বয়স নিৰ্বিশেষে, কবি-প্ৰতিভাৰ সন্ধান কৰি মৰ্যাদা দিয়াৰ উদ্দেশ্যে আয়োজন কৰা এই নৱমটি কবিতা-প্ৰতিযোগিতাত, সাতগৰাকী বিচাৰকে দিয়া নম্বৰৰ ভিত্তিত ৩টা স্থানৰ বাবে ৪ গৰাকী কবিৰ নাম ঘোষণা কৰা হ’ল। প্রথম : অনুপম হাতীমূৰীয়া, শিৱসাগৰ ; দ্বিতীয় : অৰুণ গগৈ, মৰিয়নী ; তৃতীয় ( যুটীয়াভাৱে) : অন্তৰীপ কাকতি, যোৰহাট আৰু, নিৰ্জু নিশা দত্ত, নলবাৰী। স্বনামধন্য লেখকৰ উপস্থিতত, এই চাৰিগৰাকীক, অহা ১০ জানুৱাৰি, ২০২৭ তাৰিখ দেওবাৰে ধেমাজিৰ ‘চিটি কলেজ’ৰ প্ৰেক্ষাগৃহত সন্মানিত কৰা হ’ব বুলি ‘বন্ধু-চাকি’ৰ সভাপতি উদয় কুমাৰ শৰ্মাই জানিবলৈ দিছে।

