No menu items!
Home Blog Page 2482

ঘগ্ৰাপাৰৰ দুগৰাকী কণমানিৰ কাষত সমাজসেৱিকা জুলি ডেকা বৰুৱা

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সাগৰকুছিত কালি নিশা ঘাটমাউৰা কণমানি নন্দিতা আৰু ৰিদিপৰ কাষত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ পত্নী,সমাজসেৱিকা জুৰি ডেকা বৰুৱাই উপস্থিত হৈ কিছু আৰ্থিক সাহাৰ্য, খাদ্য-সামগ্ৰী প্ৰদান কৰাৰ লগতে দুয়ো গৰাকী ঘাটমাউৰাৰ শিক্ষাৰ দায়িত্ব লৱ বুলি প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ‍্য যে নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সাগৰকুছি গাওঁৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ যোৱা ১২ মাৰ্চত মৃত্যুবৰণ কৰা যামিনি কলিতাৰ দুৰ্ভগীয়া লৰা -ছোৱালী ক্ৰমে ৰিদিপ কলিতা আৰু নন্দিতা কলিতাৰ নামৰ কণমানি দুটিৰ ওচৰত নলবাৰী সমষ্টিৰ  বিধায়ক তথা মূখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাৰ নিৰ্দেশমৰ্মে তেওঁৰ সহধৰ্মিনী  জুলি_ডেকা_বৰুৱা  উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালটোক সাক্ষাৎ কৰাৰ লগতে তাৎক্ষণিকভাৱে ২০ হেজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰে।ভৱিষ্যতে শিশু দুটিৰ শিক্ষা-দীক্ষাৰ সা-সুবিধা তথা যিকোনো অসুবিধাত বিধায়ক  জয়ন্ত মল্ল বৰুৱাৰ সহায় সহযোগ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। বিধায়ক বৰুৱাৰ সহধৰ্মিনীৰ  লগত দুৰ্ভগীয়া শিশু দুটাৰ কাষত উপস্থিত থাকে বড়িগোগ বনভাগ মণ্ডল সমিতিৰ  সভাপতি ডিম্বেশ্বৰ_বেজবৰুৱা,অন‍্যতম সম্পাদক বুবুল দাসৰ লগতে স্থানীয় ৰাইজ।

অসম কুডু সন্থাৰ সংবাদমেল।ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা প্ৰাপক খেলুৱৈক সম্বৰ্ধনা 

১৪ মাৰ্চত শিমলুগুৰি শ্বহীদ ভৱনত অসম কুডু সন্থাৰ এখনি সংবাদমেল আয়োজন  কৰা হয়। অসম কুডু সন্থাৰ প্ৰচাৰ সম্পাদক ভাস্কৰ জ্যোতি মহন্তই আঁতধৰা উক্ত অনুষ্ঠানত যোৱা ১৪ ফেব্ৰুৱাৰী ৰ পৰা ১৯ ফেব্ৰুৱাৰী – ২০২২ লৈকে ভাৰত চৰকাৰৰ  ( Ministry of Youth Affires)য়ে হিমাচল প্ৰদেশৰ এল, আৰ ইউনিভাৰচিটি (চ’লানত) আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুডু প্ৰতিযোগিতাত অসম কুডু সন্থাৰ তৰফৰ পৰা এঘাৰ(১১) জনীয়া দলে অংশগ্ৰহণ কৰিছিল আৰু স্বাৰশ্বত দাসে ৰূপৰ পদক,তনিষ্ঠা দত্তই দুটা ইভেণ্টত ব্ৰঞ্জৰ পদক, অংকিতা গগৈয়ে দুটা ইভেণ্টত ব্ৰঞ্জ পদক,মণিকৰ্ণিকা গগৈ ব্ৰঞ্জৰ পদক,ভাস্বতী গগৈয়ে ব্ৰঞ্জৰ পদক, দেৱাশীষ ফুকনে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়।

আজি অনুষ্ঠানত অসম কুডু সন্থাৰ তৰফৰ পৰা অংশগ্ৰহণ কৰা খেলুৱৈ সকলক সম্বৰ্ধনা জনোৱা হয়।উক্ত অনুষ্ঠানত অসম কুডু সন্থাৰ সভাপতি নয়নমণি গগৈ আৰু সম্পাদক মুচেংফা গগৈয়ে কুডু খেলৰ ওপৰত লগতে এই খেলৰ জৰিয়তে যুৱ প্ৰজন্মই কিদৰে নিজৰ প্ৰতিভা বিকাশ কৰি নিজৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰে তাৰ ওপৰত বক্তব্য আগবঢ়ায়।

পুনৰ মিজোৰ আগ্ৰাসন ! মিজো সংগঠনৰ নেতৃত্বত মিজো লোকে অসমৰ মাটিত সাজিলে ঘৰ

হাইলাকান্দি জিলাৰ দক্ষিণ হাইলাকান্দি সীমান্তত মিজোৰ ভূমি আগ্ৰাসন অব্যাহত আছে।অসম-মিজোৰাম সীমান্তৰ সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মাজত বাৰে বাৰে বৈঠক অনুষ্ঠিত হোৱা স্বত্বেও মিজোৰামৰ মিজোৰ আগ্ৰাসনৰ ঘটনা অব্যাহত আছে। শুকুৰবাৰে মিজো সংগঠন আৰু মিজোৰামৰ সাধাৰণ ৰাইজে একত্ৰিত হৈ দক্ষিণ হাইলাকান্দিৰ ৰামনাথপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চাহেবমাৰা অঞ্চলত অসমৰ ইনাৰলাইন বনাঞ্চলত ঘৰ নিৰ্মাণ কৰে। ঘটনা সন্দৰ্ভত এক গোপন সূত্ৰৰ জৰিয়তে কাটলিচেৰাৰা চক্ৰৰ এছডিঅ’ পুলক বিশ্বাস আৰু ঘাড়মুৰা ৰেঞ্জৰ বিট অফিচাৰ আবুল হাছানৰ লগতে অন্যান্য বিষয়াসকল সীমান্তৰ কাষৰীয়া অঞ্চলৰ চাহেবমাৰাত উপস্থিত আছিল।

স্থানীয় লোকসকলৰ মতে, যোৱা কেইদিনমানধৰি চুবুৰীয়া ৰাজ্যসমূহৰ মিজো লোক আৰু এমজেডপি, অ’য়াইএময়ে চাহেবমাৰাত অসমৰ ইনাৰলাইন বনাঞ্চলত দুটা ঘৰ নিৰ্মাণ কৰি আহিছে। শুকুৰবাৰে চাহেবমাৰা অঞ্চলত কাটলিচেৰা চক্ৰৰ এছডিঅ পুলক বিশ্বাসৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱাৰ পিছত মিজোলোক আৰু মিজোৰাম প্ৰশাসন একত্ৰিত হ’বলৈ আৰম্ভ কৰে। ঘৰমুৰা ৰেঞ্জৰ বিষয়াসকলে মিজোসকলে নিৰ্মাণ কৰা দুটা ঘৰৰ এটা ভাঙি পেলাইছিল৷ কিন্তু আনটো কোঠা ভাঙি পেলাব পাৰি যেতিয়ালৈকে মিজো লোক একত্ৰিত হয়। সেই সময়ত, ঘাটামুৰা ৰেঞ্জৰ বিষয়াসকলে পৰিস্থিতি স্বাভাৱিক হোৱা আনটো কোঠা ভাঙিবলৈ যোৱা নাছিল। লক্ষণীয় যে যোৱা কেইমাহমান ধৰি মিজোৰাম প্ৰশাসন আৰু মিজোৰামে দক্ষিণ হাইলাকান্দি গুটগুটি, কঁচুতাল আৰু গেলাৰ্জাৰা অঞ্চলত ভূমি দখল কৰি আহিছে।

চতিয়াত জলসিঞ্চন সংমণ্ডল কাৰ্যালয় উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

“আমাৰ যুৱকসকল এতিয়া নিজৰ মাটিত খেতি কৰিবলৈ আগবাঢ়ি আহিছে৷চৰকাৰে ট্ৰেক্টৰ দিব,বীজ দিব কিন্তু সময়মতে খেতিপথাৰত পানী যোগান ধৰিব পৰাটো আপোনালোকৰ দায়িত্ব৷আমাৰ যুৱকসকল পানীৰ অভাৱত যাতে খেতিপথাৰত খেতি কৰাৰপৰা বঞ্চিত হ’বলগীয়া নহয় তাৰবাবে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীসকলক পানীযোগানৰ ব্যৱস্থা সুন্দৰকৈ কৰিবলৈ মই আহবান জনাইছো৷” এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷

কালি জামুগুৰিহাটৰ পূৰ্ৱৰ নদুৱাৰ খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয় গৃহটিত চতিয়া জলসিঞ্চন সংমণ্ডল নৱ কাৰ্যালয় ভৱণৰ শুভ উদ্বোধন কৰি এইদৰে কয় বিধায়ক গৰাকীয়ে৷শুভ উদ্বোধনী অনুষ্ঠান উপলক্ষে নাম কীৰ্তন হৰি নামৰ ধবনিৰে মুখৰ হৈ পৰে নৱ কাৰ্যালয়ভৱনটি৷ইয়াৰ পিছতেই জলসিঞ্চন বিভাগৰ তেজপুৰ চৰ্কোলৰ অধীক্ষক অভিযন্তা উৎপল নাথৰ সভাপতিত্বত অনুষ্ঠিত শুভ উদ্বোধনী সভাত চতিয়া জলসিঞ্চন সংমণ্ডল জামুগুৰিহাটস্থিত কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা শ্ৰীমন্ত মোহন হাজৰিকা,নদুৱাৰ ৰাজহ চক্ৰ বিষয়া(সংলগ্ন) মনতোষ চক্ৰৱৰ্তী,বৰভগীয়া জিলা পৰিষদৰ সদস্যা পলি চুতীয়া বৰাকে ধৰি বহুসংখ্যক লোক উপস্থিত আছিল৷উল্তেখ্য যে পূৰ্ৱে এই কাৰ্যালয়টিৰ কাম-কাজ ইটাখোলাৰ পৰা পৰিচালনা হৈছিল ৷

নলবাৰী বৰকুৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য।

নলবাৰী চহৰৰ সমীপতে থকা বৰকুৰা নিৰ্মীয়মান দলংৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এজন অচিনাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

স্থানীয়লোকে প্ৰকাশ কৰা অনুসৰি মৃতদেহটো প্ৰায় ২৫/২৬ বছৰীয়া যুৱকৰ।লগতে যুৱকজনক কোনো-কোনোৱে মানসিকভাৱে বিকাৰগ্ৰস্থ বুলিও সন্দেহ কৰে যদিও আন এচামে কোনো লোকে হত্যা কৰি যুৱকজনক উক্ত স্থানত পেলাই যোৱা বুলিও সন্দেহ ব্যক্ত কৰে ।পিছত ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

দক্ষিণ কামৰূপৰত জব্দ বৃহৎ পৰিমানৰ ৰেলৱে সামগ্ৰীৰ লগতে মবাইল টাৱাৰৰ সামগ্ৰী

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ঘোঁৰামাৰাত জোৰশিমুলী আৰক্ষীৰ অভিযান । অভিযানত জব্দ হৈছে বৃহৎ পৰিমানৰ ৰেলৱে সামগ্ৰীৰ লগতে মবাইল টাৱাৰৰ সামগ্ৰী লগতে আটক হৈছে কুখ্যাত চোৰ আজিমুদ্দিন ৷

গুৰামাৰা পথাৰ গাঁৱৰ কাসেম আলীৰ পুত্ৰ আজিমুদ্দিন আলীয়ে দীৰ্ঘদিনৰে পৰা চোৰাংভাৱে ৰেলৱে সামগ্ৰী আৰু মবাইল টাৱাৰৰ সামগ্ৰী চুৰি কৰি এলমুনিয়াম, তাম, পিতল আৰু লোৰ ব্যৱসায় চলাই আহিছিল ৷জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকাই এক গোপন খবৰৰ ভিত্তিত নিশাৰ ভাগত অভিযান চলাই কেবা লাখ টকাৰ মবাইল টাৱাৰ আৰু ৰেলৱে সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে আজিমুদ্দিন নামৰ চোৰটোক আটক কৰিবলৈ সক্ষম হয় ৷ আজিমুদ্দিন নামৰ চোৰটোক জোৰশিমুলী আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে ৷

পুৰণিগুদামৰ প্ৰগতিশীল কৃষক শৰৎ চন্দ্ৰ চমুৱাক সেউজ সৌৰভ বঁটা প্ৰদান

গ্ৰাম্য অৰ্থনীতিত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ লগতে বহুতৰে জীৱন আৰু জীৱিকাৰ প্ৰশ্ন জড়িত হৈ আছে । দেওবাৰে নগাঁৱৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে নগাঁও জিলা সন্থাৰ এটি নৱ -নিৰ্মিত ভৱন পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভড়াল প্ৰাংগণত উদ্বোধন কৰাৰ লগতে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ নগাঁও জিলা সমিতিৰ এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি দ্বীপক বৈৰাগীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি ,সম্পাদক,বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী,জিলা কৃষি বিষয়াৰ উপৰিও নগাঁও জিলাৰ সকলো ক্ষুদ্ৰ চাহ খেতিয়ক উপস্থিত থাকে ৷


অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ পদক্ষেপ গ্ৰহন কৰিছে যদিও অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উচিত মূল্য নোপোৱাকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ সময়ত বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগা হয় ৷সন্থাৰ বিষয়ববীয়া কুলপ্ৰদীপ দাসে আঁতধৰা সভাতে পৰম্পৰাগত পদ্ধতিৰ লগত আধুনিক পদ্ধতি সংমিশ্ৰণ ঘটাই বিভিন্ন কৃষি কৰ্ম কৰি ইতিমধ্যে স্বাৱলম্বী হোৱা তথা ৰাজ্য চৰকাৰৰ পৰা বঁটাৰে সন্মানীত হোৱা পুৰণিগুদামৰ কৃষক শৰৎ চন্দ্ৰ চমুৱাক সন্থাৰ তৰফৰ পৰা সেউজ সৌৰভ বঁটা প্ৰদান কৰে। সন্থাৰ নৱ নিৰ্মিত ভৱনটো শুভ উদ্বোধন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা নগাঁৱৰ এজন আগশাৰীৰৰ চাহ খেতিয়ক ৰাজেন গোহাঁইয়ে।

খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউল গ্ৰাহকক বিতৰণ নকৰাৰ অভিযোগ বৰপেটাত

বৰপেটা জিলাৰ বাঘমাৰা চৰ সমবায় সমিতিৰ অন্তৰ্গত ভাতনাপাইতিত এজেন্ট ছফেৰ আলীৰ বিৰুদ্ধে গ্ৰাহকে কৰিলে প্ৰতিবাদ।
বাঘমাৰা চৰ সমবায় সমিতিৰ বিতৰ্কিত এজেণ্ট ছফেৰ আলীয়ে বিগত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউল গ্ৰাহকক বিতৰণ নকৰাৰ অভিযোগ।


এজেন্ট ছফেৰ আলীৰ বিৰুদ্ধে খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউলৰ কাৰ্ড বনাই দিয়াৰ নামতো তিনিৰ পৰা পাঁচ হেজাৰ টকা লোৱাৰো অভিযোগো উত্থাপন কৰিছে একাংশই। আনকি চৰকাৰে গ্ৰাহকক মাহেকত দুবাৰকৈ চাউল যোগান ধৰে যদিও এজেন্ট ছফেৰ আলীয়ে মাহেকত এবাৰকৈহে বিতৰণ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে।এই সন্দৰ্ভত একাংশ গ্ৰাহকে বৰপেটাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগক এক লিখিত অভিযোগ কৰে যদিও বিভাগীয় ভাৱে ব্যৱস্থা গ্ৰহণ নকৰাত গ্ৰাহকে যোগান বিভাগৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে।ৰাইজৰ এই প্ৰতিবাদৰ পাছত বাঘমাৰা চৰ সমবায় সমিতিৰ গুৰু গোসাঁই নমনা এজেন্ট ছফেৰ আলীৰ বিৰুদ্ধে যোগান বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব।

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ১নং হাউৰীয়াপেটত যুৱকৰ আত্মহত্যা৷

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ১নং হাউৰীয়াপেটত যুৱকৰ আত্মহত্যা ৷আজি ৰাতিপূৱা ৯ বজাত নিজ গৃহতে অমৃত দাস (১৯) নামৰ যুৱকজনে চিপজৰীলৈ আত্মহত্যা কৰে ৷পৰিয়ালৰ লোকে খিৰকীৰে যুৱকজনক চিপজৰী লৈ থকা প্ৰত্যক্ষ কৰে তাৰ পিছতে পৰিয়ালৰ মাজত হূলস্থূল লাগে ৷পিছত ঘটনা সংক্ৰান্তত চৰকাৰী গাঁওবুঢ়াক অৱগত কৰে ৷গাঁওবুঢ়াই সাপকাটা আৰক্ষীক খবৰ দিয়ে ৷ঘটনাৰ খবৰ পাই সাপকাটা আৰক্ষী চকীৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱ প্ৰসাদ কলিতাই ঘটনা স্হলীত উপস্থিত হৈ মৃতদেহ উদ্বাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে ৷

যুৱকজনে কিয় আত্মহত্যাৰ পথ বাছি ললে সেয়া এতিয়া লৈকে জানিব পৰা হোৱা নাই ৷

মেৰাপানী সীমান্তত অব্যাহত গো-ধনৰ ব্যৱসায়।

মেৰাপানী সীমান্তত অব্যাহত আছে গো-ধনৰ ব্যৱসায়।অসম নগালেণ্ড সীমান্ত অঞ্চলটোত চোৰাং গৰু সৰবৰাহৰ লগতে গোপনে চলিছে পশুধনৰ বেহা। শেহতীয়াকৈ ৰাজ্য চৰকাৰে গো- সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চল সমূহত ধাৰাবাহিকভাৱে চলি আহিছে অবৈধ ব্যৱসায়। দেওবাৰে মেৰাপানী আৰক্ষীয়ে AS12AC 0457 নম্বৰৰ এখন বলেৰ’ পিকআপ বাহনৰ পৰা ১৫ টা গৰুসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

ইফালে গৰু সৰবৰাহৰ চিণ্ডিকেটৰ লগত জড়িত থকা কোনো লোককে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে, প্ৰশাসন আৰু সীমান্তত নিয়োজিত চি আৰ পি এফৰ চকুত ধূলি দি এটা অসাধু চক্ৰই সীমান্তত মেলিছে গৰু ব্যৱসায়ৰ মুকলি বেহা। এতিয়া প্ৰশ্ন হয়, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গো-সুৰক্ষাৰ ক্ষেত্ৰত প্ৰণয়ন কৰা আইন সীমান্ত অঞ্চলসমূহত প্ৰযোজ্য নহয় নেকি ?