Breaking

অসমসহ উত্তৰ পূবৰ হজযাত্রা আৰম্ভ , ৩২২ জন হজযাত্ৰী লৈ বিশেষ বিমান যাত্ৰা কৰিলে ছৌদি আৰব অভিমুখে

0 23

আৰম্ভ হৈছে চলিত বৰ্ষৰ হজযাত্ৰা। এইবেলি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ পৰা মুঠ ৩৭০৮ গৰাকী লোকে পৱিত্ৰ হজ সমাপনৰ বাবে মক্কালৈ যাব । ইয়াৰ ভিতৰত পুৰুষ হজযাত্ৰীৰ সংখ্যা হল ২,৬৫১জন আৰু মহিলা হজযাত্ৰীৰ সংখ্যা হল ১,২৮৬ গৰাকী। আজি সন্ধিয়া ৬ বজাত অসমৰ হজযাত্ৰীৰ প্ৰথমটো ৩২২ জনীয়া দল গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা স্পাইছ জেটৰ এখন বিশেষ বিমানৰে পৱিত্ৰ হজ সমাপনৰ উদ্দেশ্যেৰে ছৌদি আৰবৰ জেড্ডাহ অভিমুখে যাত্ৰা কৰিছে। ইফালে যাত্ৰাৰ পূৰ্বে দলটোক বৰঝাৰ বিমানবন্দৰত বিমান বন্দৰ হজযাত্ৰী অভ্যৰ্থনা সমিতিৰ শিবিৰত দলটোক আদৰণি জনায় উত্তৰ পূব হজযাত্ৰী অভ্যৰ্থনা সমিতিৰ সভাপতি আৰু যুটীয়া ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামান , সদস্য তথা বিধায়ক ৰেকিবুদ্দীন আহমেদ, অধিবক্তা শ্বহিদুল ইছলাম, মুখ্য কাৰ্যবাহী বিষয়া আবুল কালাম, বিমানবন্দৰ হজ অভ্যৰ্থনা সমিতিৰ সভাপতি আলতাভ হুছেইন, কাৰ্যকৰী সভাপতি কাচিম আলীকে ধৰি কেবাজনো কৰ্মকৰ্তাই। চমু ভাষণত নেকিবুৰ জামানে হজযাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে সকলোৱে যাতে মক্কাত ৰাজ্যখনৰ সুখ, শান্তি, সমৃদ্ধি, উন্নয়নৰ বাবে দোৱা কৰি তাৰ কামনা কৰে।

তেনেদৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা অাৰু হজমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে হজযাত্ৰী সকলক যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰাৰ বিষয়েও সদৰি কৰি নেকিবুৰ জামানে চৰকাৰে নিদিষ্ট কৰি দিয়া নীতি , নিয়ম সমূহ মানি চলে তাৰ কামনা কৰে । উল্লেখ্য যে অহা ২৩ মে পৰ্যন্ত হজযাত্ৰীৰ বিমান চলাচল কৰিব।। ১৯ আৰু ২০ মে’ত দুখন বিমান হজযাত্ৰী লৈ ৰাওনা হ’ব। তাত থকাৰ সময়চোৱাত হজযাত্ৰী সকলে অসমীয়াৰ স্বাভিমানৰ প্ৰতীক স্বৰূপ গামোচা ডিঙিত লৈ থাকিব লাগিব। অসমৰ হজযাত্রী থকা হোটেল আদিৰ বিল্ডিংৰ ওপৰত উৰি থাকিব গামোচা। হজযাত্রী সকলক চোৱা চিতা কৰাৰ বাবে অসমৰ পৰা মক্কালৈ ১৯ জন খাদিমুল যাব ।

Leave A Reply