Breaking

চতিয়াত জলসিঞ্চন সংমণ্ডল কাৰ্যালয় উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ

0 2,027

“আমাৰ যুৱকসকল এতিয়া নিজৰ মাটিত খেতি কৰিবলৈ আগবাঢ়ি আহিছে৷চৰকাৰে ট্ৰেক্টৰ দিব,বীজ দিব কিন্তু সময়মতে খেতিপথাৰত পানী যোগান ধৰিব পৰাটো আপোনালোকৰ দায়িত্ব৷আমাৰ যুৱকসকল পানীৰ অভাৱত যাতে খেতিপথাৰত খেতি কৰাৰপৰা বঞ্চিত হ’বলগীয়া নহয় তাৰবাবে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীসকলক পানীযোগানৰ ব্যৱস্থা সুন্দৰকৈ কৰিবলৈ মই আহবান জনাইছো৷” এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷

কালি জামুগুৰিহাটৰ পূৰ্ৱৰ নদুৱাৰ খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয় গৃহটিত চতিয়া জলসিঞ্চন সংমণ্ডল নৱ কাৰ্যালয় ভৱণৰ শুভ উদ্বোধন কৰি এইদৰে কয় বিধায়ক গৰাকীয়ে৷শুভ উদ্বোধনী অনুষ্ঠান উপলক্ষে নাম কীৰ্তন হৰি নামৰ ধবনিৰে মুখৰ হৈ পৰে নৱ কাৰ্যালয়ভৱনটি৷ইয়াৰ পিছতেই জলসিঞ্চন বিভাগৰ তেজপুৰ চৰ্কোলৰ অধীক্ষক অভিযন্তা উৎপল নাথৰ সভাপতিত্বত অনুষ্ঠিত শুভ উদ্বোধনী সভাত চতিয়া জলসিঞ্চন সংমণ্ডল জামুগুৰিহাটস্থিত কাৰ্যালয়ৰ কাৰ্যবাহী অভিযন্তা শ্ৰীমন্ত মোহন হাজৰিকা,নদুৱাৰ ৰাজহ চক্ৰ বিষয়া(সংলগ্ন) মনতোষ চক্ৰৱৰ্তী,বৰভগীয়া জিলা পৰিষদৰ সদস্যা পলি চুতীয়া বৰাকে ধৰি বহুসংখ্যক লোক উপস্থিত আছিল৷উল্তেখ্য যে পূৰ্ৱে এই কাৰ্যালয়টিৰ কাম-কাজ ইটাখোলাৰ পৰা পৰিচালনা হৈছিল ৷

Leave A Reply