সদৌ অসম সাংবাদিক কল্যান নাসৰ ওদালগুৰি জিলা সমিতিখন ধীৰেন মহলীয়াক সভাপতি আৰু কৌস্তুভ মনি শৰ্মাক সম্পাদক হিচাবে লৈ এখনি ১৫ জনীয়া সমিতি গঠন
ওদালগুৰি জিলাৰ ভেৰগাওঁত বড়োলেণ্ড গেষ্ট হাউচৰ সভাকক্ষত সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ ওদালগুৰি জিলা সমিতি গঠন কৰাৰ উদেশ্য ৭ নবেম্বৰত এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায়৷ সভাত সভাপতিত্বত কৰে ভেৰগাওঁৰ সাংবাদিক গনেশ চন্দ্ৰ ডেকাই৷সভাৰ উদেশ্য ব্যাখা কৰে ওৰাঙৰ সাংবাদিক নব কুমাৰ ডেকাই৷সভাত সদৌ অসম সাংবাদিক কল্যাণ সমিতিৰ ওদালগুৰি জিলা সমিতি খন গঠন কৰা হয়

৷সভাত সভাপতি ধীৰেন মহলীয়াক সভাপতি,প্ৰফুল্ল কুমাৰ বড়ো,ধনদীপ বৰাক উপসভাপতি,কৌস্তুভ মনি শৰ্মাক সম্পাদক,নিবাৰণ ৰাভাক সহঃসম্পাদক, চৌৰাংচাৰ বাগলাৰী, বিপুল হাজৰিকা, সঞ্জয় বৰুৱা, জগদীশ পাঠক, গুনীন্দ্ৰ কুমাৰ ডেকা, পংকজ কুমাৰ,গনেশ শৰ্মা,তপন সেনগুপ্ত,শশাংক শাণ্ডিল্য,জোনাচ বসুমতাৰী আদিক লৈ এখনি ১৫জনীয়া সমিতিখন গঠন কৰা হয়-৷সমিতিখনক দিহা পৰামৰ্শ দিয়াৰ বাবে নব কুমাৰ ডেকা,গনেশ চন্দ্ৰ ডেকা,নাৰায়ণ ডেকা,বাপন শৰ্মাক উপদেষ্টা হিচাপে সভাই বাচনি কৰে৷ সভাত এই সমিতিৰ দ্বাৰাই ওদালগুৰি জিলাৰ সাংবাদিক সকলৰ আৰ্থিক সুৰক্ষা আৰু নিৰাপত্তা আদি সু- নিশ্চিত কৰিবলৈ প্ৰস্তাৱ গ্ৰহন কৰে৷

