গুৱাহাটী, ১৪ফেব্ৰুৱাৰী:Bimal Bara । খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ২৫ আৰু ২৬ফেব্ৰুৱাৰীত অনুষ্ঠিতব্য ‘এডভান্টেজ অসম ২.০:

আন্ত:গাঁথনি আৰু বিনিয়োগকাৰী সন্মিলন’ৰ প্ৰাক:ক্ষণত আজি জনতা ভৱন চৌহদৰ লোকসেৱা ভৱনত ৰাজ্যৰ শীৰ্ষ উদ্যোগী আৰু বিনিয়োগকাৰী সকলৰে হোৱা এক বৈঠকত দেশৰ অন্য প্ৰান্তৰ লগতে বিদেশৰ পৰা আহিবলগা বিনিয়োগকাৰী বাবে এক উপযুক্ত ঔদ্যোগিক পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিবলৈ ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই উদ্যোগী সকলৰ প্ৰতি আহ্বান জনায়।
অসম চৰকাৰৰ মুখ্য সচিব ড০ৰবি কোটা,উদ্যোগ বিভাগৰ সচিব আৰু আয়ুক্ত ক্ৰমে ড০লক্ষ্মণন এছ আৰু ঐনাম চৰণ কুমাৰ সিঙকেধৰি কেবাগৰাকীও বিষয়া- কৰ্মচাৰীৰ উপস্থিতিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই বৈঠকত উদ্যোগ মন্ত্ৰী বড়াই কেবল বৃহৎ বিনিয়োগকাৰীকাৰীকেই নহয় ৫,১০অথবা২০ লাখ টকা বিনিয়োগ কৰি উদ্যোগ প্ৰতিষ্ঠান গঢ়িব খোজা এম এছ এম ই খণ্ডৰ উদ্যোগী বা ষ্টাৰ্টআপ সকলকো এডভান্টেজ অসম২.০ সমানেই গুৰুত্বপ্ৰদান কৰা হৈছে বুলি কয়।
এই সন্মিলনত খাদ্য সংসাধন খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি সুগন্ধি দ্ৰব্য, পৰ্যটন, সুশ্ৰুষা, পুন:নৱীকৰণকৃত আৰু সেউজ বিদ্যুৎ শক্তি, হাইড্রো কাৰ্বন, পেট্রোকেমিকেলছ আদি কেবাটাও গুৰুত্বপূৰ্ণ খণ্ডক সমুখত ৰখা হৈছে বুলিও কয়।
অসমৰ ভৌগলিক অৱস্থানে বিশ্বৰ ৩০ শতাংশ জনসংখ্যাক স্পৰ্শ কৰিব পাৰে বুলি মন্তব্যকৰি মন্ত্রী বড়াই ইয়াকো কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাবেই লুক ইষ্ট নীতিৰ পৰিবৰ্তে এক্ট ইষ্ট নীতিৰ পোষকতা কৰিছে।
ৰাজ্যৰ বিশিষ্ট উদ্যোগী সকলৰ আগত মন্ত্রী বড়াইএই অনুষ্ঠান কেৱল উদ্যোগ বিভাগৰে নহয় অসমৰ ৰাইজৰ অনুষ্ঠান বুলি মন্তব্য কৰি অসমৰ বিকাশৰ দিশতো সমুখত ৰাখি আয়োজন কৰা এডভান্টেজ অসম ২.০ ত অতিথি পৰায়ণতাৰ বাবে থকা অসমৰ সুনাম যাতে ৰক্ষা পৰে তাৰ ওপৰতো দৃষ্টি ৰাখিবলৈ সকলোকে আহ্বান জনায়।
অসমত বিনিয়োগ কৰাৰ বাবে বা উদ্যোগ স্হাপনৰ বাবে বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ আয়োজন কৰা এই সন্মিলনৰ বাবে ৰাজ্যৰ উদ্যোগী সকলৰ সহযোগিতা কামনা কৰি আজি আয়োজন কৰা এই বৈঠকৰ সমান্তৰালকৈ ভিডিও কনফাৰেঞ্চৰ জৰিয়তে জিলা আয়ুক্ত আৰু জিলাৰ উদ্যোগীসকলৰ সৈতেও মন্ত্রী বড়াই এডভান্টেজ অসম সন্দৰ্ভত কথা বতৰা পাতে আৰু জিলা সমূহতো অনুৰূপ কাৰ্যসূচী ৰূপায়ণৰ বাবে নিৰ্দেশ দিয়ে।
ইয়াৰ পূৰ্বে মুখ্য সচিব ড০ ৰবি কোটা আৰু উদ্যোগ সচিব ড০লক্ষ্মণন এছে সকলকে এডভান্টেজ অসমৰ কাৰ্যক্ৰণিকা সন্দৰ্ভত অৱগত কৰে।

এই বৈঠকৰ পাছতে অনুষ্ঠিত এক সংবাদ মেলত উদ্যোগ মন্ত্ৰী বিমল বড়াই ইউৰোপিয়ান ইউনিয়ন, মালয়েছিয়া, ভূটান, ইউনাইটেড আৰৱ আমিৰেটচ,থাইলেণ্ড, ছিংগাপুৰ, জাপান অংশীদাৰী ৰাষ্ট্ৰ হিচাপে থাকিব লগা এই সন্মিলনখনত ৩৯ খন দেশৰ প্ৰায় পাচ শতাধিক প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব বুলিও জানিবলৈ দিয়ে।
অনিল আম্বানিকে ধৰি দেশৰ কেবাগৰাকীও বিশিষ্ট উদ্যোগপতি উপস্থিত থাকিব লগা এই অনুষ্ঠানৰ অতিথি আদৰাৰ ক্ষেত্রত ৰাজ্য চৰকাৰে সকলো ব্যবস্থা নিখুত ভাৱে কৰাৰ পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰি অতিথি সকলৰ থকা মেলাৰ বাবে হোটেলৰ কোঠা সংৰক্ষণ,যাতায়াতকে ধৰিকে ধৰি সকলো ব্যৱস্থা ইতিমধ্যে কৰাৰ কথাও মন্ত্রী বড়াই ব্যক্ত কৰে।
মুম্বাই,বাংগালুৰু,আহমদাবাদ আদি দেশৰ প্ৰধান নগৰ সমূহত বিনিয়োগকাৰীক অসমত বিনিয়োগৰ বাবে আকৰ্ষিত কৰাৰ উদ্দেশ্যে চৰকাৰী ভাবে ৰোড শ্বো অনুষ্ঠিত কৰাৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জাপান, দক্ষিণ কোৰিয়া আৰু ছিংগাপুৰ ভ্ৰমণ কৰি সেই দেশৰ ৰাষ্ট্ৰ প্ৰধান সকল তথা উদ্যোগী সকলৰ লগত বৈঠক কৰাৰ কথা মন্ত্রী বড়াই উল্লেখ কৰে লগতে মন্ত্রী কেশৱ মহন্তই একে উদ্দেশ্যে মালয়েছিয়া আৰু থাইলেণ্ডলৈ আৰু তেওঁ নিজেও ডুবাই আৰু লণ্ডনলৈ যোৱাৰ কথাও কয়।
সন্মিলনৰ বাবে আয়োজন কৰা অসমৰ ঔদ্যোগিক ক্ষেত্ৰৰ উত্থান আৰু বিৱৰ্তনক প্ৰতিফলিত কৰা প্ৰদৰ্শনী খন ২৭ ফেব্রুৱাৰীৰ পৰা ২৯ ফেব্ৰুৱাৰী পৰ্যন্ত তিনি দিনৰ বাবে সৰ্বসাধাৰণৰ ৰাইজৰ বাবে মুকলি থাকিব বুলিও মন্ত্রী বড়াই সংবাদ মেলত ব্যক্ত কৰে।