সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ যোৰহাট জিলা সমিতি গঠন,▪️সভাপতি কৃষ্ণ শৰ্মা-সম্পাদক জগত নেওগ নিৰ্বাচিত▪️◾সাংবাদিকতা কেৱল এটা বৃত্তি নহয়, ই এক সাধনা – প্ৰসেনজিৎ ৰাজখোৱা◾


সাংবাদিক তথা সাংবাদিকৰ পৰিয়ালক বিপদৰ সময়ত যথাসাধ্য সহায় কৰাৰ মহৎ উদ্দেশ্যেৰে গঠন হোৱা সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ যোৰহাট জিলা সমিতি গঠনৰ উদ্দেশ্যে আজি যোৰহাটৰ চুতীয়া কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়। সৎ আৰু যুৱ সাংবাদিকে নৈতিকতাৰে মহৎ উদ্দেশ্য আগত ৰাখি সহায়ৰ লক্ষ্যৰে সংবাদ মাধ্যমৰ একাংশ প্ৰতিনিধি একত্ৰিত হৈ অনুষ্ঠিত কৰা এই সভাত সভাপতিত্ব কৰে ‘দৈনন্দিন বাৰ্তা’, ‘দ্য আসাম ৰাইজিং’ আৰু বৈদ্যুতিন মাধ্যম ‘ডিবি নিউজ’ৰ তিতাবৰৰ জ্যেষ্ঠ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাই। আহ্বায়ক সমিতিৰ সভাপতি তথা ‘দৈনন্দিন বাৰ্তা’ৰ মৰিয়নিৰ সাংবাদিক কৃষ্ণ শৰ্মাই আঁত ধৰাৰ লগতে আহ্বায়ক সমিতিৰ সম্পাদক তথা ‘ডিবি নিউজ’ৰ যোৰহাটৰ সাংবাদিক জগত নেওগে উদ্দেশ্য ব্যাখ্যা কৰা সভাত ‘দৈনন্দিন বাৰ্তা’ৰ বাহনাৰ সাংবাদিক জগন্নাথ অগ্নি বৰা আৰু পশ্চিম যোৰহাটৰ সাংবাদিক পংকজ কুমাৰ দাসে ভাষণ প্ৰদান কৰে। সাংবাদিক অগ্নি বৰাই কয় যে, সাংবাদিকসকল সমাজৰ চতুৰ্থ স্তম্ভ। দিন-ৰাতি একাকাৰ কৰি, সকলো ভয়-শংকা নেওচি তেওঁলোকে ৰাইজৰ কণ্ঠ হৈ কাম কৰি আহিছে। কিন্তু দুখৰ বিষয়, আজিৰ তাৰিখতো বহু সাংবাদিকৰ বাবে কোনো সামাজিক সুৰক্ষা নাই, চিকিৎসাৰ বাবে কোনো নিশ্চিত আঁচনি নাই, অৱসৰৰ পিছত কোনো ভৰষা নাই। আনহাতে সাংবাদিক দাসে ভাষণ প্ৰদান কৰি কয় যে, বহু সাংবাদিক অসুস্থ হৈ চিকিৎসাৰ অভাৱত অতি কষ্টত জীৱন কটাবলগীয়া হৈছে। এনে পৰিপ্ৰেক্ষিতত সদৌ অসম সাংবাদিক কল্যাণ ন্যাস গঠন কৰাটো সময়ৰ আহ্বান। টিয়কৰ নবীন আৰু উদ্যমী সাংবাদিক স্মৃতিৰেখা লাহনে কয় যে, বিপদৰ সময়ত এনে সংগঠনেই হৈছে সাংবাদিকৰ প্ৰকৃত ভৰষা।

সাংবাদিক পিকুমণি বৰাই কয় যে, এই ন্যাসৰ মূল উদ্দেশ্য হৈছে প্ৰতিজন সাংবাদিকক মানসিক সাহস দিব পৰা এক সুৰক্ষিত মঞ্চ প্ৰদান কৰা। ‘মই আছোঁ’ বুলি কোৱা এটা শব্দই এজন ভাগি পৰা সাংবাদিকক নতুনকৈ থিয় হ’বলৈ সাহস দিয়ে। সভাত স্পষ্টবাদী সাংবাদিক জগত নেওগে কয় যে, সংকটৰ সময়ত এনে সংগঠনে সাংবাদিকৰ মনত সাহস যোগাব। যেতিয়া এজন সাংবাদিকে জানিব যে তেওঁৰ কিবা হ’লে তেওঁৰ পৰিয়ালটোক চাবলৈ এখন মঞ্চ আছে, তেতিয়া তেওঁ আৰু অধিক নিৰ্ভয়ে ৰাইজৰ হকে সাংবাদিকতা কৰিব। যোৰহাট জিলাৰ বহুকেইগৰাকী নবীন আৰু উদ্যমী সাংবাদিকৰ উপস্থিতিত অনুষ্ঠিত সভাত লেখক তথা জ্যেষ্ঠ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাই কয় যে, সাংবাদিকতা কেৱল এটা বৃত্তি নহয়, ই এক সাধনা। সমাজৰ হকে দিনে-নিশাই কাম কৰা সাংবাদিকগৰাকী যেতিয়া বিপদত পৰে, তেতিয়া তেওঁৰ কাষত থিয় দিয়াটো আমাৰ সকলোৰে নৈতিক দায়িত্ব। সেই পবিত্ৰ দায়িত্ববোধৰ পৰাই এই অনুষ্ঠানৰ জন্ম হৈছে। তেওঁ লগতে কয় যে, এই অনুষ্ঠান কোনো ব্যক্তিগত স্বাৰ্থ বা গোষ্ঠীৰ বাবে নহয়। ই হৈছে সৎ, নিষ্ঠাবান আৰু নৈতিকতাৰে কাম কৰা প্ৰতিগৰাকী সাংবাদিকৰ বাবে এক নিৰাপদ আশ্ৰয়। ই কেৱল এটা সংগঠন নহয়, ই হৈছে সাংবাদিকৰ বাবে এক নিৰাপদ আশ্ৰয়, এক পৰিয়াল। সভাত তিতাবৰৰ লেখক-সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাক মুখ্য উপদেষ্টা, মৰিয়নিৰ সাংবাদিক কৃষ্ণ শৰ্মাক সভাপতি, সাংবাদিক জগন্নাথ অগ্নিবৰা আৰু বিৰাজ বৰাক উপ-সভাপতি, সাংবাদিক জগত নেওগক সাধাৰণ সম্পাদক, টিয়কৰ সাংবাদিক স্মৃতিৰেখা লাহনক সম্পাদক, সাংবাদিক পংকজ কুমাৰ দাসক মুখ্য সাংগঠনিক সম্পাদক, যোৰহাটৰ সাংবাদিক পিকু বৰাক সাংগঠনিক সম্পাদক, সাংবাদিক সংগীতা বৰাক সাংস্কৃতিক সম্পাদক আৰু যোৰহাট জিলাৰ সাংবাদিক বিনোদ গগৈ, অৰিন্দম হাতীবৰুৱা, দিব্যজ্যোতি শইকীয়া আদি বহু কেইগৰাকী সাংবাদিকক বিভিন্ন বিষয়বাব অৰ্পণ তথা সদস্য-সদস্যা হিচাপে লৈ সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ যোৰহাট জিলা সমিতি গঠন কৰা হয়।


উল্লেখ্য যে, ‘দৈনন্দিন বাৰ্তা’ কাকতৰ সম্পাদক শংকৰ গোহাঁইক অধ্যক্ষ, সাংবাদিক দুলাল মিশ্ৰক সভাপতি, হিমাংশু পাঠকক কাৰ্যকৰী সভাপতি, দৈনন্দিন বাৰ্তাৰ কাৰ্যবাহী সম্পাদক ডিম্পুল চুতীয়াক সম্পাদক, সাংবাদিক নৱজ্যোতি কলিতাক সাংগঠনিক সম্পাদক, সাংবাদিক কুমুদ নাথক বিত্ত সম্পাদক হিচাপে লৈ বহু কেইগৰাকী সাংবাদিক জড়িত হৈ ইতিমধ্যে গুৱাহাটীত সদৌ অসম সাংবাদিক কল্যাণ ন্যাস গঠন হোৱাৰ পিছত, এই ন্যাস সমিতিৰ অধীনত যোৰহাট জিলা সমিতি গঠনেৰে অনাগত দিনত সাংবাদিকসকল বহু ক্ষেত্ৰত উপকৃত হ’ব বুলি সকলোৱে আশা কৰিছে।

Related Articles