টেঙাখাতত অইল ইণ্ডিয়া লিমিটেডৰ তৈল ভাণ্ডাৰৰ অগ্নিকাণ্ডত আহত সকলৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

টেঙাখাতত অইল ইণ্ডিয়া লিমিটেডৰ তৈল ভাণ্ডাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত আহত ব্যক্তিসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ আজি কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ আস্থা হস্পিতালত উপস্থিত হয় আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

এই সন্দৰ্ভত চিকিৎসালয়খনৰ চিকিৎসক তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে কথা পাতি সৰ্বানন্দ সোণোৱালে আহতসকলৰ চিকিৎসাৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ কৰ্তৃপক্ষৰ সৈতেও আলোচনা কৰে।

আহতসকলৰ উন্নত চিকিৎসা আৰু প্ৰয়োজনীয় সকলো সহায়-সহযোগিতা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষক যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় সৰ্বানন্দ সোণোৱালে।

Related Articles