বলীউড অভিনেতা বিবেক অ’বেৰয়ৰ মহানুভৱতা! সদ্য মুক্তিপ্ৰাপ্ত ছবি ‘ৰামায়ণ’ৰ পৰা উপাৰ্জিত ধন দৰিদ্ৰ শিশু আৰু কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে প্ৰদান কৰে বিবেক অ’বেৰয়ে। ধনৰাশিৰ পৰিমাণ প্ৰায় ৬ কোটি টকা। ছবিখনত বিদ্যুৎজিহ্বাৰ চৰিত্ৰ ৰূপায়ণ অভিনেতাগৰাকীৰ।
খবৰ অনুসৰি, নিতেশ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত বহু প্ৰত্যাশিত, বৃহৎ বাজেটৰ ছবি ‘ৰামায়ণ’ত অভিনয় কৰা বিবেক অবেৰয় ব্যক্তিগতভাৱে ৰামায়ণৰ ৬ কোটিৰ পাৰিতোষিক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে। তেওঁৰ ৫০ বছৰীয়া জন্মদিন উপলক্ষে তেওঁ প্ৰযোজক নমিত মালহোত্ৰাক অনুৰোধ জনাইছে যে এই ধনেৰে কৰ্কট ৰোগত আক্ৰান্ত ৫০টা অসুবিধাগ্ৰস্ত আৰু অনাথ শিশুৰ সমগ্ৰ চিকিৎসাৰ বাবে এই ধন ব্যৱহাৰ কৰিব লাগে।
তেওঁৰ এই মানৱীয় চিন্তা সঁচাকৈয়ে প্ৰশংসনীয়।

