শ্ৰেণীৰ পৰীক্ষা
দশম শ্ৰেণীৰ পৰীক্ষা ১৬ ফেব্ৰুৱাৰীত পেইণ্টিং বিষয়ৰ পৰীক্ষাৰে আৰম্ভ হ’ব। ১৭ ফেব্ৰুৱাৰীত গণিত (ষ্টেণ্ডাৰ্ড আৰু বেছিক), ২২ ফেব্ৰুৱাৰীত বিজ্ঞান, ২৬ ফেব্ৰুৱাৰীত ইংৰাজী আৰু ৩ মাৰ্চত হিন্দী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

ইয়াৰ উপৰি ৮ মাৰ্চত সমাজ বিজ্ঞান আৰু ৯ মাৰ্চত বিভিন্ন ভাষা তথা আন বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। দশম শ্ৰেণীত এইবাৰ মুঠ ৮৩টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

৯ এপ্ৰিলত শেষ হ’ব দ্বাদশ শ্ৰেণীৰ পৰীক্ষা
দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ১৬ ফেব্ৰুৱাৰীত পদাৰ্থ বিজ্ঞান (Physics) বিষয়ৰ পৰীক্ষাৰে আৰম্ভ হ’ব। ২৭ ফেব্ৰুৱাৰীত ৰসায়ন বিজ্ঞান, ৫ মাৰ্চত ইংৰাজী, ৯ মাৰ্চত গণিত, ১৬ মাৰ্চত অৰ্থনীতি, ১৯ মাৰ্চত ৰাজনীতি বিজ্ঞান আৰু ২৫ মাৰ্চত জীৱবিজ্ঞানৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

ইয়াৰ উপৰি ২৪ মাৰ্চত একাউণ্টেন্সি, ২৭ মাৰ্চত ইতিহাস আৰু ১ এপ্ৰিলত ব্যৱসায় অধ্যয়ন (Business Studies)ৰ পৰীক্ষা অনুষ্ঠিত হ’ব। দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৯ এপ্ৰিলত অন্ত পৰিব। এই শ্ৰেণীত মুঠ ১২১টা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

১০১ দিন পূৰ্বেই প্ৰকাশ সময়সূচী
উল্লেখযোগ্য যে, পৰীক্ষা আৰম্ভ হোৱাৰ ১০১ দিন পূৰ্বেই CBSEয়ে এইবাৰৰ সময়সূচী প্ৰকাশ কৰিছে। পৰীক্ষাৰ সময়সূচী প্ৰস্তুত কৰাৰ সময়ত ব’ৰ্ডে ৪০ হাজাৰৰো অধিক বিষয়ৰ সংমিশ্ৰণ বিবেচনা কৰিছে, যাতে একেজন শিক্ষাৰ্থীয়ে বাছনি কৰা দুটা বিষয়ৰ পৰীক্ষাৰ দিন একে নহয়।

ইয়াৰ লগতে বিভিন্ন বিষয়ৰ মাজত পৰ্যাপ্ত সময়ৰ ব্যৱধান ৰখা হৈছে। দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে বিভিন্ন প্ৰৱেশ পৰীক্ষাৰ সম্ভাৱ্য তাৰিখো বিবেচনা কৰা হৈছে।

কেনেকৈ ডাউনলোড কৰিব সময়সূচী? শিক্ষাৰ্থীসকলে চিবিএছইৰ চৰকাৰী ৱেবছাইট www.cbse.gov.inত গৈ ২০২৭ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ সম্পূৰ্ণ সময়সূচী PDF আকাৰে ডাউনলোড কৰিব পাৰিব।

Related Articles